ছায়া | |
---|---|
ছাঁৰ দেৱী | |
ছায়া আৰু সৰন্যুৰ সৈতে সূৰ্য দেৱতা | |
দেৱনাগৰী | छाया |
সম্পৰ্ক | দেৱী, সাৰন্যুৰ ছাঁ |
নিবাস | সূৰ্যলোক |
মন্ত্ৰ | ওঁ ছায়ায়ে নমঃ |
সঙ্গী | সূৰ্য |
সন্তান | সবৰ্ণী মনু, শনি, তাপ্তি |
ছায়া বা চায়া ( ছাঁ) হৈছে এগৰাকী হিন্দু দেৱী, তেওঁক ছাঁ বা ছায়াৰ দেৱী বুলি কোৱা হয়। ছায়া হিন্দু দেৱতা সূৰ্যৰ এগৰাকী সহধৰ্মিনী।[1] তেওঁ সূৰ্যৰ প্ৰথম পত্নী সৰন্যু (সঞ্জনা বা সংজ্ঞা, সন্ধ্যা)ৰ ছাঁ-প্ৰতিচ্ছবি বা প্ৰতিফলন। ছায়াৰ জন্ম সঞ্জনাৰ ছাঁৰ পৰা হৈছিল আৰু সঞ্জনাই স্বামীক এৰি যোৱাৰ পিছত ছায়া অস্থায়ী ভাৱে ঘৰত আছিল। ছায়াক সাধাৰণতে শনি গ্ৰহ (কৰ্ম আৰু ন্যায়ৰ দেৱতা), দেৱী তাপ্তি (তাপ্তি নদীৰ দৈৱ স্বৰূপ) আৰু সবৰ্ণী মনুৰ মাতৃ বুলি কোৱা হয়।[2]
ঋকবেদত (খ্ৰীষ্টপূৰ্ব ১২০০-১০০০) ছায়াৰ বিষয়ে প্ৰাচীনতম বৰ্ণনা পোৱা যায়। বিভাসনৰ (সূৰ্য) ঔৰষত এহাল যমজ সন্তানৰ জন্মৰ পিছত তেওঁৰ সহধৰ্মিনী তথা বিশ্বকৰ্মাৰ কন্যা সৰন্যুৱে তেওঁক পৰিত্যাগ কৰি এজনী ঘোঁৰাৰ ৰূপত আঁতৰি যায়। সৰন্যুৱে তেওঁৰ ঠাইত সবৰ্ণা ("একে প্ৰকাৰৰ") নামৰ এগৰাকী নাৰীক স্থান দিয়ে। কিন্তু সৰন্যুৰ দৈৱত্বৰ বিপৰীতে সবৰ্ণা আছিল নশ্বৰ। পৰৱৰ্তী সময়ৰ পুৰাণসমূহৰ মতে ছায়া হৈছে কেৱলমাত্ৰ সৰন্যুৰ ছাঁ। সূৰ্যৰ ঔৰষত সবৰ্ণাৰ কোনো সন্তান নাই। পৰৱৰ্তী সময়ত (৫০০ খ্ৰীষ্টপূৰ্ব) যক্ষই তেওঁৰ নিকূটত কৰা ঋকবেদৰ এক সংযোজনত এই কথা কয় যে সবৰ্ণাৰ গৰ্ভত মনুৰ (মানৱজাতিৰ বংশধৰ, যাক পৰৱৰ্তী কালৰ পুৰাণত সবৰ্ণী মনু বুলি কোৱা হৈছিল) জন্ম হৈছিল। মূল বেদত কোৱা হৈছে যে দেৱতাসকলে সৰন্যুৰ ঠাইত সবৰ্ণাক স্থান দিছিল। যক্ষৰ নিকূটৰ মতে সৰন্যুৱে সবৰ্ণাৰ সৃষ্টি কৰিছিল। বৃহদ দেৱতাই ছায়াৰ আৰ্হিটোক সাদৃশা ("সদৃশ দৰ্শনা" বা একে চেহেৰাৰ) বুলি কয় যি আছিল দেখিবলৈ সৰন্যুৰ দৰে। সাদৃশাই সূৰ্যৰ ঔৰষত মনুক ধাৰণ কতিছিল আৰু তেওঁ পিছলৈ এজন ৰাজকীয় ঋষিৰ মৰ্যাদা লাভ কৰিছিল।[3]
মাৰ্কেণ্ডেয় পুৰাণত সঞ্জনা-ছায়াৰ কাহিনীটো দুটাকৈ অংশত উল্লেখ কৰা হৈছে। এই কাহিনীটো হৰিবংশ পুৰাণৰ সৈতে একে। সঞ্জনাই সূৰ্যৰ শক্তি আৰু তাপ সহ্য কৰিব নোৱাৰি তেওঁক ত্যাগ কৰে। অৱশ্যে যম দেৱতাক দিয়া অভিশাপৰ ক্ষেত্ৰত তাৰতম্য ঘটিছে। যমে ছায়াক তিৰস্কাৰ কৰে আৰু পদাঘাতৰ বাবে উদ্যত হয়। যমৰ এই ব্যৱহাৰৰ বাবে ছায়াই তেওঁৰ ভৰিত পোক দিব আৰু ঘাঁ লাগিব বুলি অভিশাপ দিয়ে। আনহাতে সূৰ্যই যমক এটা ডাকোৱাল কুকুৰা উপহাৰ দিয়ে যাতে কুকুৰাটোৱে তেওঁৰ ভৰিৰ সেই কীটবোৰ খাব পাৰে। অন্য আখ্যান সমূহটো এই অভিশাপটোৰ বৰ্ণনা হৰিবংশৰ সৈতে প্ৰায় একে। ছায়াই উল্লেখ কৰিছে যে- তেওঁ যমৰ দেউতাকৰ পত্নী, কিন্তু তেওঁ যমৰ মাতৃ নহয়।[4][5]
বিষ্ণু পুৰাণৰ আখ্যানটিও মাৰ্কেণ্ডেয় পুৰাণৰ সৈতে প্ৰায় একে। সেই অনুসৰি তিনিটা সন্তান জন্ম দিয়াৰ পিছত সঞ্জনাই সূৰ্যৰ প্ৰখৰ তাপ শক্তি সহ্য কৰিব নোৱাৰি তেওঁ নিজৰ ছাঁটোক সূৰ্যৰ ওচৰত এৰি থৈ তপস্যাৰ বাবে অৰণ্যত প্ৰৱেশ কৰে। সূৰ্যৰ ছায়াক সঞ্জনা বুলি ভাবে আৰু তেওঁৰ ফালৰ পৰা তিনিটা সন্তান শনি, সবৰ্ণী মনু আৰু তাপ্তিৰ জন্ম হয়। ছায়াই নিজ সন্তানৰ প্ৰতি অধিক আগ্ৰহ দেখুৱাই সঞ্জনাৰ সন্তানক অৱহেলা কৰে। যমে ছায়াক নিজ মাতৃ সঞ্জনা নহয় বুলি সন্দেহ কৰে আৰু তেওঁৰ ব্যৱহাৰৰ প্ৰতিবাদ কৰে। এই কথাত ছায়াই যমক অভিশাপ দিয়ে। ইয়াৰ দ্বাৰাই যম আৰু সূৰ্যৰ বোধ হয় যে সেয়া প্ৰকৃততে সঞ্জনা নহয়। ছায়াৰ পৰা সত্য শুনাৰ পিছত সূৰ্যয় সঞ্জনাক বিচাৰি উলিয়াই আৰু নিজ গৃহলৈ ঘূৰাই আনে।[5]
মৎস পুৰাণৰ আখ্যানটিও আগৰ সমূহৰে প্ৰায় একে। অৱশ্যে ইয়াত উল্লেখ কৰা অনুসৰি ছায়াৰ তিনিটি সন্তানৰ ভিতৰত এটি পুত্ৰ সবৰ্ণী মনু আৰু আন দুগৰাকী কন্যা ক্ৰমে তাপ্তি আৰু বিস্তী, ইয়াত বিস্তীক গাঢ় নীলা বৰণৰ বুলি কোৱা হৈছে। তেওঁ কাল (সময় আৰু মৃত্যু)ৰ দেৱী আৰু পাতাল নিবাসী।[6] ১১ শতিকাৰ কথাচৰিতসাগৰতো ছায়াৰ কাহিনী বৰ্ণিত হৈছে।[1][7] কুৰ্ম পুৰাণ অনুসৰি ছায়াৰ একমাত্ৰ পুত্ৰ মনু।[8] কোনো কোনো আখ্যান অনুসৰি সত্য জনাৰ পিছত সূৰ্যই ছায়াক ত্যাগ কৰে।[9] আন এক আখ্যানত উল্লেখ আছে যে, সূৰ্যই ছায়াক ক্ষমা কৰে আৰু সঞ্জনা-ছায়া তথা তেওঁলোকৰ সন্তান সহিত বাস কৰে।[10] ভাগৱত পুৰাণ অনুসৰি ছায়া সঞ্জনাৰ এগৰাকী ভগ্নী আৰু বিশ্বকৰ্মা ৰ জীয়ৰী।[5][11]