ছক্ৰেটিছ | |
সম্পূৰ্ণ নাম | ছক্ৰেটিছ |
---|---|
জন্ম | ৪৭০/৪৬৯ খ্ৰীষ্টপূৰ্ব[1] ডিমি এলোপিছ, এথেন্স |
মৃত্যু | ৩৯৯ খ্ৰীষ্টপূৰ্ব (আনুমানিক বয়্স ৭১) এথেন্স |
যুগ | প্ৰাচীন দৰ্শন |
অঞ্চল | পাশ্চাত্য দৰ্শন |
ধাৰা | গ্ৰীক দৰ্শন |
উল্লেখযোগ্য কৰ্ম | ছক্ৰেটিক পদ্ধতি, ছক্ৰেটিক irony |
ছক্ৰেটিছ (ইংৰাজী:Socrates,/ˈsɒkrətiːz/;[2] গ্ৰীক: Σωκράτης, Ancient Greek pronunciation: [sɔːkrátɛːs], Sōkrátēs; 470/469 BC – 399 BC)[1] আছিল এগৰাকী ধ্ৰুপদী গ্ৰীক এথেনিয়ান দাৰ্শনিক। পাশ্চাত্য দৰ্শনৰ এক অন্যতম প্ৰতিষ্ঠাপক এইগৰাকী ৰহস্যময় দাৰ্শনিক ঘাইকৈ তেওঁৰ ছাত্ৰ প্লেটো, জেন’ফ’ন আদিৰ লেখা তথা তেওঁৰ সমসাময়িক এৰিষ্ট’ফেনৰ নাটক সমূহৰ মাজেৰেহে অধিক পৰিচিত। বহুতৰ মতে প্লেটোৰ লিখনিবোৰেই ছক্ৰেটিছৰ শিকনিসমূহৰ আটাইতকৈ নিৰ্ভৰযোগ্য উৎস।[3]
প্লেটোৰ লিখনিসমূহত থকা মতে নীতিশিক্ষাৰ ক্ষেত্ৰত ছক্ৰেটিছৰ অৱদান অপৰিসীম। ইয়াৰ উপৰিও এপিষ্টেম’ল’জীৰ ক্ষেত্ৰতো ছক্ৰেটিছৰ যথেষ্ট অৱদান আছে আৰু তেওঁৰ ধ্যান-ধাৰণাক কেন্দ্ৰ কৰিয়েই পাশ্চাত্য দৰ্শনৰ ভেটি গঢ় লৈছে।
ছক্ৰেটিছৰ জীৱনৰ বিষয়ে তিনিটা উৎসৰ পৰা বিশদভাৱে জানিব পাৰি: প্লেটো আৰু জেন’ফ’নৰ উক্তি আৰু এৰিষ্ট’ফেনৰ নাটসমূহ।[4]
ছক্ৰেটিছৰ দেউতাক ছ’ফ্ৰ’নিস্কাছ[5] এজন শিলাকুটি[6] আৰু মাক ফেনাৰেট[7] এগৰাকী ধাই আছিল। ছক্ৰেটিছে নিজতকৈ বয়সতকৈ বহুখিনি সৰু আৰু এগৰাকী অতি খঙাল তিৰোতা হিচাপে বৰ্ণিত জান্তিপক বিয়া কৰাইছিল।[8] তেওঁলোকৰ তিনিটা সন্তান আছিল ক্ৰমে লেম্প্ৰ’ক্লেছ, ছ’ফ্ৰ’নিস্কাছ আৰু মেনেক্সিনাছ।[9]
ছক্ৰেটিছে প্ৰথমাৱস্থাত শিলাকুটি হিচাপেই জীৱন নিৰ্বাহ কৰিছিল। জেন’ফ’নৰ ছিম্প’জিয়ামত থকা মতে ছক্ৰটিছে তেওঁৰ অনুগামী সকল কৈছিল যে দৰ্শন আলোচনাকেই তেওঁ জীৱনৰ আটাইতকৈ দৰকাৰী কাম বুলি ভাবে আৰু এই কামতেই তেওঁ বেছি সময় কটায়। দ্য ক্লাউড্ছত এৰিষ্ট’ফেনে ছক্ৰেটিছক ছেৰেফ’নৰ লগত লগলাগি ছ’ফিবাদৰ শিক্ষা দিয়া আৰু তাৰ বাবে মাননি লোৱা বুলি কোৱা হৈছে। কিন্তু প্লেটোৰ এপ’ল’জী আৰু ছিম্প’জিয়াম তথা জেন’ফ’নৰ লিখনিসমূহত ছক্ৰেটিছে শিক্ষাদানৰ বাবে মাননি লোৱা কথা সম্পূৰ্ণ অস্বীকাৰ কৰিছে। বিশেষকৈ এপ’ল’জীত তেওঁ নিজৰ দৰিদ্ৰতাক ইয়াৰ প্ৰমাণ বুলি কৈছে।
ইয়াৰ উপৰিও প্লেটোৰ বহুতো উক্তিত সামৰিক বাহিনীত ছক্ৰেটিছৰ অৱদানৰ কথা উল্লেখ আছে। ছক্ৰেটিছৰ মতে তেওঁ প’টিডিয়াৰ যুদ্ধ, এম্ফিপ’লিছৰ যুদ্ধ আৰু ডিলিয়ামৰ যুদ্ধত এথেনিয়ান সামৰিক বাহিনীত আছিল। এপ’ল’জী ত ছক্ৰেটিছে বিচাৰকক্ষত বিচাৰকসকলক কৈছে যে ছক্ৰেটিছে দৰ্শন ত্যাগ কৰা আৰু মৃত্যুৰ কথা ভাবি সৈনিকে যুদ্ধক্ষেত্ৰ ত্যাগ কৰা একে কথা।
৪০৬ খ্ৰী:পূ:ত তেওঁ ব’উল সমিতি(এথেন্সৰ দৈনিক বিচাৰব্যৱস্থা চলাবলৈ নাগৰিকৰ দ্বাৰা গঠিত এক সমিতি)ৰো এজন সদস্য আছিল।[10]
ছক্ৰেটিছে যি সময়ছোৱাত বাস কৰিছিল সেয়া আছিল পেল’প’নেছিয়ান যুদ্ধত স্পাৰ্টা আৰু মিত্ৰজোঁটৰ হাতত এথেন্সৰ পতনৰ কাল। যিসময়ত এথেন্সে এই শোচনীয় পৰাজয়ৰ পৰা উদ্ধাৰৰ বাট বিচৰা উচিত আছিল সেই সময়ত এথেন্সবাসী গণতন্ত্ৰৰ দক্ষতা সম্বন্ধে সন্দিহান আছিল। ছক্ৰেটিছ আছিল গণতন্ত্ৰৰ ধ্বজাবাহক[11] আৰু বহুতো পণ্ডিতৰ মতে ছক্ৰেটিছৰ বিচাৰ প্ৰকৃততে এক ৰাজনৈতিক অন্তৰ্কলহৰ পৰিণতি হে আছিল।[12] নিজ দেশৰ প্ৰতি আনুগত্যৰ চিনস্বৰূপে ছক্ৰেটিছে তদানীন্তন এথেনিয়ান সমাজ ব্যৱস্থা আৰু ৰাজনৈতিক চিন্তাধাৰাক প্ৰত্যাহ্বান জনাইছিল।[13] বিভিন্ন উক্তিত তেওঁ এথেন্সৰ চিৰশত্ৰু স্পাৰ্টাক প্ৰত্যক্ষ বা অপ্ৰত্যক্ষভাৱে প্ৰশংসা কৰিছিল,যি আছিল ছক্ৰেটিছৰ ওপৰত আৰোপিত দেশদ্ৰোহিতাৰ প্ৰধান অভিযোগ।[14] এথেন্সবাসীৰ ন্যায়ব্যৱস্থাক শুধৰাবলৈ তেওঁ কৰা প্ৰচেষ্টাকেই তেওঁৰ মৃত্যুদণ্ডৰ কাৰণ বুলি ভবা হয়।
প্লেটোৰ এপ’ল’জীত থকা মতে ছক্ৰেটিছৰ বন্ধু ছেৰ’ফ’নে ডেলফিৰ ভৱিষ্যদ্ৰষ্টাক ছক্ৰেটিছতকৈ জ্ঞানী কোনোবা আছে নেকি সোধাত যেতিয়া তেওঁ নাই বুলি উত্তৰ দিয়ে, তেতিয়াৰে পৰা ছক্ৰেটিছৰ সমাজ সংস্কাৰী সত্তাৰ জন্ম হয়। ছক্ৰেটিছে এই বাণীক এক সাঁথৰ বুলি অভিহিত কৰিছিল কাৰণ তেওঁৰ মতে তেওঁ জ্ঞানী নাছিল। সেয়েহে এই বাণীৰ সত্যতা প্ৰতিপন্ন কৰিবলৈ তেওঁ এথেন্সৰ মানুহবোৰে জ্ঞানী আখ্যা দিয়া বহুতো বিষয়া, কবি, শিল্পী আদিক তেওঁ এই সাঁথৰটি সোধে। কিন্তু তেওঁলোকক প্ৰশ্ন কৰি ছক্ৰেটিছে সিদ্ধান্ত লয় যে: প্ৰতিজন মানুহে নিজকে পণ্ডিত আৰু বহুতো কথা জনা বুলি ভাবে,কিন্তু প্ৰকৃততে তেওঁলোকে একো নাজানে। তেতিয়া ছক্ৰেটিছে বুজিলে যে ভৱিষ্যবাণীটি সঁচা, কাৰণ সেই মানুহ বোৰে একো নাজানিও নিজকে জ্ঞানী বুলি ভাবে। আনহাতে ছক্ৰেটিছে নিজকে অজ্ঞানী বুলি ভাবে। সেই দিশৰ পৰা চালে নিজৰ অজ্ঞানতাৰ বিষয়ে জনা ছক্ৰেটিছেই একমাত্ৰ ব্যক্তি। ছক্ৰেটিছৰ এই কাৰ্যই তেওঁ ৰাজহুৱাভাৱে প্ৰশ্ন কৰা এথেন্সৰ তথাকথিত জ্ঞানী লোকসকলৰ সন্মানত আঘাত হানে আৰু তেওঁলোকে ছক্ৰেটিছৰ ওপৰত বিতুষ্ট হয়। অৱশেষত ছক্ৰেটিছক এথেন্সৰ যুৱকসকলক বিপথে নিয়া আৰু নাস্তিকতাৰ আদৰ্শ প্ৰচাৰ কৰা অভিযোগত দোষী সাব্যস্ত কৰা হয়[15] আৰু এবাতি হেমলক বিষ খাই মৃত্যুক সাৱটিবলৈ আদেশ দিয়া হয়।[16][17][18][19]
জেন’ফ’নৰ মতে ছক্ৰেটিছে নিজেই বিচাৰকসকলে তেওঁ মৃত্যুদণ্ড দিয়াটো বিচাৰিছিল কাৰণ তেওঁ জানিছিল যে মৃত্যুৱেহে তেওঁক শান্তি দিব পাৰে আৰু তেওঁৰ শেষ সময় আহি উপস্থিত হৈছে।
জেন’ফন আৰু প্লেটো দুয়ো এই কথাত একমত যে ছক্ৰেটিছে পলাই সৰাৰ সুযোগ পাইছিল কাৰণ তেওঁৰ শিষ্য সকলে কাৰাগাৰৰ পহৰাদাৰ সকলক ভেটি দিবলৈ সক্ষম হৈছিল। কিন্তু ছক্ৰেটিছে পলায়ন কৰাৰ পৰা বিৰত থাকে কাৰণ:
ছক্ৰেটিছৰ মৃত্যুৰ কথা প্লেটোৰ ফিয়েড’ত বৰ্ণিত হৈছে। বিষপান কৰাৰ পিছত ছক্ৰেটিছক ভৰি দুখন অসাৰ হৈ নপৰালৈ খোজ কাঢ়িবলৈ কোৱা হয়। তেওঁ শুই দিয়াত বিষ যোগানকাৰীজনে ছক্ৰেটিছৰ ভৰি চিকুটি চায় কিন্তু তেওঁ একো অনুভৱ নকৰে। মৃত্যুৰ শূন্যতাই লাহে লাহে তেওঁৰ দেহৰ ওপৰলৈ উজাই আহে আৰু তেওঁৰ কলিজা স্পৰ্শ কৰে। মৃত্যুৰ ঠিক আগে আগে ছক্ৰেটিছে ক্ৰিটোক তেওঁৰ শেষ ইচ্ছা ব্যক্ত কৰে: "ক্ৰিটো, আমি এছ্ক্লেপিয়াছৰ ওচৰত এটা কুকুৰাৰ ধৰুৱা হৈ আছোঁ। এই ঋণ পৰিশোধ কৰিবলৈ নাপাহৰিবা। "
এছ্ক্লেপিয়াছ আছিল ৰোগ নিৰাময়কাৰী গ্ৰীক দেৱতা। হয়তো ছক্ৰেটিছৰ শেষ কথাষাৰিৰ অৰ্থ এয়াই আছিল যে মৃত্যুৱেই পৰম ঔষধ যিয়ে আত্মাক দেহৰ পৰা মুক্তি প্ৰদান কৰে।[14]
সম্ভৱতঃ পশ্চিমীয়া সভ্যতালৈ ছক্ৰেটিছৰ আটাইতকৈ উতকৃষ্ট অৱদান হ’ল ছক্ৰেটিক পদ্ধতি, সোধা-পোছাৰ দ্বাৰা নৈতিকতা, ন্যায় আদি ধাৰণাৰ অনুসন্ধানৰ এক প্ৰক্ৰিয়া। ইয়াক প্ৰথমতে প্লেটোৰ ছক্ৰেটিক ডায়লগছত উল্লেখ কৰা হয়। এক সমস্যা সমাধানৰ বাবে ইয়াক বহুকেইটা প্ৰশ্নৰ এক শ্ৰেণীত ভাঙি লোৱা হয় ,যাৰ উত্তৰবোৰে লাহে লাহে এজন মানুহক বিচাৰি থকা সমাধানৰ পথত আগবঢ়াই নিব। ইয়াৰ প্ৰভাৱ আজিও বৈজ্ঞানিক পদ্ধতিত অনুভুত হয় যাৰ প্ৰথম পৰ্যায় হ’ল ‘’অনুমান’’। এই ব্যৱস্থাৰ বিকাশ আৰু অভ্যাসেই ছক্ৰেটিছৰ আটাইতকৈ উল্লেখযোগ্য অৱদান যাৰ দ্বাৰা তেওঁ ৰাজনৈতিক দৰ্শন আৰু পাশ্চাত্য দৰ্শনৰ পিতৃ হিচাপে সৰ্বজন সমাদৃত।
ছক্ৰেটিক পদ্ধতি ব্যৱহাৰৰ বাবে কোনো ব্যক্তি বা দলৰ সুবিধাৰ্থে তেওঁলোকৰ বিশ্বাস আৰু জ্ঞানৰ পৰিসীমা জুখিবলৈ কিছুমান প্ৰশ্ন কৰা হয়। ছক্ৰেটিক পদ্ধতি এক বিয়োগাত্মক পদ্ধতি য’ত উতকৃষ্ট অনুমানসমূহ এফালে ৰাখি বিবাদকাৰী অনুমানসমূহ বাদ দিয়া হয়। এই পদ্ধতি দৰাচলতে নিজৰ বিশ্বাস আৰু তাৰ সত্যাসত্য প্ৰমাণ কৰিবলৈ উদ্ভাৱন কৰা হৈছিল।
ছক্ৰেটিছ আৰু প্লেটোৰ বিশ্বাস সমূহৰ পৃথক্কৰণ প্ৰায় অসম্ভৱ। বিভিন্ন উক্তিসমূহত থকা ধাৰণাবোৰৰ দীঘলীয়া বৰ্ণনাসমূহ হয়তো প্লেটোৰ দ্বাৰা বিকৃত কৰা হৈছিল, আৰু কিছু সংখ্যক পণ্ডিতে বিশ্বাস কৰে যে প্লেটোৱে সাহিত্যিক চৰিত্ৰ আৰু নিজ দাৰ্শনিক চৰিত্ৰটিক এক আকাৰ কৰি দিবলৈ ছক্ৰেটিছৰ লিখনী ৰীতিৰ হুবহু অনুকৰণ কৰিছিল। আন কিছুমানৰ মতে প্লেটোৰ নিজস্ব কিছুমান ধাৰণা আছিল যদিও এয়া বিতৰ্কৰ বিষয় যে সেয়া আছিল কি।