ছিডনী শ্বেলডন | |
---|---|
জন্ম | ছিডনী স্কেচটেল ১১ফেব্ৰুৱাৰী,১৯১৭ চিকাগো, ইলিনয়, আমেৰিকা যুক্তৰাষ্ট্ৰ |
মৃত্যু | ৩০জানু
ৱাৰী,২০০৭ ৰেঞ্চো মিৰেজ,কেলিফৰ্ণিয়া,আমৰিকা যুক্তৰাষ্ট্ৰ |
পেচা | ঔপন্যাসিক |
ৰাষ্ট্ৰীয়তা | আমেৰিকান |
সময় | ১৯৬৯-২০০৭ |
ধৰণ | অপৰাধ কল্পকাহিনী, থ্ৰিলাৰ |
ৱেবছাইট | www.hachettebookgroup.com |
ছিডনী শ্বেলডন (ইংৰাজী: Sidney Sheldon; ১৯১৭ - ২০০৭) এগৰাকী একাডেমী বঁটা বিজয়ী আমেৰিকান সাহিত্যিক আছিল। বিশ বছৰজুৰি টিভিৰ লগত জড়িত হৈ থকা কালত তেওঁ দ্য পাৰ্টী ডিউক শ্বো (১৯৬৩-৬৬), আই ড্ৰীম অৱ জিনি (১৯৬৫-৭০), হাৰ্ট টু হাৰ্ট (১৯৭৯-৮৪) আদি অনুষ্ঠান সৃষ্টি কৰে যদিও ৫০ বছৰীয়া হৈ মাষ্টাৰ অৱ দ্য গেম (১৯৮২), দ্য আদাৰ চাইড অৱ মিডনাইট [উদ্ধৃতিৰ প্ৰয়োজন](১৯৭৩), ৰেজ অৱ দ্য এঞ্জেলছ (১৯৮০) আদি বেষ্টচেলাৰ কিতাপ লিখি পৃথিৱী বিখ্যাত হৈ পৰে। তেওঁ সৰ্বকালৰ সপ্তম সৰ্বাধিক গ্ৰন্থ বিক্ৰী হোৱা সাহিত্যিক[উদ্ধৃতিৰ প্ৰয়োজন]।
ইলিনয় প্ৰদেশৰ চিকাগোত শ্বেলডন বা ছিডনী স্কেচটেলৰ জন্ম হয়। ৰাছিয়ান ইহুদীসকলৰ বংশধৰ তেওঁৰ দেউতাক এচাৰ "অট্টো" স্কেচটেল(১৮৯৪-১৯৬৭) আছিল এক অলংকাৰৰ দোকানৰ প্ৰবন্ধক আৰু মাতৃ আছিল নেটেলি মাৰ্কাছ। দহ বছৰ বয়সতে এটা কবিতাৰ জৰিয়তে ছিডনীয়ে জীৱনৰ প্ৰথম উপাৰ্জন হিচাপে ৫ আমেৰিকান ডলাৰ আৰ্জে। দ্বিতীয় বিশ্বযুদ্ধৰ আগৰ দশকত বিশ্বজুৰি হোৱা অৰ্থনৈতিক মহামন্দাৰ সময়ত তেওঁ বহু ঠাইত চাকৰি কৰে আৰু ডেনভাৰ ইষ্ট হাই স্কুলৰ পৰা স্নাতক হৈ নৰ্থৱেষ্টাৰ্ন য়ুনিভাৰ্চিটিত প্ৰৱেশ কৰি নাট্যদল সমূহৰ কাৰণে সৰু সৰু নাটক লিখিবলৈ লয়। পিছলৈ তেওঁ ৩০০মিলিয়নতকৈও অধিক বিক্ৰী হোৱা ১৮খন উপন্যাস লিখি উলিয়াইছিল[উদ্ধৃতিৰ প্ৰয়োজন]।
১৯৩৭ চনত শ্বেলডন হলীউদ,কেলিফোৰ্ণিয়ালৈ যায় য'ত তেওঁ চিত্ৰনাট্য পুনৰীক্ষণৰ কাম কৰে আৰু বহুকেইখন বি পৰ্যায়ৰ চলচ্চিত্ৰত কাম কৰে।[1] প্ৰথম বিশ্বযুদ্ধৰ সময়ত শ্বেলডনে 'আৰ্মী এয়াৰ কৰ্পছ'ৰ অধীনস্থ 'ৱাৰ ট্ৰেইনিং ছাৰ্ভিছ'ত পাইলট হিচাপে যোগ দিয়ে।[1] কিন্তু যুদ্ধত ভাগ লোৱাৰ পূৰ্বেই তেওঁৰ দলটিক খাৰিজ কৰা হয়। অসামৰিক জীৱনলৈ ঘূৰি আহি তেওঁ নিউ য়ৰ্ক চহৰত থাকিবলৈ লয় য'ত তেওঁ ব্ৰডৱে মঞ্চৰ বাবে সংগীতালেক্ষ লিখাৰ উপৰিও এমজিএম ষ্টুডিঅ আৰু পেৰামাউণ্ট পিক্সাৰ্ছৰ বাবে চিত্ৰনাট্য লিখিবলৈ লয়। লাহে লাহে তেওঁ লেখক হিচাপে জনপ্ৰিয় হ'বলৈ লয়,উদাহৰণস্বৰূপে এটা সময়তে ব্ৰডৱেত তেওঁৰ তিনিখন সংগীতালেক্ষ চলিছিল।[2] এই সফলতাই তেওঁক পুনৰ হলীউদলৈ ঘূৰাই আনে আৰু দ্য বেচ্চেলৰ এণ্ড দ্য ববী ছক্সাৰত কাম কৰে যাৰ বাবে তেওঁ ১৯৪৭ চনত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ একাডেমি এৱাৰ্ড লাভ কৰে। ১৯৪৮ চনৰ সংগীতধৰ্মী ছবি "ইষ্টাৰ পেৰাড"ত তেওঁ সহ-চিত্ৰনাট্যকাৰ হিচাপে কাম কৰে আৰু ১৯৫০ চনৰ সংগীতধৰ্মী ছবি "এনি গেট য়ৰ গান"ত চিত্ৰনাট্যকাৰ হিচাপে কাম কৰে।
যেতিয়া টেলিভিছন জনপ্ৰিয় মাধ্যম হৈ পৰে তেওঁ এই ক্ষেত্ৰতো হাত দিবলৈ সিদ্ধান্ত কৰে। "মই ভাবো মোক পইচা লাগিছিল," তেওঁ কয়। "এদিন দুপৰীয়া আহাৰৰ সময়ত মই পেট্টী ডিউকক লগ পালোঁ। গতিকে মই দ্য পেট্টী ডিউক শ্বো প্ৰযোজনা কৰি টিভিত কোনেও কেতিয়াও নকৰা কাম এটা কৰিলো। সাত বছৰ ধৰি মই সেই শৃংখলাৰ প্ৰায় আটাইবোৰ খণ্ডৰ চিত্ৰনাট্য লিখিছো। "[2]
শ্বেলডনে স্ক্ৰীণ গেমছৰ সহঃপ্ৰযোজনাত "আই ড্ৰীম অৱ জিনি" ৰচনা আৰু প্ৰযোজনা কৰে। তেওঁ ৫ বছৰত অসংখ্য চিত্ৰনাট্য লিখে আৰু মাজে মাজে তিনিটা ছদ্মনাম ব্যৱহাৰ কৰে(মাৰ্ক ৰোৱেন, এলান ডেভন, ক্ৰিষ্টোফাৰ গোলাটো)। সমসাময়িক ভাৱে তেওঁ দ্য পেট্টী ডিউক শ্বোৰ বাবেও চিত্ৰনাট্য লিখি থাকে। "নেন্সী" নামৰ টিভি শৃংখলাটিৰ চিত্ৰনাট্য লিখোতেও তেওঁ আগৰ ছদ্মনাম কেইটা ব্যৱহাৰ কৰে। তেওঁ কয় যে শৃংখলাৰ ৰচক,প্ৰযোজক,স্বত্বাধিকাৰ আৰু লেখক হিচাপে কেৱল তেওঁৰ নামেই আহি থকা বাবে তেওঁ ছদ্মনাম ব্যৱহাৰ কৰিছিল। তেওঁ "হাৰ্ট টু হাৰ্ট" শৃংখলাৰো চিত্ৰনাট্য ৰচনা কৰে।
১৯৭০ চনত "আই ড্ৰীম অৱ জিনি"ৰ প্ৰযোজনা শেষ হয়। " আই ড্ৰীম অৱ জিনিৰ শেষৰ বছৰটোতহে মই এখন উপন্যাস লিখি চাবলৈ সিদ্ধান্ত কৰিলোঁ,"১৯৮২ চনত তেওঁ কয়। "সদায় ৰাতিপুৱা নটাৰ পৰা দুপৰীয়ালৈ মই ষ্টুডিঅ'ত মোৰ সহযোগীক ফোনসমূহ ৰিছিভ কৰিবলৈ কওঁ। মানে প্ৰতিটো ফোনকল। প্ৰতিদিনে পুৱা মই লিখিছিলো বা শ্ৰুতলিপি দিছিলো— আৰু তাৰ পিছতহে টিভি ব্যৱসায়ৰ মুখামুখি হৈছিলো"[2]
১৯৬৯ চনত শ্বেলডনে তেওঁৰ প্ৰথম উপন্যাস "দ্য নেকেড ফেছ" ৰচনা কৰে যাৰ বাবে তেওঁ "মিষ্ট্ৰী ৰাইটাৰ্ছ অৱ আমেৰিকা"ই দিয়া এড্গাৰ এলেন পো বঁটাৰ "শ্ৰেষ্ঠ প্ৰথম উপন্যাস" শাখাত মনোনয়ন লাভ কৰে। তেওঁৰ পৰৱৰ্তী উপন্যাস "দ্য আডাৰ চাইড অৱ দ্য মিডনাইট"ৰ লগতে আৰু বহুতো উপন্যাসে দ্য নিউ য়ৰ্ক টাইমছ বেষ্ট চেলাৰ তালিকাত প্ৰথম স্থান দখল কৰে আৰু ইয়াৰে বহুকেইখনৰ পৰা চলচ্চিত্ৰ আৰু টেলিভিছন শৃংখলা নিৰ্মাণ কৰা হয়। তেওঁৰ উপন্যাসবোৰে প্ৰায়েই নিষ্ঠুৰ মানুহ কিছুমানে নিয়ন্ত্ৰণ কৰা এক জগতত কোনো দৃঢ়মনা মহিলাৰ কাহিনী চিত্ৰিত কৰে।[2] উপন্যাসসমূহৰ মাজত লুকাই থকা ৰহস্য আৰু কৌতূহলে পাঠকক পাত লুটিয়াই যাবলৈ বাধ্য কৰিছিল:[2]
মই মোৰ কিতাপসমূহ এনেদৰে লিখিব বিচাৰো যাতে পঢ়ুৱৈজনে তাক নপঢ়াকৈ থাকিব নোৱাৰে। ," ১৯৮২ চনত এক সাক্ষাত্কাৰত শ্বেলডনে কয়। "মই উপন্যাসসমূহ এনেদৰে সজাও যাতে পাঠকে যেতিয়া ইয়াৰ শেষ গৈ পাই তেতিয়া তেওঁ আৰু মাত্ৰ এটা অধ্যায়হে পঢ়িবহে বাকী থাকে। এয়া যেন পুৰণি শনিবৰীয়া ধাৰাবাহিক বোৰৰ কৌশল:ল'ৰাজনক পাহাৰৰ গৰাত ওলমি থাকোঁতে অধ্যায়টো শেষ কৰি দিয়া।
তেওঁৰ অধিকাংশ পাঠকেই মহিলা আছিল।[2] ইয়াৰ কাৰণ সোধাত তেওঁ কয়: "মই এনেকুৱা মহিলাসকলৰ বিষয়ে লিখিব বিচাৰো যি বুদ্ধিমতী,পাৰদৰ্শী আৰু আটাইতকৈ ডাঙৰ কথা যিয়ে নিজৰ নাৰীত্বক সন্মান কৰে,ইয়াক বিসৰ্জন দিব নোখোঁজে। মহিলাসকলৰ অপৰিসীম শক্তি আছে — আৰু সেয়া হ'ল তেওঁলোকৰ নাৰীত্ব, কাৰণ ইয়াৰ অবিহনে পুৰুষে একো কৰিব নোৱাৰে। "[2] কিতাপেই আছিল শ্বেলডনৰ প্ৰিয় মাধ্যম। "কিতাপ লিখিবলৈ মই ভাল পাওঁ," তেওঁ কয়। "চলচ্চিত্ৰ এক উমৈহতীয়া মাধ্যম, সকলোৱে তোমাৰ কামত নজৰ দি থাকে। তুমি যেতিয়া এখন উপন্যাস লিখা তাত কেৱল তুমিয়েই থাকা। এই স্বাধীনতা অন্য মাধ্যমত পোৱা নাযায়। "[2]
শ্বেলডনে প্ৰথমতে জেন কোফমেনক বিয়া কৰায় (১৯৪৫-১৯৪৮)। পিছত তেওঁ লিখে "দুঃখজনকভাৱে, এমাহতকৈও কম সময়ৰ ভিতৰত জেন আৰু মই অনুভৱ কৰিলো যে আমি এটা ভুল কৰিলোঁ...ইয়াৰ পিছৰ ন মাহ আমি বিয়াখন পুনৰাই গঢ়ি তোলাৰ বৃথা চেষ্টা কৰিলোঁ"[3]
তাৰ পিছত তেওঁ পিছলৈ ইণ্টেৰিয়ৰ ডিজাইনাৰ হৈ পৰা মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী জৰ্জা কাৰ্টৰাইটৰ লগত ৩০ বছৰীয়া বৈবাহিক জীৱন কটায়। আই ড্ৰীম অৱ জিনিৰ এটা খণ্ডত তেওঁ অভিনয় কৰে। ১৯৮৫ চনত হাৰ্ট এটাক হৈ তেওঁৰ মৃত্যু হয়। তেওঁলোকৰ জিয়ৰী মেৰী শ্বেলডনো এগৰাকী ঔপন্যাসিকা।
১৯৮৯ চনত লাছ ভেগাছত তেওঁ প্ৰাক্তন শিশু শিল্পী[4] আৰু বুলগেৰিয়াৰ ওহ্ৰিডৰ বিজ্ঞাপন বিষয়া[5] আলেক্সেন্দ্ৰা কষ্টফক বিয়া কৰায়।
বহুবছৰ ধৰি তেওঁ বাইপোলাৰ ডিজৰ্ডাৰত ভোগে;তেওঁ সোতৰ বছৰ বয়সত আত্মহত্যাৰ চেষ্টাও চলাইছিল (দেউতাকে কোৱা মতে,যিয়ে তেওঁক আৱিষ্কাৰ কৰিছিল) আৰু ২০০৫ চনত প্ৰকাশিত আত্মজিৱনী দ্য আডাৰ চাইড অৱ মীত ইয়াৰ বৰ্ণনা আছে।
পাম স্প্ৰিংছ,কেলিফৰ্ণিয়া নিবাসী[6] শ্বেলডনে নিউমোনিয়া জনিত জটিলতাত ভুগি ৩০জানুৱাৰী ২০০৭ত কেলিফৰ্ণিয়াৰ ৰেঞ্চো মিৰেজত থকা এইছেনহাৱাৰ মেডিকেল ছেণ্টাৰত মৃত্যু বৰণ কৰে।[1][7] তেওঁৰ দেহ দাহন কৰি ভস্মখিনি ৱেষ্টৱুড ভিলেজ পাৰ্ক চিমেটেৰীত সমাধিস্থ কৰা হয়।
শ্বেলডনে দ্য বেচ্চেলৰ এণ্ড দ্য ববী-ছক্সাৰৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ একাডেমী বঁটা(১৯৪৭), ৰেডহেড সংগীতালেক্ষৰ বাবে এটা টনী এৱাৰ্ড(১৯৫৯) লাভ কৰে আৰু আই ড্ৰীম অৱ জিনিৰ বাবে এম্মী এৱাৰ্ডৰ মনোনয়ন লাভ কৰে। 'পাম স্প্ৰিংছ ৱাক অৱ দ্য ষ্টাৰ্চ'ত শ্বেলডনৰ এক গোল্ডেন পাম ষ্টাৰ আছে যাক ১৯৯৪ চনত তেওঁলৈ উংসৰ্গা কৰা হৈছিল।[8]
ৱ জিনি
ৰ কামছ (তেওঁৰ উপন্যাসখনৰ ওপৰত আধাৰিত এক শৃংখলা)
|