চাওফা চ্যু-পুং-মুং 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜆𑜨𑜂𑜫 𑜉𑜢𑜤𑜂𑜫 | |
---|---|
চাওফা
| |
ৰাজত্ব | ১৬৬৩-১৬৭০ (আলোচনা পৃষ্ঠা চাওক) |
অভিষেক | ১৬৬৩ |
উত্তৰাধিকাৰী | চুন্যৎফা |
সম্পূৰ্ণ নাম | |
চাওফা চ্যু-পুং-মুং | |
বাসগৃহ | ছ্যু ফৈদ , আহোম ৰাজবংশ |
ধৰ্ম | আহোম ধৰ্ম |
|
চাওফা চ্যু-পুং-মুং (আহোম: 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜆𑜨𑜂𑜫 𑜉𑜢𑜤𑜂𑜫,ইংৰাজী: Supungmung) বা অসমৰ আহোম ৰাজবংশৰ এজন ৰজা আছিল। তেওঁ স্বৰ্গদেৱ চুটামলাৰ খুৰাক চাৰিঙৰ দেওৰজাৰ নাতি।[1] ৰাজপাটত উঠি চুপুংমুঙে হিন্দুমতে চক্ৰধ্বজ সিংহ নাম লয়। তেওঁ ১৬৬৩ চনৰ পৰা ১৬৭০ চনলৈকে ৰাজত্ব কৰিছিল। এইজনা ৰজাৰ দিনতে মোগল বাদশ্বাহ ঔৰংজেৱৰ নিৰ্দেশত ৰামসিংহই অসম আক্ৰমণ কৰে[2] আৰু ইয়াৰ পৰাই পৰৱৰ্তী কালৰ শৰাইঘাটৰ যুদ্ধৰো সূত্ৰপাত ঘটে।[3]
১৬৬৫ চনত বানচঙ্গীয়া (নক্টে) নগা আৰু বানফেৰা নগাসকলৰ মাজত বিবাদ হোৱাত বানফেৰা নগাসকলে আহোম ৰজাৰ সহায় ভিক্ষা কৰে। তেতিয়া চুপুংমুঙে এদল সৈন্য পঠিয়াই বানচঙ্গীয়া নগাসকলক দমন কৰে। এক সময়তে মিৰিবিলাকে আহোম ৰাজ্যৰ ভিতৰ সোমাই লুটপাট কৰাত তেওঁলোকৰ বিৰুদ্ধেও অভিযান চলোৱা হয় আৰু মিৰিসকল পলাই যায়।[2]
চক্ৰধ্বজ সিংহৰ নিৰ্দেশত ১৬৬৭ চনৰ আগষ্টত মোগলৰ হাতৰ পৰা গুৱাহাটী উদ্ধাৰ কৰিবলৈ অভিযান চলোৱা হয়। মোমাই তামূলী বৰবৰুৱাৰ পুত্ৰ লাচিত বৰফুকন এই অভিযানৰ সেনাপতি[4] আছিল আৰু তেওঁৰ নেতৃত্বত অসমীয়া সেনাই কাজলি, বাঁহবাৰী, গুৱাহাটী আৰু পাণ্ডু অধিকাৰ কৰে।[5][6] শিলঘাটত থকা এটা কামানৰ ওপৰত সংস্কৃতেৰে লিখা আছে যে "১৬৬৭ খৃঃত চক্ৰধ্বজ সিংহই মুছলমান সকলক পৰাস্ত কৰি এই অস্ত্ৰ পাইছিল। শত্ৰু নিধনকাৰী বুলি ইয়েই তেওঁৰ গৌৰৱ ঘোষণা কৰে। "[2]
১৬৬৭ চনৰ ডিচেম্বৰত আহোমে গুৱাহাটী লোৱাৰ বাৰ্তা পাই ঔৰংজেৱে ৰামসিংহৰ সেনাপতিত্বত ডাঙৰ ফৌজ এটা অসম আক্ৰমণ কৰিবলৈ পঠিয়ায়।[4] ১৬৬৯ চনৰ আগষ্টত হোৱা আলাবৈৰ যুদ্ধৰ কিছুমাহ পিচতে চক্ৰধ্বজ সিংহৰ মৃত্যু হয়।[2]
১৬৭০ চনৰ[6] এপ্ৰিলত অসম-মোগলৰ যুদ্ধ চলি থকা কালতে চুপুংমুঙৰ মৃত্যু ঘটে।[4]