ছামিনা ৰাজা | |
---|---|
জন্ম | ১১ ছেপ্টেম্বৰ, ১৯৬১ ভাৱালপুৰ, পাঞ্জাৱ(পাকিস্তান), পাকিস্তান |
মৃত্যু | ৩০ অক্টোবৰ, ২০১২ (৫১ বছৰ) ইছলামাবাদ,পাকিস্তান |
পেচা | কবি, লেখক, সম্পাদক, শিক্ষাবিদ আৰু প্ৰচাৰক |
ৰাষ্ট্ৰীয়তা | পাকিস্তানী |
শিক্ষা | কলা বিষয়ৰ স্নাতকোত্তৰ |
সময় | ১৯৯৫-২০০৮ |
ধৰণ | গজল, নাজ্ম, নাচৰ |
বিষয় | সাহিত্য |
উল্লেখনীয় কৰ্মৰাজি | অঔৰ উইজাল, দিল এ লাইলা, ইস্কবাদ |
সন্তান | ডেনিয়েল, জীহাদ এহেড |
ৱেবছাইট | saminaraja |
ছামিনা ৰাজা (জন্ম: ১১ ছেপ্টেম্বৰ ১৯৬১; মৃত্যু: ৩০ অক্টোবৰ ২০১২)[1] এগৰাকী পাকিস্তানী উৰ্দু কবি,[2] লেখিকা, সম্পাদিকা, অনুবাদক, শিক্ষাবিদ আৰু সম্প্ৰচাৰক। তেওঁ পাকিস্তানৰ ইছলামাবাদত বাস কৰিছিল আৰু নেচনেল লেংগুৱেজ অথৰিটি আৰু নেচনেল বুক ফাউণ্ডেচনত বিষয় বিশেষজ্ঞ হিচাপে কাম কৰিছিল।[3]
ৰাজাৰ জন্ম হৈছিল পাকিস্তানৰ বাহাৱালপুৰত। তেওঁ লাহোৰৰ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা উৰ্দু সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৭৩ চনত কবিতা লিখিবলৈ আৰম্ভ কৰা ৰাজাৰ এই পৰ্যন্ত বাৰখন কবিতা পুথি, দুখন কুলিয়াট আৰু এখন নিৰ্বাচিত ৰোমান্টিক কবিতা প্ৰকাশ হৈছে। তেওঁ উৰ্দু গদ্যত কিছুমান গ্ৰন্থ লিখিছিল আৰু ইংৰাজীৰ পৰা উৰ্দুলৈ কিছুমান মূল্যৱান গদ্য গ্ৰন্থ সম্পাদনা আৰু অনুবাদ কৰিছিল।[4]
১৯৯৮ চনত নেচনেল বুক ফাউণ্ডেশ্যনত পৰামৰ্শদাতা হিচাপে আৰু মাহেকীয়া কিতাবৰ সম্পাদক হিচাপে যোগদান কৰে। ১৯৯৮ চনত তেওঁ মাহেকীয়া আছাৰত সম্পাদক হিচাপেও যোগদান কৰে।
১৯৯৫ চনৰ পৰা পাকিস্তান টেলিভিছন (পিটিভি)ত অল পাকিস্তান মুছাইৰা পৰিচালনা কৰিছিল। পিটিভিত সাহিত্য অনুষ্ঠান উৰ্দু আদাব মেই ঔৰত কা কিৰদাৰ ("উৰ্দু সাহিত্যত নাৰীৰ ভূমিকা") নামৰ অনুষ্ঠান উপস্থাপন কৰিছিল।
ৰাজাই ইছলামাবাদৰ ৰাষ্ট্ৰীয় ভাষা কৰ্তৃপক্ষৰ বিষয় বিশেষজ্ঞ হিচাপে কাম কৰিছিল আৰু খোৱাবগাৰ(সপোন নিৰ্মাতা) নামৰ এখন নতুন সাহিত্য আলোচনীও প্ৰকাশ কৰাৰ পৰিকল্পনা কৰিছিল৷ ছামিনা ৰাজাক দুটা বঁটা দিয়া হৈছিল – প্ৰধানমন্ত্ৰী বঁটা আৰু ৰাইটাৰ্ছ বঁটা – কিন্তু তেওঁৰ লগতে অযোগ্য লোকৰ মনোনয়নৰ উদাহৰণ দি তেওঁ সেইবোৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। বহু সময়ত তেওঁ সাহিত্যিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল য’ত মুখ্য অতিথি আছিল সাহিত্যৰ সৈতে কোনো সম্পৰ্ক নথকা লোকসকল।’ ছামিনা ৰাজাই বহুতো অনন্য কৌশল (আইডিয়া)ৰ দ্বাৰা লিখাৰ কাম প্ৰকাশ কৰিছিল। তেওঁৰ এটা (উচ্চাকাংক্ষা) আছিল কোৰআনক উৰ্দু ভাষাত অনুবাদ কৰি উৰ্দু অনুবাদক কবিতালৈ ৰূপান্তৰ কৰা, যিটো পৃথিৱীৰ কোনোৱে কেতিয়াও কৰা নাছিল। এইটোৱেই তেওঁৰ জীৱনৰ শেষ প্ৰজেক্ট হ'ব বুলি নাজানিছিল আৰু তেওঁ নিজৰ প্ৰজেক্টটো আৰম্ভ কৰিছিল, অসুস্থ হোৱাৰ ঠিক আগতেই তেওঁ "ছুৰা ই বাকাৰাহ"ৰ পৰা আৰম্ভ কৰিছিল আৰু আগবাঢ়ি গৈছিল, তেওঁ এই কাম সম্পূৰ্ণ কৰি প্ৰকাশ কৰিব বিচাৰিছিল যদিও শেষ কৰিব নোৱাৰিলে।
২০১২ চনৰ ৩১ অক্টোবৰত ইছলামাবাদত কৰ্কট ৰোগত আক্ৰান্ত হৈ ৰাজাৰ মৃত্যু হয়। তেওঁ তিনিজন পুত্ৰক এৰি থৈ যায়।[1]