ছন্দঃপূৰ্ণ চক্ৰ (Circadian rhythm) |
---|
মানুহৰ ২৪ ঘণ্টীয়া জৈৱিক ঘড়ীৰ কিছুমান বৈশিষ্ট্য |
উচ্চাৰণ |
|
---|
বাৰংবাৰতা |
২৪ ঘণ্টাত এবাৰ |
ছন্দঃপূৰ্ণ চক্ৰ প্ৰতি ২৪ ঘণ্টাৰ বাবে নিদ্ৰা-জাগ্ৰত চক্ৰ আৰু কাৰ্য নিয়ন্ত্ৰণ কৰা এক প্ৰাকৃতিক আৰু অভ্যন্তৰীণ প্ৰক্ৰিয়া।[1] ই ২৪ ঘণ্টাজুৰি চলা যিকোনো অভ্যন্তৰীণ জৈৱিক প্ৰক্ৰিয়াক সূচায়। জৈৱিক ঘড়ীয়ে নিয়ন্ত্ৰণ কৰা এনে কাৰ্য উদ্ভিদ, প্ৰাণী, ভেঁকুৰ আৰু চায়ান'বেক্টেৰিয়াত দেখা পোৱা যায়।[2]
circadian শব্দটো লেটিন circa ("প্ৰায়") আৰু diēm ("দিন")-ৰ পৰা আহিছে। ২৪ ঘণ্টাৰ বাবে দোলন হোৱা প্ৰক্ৰিয়াবোৰক সাধাৰণতে আহ্নিক ছন্দ (diurnal rhythms) বোলা হয়; অভ্যন্তৰীণ প্ৰকৃতি নিৰূপণ নোহোৱালৈকে সেইবোৰক ছন্দঃপূৰ্ণ চক্ৰ বুলিব নালাগে।[3]
ছন্দঃপূৰ্ণ চক্ৰ অভ্যন্তৰীণ বা স্বয়ংসম্পূৰ্ণ যদিও এইবোৰে পোহাৰ, তাপ আৰু জাৰণ-বিজাৰণ প্ৰক্ৰিয়াৰ দৰে বাহ্যিক সংকেত (zeitgeber)-ৰ সহায়ত স্থানীয় পৰিবেশৰ লগত খাপ খাব পাৰে।[4]
দ্ৰ'চ'ফিলিয়া গণৰ মাখিত "ছন্দঃপূৰ্ণ চক্ৰ নিয়ন্ত্ৰণৰ আণৱিক কাৰ্যপ্ৰণালী আৱিষ্কাৰৰ বাবে" জেফ্ৰি চি. হল, মাইকেল ৰছবাশ্ব আৰু মাইকেল ডব্লিউ. ইয়ং-ক ২০১৭ চনত শৰীৰতত্ত্ব বা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল।[5]
ছন্দঃপূৰ্ণ বুলি ক'বৰ বাবে এটা জৈৱিক ছন্দই তিনিটা সাধাৰণ মাপকাঠী পূৰণ কৰিব লাগে:[6]
- ছন্দটোৰ প্ৰায় ২৪ ঘণ্টাৰ বাবে অভ্যন্তৰীণ মুকলি ম্যাদ থাকিব লাগে। নিচল পৰিবেশতো (যেনে নিচল অন্ধকাৰ) ছন্দটো প্ৰায় ২৪ ঘণ্টাৰ বাবে চলিব লাগিব।
- ছন্দটোৱে বিপৰীত পৰিবেশত খাপ খাপ পাৰে (entrainable)। বাহ্যিক সংকেতে (যেনে পোহৰ আৰু তাপ) ছন্দটো নকৈ আৰম্ভ কৰিব পাৰে। আন সময় অঞ্চললৈ যাত্ৰা কৰোঁতে প্ৰথমে জেট লেগ হয়, কিন্তু পাছত জৈৱিক ঘড়ীয়ে স্থানীয় সময়ৰ লগত নিজকে খাপ খুৱাই লয়।
- ছন্দটোৱে তাপমাত্ৰাৰ সালসলনিত প্ৰভাৱিত নহয়। বহু জীৱই বিস্তৃত তাপমাত্ৰাত বাস কৰে। তাপৰ সালসলনিয়ে কোষৰ ৰাসায়নিক প্ৰক্ৰিয়াবোৰত প্ৰভাৱ পেলালেও আহ্নিক ছন্দটোৱে ২৪ ঘণ্টীয়া সময় বাহাল ৰাখিব ৰাখিব।
- Aschoff, J. (ed.) (1965) Circadian Clocks. North Holland Press, Amsterdam
- "Biological clock in total darkness: the Clock/MOP3 circadian system of the blind subterranean mole rat". Proceedings of the National Academy of Sciences of the United States of America খণ্ড 98 (24): 13751–6. November 2001. doi:10.1073/pnas.181484498. PMID 11707566.
- "Circadian genes in a blind subterranean mammal II: conservation and uniqueness of the three Period homologs in the blind subterranean mole rat, Spalax ehrenbergi superspecies". Proceedings of the National Academy of Sciences of the United States of America খণ্ড 99 (18): 11718–23. September 2002. doi:10.1073/pnas.182423299. PMID 12193657.
- "Environmental Circadian Disruption Worsens Neurologic Impairment and Inhibits Hippocampal Neurogenesis in Adult Rats After Traumatic Brain Injury". Cellular and Molecular Neurobiology খণ্ড 36 (7): 1045–55. October 2016. doi:10.1007/s10571-015-0295-2. PMID 26886755.
- "A cyanobacterial circadian timing mechanism". Annual Review of Genetics খণ্ড 37: 513–43. 2003. doi:10.1146/annurev.genet.37.110801.142716. PMID 14616072.
- Dunlap, J.C.; Loros, J.; DeCoursey, P.J. (2003) Chronobiology: Biological Timekeeping. Sinauer, Sunderland
- "Origin and evolution of circadian clock genes in prokaryotes". Proceedings of the National Academy of Sciences of the United States of America খণ্ড 100 (5): 2495–500. March 2003. doi:10.1073/pnas.0130099100. PMID 12604787.
- Koukkari, W.L.; Sothern, R.B. (2006) Introducing Biological Rhythms. Springer, New York
- "Day/night rhythms in gene expression of the normal murine heart". Journal of Molecular Medicine খণ্ড 82 (4): 256–64. April 2004. doi:10.1007/s00109-003-0520-1. PMID 14985853.
- Refinetti, R. (2006) Circadian Physiology, 2nd ed. CRC Press, Boca Raton
- "Regulation of circadian rhythmicity". Science খণ্ড 217 (4565): 1104–11. September 1982. doi:10.1126/science.6287576. PMID 6287576.
- "No transcription-translation feedback in circadian rhythm of KaiC phosphorylation". Science খণ্ড 307 (5707): 251–4. January 2005. doi:10.1126/science.1102540. PMID 15550625.
- Moore-Ede, Martin C.; Sulzman, Frank M.; Fuller, Charles A. (1982). The Clocks that Time Us: Physiology of the Circadian Timing System. প্ৰকাশক Cambridge, Massachusetts: Harvard University Press. ISBN 978-0-674-13581-9.