ছংক্ৰান | |
---|---|
![]() এক ক্ষ্মেৰ চিত্ৰত নৱবৰ্ষৰ সূচনা দি সূৰ্য দেৱতাই সূৰ্যক দিয়া অৱস্থানৰ দৃশ্য | |
সম্পূৰ্ণ নাম | আঞ্চলিক নাম
|
অন্য নাম | দক্ষিণ এছিয়াৰ নৱবৰ্ষ |
পালন কৰে | বাৰ্মিজ, কঅম্বোডিয়ান, ডাই, লাওছিয়াম, থাই, বআংলাদেশী, শ্ৰীলংকান, টাই ডাম আৰু উত্তৰ-পূব ভাৰতৰ কিছুসংখ্যক জনগোষ্ঠী |
প্ৰকাৰ | এছিয়াৰ উৎসৱ |
মহত্ব | নৱবৰ্ষ |
তাৰিখ | সাধাৰণতে ১৩–১৪ এপ্ৰিল |
সম্পৰ্কিত | মেষ সংক্ৰান্তি |
সংঘটন | বাৰ্ষিক |
ছংক্ৰান (ইংৰাজী: Songkran) হৈছে থাইলেণ্ড, লাওচ, কম্বোডিয়া, ম্যানমাৰ, শ্ৰীলংকা, উত্তৰ-পূব ভাৰতৰ কিছু অংশ, ভিয়েটনামৰ কিছু অংশ আৰু চীনৰ জিচুয়াংবান্নাত উদযাপন কৰা পৰম্পৰাগত নৱবৰ্ষৰ উৎসৱ।[1][2] ছংক্ৰান শব্দটোৰ মূল হৈছে সংস্কৃত ভাষাৰ সংক্ৰান্তি। পাৰ্শ্বীয় জ্যোতিষশাস্ত্ৰৰ গণনা অনুসৰি যেতিয়া সূৰ্যই মেষ ৰাশিৰ নক্ষত্ৰমণ্ডলীলৈ গতি কৰে তেতিয়াই ছংক্ৰানৰ আৰম্ভণি হয়।[3] দক্ষিণ এছিয়াৰ অধিকাংশ অঞ্চলৰ হিন্দু দিনপঞ্জী-আধাৰিত নৱবৰ্ষ উৎসৱ বা মেষ সংক্ৰান্তিৰ সৈতে ছংক্ৰানৰ সম্পৰ্ক দেখা যায়।