ছান ভাষা | |
---|---|
টাই য়াই | |
ၵႂၢမ်းတႆး (kwáam tái), လိၵ်ႈတႆး (līk tái) | |
উচ্চাৰণ | shn shn |
থলুৱা অঞ্চল | মান দেশ |
অঞ্চল | ছান ৰাজ্য |
জাতীয়তা | ছান, দাই, কুলা |
ভাষা পৰিয়াল |
ক্ৰা-ডাই
|
লিখন প্ৰণালী | মন–বাৰ্মিজ (ছান বৰ্ণমালা) |
আধিকাৰিক স্থিতি | |
স্বীকৃতিপ্ৰাপ্ত গৌণ ভাষা |
|
ভাষা সংকেত | |
ISO 639-2 | shn |
ISO 639-3 | shn |
গ্লোটোলগ | shan1277 [1] |
ছান ভাষা, টাই-য়াই ভাষা বা টাই-লং ভাষা (ছান: ၵႂၢမ်းတႆး) হৈছে ছান জনগোষ্ঠীৰ স্থানীয় ভাষা যাক মূলতঃ ছান ৰাজ্য, ম্যানমাৰৰ আন কিছু অংশত, উত্তৰ থাইলেণ্ড, ইউন্নান, লাওচ, কম্বোডিয়া, ভিয়েটনাম, অসম আৰু মেঘালয়ত কোৱা হয়। ছান ভাষা হৈছে ক্ৰা–ডাই ভাষা পৰিয়ালৰ এটা সদস্য আৰু থাইৰ সৈতে সম্পৰ্কিত ভাষা। ইয়াত মুখ্য পাঁচটা স্বৰ আছে আৰু ইয়াৰ ষষ্ঠ স্বৰ জোৰ দিবলৈ ব্যৱহাৰ কৰা হয়। ছান শব্দটো উত্তৰ-পশ্চিম টাই ভাষাসমূহৰ বাবে ব্যৱহাৰ কৰা হয়, আৰু ইয়াক আন টাই ভাষাসমূহত টাই ইয়াই বা টাই লং বুলি কোৱা হয়।
ছান ভাষা কোৱা লোকৰ সংখ্যা অজ্ঞাত, কাৰণ ছান সকলৰ মুঠ জনসংখ্যা এতিয়া লৈকে জনা হোৱা নাই। ছান জনগোষ্ঠীৰ জনসংখ্যা অনুমান চাৰিৰ পৰা ৩০ নিযুতলৈ,[উদ্ধৃতিৰ প্ৰয়োজন] যাৰ প্ৰায় আধা সংখ্যকে ছান ভাষা কয়।[উদ্ধৃতিৰ প্ৰয়োজন] এথনোলগৰ মতে ম্যানমাৰত ৪.৫৯০০০০ নিযুত ছান বক্তা আছে; মাহিদোল বিশ্ববিদ্যালয়ৰ ভাষা আৰু সংস্কৃতি প্ৰতিষ্ঠানে ২০০৬ চনত থাইলেণ্ডত ছান বক্তাৰ সংখ্যা ৯৫,০০০ বুলি জনাইছিল, যদিও মান দেশৰ পৰা শৰণাৰ্থীসকলক অন্তৰ্ভুক্ত কৰি ইয়াৰ সংখ্যা মুঠ প্ৰায় এক নিযুত হয়।[2]
ছান ৰাজ্যত কোৱা ছান উপভাষাসমূহক প্ৰায় ভূগোলিক আৰু আধুনিক প্ৰশাসনিক সীমাৰ সৈতে মিলি থকা উত্তৰ, দক্ষিণ আৰু পূব উপভাষা, তিনিটা গোটত বিভক্ত কৰিব পাৰি। উপভাষাসমূহৰ শব্দভঁৰাল আৰু উচ্চাৰণত কিছুমান পাৰ্থক্য আছে, কিন্তু সাধাৰণতে পৰস্পৰ বোধগম্য হয়।
দক্ষিণৰ উপভাষাই অধিক মান শব্দ গ্ৰহণ কৰিছে, পূব ছানৰ শব্দভঁৰাল আৰু উচ্চাৰণত উত্তৰ থাই ভাষা আৰু লাওৰ সৈতে কিছু পৰিমাণে মিল আছে, আৰু উত্তৰ তথাকথিত "চাইনিজ ছান"ত ইউনান-চাইনিজ উপভাষাৰ প্ৰভাৱ অধিক।[স্পষ্টীকৰণৰ প্ৰয়োজন]
কিছুমান শব্দ আৰম্ভণি ব্যঞ্জনধ্বনিত পাৰ্থক্য দেখা যায়। উত্তৰত, /k/, /kʰ/ আৰু /m/ আৰম্ভণি, কিছুমান স্বৰবৰ্ণ আৰু অন্তিম ব্যঞ্জনধ্বনিসমূহৰ সৈতে মিলি /tʃ/ (ky বুলি লিখা), /tʃʰ/ (khy বুলি লিখা) আৰু /mj/ (my বুলি লিখা) উচ্চাৰণ কৰা হয়। চাইনিজ ছানত, /n/ আৰম্ভণি /l/ হৈ পৰে। দক্ষিণ-পশ্চিম অঞ্চলত /m/ প্ৰায়ে /w/ হিচাপে উচ্চাৰণ কৰা হয়। /f/ আৰম্ভণি কেৱল পূবতহে দেখা যায়, আন দুটা উপভাষাত ই /pʰ/ৰ সৈতে মিলি যায়।
জে. মাৰ্ভিন ব্ৰাউনয়ে ছান ৰাজ্যৰ তিনিটা উপভাষাক তলত দিয়া অনুসৰি বিভক্ত কৰিছে:[3]
প্ৰধান বৈচিত্ৰ্যমূলক উপভাষাসমূহক পৃথক ভাষা হিচাপে গণ্য কৰা হয়, যেনে খুন (মান সকলে কন ছান বুলি কয়), যি কেংটাং উপত্যকাত কোৱা হয়। চাইনিজ ছানক টাই মাও বুলিও কোৱা হয়, যি মুং মাওৰ পুৰণি ছান ৰাজ্যৰ সৈতে সম্পৰ্কিত। টাই লং দক্ষিণ আৰু কেন্দ্ৰীয় অঞ্চলৰ সালৱিন নদীৰ পশ্চিমত কোৱা দক্ষিণ ছান ৰাজ্যৰ উপভাষাৰ বাবে ব্যৱহাৰ কৰা হয়,[4] উত্তৰ ছান ৰাজ্যৰ উপভাষা,[5] আৰু লাওচত কোৱা উপভাষা। কিছুমান উপভাষা এতিয়াও কাচিন ৰাজ্যত অলপসংখ্যক মানুহে কয়, যেনে টাই লেইং, আৰু উত্তৰ সাগাইং অঞ্চলত কোৱা খামটি।
ব্যক্তি | সৰ্বনাম | IPA | অৰ্থ[6] |
---|---|---|---|
প্ৰথম | ၵဝ် | [kǎw] | মই/মোক (অনানুষ্ঠানিক) |
တူ | [tǔ] | মই/মোক (অনানুষ্ঠানিক) | |
ၶႃႈ | [kʰaː] | মই/মোক (আনুষ্ঠানিক) "দাস, দাসী" | |
ႁႃး | [háː] | আমি/আমাক দুজন (পৰিচিত/দ্বৈত) | |
ႁဝ်း | [háw] | আমি/আমাক (সাধাৰণ) | |
ႁဝ်းၶႃႈ | [háw.kʰaː] | আমি/আমাক (আনুষ্ঠানিক) "আমি দাস, আমি দাসী" | |
দ্বিতীয় | မႂ်း | [máɰ] | তুমি/তোমাক (অনানুষ্ঠানিক/পৰিচিত) |
ၸဝ်ႈ | [tɕaw] | তুমি/তোমাক (আনুষ্ঠানিক) "স্বামী, প্ৰভু" | |
ၶိူဝ် | [kʰɤ̂] | তোমালোক দুজন (পৰিচিত/দ্বৈত) | |
သူ | [sǔ] | তুমি/তোমাক (আনুষ্ঠানিক/একবচন, সাধাৰণ/বহুবচন) | |
သူၸဝ်ႈ | [sǔ.tɕaw] | তুমি/তোমাক (আনুষ্ঠানিক/একবচন, সাধাৰণ/বহুবচন) "তোমালোক স্বামী, তোমালোক প্ৰভু" | |
তৃতীয় | မၼ်း | [mán] | তেওঁ/তেওঁক (অনানুষ্ঠানিক/পৰিচিত) |
ၶႃ | [kʰǎː] | তেওঁলোক দুজন (পৰিচিত/দ্বৈত) | |
ၶဝ် | [kʰǎw] | তেওঁ/তেওঁক (আনুষ্ঠানিক), বা তেওঁলোক (সাধাৰণ) | |
ၶဝ်ၸဝ်ႈ | [kʰǎw.tɕaw] | তেওঁ/তেওঁক (আনুষ্ঠানিক), বা তেওঁলোক (আনুষ্ঠানিক) "তেওঁলোক স্বামী, তেওঁলোক প্ৰভু" | |
ပိူၼ်ႈ | [pɤn] | তেওঁলোক, আনসকল |