ছিন ৰাজ্য (চীনা: 秦; পিন্যিন: Qín) এখন চীনা ৰাজ্য যিয়ে যুদ্ধৰত ৰাজ্যৰ যুগৰ শেষত আন ৰাজ্যসমূহক পৰাস্ত কৰি প্ৰথম ঐক্যবদ্ধ চীনা সাম্ৰাজ্যৰ সৃষ্টি কৰিছিল।[1] চিন সাম্ৰাজ্যৰ আধিপত্য কেৱল ১৫ বছৰৰ বাবে আছিল, খ্ৰীষ্টপূৰ্ব ২২১ৰ পৰা খ্ৰীষ্টপূৰ্ব ২০৭লৈ। চীন দেশৰ নাম ছিনৰ পৰাই অহা। তদুপৰি, পৰৱৰ্তী দুহাজাৰ বছৰৰ বাবে চীনৰ প্ৰত্যেক সাম্ৰাজ্যই ছিনসকলে সৃষ্টি কৰা প্ৰশাসনিক ব্যৱস্থা আদিয়েই মানি চলিছিল।
খ্ৰীষ্টপূৰ্ব ৭৭১ৰ পৰা খ্ৰীষ্টপূৰ্ব ২২১লৈকে চীন দেশত বহুতো সৰু সৰু ৰাজ্য আছিল, যাৰ ভিতৰত ছিন ৰাজ্য অন্যতম আছিল।[2] এই ৰাজ্যই চুবুৰীয়া ৱেই ৰাজ্য দখল কৰিছিল। চিন আছিল সেই সময়ৰ আটাইতকৈ কম চীনিকৃত ৰাজ্য আৰু আন ৰাজ্যসমূহতকৈ অধিক সামৰিক। খ্ৰীষ্টপূৰ্ব তৃতীয়ৰ পৰা খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত চিন ৰাজ্যৰ ৰজাসকলে এক কেন্দ্ৰীভূত শাসন ব্যৱস্থাৰ সৃষ্টি কৰিছিল, য'ত আছিল শিথিল আইন, আৰু কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়া নেতাৰ দ্বাৰা শাসিত সু-ব্যৱস্থিত প্ৰদেশ। এই ব্যৱস্থাৰেই চিনে লাহে লাহে ওচৰৰ ৰাজ্যসমূহ দখল কৰিবলৈ ধৰিছিল আৰু অৱশেষত ই চীনৰ সৰ্বশক্তিশালী ৰাজ্য হৈ পৰিছিল। খ্ৰীষ্টপূৰ্ব ২৪৬ত ল'ৰা ৰজা য়িং ঝেঙে মন্ত্ৰী লি চিৰ সহায়ত চিন একত্ৰীকৰণ আৰম্ভ কৰিছিল। এই প্ৰক্ৰিয়া শেষ হৈছিল খ্ৰীষ্টপূৰ্ব ২২১ত, চিন সাম্ৰাজ্যৰ সৃষ্টিৰে।
য়িং ঝেঙে নিজকে ছিন ঝুৱাংডিৰ উপাধি প্ৰদান কৰিছিল, যাৰ অৰ্থ "ছিনৰ প্ৰথম সাৰ্বভৌম সম্ৰাট"।[3]
যিহেতু ছিন সাম্ৰাজ্যৰ ভৌগোলিক বিস্তাৰ ভালেমান আছিল, সেয়ে শাসনৰ সুবিধাৰ্থে এক সৰ্বগ্ৰাসী চৰকাৰী ব্যৱস্থা, মান্য লিখন ব্যৱস্থা,[4] মান্য জোখ-মাখৰ ব্যৱস্থা আদি সৃষ্টি কৰা হৈছিল। চীনৰ মহাপ্ৰাচীৰৰ নিৰ্মাণো চিনৰ দিনতেই আৰম্ভ হৈছিল।[5] চিন্তনক নিয়ন্ত্ৰণ কৰিবলৈ সকলো কিতাপ জ্বলাই দিয়া হৈছিল, কেৱল তেনে কিতাপ বাদ দি যি প্ৰায়োগিক বিষয়-বস্তুৰ ওপৰত আছিল, যেনে চিকিৎসা।[6]
এনে কঠোৰ নিয়ম, আৰু অসহনীয় কৰ আদিৰ ফলত বিভিন্ন প্ৰান্তত বিদ্ৰোহ সৃষ্টি হ'ল।[7] খ্ৰীষ্টপূৰ্ব ২১০ত শ্বিহুৱাংডিৰ মৃত্যুৰ পাছতেই চিন ৰাজবংশক ক্ষমতাৰ পৰা বাহিৰ কৰা হ'ল। তাৰ স্থান ল'লে হান ৰাজবংশই।