ছিৰিমাভো বন্দৰনাইকে | |||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
සිරිමාවෝ බණ්ඩාරනායක சிறிமா பண்டாரநாயக்கே | |||||||||||||||||||||||||||||||||||||||
১৯৬০ চনত বন্দৰনাইকে | |||||||||||||||||||||||||||||||||||||||
শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী | |||||||||||||||||||||||||||||||||||||||
কাৰ্যকাল ১৪ নৱেম্বৰ, ১৯৯৪ – ১০ আগষ্ট, ২০০০ | |||||||||||||||||||||||||||||||||||||||
ৰাষ্ট্ৰপতি | চন্দ্ৰিকা কুমাৰাতুংগা | ||||||||||||||||||||||||||||||||||||||
পূৰ্বসূৰী | চন্দ্ৰিকা কুমাৰাতুংগা | ||||||||||||||||||||||||||||||||||||||
উত্তৰসূৰী | ৰত্নচিৰি বিক্ৰমনাইকে | ||||||||||||||||||||||||||||||||||||||
কাৰ্যকাল ২৯ মে’ ১৯৭০ – ২৩ জুলাই ১৯৭৭ | |||||||||||||||||||||||||||||||||||||||
ৰাজশাসক | এলিজাবেথ দ্বিতীয় (১৯৭০-১৯৭২) | ||||||||||||||||||||||||||||||||||||||
ৰাষ্ট্ৰপতি | উইলিয়াম গোপাল্লাৱা (১৯৭২-১৯৭৭) | ||||||||||||||||||||||||||||||||||||||
গৱৰ্ণৰ জেনেৰেল | উইলিয়াম গোপাল্লাৱা (১৯৭০-১৯৭২) | ||||||||||||||||||||||||||||||||||||||
পূৰ্বসূৰী | ডুডলে সেনানাইকে | ||||||||||||||||||||||||||||||||||||||
উত্তৰসূৰী | জে আৰ জয়ৱৰ্ধনে | ||||||||||||||||||||||||||||||||||||||
কাৰ্যকাল ২১ জুলাই ১৯৬০ – ২৭ মাৰ্চ, ১৯৬৫ | |||||||||||||||||||||||||||||||||||||||
ৰাজশাসক | এলিজাবেথ দ্বিতীয় | ||||||||||||||||||||||||||||||||||||||
গৱৰ্ণৰ জেনেৰেল |
| ||||||||||||||||||||||||||||||||||||||
পূৰ্বসূৰী | ডুডলে সেনানাইকে | ||||||||||||||||||||||||||||||||||||||
উত্তৰসূৰী | ডুডলে সেনানাইকে | ||||||||||||||||||||||||||||||||||||||
পঞ্চমবাৰৰ শ্ৰীলংকাৰ বিৰোধী দলৰ নেত্ৰী | |||||||||||||||||||||||||||||||||||||||
কাৰ্যকাল ৯ মাৰ্চ ১৯৮৯ – ২৪ জুন ১৯৯৪ | |||||||||||||||||||||||||||||||||||||||
প্ৰধানমন্ত্ৰী |
| ||||||||||||||||||||||||||||||||||||||
পূৰ্বসূৰী | অনুৰা বন্দৰনাইকে | ||||||||||||||||||||||||||||||||||||||
উত্তৰসূৰী | জেমিনী দিছানাইকে | ||||||||||||||||||||||||||||||||||||||
কাৰ্যকাল ৫ এপ্ৰিল ১৯৬৫ – ২৫ মাৰ্চ ১৯৭০ | |||||||||||||||||||||||||||||||||||||||
প্ৰধানমন্ত্ৰী | ডুডলে সেনানাইকে | ||||||||||||||||||||||||||||||||||||||
পূৰ্বসূৰী | ডুডলে সেনানাইকে | ||||||||||||||||||||||||||||||||||||||
উত্তৰসূৰী | জে আৰ জয়বৰ্ধনে | ||||||||||||||||||||||||||||||||||||||
শ্ৰীলংকা ফ্ৰডম পাৰ্টি | |||||||||||||||||||||||||||||||||||||||
কাৰ্যকাল ৭ মে ১৯৬০ – ১২ নৱম্বৰ ১৯৯৪ | |||||||||||||||||||||||||||||||||||||||
পূৰ্বসূৰী | চি পি ডি ছিলভা | ||||||||||||||||||||||||||||||||||||||
উত্তৰসূৰী | চন্দ্ৰিকা কুমাৰাতুংগা | ||||||||||||||||||||||||||||||||||||||
|
ছিৰিমা ৰাটৱাট্টে ডায়াছ বন্দৰনাইকে (সিংহল: සිරිමා රත්වත්තේ ඩයස් බණ්ඩාරනායක; তামিল: சிிிற மா ரத்வத்தே டயஸ் பண்டாரநாயக்கே; ිනිය), সাধাৰণভাৱে ছিৰিমাভো বন্দৰনাইকে হিচাপে পৰিচিত[1] এগৰাকী শ্ৰীলংকাৰ ৰাজনীতিবিদ। ১৯৬০ চনত শ্ৰীলংকাৰ (তেতিয়াৰ ডমিনিয়ন অৱ চিলন) প্ৰধানমন্ত্ৰী হোৱাৰ সময়লৈ তেওঁ বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আছিল।[2] তেওঁ ১৯৬০ চনৰ পৰা ১৯৯৪ চনলৈকে শ্ৰীলংকা ফ্ৰিডম পাৰ্টি (এছ এল এফ পি)ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল; আৰু তিনিবাৰকৈ প্ৰধানমন্ত্ৰী হিচাপে, দুবাৰকৈ মুখ্য কাৰ্যবাহী হিচাপে, ১৯৬০ চনৰ পৰা ১৯৬৫ চনলৈকে আৰু ১৯৭০ চনৰ পৰা ১৯৭৭ চনলৈকে আৰু পুনৰবাৰ ১৯৯৪ চনৰ পৰা ২০০০ চনলৈকে কন্যা চন্দ্ৰিকা কুমাৰাটুংগাৰ ৰাষ্ট্ৰপতীয় শাসন ব্যৱস্থাত কাৰ্যনিৰ্বাহ কৰিছিল।
এক সিংহলী কাণ্ডিয়ান অভিজাত পৰিয়ালত জন্মগ্ৰহণ কৰা বন্দৰনাইকে কেথলিক ধৰ্মী ইংৰাজী মাধ্যমৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল যদিও বৌদ্ধ ধৰ্মাৱলম্বী হৈয়েই আছিল আৰু ইংৰাজীৰ লগতে সিংহলী ভাষাও কৈছিল। মাধ্যমিক বিদ্যালয়ৰ পৰা স্নাতক হোৱাৰ পিছত বিয়া হৈ পৰিয়ালৰ দায়িত্ব পালন কৰাৰ আগলৈ বিভিন্ন সামাজিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। ১৯৫১ চনত সমাজবাদী এছ এল এফ পি প্ৰতিষ্ঠা কৰা আৰু ১৯৫৬ চনত প্ৰধানমন্ত্ৰী হোৱা তেওঁৰ স্বামী এছ ডব্লিউ আৰ ডি বন্দৰনাইকেৰ এগৰাকী সুগৃহিণী হিচাপে কাম কৰি তেওঁৰ এগৰাকী অনানুষ্ঠানিক উপদেষ্টা হিচাপে আস্থা লাভ কৰিছিল। তেওঁ সামাজিক কাম-কাজত শ্ৰীলংকাৰ গ্ৰাম্য অঞ্চলৰ মহিলা আৰু ছোৱালীৰ জীৱন উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।
১৯৫৯ চনত স্বামীৰ হত্যাকাণ্ডৰ পিছত অতি কম দিনৰ ভিতৰতে বন্দৰনাইকেক বিৰোধীক কাবু কৰিবলৈ নেতৃত্বই তেওঁক নিজেই ৰাজনীতিত প্ৰৱেশ কৰিবলৈ আৰু স্বামীৰ পিছত অধ্যক্ষ পদত অধিষ্ঠিত হ’বলৈ উছাহ দিলে; ১৯৬০ চনৰ জুলাই মাহৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী ডুডলে সেনানাইকেৰ ইউএনপিক পৰাস্ত কৰে। তাৰ পিছত ১৯৬৫ চনৰ নিৰ্বাচনত সেনানায়কেক তেওঁৰ পদৰ পৰা ওফোৰাই বিৰোধী দলৰ নেত্ৰী হয়, তাৰ পিছত ১৯৭০ চনত প্ৰতিদ্বন্দ্বী মাৰ্ক্সবাদী দলৰ সৈতে চতুৰতাৰে গঠনমূলক নিৰ্বাচনী মিত্ৰতা কৰি বৃহৎ সংখ্যাগৰিষ্ঠতা লাভ কৰে। বন্দৰনাইকে বেংকিং, শিক্ষা, উদ্যোগ, সংবাদ মাধ্যম আৰু বাণিজ্য খণ্ডৰ সংগঠনসমূহক ৰাষ্ট্ৰীয়কৰণ কৰি পূৰ্বৰ ডমিনিয়ন অৱ চিলনক সমাজবাদী গণৰাজ্যলৈ সংস্কাৰ কৰাৰ চেষ্টা কৰিছিল। ইংৰাজীৰ পৰা সিংহলীলৈ প্ৰশাসনিক ভাষা সলনি কৰি আৰু ৰাজনৈতিক মূলসুঁতিৰ সিংহলী জাতীয়তাবাদী আৰু তামিল বিৰোধী নীতিৰ ওপৰত নিয়মিতভাৱে প্ৰচাৰ চলাই তেওঁ থলুৱা তামিল জনসাধাৰণৰ মাজত আৰু ১৯৪৮ চনৰ নাগৰিকত্ব আইন অনুসৰি ৰাষ্ট্ৰহীন হৈ পৰা জমিদাৰী তামিলৰ মাজত অসন্তুষ্টি আৰু অধিক বৃদ্ধি কৰিলে।
বন্দৰনাইকেৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰথম দুটা কাৰ্যকালত দেশখনত উচ্চ মুদ্ৰাস্ফীতি আৰু কৰ, জনসাধাৰণৰ খাদ্যৰ বাবে খাদ্য শস্য আমদানিৰ ওপৰত নিৰ্ভৰশীলতা, উচ্চ নিবনুৱা সমস্যা, সিংহলী জাতীয়তাবাদী নীতিৰ বাবে সিংহলী আৰু তামিল জনসংখ্যাৰ মাজত মেৰুকৰণ আদিয়ে জুৰুলা কৰিছিল। ১৯৬২ চনত অভ্যুত্থানৰ চেষ্টাৰ লগতে ১৯৭১ চনত উগ্ৰ যুৱক-যুৱতীসকলৰ বিদ্ৰোহৰ পৰা ৰক্ষা পোৱা, ১৯৭২ চনত তেওঁ নতুন সংবিধানৰ খচৰা প্ৰস্তুত আৰু শ্ৰীলংকা গণৰাজ্য গঠনৰ তদাৰক কৰিছিল, ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা পৃথক কৰিছিল আৰু লগতে ১৯৭৭ চনলৈকে সময়ছোৱাত সংসদীয় ক্ষমতাও বৃদ্ধি কৰিছিল। ১৯৭৫ চনত বন্দৰনাইকে শ্ৰীলংকাৰ মহিলা আৰু শিশু পৰিক্ৰমা মন্ত্ৰালয়ৰ সৃষ্টি কৰে, লগতে শ্ৰীলংকাৰ মন্ত্ৰীসভাত নিজৰ বাহিৰেও প্ৰথমগৰাকী মহিলাক নিযুক্তি দিয়ে। বন্দৰনাইকেৰ কাৰ্যকালত ৰাষ্ট্ৰীয় পৰ্যায়ত অপৰ্যাপ্ত অৰ্থনৈতিক বিকাশ ঘটিছিল। বিদেশত আলোচনাপন্থী আৰু অসংলগ্ন জাতিসমূহৰ মাজত এগৰাকী নেত্ৰী হিচাপে ডাঙৰ ভূমিকা পালন কৰিছিল।
১৯১৬ চনৰ ১৭ এপ্ৰিলত ব্ৰিটিছ চিলনৰ ৰত্নপুৰাত থকা তেওঁৰ পেহীয়েকৰ বাসগৃহ এলাৱালা ৱালাৱাত ছিৰিমা ৰটৱাট্টে বান্দৰনাইকেৰ জন্ম হয়।[3][4] তেওঁৰ মাতৃ আছিল ৰোজালিণ্ড হিল্ডা মহাৱালাটেনে কুমাৰীহামী,[5][6] এগৰাকী অনানুষ্ঠানিক আয়ুৰ্বেদিক চিকিৎসক,[7] আৰু তেওঁৰ পিতৃৰ নাম বাৰ্নছ ৰাটৱাট্টে, এজন থলুৱা প্ৰধান আৰু ৰাজনীতিবিদ। তেওঁৰ মাতৃৰ ফালৰ পৰা দাদা মহাৱালাটেনে আৰু পিছলৈ তেওঁৰ পিতৃয়ে বালাংগোডাৰ স্থানীয় মুৰব্বী ৰাটে মহাত্মায়া হিচাপে কাম কৰিছিল।[8] তেওঁৰ পিতৃ কেণ্ডি ৰাজ্যৰ মুখিয়াল ৰাডালা ৰাটৱাটে পৰিয়ালৰ সদস্য আছিল।[3][9] তেওঁৰ পৈতৃক বংশৰ ভিতৰত আছিল তেওঁৰ খুড়াক ছাৰ জয়তিলাকা কুদাহ ৰাতৱাটে, যিজন কেণ্ডীৰ পৰা ব্ৰিটিছ নাইটৰ পদবী লাভ কৰা প্ৰথমজন ব্যক্তি আছিল,[10][11] লগতে সিংহলী ৰজাৰ সেৱা কৰা দৰবাৰীসকলো আছিল।[3] ইয়াৰে এজন মাটালেৰ দিছৱা ৰাটৱাট্টে ১৮১৫ চনৰ কাণ্ডিয়ান সন্ধিৰ স্বাক্ষৰকাৰী আছিল।[12]
ছিৰিমা পৰিয়ালৰ মুঠ ছয়টি ল’ৰা-ছোৱালীৰ মাজত জ্যেষ্ঠ্য আছিল।[6] তেওঁৰ চাৰিজন ভায়েক আছিল। বাৰ্ণে ৰটৱাট্টে, শিৱালি ৰটৱাট্টে, মেকি ৰটৱাট্টে আৰু ক্লিফ’ৰ্ড ৰটৱাট্টে আৰু এগৰাকী ভনী পেট্ৰিচিয়া।[13] পৰিয়ালটোৱে ছিৰিমাৰ মাতৃৰ ফালৰ পৰা ককাক মহাৱালাটেনেৰ ৱালাৱা বা ঔপনিৱেশিক মেন’ৰ হাউচত বাস কৰিছিল আৰু তাৰ পিছত পিছলৈ বালাংগোডাৰ নিজৰ গাঁও ৱালাৱাত বাস কৰিছিল। সৰুৰে পৰাই ছিৰিমাই ককাকৰ সাহিত্য আৰু বিজ্ঞান বিষয়ৰ ৰচনাৰ বিশাল পুথিভঁৰালটোৰ সুবিধা লাভ কৰিছিল।[4] প্ৰথমে তেওঁ বালাংগোডাৰ কিণ্ডাৰগাৰ্টেন স্কুলত পঢ়িছিল আৰু সোনকালেই ১৯২৩ চনত ৰত্নপুৰৰ ফাৰ্গুচন হাইস্কুলৰ প্ৰাইমাৰী শ্ৰেণীত নাম লগাইছিল। তাৰপিছত তেওঁ কলম্বোৰ এখন বোৰ্ডিং স্কুলত পঢ়িছিল।[4][6][14] যদিও তেওঁ কেথলিক স্কুলত পঢ়িছিল, তেওঁ বৌদ্ধ ধৰ্মী হৈয়েই আছিল[1][15] আৰু ইংৰাজী আৰু সিংহলী ভাষাত পাৰদৰ্শী আছিল।[13]
১৯ বছৰ বয়সত স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিছত[16] ছিৰিমা ৰাটৱাট্টে সামাজিক কামৰ লগত জড়িত হৈ পৰিছিল৷ তেওঁ জংঘলৰ গাঁওসমূহত খাদ্য আৰু ঔষধ বিতৰণ কৰা, চিকিৎসা শিবিৰৰ আয়োজন কৰা আৰু গাঁৱৰ মহিলাসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ গ্ৰাম্য উদ্যোগ সৃষ্টি কৰাত সহায় কৰিছিল।[1][15] ১৯৪০ চনলৈকে তেওঁ ছ'চিয়েল চাৰ্ভিচ লীগৰ কোষাধ্যক্ষ হয়।[17] পিছৰ ছবছৰ তেওঁ পিতৃ-মাতৃৰ সৈতে আছিল আৰু তেওঁলোকে তেওঁৰ বিয়াৰ ব্যৱস্থা কৰিছিল।[16] বিয়াৰ দুটা প্ৰস্তাৱ নাকচ কৰাৰ পিছত – ৰাটৱাট্টেৰ পিতৃ-মাতৃৰ ঘটকৰ দ্বাৰা যোগাযোগ হয় “ছলমন ৱেষ্ট ৰিজৱে ডায়াছ (S.W.R.D.) বন্দৰনাইকে’’ৰ,[13] যি অক্সফৰ্ড শিক্ষিত উকীল আৰু পৰিণত ৰাজনীতিবিদ, যি সেই সময়ত চিলনৰ ৰাজ্যিক পৰিষদৰ স্থানীয় প্ৰশাসন মন্ত্ৰী আছিল।[15] প্ৰথম অৱস্থাত এছ.ডব্লিউ.আৰ.ডি. বন্দৰনাইকেক ৰটৱাট্টে পৰিয়ালে "গ্ৰহণযোগ্য" বুলি গণ্য কৰা নাছিল, কিয়নো ৰটৱাট্টেসকল আছিল এটা অভিজাত কাণ্ডিয়ান পৰিয়াল, যিয়ে পৰম্পৰাগত ৰাজপৰিয়ালৰ প্ৰতি তেওঁলোকৰ সেৱা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল, আনহাতে বন্দৰনাইকেসকল আছিল নিম্ন ঠাইৰ পৰা অহা একোটা ধনী পৰিয়াল, যিটো পৰিয়ালত আছিল শতিকাজুৰি ঔপনিৱেশিক শাসকসকলৰ সেৱা কৰা পৰম্পৰা।[15] জ্যোতিষীসকলে তেওঁলোকৰ ৰাশিফল সামঞ্জস্যপূৰ্ণ বুলি জনোৱাত, পৰিয়ালৰ সদস্যসমূহ একত্ৰিত হৈ সুফল-কুফলৰ বিষয়ে আলোচনা কৰিছিল আৰু ৰটৱাট্টে পৰিয়ালে শেষত অনুমোদন দিছিল।[13] পূৰ্বে লগ পোৱা ডেকা-গাভৰুহালে এই অনুমোদনৰ সৈতে একমত আছিল।[13][18]
১৯৪০ চনৰ ২ অক্টোবৰত ৰাটৱাট্টে আৰু বন্দৰনাইকে মহাৱেলাটেন ৱালাৱা[4]ত বিবাহপাশত আৱদ্ধ হয় আৰু সংবাদ মাধ্যমে এই বিয়া জাকজমকীয়তাৰ বাবে "শতিকাৰ বিয়া" বুলি অভিহিত কৰিছিল।[15][13] ইয়াৰ পিছত নৱ-বিবাহিত দম্পতীহালে লিয়নেল ৱেণ্টৰ পৰা ভাড়াত লোৱা কলম্বোৰ গিল্ডফোৰ্ড ক্ৰেচেণ্টৰ ৱেণ্ডটৱৰ্থলৈ যায়। পৰিয়ালটোৱে ১৯৪৬ চনলৈ বাস কৰা ৱেণ্ডটৱৰ্থত তেওঁলোকৰ কন্যা সুনেথ্ৰা (১৯৪৩) আৰু চন্দ্ৰিকা (১৯৪৫)ৰ জন্ম হৈছিল, আৰু পিছত এছ.ডব্লিউ.আৰ.ডি.ৰ পিতৃয়ে তেওঁলোকক কলম্বোৰ ৰছমিড প্লেচত “টিনটেগেল’’ নামেৰে জনাজাত এটা অট্টালিকা কিনি দিছিল।[19][20] এইখিনি সময়ৰ পৰা পৰিয়ালটোৱে বছৰৰ কিছু সময় টিনটেগেলত আৰু বছৰৰ আন কিছু সময় এছ.ডব্লিউ.আৰ.ডি. পৈতৃক হাউলীত কটাইছিল৷[21] টিনটেগেলত ১৯৪৯ চনত পুত্ৰ অনুৰা বন্দৰনাইকেৰ জন্ম হৈছিল৷[22] পিছৰ ২০ বছৰত ছিৰিমা বন্দৰনাইকে নিজৰ বেছিভাগ সময় পৰিয়ালক লালন-পালন কৰাৰ লগতে স্বামীৰ বহু ৰাজনৈতিক অতিথিক আতিথ্য প্ৰদানৰ বাবে উচৰ্গা কৰিছিল।[3]
বন্দৰনাইকেৰ তিনিওটা ল’ৰা-ছোৱালীয়ে বিদেশত পঢ়া-শুনা কৰিছিল। সুনেত্ৰাই অক্সফৰ্ড, চন্দ্ৰিকাই পেৰিছ বিশ্ববিদ্যালয় আৰু অনুৰাই লণ্ডন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। সকলোৱে পিছলৈ ঘূৰি আহি শ্ৰীলংকা চৰকাৰত সেৱা আগবঢ়ায়।[23]
১৯৪১ চনত বন্দৰনাইকেই দেশৰ সৰ্ববৃহৎ মহিলা স্বেচ্ছাসেৱী সংগঠন লংকা মহিলা সমিতিত যোগদান কৰে। গ্ৰাম্য মহিলাৰ সৱলীকৰণ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে মহিলা সমিতিয়ে আৰম্ভ কৰা বহু সামাজিক প্ৰকল্পত তেওঁ অংশগ্ৰহণ কৰিছিল।[3][17] তেওঁৰ প্ৰথম প্ৰকল্পসমূহৰ ভিতৰত এটা আছিল, খাদ্য উৎপাদনৰ নাটনি পূৰণৰ বাবে আৰম্ভ কৰা কৃষি কাৰ্যসূচী। সংস্থাটোৰ সম্পাদিকা হিচাপে তেওঁৰ প্ৰথম কাৰ্যালয়ত কৃষি বিশেষজ্ঞসকলৰ সৈতে সাক্ষাৎ কৰি ধান শস্যৰ উৎপাদনৰ নতুন পদ্ধতি উদ্ভাৱন কৰা হৈছিল।[17] সময়ৰ লগে লগে বন্দৰনাইকেই মহিলা সমিতিৰ কোষাধ্যক্ষ, উপ-সভাপতি, আৰু শেষত সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল; ছোৱালীৰ শিক্ষা, মহিলাৰ ৰাজনৈতিক অধিকাৰ, পৰিয়াল পৰিকল্পনা আদি বিষয়সমূহৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰিছিল।[3] তেওঁ অল চিলন বুদ্ধিষ্ট ৱ’মেন এছোচিয়েছন, কেন্সাৰ ছ'চাইটি, চিলন নেচনেল এছ'চিয়েচন ফৰ দ্য প্ৰিভেনচন অৱ টিউবাৰকুলোচিচ আৰু নাৰ্ছ ৱেলফেয়াৰ এছ'চিয়েচনৰ সদস্য আছিল।[24]
বন্দৰনাইকেই প্ৰায়ে এছ.ডব্লিউ.আৰ.ডি.ৰ স্থানীয় আৰু বিদেশ উভয়তে চৰকাৰী ভ্ৰমণত সংগদান কৰিছিল।[3] ১৯৪২ চনত ইষ্টাৰ দেওবাৰৰ অভিযানৰ দিনা শ্ৰীলংকাৰ আংগোডাস্থিত মনোৰোগ চিকিৎসালয়ত জাপানীসকলে বোমা বিস্ফোৰণ কৰাৰ পিছত তেওঁ আৰু তেওঁৰ স্বামী দুয়োজনেই তাত উপস্থিত হৈছিল।[22][25] ১৯৪৭ চনত চিলনে শ্ৰীলংকাৰ স্বাধীনতা আন্দোলনৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে এছ.ডব্লিউ.আৰ.ডি. জাতীয়তাবাদী আন্দোলনত অধিক সক্ৰিয় হৈ পৰিল। তেওঁ আট্টানাগলা নিৰ্বাচনী সমষ্টিৰ পৰা সদনৰ প্ৰতিনিধিৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল – আৰু নিৰ্বাচিত হৈছিল।[26] তেওঁ স্বাস্থ্য মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰি শ্ৰীলংকাৰ সদনৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, কিন্তু সংযুক্ত ৰাষ্ট্ৰীয় দলৰ আভ্যন্তৰীণ কাম-কাজ আৰু নীতিৰ প্ৰতি ক্ৰমান্বয়ে হতাশ হৈ পৰিছিল।[27] যদিও তেওঁ বন্দৰনাইকেক ৰাজনৈতিক বিষয়ত জড়িত হ’বলৈ উৎসাহিত কৰা নাছিল আৰু সহকৰ্মীসকলৰ সম্মুখত তেওঁৰ “পুৰুষবাদ’’ দেখুৱাইছিল, এছ.ডব্লিউ.আৰ.ডি.য়ে বন্দৰনাইকেৰ বিচাৰক সন্মান কৰিছিল৷[6][13] ১৯৫১ চনত তেওঁ স্বামীক ইউনাইটেড নেচনেল পাৰ্টিৰ পৰা পদত্যাগ কৰি শ্ৰীলংকা ফ্ৰিডম পাৰ্টি( SLFP) প্ৰতিষ্ঠা কৰিবলৈ উৎসাহিত কৰে৷[1][13] বন্দৰনাইকেই ১৯৫২ চনৰ চিল'নৰ সংসদীয় নিৰ্বাচনৰ সময়ত এছ.ডব্লিউ.আৰ.ডি.ৰ আট্টানাগালা সমষ্টিত প্ৰচাৰ চলাইছিল, আনহাতে তেওঁ সমৰ্থন লাভ কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰিছিল।[1] যদিও সেই নিৰ্বাচনত ফ্ৰিডম পাৰ্টিয়ে মাত্ৰ ৯খন আসনহে লাভ কৰিছিল, তথাপি এছ.ডব্লিউ.আৰ.ডি. সংসদলৈ নিৰ্বাচিত হয়[1] আৰু বিৰোধীৰ নেতা হয়।[28]
১৯৫৬ চনত যেতিয়া প্ৰধানমন্ত্ৰী ছাৰ জন কোটেলাৱালাই নতুন নিৰ্বাচন আহ্বান কৰিছিল, তেতিয়া এছ.ডব্লিউ.আৰ.ডি.য়ে ১৯৫৬ চনৰ চিল'নৰ সংসদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ “মহাজন এক্সাথ পেৰামুনা’’(এমইপি) নামৰ এটা বহল চাৰিদলীয় মিত্ৰজোঁট গঠন কৰে।[29] বন্দৰনাইকে পুনৰবাৰ স্বামীৰ হৈ আট্টানাগল্লাত, নিজৰ গৃহ চহৰ বালাংগোডাত আৰু ৰত্নপুৰাত ফ্ৰিডম পাৰ্টিৰ বাবে প্ৰচাৰ চলাইছিল।[30] “মহাজন এক্সাথ পেৰামুনা’’ই বৃহৎ জয় লাভ কৰে আৰু এছ.ডব্লিউ.আৰ.ডি. প্ৰধানমন্ত্ৰী হৈছিল।[29] ১৯৫৭ চনত মালয়েছিয়াৰ স্বাধীনতা দিৱসলৈ চৰকাৰী ভ্ৰমণৰ সময়ত বন্দৰনাইকেৰ পিতৃ হাৰ্ট এটেকৰ ফলত গুৰুতৰভাৱে অসুস্থ হোৱাৰ খবৰ পোৱাত দম্পতীহালে নিজৰ ভ্মণসূচীৰ সময় কৰ্তন কৰিবলগীয়া হয়। তেওঁলোকৰ খৰখেদাকৈ উভতি অহাৰ দুসপ্তাহৰ পিছত পিতাকৰ মৃত্যু হয়।[31]
১৯৫৯ চনৰ ২৫ ছেপ্টেম্বৰৰ পুৱা বন্দৰনাইকেই ৰছমিড প্লেচৰ ঘৰত থকা সময়ত, পৰম্পৰাগত চিকিৎসাৰ প্ৰতি সমৰ্থনৰ অভাৱ বুলি বিশ্বাস কৰা এক বৌদ্ধ সন্ন্যাসীয়ে তেওঁৰ স্বামীক কেইবাজাঁয়ো গুলীৰে হত্যা কৰিছিল[21][32][28] বন্দৰনাইকেই স্বামীৰ লগত চিকিৎসালয়লৈ যায়, য'ত পিছদিনা গুলীৰ আঘাততে তেওঁৰ মৃত্যু হয়।[13] এই ৰাজনৈতিক বিশৃংখলতাৰ মাজত উইজেয়ানন্দ দহানায়কেৰ তত্ত্বাৱধায়ক চৰকাৰে বহু কেবিনেট মন্ত্ৰীক আঁতৰাই পেলায়, আৰু কিছুমানক গ্ৰেপ্তাৰ কৰি হত্যাৰ বাবে বিচাৰ কৰা হয়।[15][21] মহাজন এক্সাথ পেৰমুনা মিত্ৰজোঁটৰ এছ.ডব্লিউ.আৰ.ডিৰ প্ৰভাৱ নোহোৱাত পতন ঘটে আৰু আট্টানাগালা সমষ্টিৰ আসনখন পূৰণ কৰিবলৈ ১৯৬০ৰ মাৰ্চত চিল'নৰ সংসদীয় নিৰ্বাচনৰ আহ্বান জনোৱা হয়।[6][15] বন্দৰনাইকেই অনিচ্ছা সত্ত্বেও নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সন্মত হয়, কিন্তু নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আগতেই সংসদ ভংগ কৰা হয়,[6][33] আৰু তেওঁ প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লয়৷[33][34] ১৯৬০ চনৰ মাৰ্চ মাহত যেতিয়া নিৰ্বাচন অনুষ্ঠিত হয়, তেতিয়া ইউনাইটেড নেচনেল পাৰ্টিয়ে চাৰিখন আসনত জয়লাভ কৰে -শ্ৰীলংকা ফ্ৰিডম পাৰ্টিৰ আসনৰ সংখ্যাগৰিষ্ঠতাৰ ওপৰত ডুডলী সেনানায়কেই, নতুন প্ৰধানমন্ত্ৰী হয়, এমাহৰ ভিতৰতে আস্থাৰ ভোটত পৰাস্ত হয় আৰু ১৯৬০ৰ জুলাইত দ্বিতীয়টো সাধাৰণ সংসদীয় নিৰ্বাচন আহ্বান কৰা হয়৷[33][15]
১৯৬০ চনৰ মে’ মাহত বন্দৰনাইকেক ফ্ৰিডম পাৰ্টিৰ কাৰ্যনিৰ্বাহক সমিতিয়ে সৰ্বসন্মতিক্ৰমে দলৰ সভাপতি নিৰ্বাচিত কৰে যদিও সেই সময়ত তেওঁ জুলাই মাহৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা-নকৰা সম্পৰ্কে কোনো সিদ্ধান্ত লোৱা নাছিল৷[34] কমিউনিষ্ট আৰু ট্ৰটস্কিষ্টৰ সৈতে পূৰ্বৰ দলীয় সম্পৰ্কক অস্বীকাৰ কৰি জুন মাহৰ আৰম্ভণিলৈকে তেওঁ স্বামীৰ নীতিসমূহ আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতিৰে প্ৰচাৰ চলাইছিল – বিশেষকৈ, গণৰাজ্য প্ৰতিষ্ঠা কৰা, সিংহল ভাষাক দেশৰ চৰকাৰী ভাষা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আইন প্ৰণয়ন কৰা, আৰু বৌদ্ধ ধৰ্মৰ প্ৰাধান্য প্ৰতিষ্ঠা কৰা৷..যদিও খিলঞ্জীয়া তামিলসকলে নিজৰ ভাষা আৰু হিন্দু ধৰ্মীয় বিশ্বাসক সহ্য কৰিছিল৷[15][35][36] যদিও যুগ যুগ ধৰি দেশখনত তামিল জনসংখ্যা আছিল,[37] থলুৱা তামিলৰ অধিকাংশকে ব্ৰিটিছ কৰ্তৃপক্ষই ভাৰতৰ পৰা বাগিচাৰ শ্ৰমিক হিচাপে চিলনলৈ আনিছিল। চিলনবাসীৰ বেছিভাগ লোকে তেওঁলোকক অস্থায়ী অনুপ্ৰৱেশকাৰী হিচাপে গণ্য কৰিছিল, যদিও তেওঁলোকে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চিলনত বাস কৰিছিল। চিলনৰ স্বাধীনতাৰ লগে লগে চিলনৰ ১৯৪৮ চনৰ নাগৰিকত্ব আইনে এই ভাৰতীয় তামিলসকলক নাগৰিকত্বৰ পৰা বঞ্চিত কৰিলে, যাৰ ফলত তেওঁলোক ৰাষ্ট্ৰহীন হৈ পৰিল।[38] ৰাষ্ট্ৰহীনৰ প্ৰতি তামিলসকলৰ S.W.R.D.ৰ নীতি মধ্যমীয়া আছিল, কিছু নাগৰিকত্ব প্ৰদান কৰিছিল আৰু উৎপাদনশীল শ্ৰমিকক থাকিবলৈ দিছিল। তেওঁৰ উত্তৰাধিকাৰী ডুডলী সেনানাইকেই প্ৰথমে জনসাধাৰণৰ বাবে বাধ্যতামূলক প্ৰত্যাৱৰ্তনৰ পৰামৰ্শ দিছিল।[39] বন্দৰনাইকে দেশ ভ্ৰমণ কৰি আৱেগিক ভাষণ দিছিল আৰু সঘনাই কান্দি কান্দি প্ৰয়াত স্বামীৰ নীতি আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতি দিছিল। তেওঁৰ এই কাৰ্যৰ বাবে তেওঁক বিৰোধীসকলে "কান্দুৰী বিধৱা" উপাধি দিছিল৷[40][41]
১৯৬০ চনৰ ২১ জুলাইত ফ্ৰিডম পাৰ্টিৰ বৃহৎ বিজয়ৰ পিছত বন্দৰনাইকেই বিশ্বৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰীৰ লগতে প্ৰতিৰক্ষা আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপেও শপত গ্ৰহণ কৰে।[42][43] যিহেতু তেওঁ সেই সময়ত সংসদৰ নিৰ্বাচিত সদস্য নাছিল, বৰঞ্চ সংসদত সংখ্যাগৰিষ্ঠতা থকা দলৰ নেত্ৰীহে আছিল, সেয়েহে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ হ’লে তিনি মাহৰ ভিতৰত সংসদৰ সদস্য হ’ব লাগিব বুলি সংবিধানত উল্লেখ কৰা আছিল। সেয়ে, তেওঁৰ বাবে ঠাই আজৰাই দিবলৈ “মানামেলডুৰা পিয়াদাছা ডি জোইছা’’ই চিনেটৰ আসনৰ পৰা পদত্যাগ কৰে।[33][44] ১৯৬০ চনৰ ৫ আগষ্টত গৱৰ্ণৰ জেনেৰেল গুনেটিলেকেই বাণ্ডাৰনাইকেক সংসদৰ উচ্চ সদন চিলনৰ চেনেটত নিযুক্তি দিয়ে।[33]
প্ৰথম অৱস্থাত তেওঁ নিজৰ কেবিনেটৰ সদস্য আৰু ভতিজা ফেলিক্স ডায়েছ বন্দৰনাইকেৰ ওপৰত নিৰ্ভৰ কৰি দেশখনে সম্মুখীন হোৱা সমস্যাসমূহৰ মাজেৰে আগবাঢ়িবলৈ সংগ্ৰাম কৰিছিল।[45] বিৰোধীসকলে তেওঁৰ এই কাৰ্যক "পাকঘৰৰ কেবিনেট" বুলি অৱজ্ঞাসূচক মন্তব্য কৰিছিল; তেওঁ কাৰ্যভাৰ চলাই থকাৰ সময়তো একেধৰণৰ যৌনতাবাদৰ সম্মুখীন হ'ব লগা হৈছিল।[43]
অৰ্থনীতিৰ মূল খণ্ডসমূহ ৰাষ্ট্ৰীয়কৰণৰ স্বামীৰ নীতিক আগুৱাই নিবলৈ বন্দৰনাইকেই ৰাজহুৱা-ব্যক্তিগত শ্বেয়াৰহোল্ডাৰৰ সৈতে এটা নিগম স্থাপন কৰে আৰু সাতখন কাকতৰ নিয়ন্ত্ৰণ লয়।[15] তেওঁ বেংকিং, বৈদেশিক বাণিজ্য আৰু বীমা,[43] লগতে পেট্ৰলিয়াম উদ্যোগকো ৰাষ্ট্ৰীয়কৰণ কৰে। বেংক অৱ চিলনৰ দায়িত্ব লোৱা আৰু নতুনকৈ সৃষ্টি হোৱা পিপলছ বেংকৰ শাখা স্থাপন কৰাৰ সময়ত বন্দৰনাইকেই পূৰ্বতে কোনো বেংকিং সুবিধা নথকা সম্প্ৰদায়সমূহক সেৱা প্ৰদান কৰাৰ লক্ষ্য লৈছিল, যাৰ ফলত স্থানীয় ব্যৱসায়িক বিকাশৰ সূচনা হৈছিল।[46]
১৯৬০ চনৰ ডিচেম্বৰ মাহত বন্দৰনাইকেই ৰাজ্যিক পুঁজি লাভ কৰা সকলো খৃষ্ট ধৰ্মীয় বিদ্যালয় ৰাষ্ট্ৰীয়কৰণ কৰে।[33][47] তেনেকৈ তেওঁ অৰ্থনৈতিক আৰু ৰাজনৈতিক অভিজাত শ্ৰেণীৰ সদস্য হোৱাৰ প্ৰৱণতা থকা কেথলিক সংখ্যালঘুসকলৰ প্ৰভাৱ কমাই দিছিল আৰু বৌদ্ধ গোটসমূহৰ প্ৰভাৱ বৃদ্ধি কৰিছিল।[46][48]
১৯৬১ চনৰ জানুৱাৰী মাহত বন্দৰনাইকেই ইংৰাজীৰ ঠাইত সিংহল ভাষাক চৰকাৰী ভাষা কৰিবলৈ আইন প্ৰণয়ন কৰে। এই কাৰ্যই ২০ লাখতকৈ অধিক জনসংখ্যাৰ তামিল ভাষীসকলৰ মাজত ব্যাপক অসন্তুষ্টিৰ সৃষ্টি কৰিছিল।[33][49] ফেডাৰেল পাৰ্টিৰ সদস্যসকলৰ আহ্বানত তামিল সংখ্যাগৰিষ্ঠতা থকা প্ৰদেশসমূহত নাগৰিকৰ আইন অমান্য অভিযান আৰম্ভ হয়। বন্দৰনাইকেৰ সঁহাৰি আছিল, জৰুৰীকালীন অৱস্থা ঘোষণা কৰা আৰু শান্তি পুনৰ প্ৰতিষ্ঠা কৰিবলৈ সৈন্য প্ৰেৰণ কৰা।[49]
১৯৬১ চনৰ পৰাই ট্ৰেড ইউনিয়নসমূহে উচ্চ মুদ্ৰাস্ফীতি আৰু কৰৰ প্ৰতিবাদত ধাৰাবাহিকভাৱে ধৰ্মঘট আৰম্ভ কৰিছিল। তেনে এটা ধৰ্মঘটে পৰিবহণ ব্যৱস্থাক স্থবিৰ কৰি তুলিছিল, যাৰ ফলত বান্দৰনাইকে পৰিবহণ ব'ৰ্ডক ৰাষ্ট্ৰীয়কৰণ কৰিবলৈ ঠিক কৰিছিল।[50]
১৯৬২ চনৰ জানুৱাৰী মাহত প্ৰতিষ্ঠিত অভিজাত শ্ৰেণীৰ মাজত সংঘাতৰ সৃষ্টি হয়; প্ৰধানকৈ সোঁপন্থী পশ্চিমীয়া ধৰণৰ নগৰীয়া খ্ৰীষ্টান – ধনীক আৰু তামিলৰ বৃহৎ দলকে ধৰি – উদীয়মান থলুৱা অভিজাত শ্ৰেণীৰ মাজত; যিসকল প্ৰধানকৈ বাওঁপন্থী সিংহলভাষী বৌদ্ধ আছিল।[51][52] বন্দৰনাইকেৰ নীতিৰ ফলত হোৱা পৰিৱৰ্তনে ইংৰাজ সমৰ্থিত শ্ৰেণী ব্যৱস্থা, ক্ষমতাৰ গাঁথনি আৰু শাসন ব্যৱস্থাৰ পৰা তাৎক্ষণিকভাৱে আঁতৰি যোৱাৰ প্ৰৱণতাৰ সৃষ্টি কৰে, যাৰ ফলত অসামৰিক সেৱা, সশস্ত্ৰ বাহিনী আৰু আৰক্ষীৰ বিষয়া গাঁথনি গঠনত যথেষ্ট প্ৰভাৱ পৰিল।[51]
কিছুমান সামৰিক বিষয়াই অভ্যুত্থানৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল, য’ত বন্দৰনাইকে আৰু তেওঁৰ কেবিনেট সদস্যসকলক সেনা মুখ্য কাৰ্যালয়ত আটক কৰাৰ পৰিকল্পনা কৰা হৈছিল। যেতিয়া আৰক্ষী বিষয়া ষ্টেনলি সেনানাইকেক অভ্যুত্থানৰ নেতৃত্বৰ আস্থাত লোৱা হৈছিল, তেতিয়া তেওঁৰ শহুৰেক পেট্ৰিক ডি ছিলভা কুলাৰাত্নেই আই জি পিক এই কথা জনাইছিল। লগে লগে সকলো সেৱা অধিনায়ক আৰু কনিষ্ঠ বিষয়াক টেম্পল ট্ৰিছত জৰুৰীকালীনভাৱে সভালৈ মাতি ফেলিক্স ডায়েছ বন্দৰনাইকে আৰু অপৰাধ তদন্ত বিভাগৰ (চিআইডি) সদস্যসকলে সামৰিক কৰ্মীসকলক সোধা-পোছা কৰিবলৈ আৰম্ভ কৰে আৰু এই চক্ৰান্ত উন্মোচন কৰে।[52]
যিহেতু অভ্যুত্থান আৰম্ভ হোৱাৰ আগতেই ধৰা পেলোৱা হৈছিল, সেয়েহে ২৪ জন অভিযুক্ত ষড়যন্ত্ৰকাৰীৰ বিচাৰ প্ৰক্ৰিয়া দীঘলীয়া আৰু জটিল হৈছিল। পুৰ্ববৰ্তী ১৯৬২ চনৰ অপৰাধ আইন বিশেষ বিধান আইনমতে, “নেদেখা অথচ শুনা’’ প্ৰমাণ বিবেচনা কৰাৰ অনুমতি দিছিল, ষড়যন্ত্ৰকাৰীসকলক দোষী সাব্যস্ত কৰাত সহায়ক হোৱাকৈ আইন গৃহীত কৰা হৈছিল।[51] যদিও গৱৰ্ণৰ জেনেৰেল ছাৰ অলিভাৰ গুণতিলকেৰ বিৰুদ্ধে উৰাবাতৰি প্ৰচাৰ হৈছিল, তথাপি তেওঁৰ বিৰুদ্ধে কোনো প্ৰকৃত প্ৰমাণ নাছিল আৰু সেয়ে তেওঁৰ বিৰুদ্ধে গোচৰ চলোৱাৰ কোনো উপায় নাছিল। তেওঁক “কাৰ্যৰ পৰা অপসাৰণ কৰা হোৱা নাছিল’’ আৰু পদত্যাগো কৰা নাছিল।[53] তেওঁৰ প্ৰতি স্থিতি সলনি কৰাৰ পিছত তেওঁৰ বিষয়ে কৰা সন্দেহৰ প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁ সন্মত হৈছিল।[54] ফেব্ৰুৱাৰী মাহত বন্দৰনাইকেৰ খুড়াক, উইলিয়াম গোপল্লৱাক গৱৰ্ণৰ জেনেৰেল নিযুক্তি দিয়া হয়৷[55] গুণতিলকেক বিমানবন্দৰলৈ লৈ যোৱা হয় আৰু চিলন এৰি স্বেচ্ছামূলক নিৰ্বাসনলৈ যায়৷[52]
পূব–পশ্চিমৰ স্বাৰ্থৰ মাজত ভাৰসাম্য ৰক্ষা আৰু নিৰপেক্ষতা বজাই ৰখাৰ প্ৰয়াসত বন্দৰনাইকেই চীনৰ সৈতে দেশখনৰ সম্পৰ্ক শক্তিশালী কৰিছিল; আনহাতে ইজৰাইলৰ সৈতে সম্পৰ্ক নাইকিয়া কৰিছিল। ভাৰত আৰু ৰাছিয়া উভয়ৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ কাম কৰিছিল, একে সময়তে শ্ৰীলংকাৰ চাহ ৰপ্তানিৰ জৰিয়তে ব্ৰিটিছ স্বাৰ্থৰ সৈতে সম্পৰ্ক ৰাখিছিল আৰু বিশ্ব বেংকৰ সংযোগক সমৰ্থন কৰিছিল। দক্ষিণ আফ্ৰিকাৰ বৰ্ণবৈষম্য নীতিক নিন্দা কৰি বন্দৰনাইকেই অন্যান্য আফ্ৰিকান ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰদূত নিযুক্তি দি তেওঁলোকৰ সৈতে সম্পৰ্ক গঢ়িব বিচাৰিছিল।[50] ১৯৬১ চনত লণ্ডনত অনুষ্ঠিত হোৱা কমনৱেলথ প্ৰধানমন্ত্ৰী সন্মিলন আৰু বেলগ্ৰেডত হোৱা নন-এলাইম মুভমেণ্টৰ ১ম শীৰ্ষ সন্মিলন-দুয়োটাতে অংশগ্ৰহণ কৰে; এছ এফ আৰ যুগোস্লাভিয়াই শ্ৰীলংকা আৰু নন-এলাইন মুভমেণ্টক নন-এলাইন মুভমেণ্টৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য কৰি তুলিছে৷[42]
১৯৬২ চনত চীন-ভাৰত যুদ্ধৰ পিছত উদ্ভৱ হোৱা ভাৰত আৰু চীনৰ মাজৰ সীমা বিবাদ সম্পৰ্কে ভাৰত আৰু চীনৰ উত্তেজনা হ্ৰাস কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।[45] সেই বছৰৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত বন্দৰনাইকেই বাৰ্মা, কম্বোডিয়া, চিলন, ঘানা আৰু সংযুক্ত আৰব গণৰাজ্যৰ প্ৰতিনিধিৰ সৈতে কলম্বোত সন্মিলন আহ্বান কৰি এই বিবাদৰ বিষয়ে আলোচনা কৰে। ইয়াৰ পিছত তেওঁ ঘানাৰ আইন মন্ত্ৰী কফি অফোৰি-আটাৰ সৈতে ভাৰত আৰু চীনৰ পেকিং ভ্ৰমণ কৰি শান্তিৰ বাবে মধ্যস্থতা কৰাৰ প্ৰয়াস কৰে।[42][56] ১৯৬৩ চনৰ জানুৱাৰী মাহত বন্দৰনাইকে আৰু অৰোফি-আটাক নতুন দিল্লীত পুৰস্কৃত কৰা হয়, যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে বন্দৰনাইকেই পোষকতা কৰা সমস্যা সমাধানৰ পৰামৰ্শ ভাৰতীয় সংসদত প্ৰস্তাৱ আগবঢ়াবলৈ সন্মত হয়।[56]
নিজ দেশত সমস্যা বাঢ়ি আহিছিল। বিদেশত সফলতা লাভ কৰাৰ পিছতো বন্দৰনাইকেই চীনৰ সৈতে সম্পৰ্ক আৰু অৰ্থনৈতিক উন্নয়ন নীতিৰ অভাৱৰ বাবে সমালোচনা কৰা হৈছিল। সিংহল ভাষী চিল’ন বৌদ্ধসকলৰ প্ৰতি চৰকাৰৰ আপাত পক্ষপাতিত্বক লৈ তেতিয়াও উত্তেজনা চলি আছিল। মুদ্ৰাস্ফীতিৰ ফলত আমদানি-ৰপ্তানিৰ ভাৰসাম্যহীনতাই মধ্যবিত্ত আৰু নিম্নবৰ্গৰ নাগৰিকৰ ক্ৰয় ক্ষমতাত প্ৰভাৱ পেলাইছিল। মাজভাগৰ উপ-নিৰ্বাচনত বন্দাৰনাইকেই সংখ্যাগৰিষ্ঠতা লাভ কৰিলেও ইউনাইটেড নেচনেল পাৰ্টিয়ে অধিক আসন পোৱাত তেওঁৰ সমৰ্থন হেৰাই যোৱাৰ ইংগিত দিয়ে৷[57][58]
কঠোৰ ব্যৱস্থাৰ প্ৰতি সমৰ্থনৰ অভাৱ, বিশেষকৈ পৰ্যাপ্ত পৰিমাণৰ চাউল – মূল খাদ্যৰ – আমদানি কৰিব নোৱাৰাৰ বাবেই মন্ত্ৰী ফেলিক্স ডায়েছ বন্দৰনাইকে পদত্যাগ কৰে।[57][59] চিলন পেট্ৰলিয়াম কৰ্প’ৰেশ্যন গঠনৰ পিছত ছোভিয়েট বাণিজ্যিক অংশীদাৰিত্বৰ দিশত ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ প্ৰয়াসত আন কেবিনেট মন্ত্ৰীসকলক পুনৰ নিযুক্তি দিয়া হয়।[60] মধ্যপ্ৰাচ্যৰ তেল আমদানিৰ ওপৰত জাপি দিয়া একচেটিয়া মূল্য নিৰ্ধাৰণক উপেক্ষা কৰিবলৈ ১৯৬১ চনত পেট্ৰলিয়াম কৰ্পৰেশ্যন আৰম্ভ কৰা হৈছিল, যাৰ ফলত চিলনে সংযুক্ত আৰব গণৰাজ্য আৰু ছোভিয়েট ইউনিয়নৰ পৰা তেল আমদানি কৰিব পাৰিছিল। পশ্চিমীয়া তেল উদ্যোগী কিছুমানৰ সৈতে মজুতকৰণৰ সুবিধাৰ বাবে ক্ষতিপূৰণ চুক্তি কৰা হৈছিল যদিও, ধন নিদিয়াৰ বাবে বিবাদ অব্যাহত থকাৰ ফলত ১৯৬৩ চনৰ ফেব্ৰুৱাৰী মাহত আমেৰিকাৰ পৰা বিদেশী সাহায্য স্থগিত ৰখা হয়। সাহায্য স্থগিত ৰখাৰ প্ৰতিক্ৰিয়াস্বৰূপে জানুৱাৰী মাহৰ পৰা দেশৰ বেছিভাগ তৈল সামগ্ৰীৰ সকলো বিতৰণ, আমদানি-ৰপ্তানি, বিক্ৰী আৰু যোগানৰ ৰাষ্ট্ৰীয়কৰণ কৰা চিলন পেট্ৰলিয়াম কৰ্প'ৰেশ্যন সংশোধনী আইন ১৯৬৪ চনত সংসদে গৃহীত কৰে।[61]
১৯৬৪ চনত বন্দৰনাইকেৰ চৰকাৰে স্বতন্ত্ৰ চিলন অসামৰিক সেৱা বিলুপ্ত কৰি তাৰ ঠাইত চিলন প্ৰশাসনিক সেৱা স্থাপন কৰে, যিটো চৰকাৰী প্ৰভাৱৰ অধীনত আছিল।[62] ১৯৬৩ চনৰ শেষৰ ফালে যেতিয়া কমিউনিষ্ট, বিপ্লৱী সমাজবাদী আৰু ট্ৰটস্কিবাদী দলৰ মাজত সংযুক্ত বাওঁপন্থী মিত্ৰজোঁট গঠন কৰা হয়,[63] বন্দৰনাইকেই তেওঁলোকৰ সমৰ্থন লাভৰ চেষ্টাত বাওঁপন্থালৈ গুচি যায়।[64][63] ১৯৬৪ চনৰ ফেব্ৰুৱাৰী মাহত চীনৰ প্ৰধানমন্ত্ৰী ঝৌ এনলাইয়ে চিলনত বন্দৰনাইকেক সাক্ষাৎ কৰে আৰু সাহায্যৰ প্ৰস্তাৱ, ধান আৰু বস্ত্ৰ উপহাৰ আৰু বাণিজ্য বৃদ্ধিৰ বাবে আলোচনা কৰে।[65] দুয়োজনে চীন-ভাৰতৰ সীমা বিবাদ আৰু পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ বিষয়েও আলোচনা কৰে।[66] চীনৰ সৈতে সম্পৰ্ক আকৰ্ষণীয় আছিল, কিয়নো বন্দৰনাইকেই শেহতীয়াকৈ পূব জাৰ্মানীক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়াৰ ফলত পশ্চিম জাৰ্মানীৰ পৰা অহা সাহায্য নাইকিয়া হৈ পৰিছিল[65] আৰু বীমা উদ্যোগৰ ৰাষ্ট্ৰীয়কৰণে অষ্ট্ৰেলিয়া, ব্ৰিটেইন আৰু কানাডাৰ সৈতে তেওঁৰ সম্পৰ্কত প্ৰভাৱ পেলাইছিল।[67]
দ্বিতীয়খন নন-এলাইন কনফাৰেন্সৰ প্ৰস্তুতিৰ বাবে বন্দৰনাইকেই ১৯৬৪ চনৰ মাৰ্চ মাহত কলম্বোত ৰাষ্ট্ৰপতি টিটো আৰু নাছেৰক আতিথ্য প্ৰদান কৰে,[42] কিন্তু ঘৰুৱা অশান্তিৰ অব্যাহত থকাৰ বাবে তেওঁ জুলাইলৈকে সংসদীয় অধিৱেশন স্থগিত ৰাখে। ইয়াৰ মাজতে তেওঁ ইউনাইটেড লেফ্ট ফ্ৰণ্টৰ সৈতে মিত্ৰতাত যোগদান কৰে আৰু মাত্ৰ তিনিখন আসনৰ ব্যৱধানত সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হয়।[64]
১৯৬৪ চনৰ ছেপ্টেম্বৰ মাহত বন্দৰনাইকেৰ নেতৃত্বত ভাৰতলৈ গৈ চিলনত বাস কৰা ৯ লাখ ৭৫ হাজাৰ ৰাষ্ট্ৰহীন তামিলক ঘূৰাই অনাৰ বিষয়ে আলোচনা কৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ সৈতে তেওঁ দুয়োখন ৰাষ্ট্ৰৰ এক উল্লেখযোগ্য বৈদেশিক নীতিৰ চুক্তি ছিৰিমাভো-শাস্ত্ৰী চুক্তিৰ চৰ্তসমূহ সম্পূৰ্ণ কৰি উলিয়াইছিল।[42][68] এই চুক্তিৰ অধীনত চিলনে ৩ লাখ তামিল আৰু তেওঁলোকৰ বংশধৰক নাগৰিকত্ব প্ৰদান কৰাৰ বিপৰীতে ভাৰতে ৫ লাখ ২৫ হাজাৰ ৰাষ্ট্ৰহীন তামিলক দেশলৈ ঘূৰাই পঠিয়াব লাগিছিল। নিজৰ বাধ্যবাধকতা সম্পূৰ্ণ কৰিবলৈ আবণ্টিত ১৫ বছৰৰ ভিতৰত উভয়পক্ষই বাকী ১৫০,০০০ বাবে চৰ্তসমূহৰ আলোচনা কৰিবলৈ সন্মত হয়।[68] অক্টোবৰ মাহত বন্দৰনাইকেই কায়ৰোত অনুষ্ঠিত হোৱা নন-এলাইনড কনফাৰেন্সত অংশগ্ৰহণ কৰে আৰু সহ-পৃষ্ঠপোষকতা কৰে।[42]
১৯৬৪ চনৰ ডিচেম্বৰ মাহত তেওঁৰ ইউনাইটেড ফ্ৰণ্ট চৰকাৰে দেশৰ বাতৰি কাকতসমূহক ৰাষ্ট্ৰীয়কৰণৰ প্ৰয়াসত "প্ৰেছ টেক অভাৰ বিল" উত্থাপন কৰে। বিৰোধী আৰু বন্দৰনাইকেৰ সমালোচনকসকলে দাবী কৰিছিল যে, এই পদক্ষেপ মুক্ত সংবাদ মাধ্যমৰ মুখ বন্ধ কৰি তেওঁৰ প্ৰধান সমালোচক, এছ’চিয়েটেড নিউজপেপাৰছ অৱ চিলন লিমিটেডৰ ওপৰত আঘাত হানি মিডিয়া বেৰন এচমণ্ড বিক্ৰমসিংঘেৰ ওপৰত আঘাত হানিছে। ইয়াৰ উত্তৰত বিক্ৰমসিংঘে সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ বাবে তেওঁক কাৰ্যভাৰৰ পৰা অপসাৰণ কৰিবলৈ অভিযান চলায়। ১৯৬৪ চনৰ ৩ ডিচেম্বৰত “চি পি ডি চিলভা’’, যি এসময়ত এছ ডব্লিউ আৰ ডি বন্দৰনাইকেৰ ডেপুটি আছিল, তেওঁ তেৰজন এছ এল এফ পি সংসদ সদস্যৰ নেতৃত্ব দি প্ৰেছ টেক অভাৰ বিলৰ উদ্ধৃতি দি বিৰোধীৰ ওচৰলৈ গৈছিল। ছিৰিমা বন্দৰনাইকেৰ চৰকাৰে ৰাজকীয় ভাষণৰ ওপৰত হোৱা ভোটত মাত্ৰ এটা ভোটত পৰাস্ত হয় আৰু ১৯৬৫ চনৰ মাৰ্চ মাহত সাধাৰণ নিৰ্বাচনৰ আহ্বান জনোৱা হয়।[69][70][71][67] ১৯৬৫ চনৰ চিলন সংসদীয় নিৰ্বাচনত তেওঁৰ ৰাজনৈতিক মিত্ৰজোঁট পৰাস্ত হয় আৰু প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ প্ৰথম কাৰ্যকালৰ অন্ত পৰে।[50]
১৯৬৫ চনৰ নিৰ্বাচনত বন্দৰনাইকেই আট্টানাগল্লা নিৰ্বাচনী সমষ্টিৰ পৰা হাউচ অৱ ৰিপ্ৰেজেণ্টেটিভ এখন আসন লাভ কৰে।[72][73] তেওঁৰ দলটোৱে ৪১খন আসন লাভ কৰাৰ লগে লগে[74] তেওঁ বিৰোধীৰ নেত্ৰী হয়, তেৱেঁই এই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা।[42][75] ১৯৬৫ চনৰ ২৫ মাৰ্চত ডুডলী সেনানাইকেই প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।[74]
ইয়াৰ কিছু সময়ৰ পিছতে বন্দৰনাইকেৰ সংসদৰ সদস্য পদৰ প্ৰত্যাহ্বান আহি পৰে, যেতিয়া অভিযোগ উত্থাপন কৰা হয় যে, তেওঁৰ কাৰ্যকালত তেওঁ উৎকোচ হিচাপে গাড়ী গ্ৰহণ কৰিছিল। ইয়াৰ তদন্তৰ বাবে এখন কমিটী নিযুক্তি দিয়া হয় আৰু পিছত তেওঁক অভিযোগৰ পৰা মুক্ত কৰা হয়।[76][77]
বিৰোধী দলৰ পাঁচ বছৰীয়া কাৰ্যকালত তেওঁ বাওঁপন্থী দলৰ সৈতে মিত্ৰতা বজাই ৰাখিছিল।[78] ১৯৬৬ চনৰ নৱেম্বৰৰ পৰা ১৯৬৭ চনৰ এপ্ৰিল মাহৰ ভিতৰত অনুষ্ঠিত হোৱা সাতটা উপ-নিৰ্বাচনৰ ভিতৰত বান্দৰনাইকেৰ নেতৃত্বত বিৰোধীয়ে ছয়টাত জয়লাভ কৰে।[77] অব্যাহত থকা মুদ্ৰাস্ফীতি, বাণিজ্যিক ভাৰসাম্যহীনতা, নিবনুৱা সমস্যা আৰু আশা কৰা ধৰণৰ বিদেশী সাহায্য বাস্তৱায়িত নোহোৱাত ব্যাপক অসন্তুষ্টিৰ সৃষ্টি হৈছিল। ইয়াত অধিক ইন্ধন যোগাইছিল কঠোৰ অৰ্থনৈতিক নীতিয়ে, যাৰ ফলত সাপ্তাহিক চাউলৰ সাহায্য হ্ৰাস পাইছিল[79]। ১৯৬৯ চনত বন্দৰনাইকেই ক্ষমতালৈ ঘূৰি আহিবলৈ সক্ৰিয়ভাৱে প্ৰচাৰ চলাইছিল।[80][81] আন আন প্ৰতিশ্ৰুতিৰ লগতে তেওঁ প্ৰতিটো পৰিয়াললৈ দুটা হিচাপত চাউল দিয়া,[82] বিদেশী বেংক আৰু আমদানি-ৰপ্তানি উদ্যোগক ৰাষ্ট্ৰীয়কৰণ কৰা, ব্যৱসায় আৰু চৰকাৰী দুৰ্নীতি নিৰীক্ষণৰ বাবে চকীদাৰ গোট স্থাপন,[83] "সাম্ৰাজ্যবাদী" অংশীদাৰৰ পৰা আঁতৰি যোৱা বৈদেশিক নীতিলৈ পুনৰ ঘূৰি অহা[84] আৰু এখন নতুন সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ দায়িত্বত থকা এখন সংবিধান সভা গঠনৰ প্ৰতিশ্ৰুতি দিয়ে[85]।
১৯৭০ চনৰ মে' মাহত কমিউনিষ্ট পাৰ্টি, লংকা সামা সমাজ পাৰ্টি আৰু তেওঁৰ নিজৰ ফ্ৰিডম পাৰ্টিৰ মাজত হোৱা “ইউনাইটেড ফ্ৰণ্ট মিত্ৰজোঁটে’’ ১৯৭০ চনৰ নিৰ্বাচনত বৃহৎ সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰাৰ পিছত বন্দৰনাইকেই পুনৰ ক্ষমতা লাভ কৰে।[83] জুলাই মাহলৈকে তেওঁ ব্ৰিটিছে খচৰা প্ৰস্তুত কৰা সংবিধানৰ ঠাইত চিলনীয়াসকলে খচৰা প্ৰস্তুত কৰা সংবিধান গঠন কৰিবলৈ এখন সাংবিধানিক পৰিষদ আহ্বান কৰিছিল।[85] চৰকাৰী মন্ত্ৰালয়সমূহৰ স্থায়ী সচিবসকলৰ বিভাগত বিশেষজ্ঞ লোক থাকিব লাগিব বুলি নীতি প্ৰৱৰ্তন কৰে। উদাহৰণস্বৰূপে, গৃহ নিৰ্মাণ মন্ত্ৰালয়ত সেৱা আগবঢ়োৱাসকল প্ৰশিক্ষিত অভিযন্তা হ’ব লাগিব আৰু স্বাস্থ্য মন্ত্ৰালয়ত সেৱা আগবঢ়োৱাসকল চিকিৎসা বিদ্যাত পাৰদৰ্শী হ’ব লাগিব। সকলো চৰকাৰী কৰ্মচাৰীকে শ্ৰমিক পৰিষদ আৰু স্থানীয় পৰ্যায়ত যোগদান কৰিবলৈ অনুমতি দিয়া হৈছিল আৰু তেওঁ চৰকাৰী প্ৰশাসনৰ ওপৰত সকলো স্তৰৰ জনসাধাৰণে মতামত দিব পৰাকৈ “জনসমিতি’’ গঠন কৰিছিল।[86] এই পৰিৱৰ্তনৰ উদ্দেশ্য আছিল দেশৰ প্ৰতিষ্ঠানসমূহৰ পৰা ব্ৰিটিছ ঔপনিৱেশিক আৰু বিদেশী প্ৰভাৱৰ উপাদানসমূহ আঁতৰোৱা।[50]
১৯৫ মিলিয়ন ডলাৰৰ বাজেট ঘাটিৰ সম্মুখীন হৈ – শক্তি আৰু খাদ্য-আমদানিৰ ব্যয় বৃদ্ধি আৰু নাৰিকল, ৰবৰ আৰু চাহ ৰপ্তানিৰ পৰা ৰাজহ হ্ৰাস পোৱাৰ ফলত – বন্দৰনাইকেই অৰ্থনীতিক কেন্দ্ৰীভূত কৰি মূল্য নিয়ন্ত্ৰণ কাৰ্যকৰী কৰাৰ চেষ্টা কৰিছিল।[87][88] ব্ৰিটিছ, ভাৰতীয় আৰু পাকিস্তানী মূলৰ বিদেশী বেংকসমূহক ৰাষ্ট্ৰীয়কৰণৰ বাবে তেওঁৰ মিত্ৰজোঁটৰ বাওঁপন্থী সদস্যসকলে হেঁচা প্ৰয়োগ কৰাত, তেওঁ উপলব্ধি কৰিছিল যে তেনে কৰিলে ঋণৰ গ্ৰহণত প্ৰভাৱ পৰিব।[88] পূৰ্বৰ শাসন ব্যৱস্থাৰ দৰেই তেও পুঁজিপতি আৰু কমিউনিষ্ট উভয় অংশীদাৰৰ সৈতে বিদেশী সাহায্যৰ সোঁতৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল৷[89]
১৯৭০ চনৰ ছেপ্টেম্বৰ মাহত বন্দৰনাইকেই জাম্বিয়াৰ লুছাকাত তৃতীয়খন নন-এলাইন কনফাৰেন্সত অংশগ্ৰহণ কৰে।[42] সেই মাহত তেওঁ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বিষয়ে আলোচনা কৰিবলৈ পেৰিছ আৰু লণ্ডনলৈও গৈছিল।[90] দ্য এছিয়া ফাউণ্ডেশ্যন আৰু Peace Corpsৰ প্ৰতিনিধিসকলক দেশ এৰি যাবলৈ নিৰ্দেশ দি বন্দৰনাইকেই তেওঁৰ পূৰ্বৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আলোচনা কৰা বাণিজ্যিক চুক্তি আৰু প্ৰস্তাৱসমূহৰ পুনৰ মূল্যায়ন কৰিবলৈ আৰম্ভ কৰে। দেশখনে প্ৰতিবেশী দেশ আৰবৰ সৈতে শান্তিপূৰ্ণভাৱে সমস্যা সমাধান নকৰালৈকে তেওঁৰ চৰকাৰে ইজৰাইলক স্বীকৃতি নিদিয়ে বুলি ঘোষণা কৰে। তেওঁ আনুষ্ঠানিকভাৱে পূব জাৰ্মানী, উত্তৰ কোৰিয়া, উত্তৰ ভিয়েটনাম আৰু দক্ষিণ ভিয়েটনামৰ নেচনেল লিবাৰেচন ফ্ৰণ্টক স্বীকৃতি প্ৰদান কৰে।[84] বন্দৰনাইকে ভাৰত মহাসাগৰত এংলো-আমেৰিকান যোগাযোগ কেন্দ্ৰ গঢ়ি তোলাৰ বিৰোধিতা কৰিছিল আৰু এই অঞ্চলটো "নিৰপেক্ষ, পাৰমাণৱিকমুক্ত অঞ্চল" হ'ব লাগে বুলি কৈছিল।[91] ডিচেম্বৰ মাহত ব্যৱসায়িক প্ৰতিষ্ঠান অধিগ্ৰহণ আইন গৃহীত হয়, যাৰ ফলত ৰাজ্যখনে ১০০ জনতকৈ অধিক কৰ্মচাৰী থকা যিকোনো ব্যৱসায়ক ৰাষ্ট্ৰীয়কৰণৰ সুবিধা প্ৰদান কৰে। দেখাত এই পদক্ষেপৰ লক্ষ্য আছিল মূল চাহ আৰু ৰবৰ উৎপাদনৰ ওপৰত বিদেশী নিয়ন্ত্ৰণ হ্ৰাস কৰা, কিন্তু ইয়াৰ ফলত উদ্যোগ আৰু উন্নয়নত ঘৰুৱা আৰু বিদেশী উভয় বিনিয়োগ স্তব্ধ হৈ পৰে।[88][92]
বন্দৰনাইকেই দেশৰ অৰ্থনৈতিক সমস্যাসমূহ সমাধানৰ বাবে প্ৰচেষ্টা চলোৱাৰ পিছতো নিবনুৱা সমস্যা আৰু মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণহীন হৈয়েই আছিল।[93] মাত্ৰ ১৬ মাহৰ ক্ষমতাৰ অন্তত ১৯৭১ চনত বাওঁপন্থী যুৱক-যুৱতীসকলৰ জনথ বিমুখী পেৰামুনা বিদ্ৰোহে বন্দৰনাইকেৰ চৰকাৰখন প্ৰায় ওফৰাই পেলাইছিল। জনথ বিমুখী পেৰামুনা (পিপলছ লিবাৰেচন ফ্ৰণ্ট)ৰ উগ্ৰপন্থী স্থিতিৰ বিষয়ে সচেতন হ'লেও বন্দৰনাইকেৰ প্ৰশাসনে প্ৰথম অৱস্থাত তেওঁলোকক আদৰ্শবাদী বুলি উলাই কৰি এক আগতীয়া ভাবুকি হিচাপে চিহ্নিত কৰিব পৰা নাছিল।[94] ৬ মাৰ্চত উগ্ৰপন্থীয়ে কলম্বোত থকা আমেৰিকাৰ দূতাবাস আক্ৰমণ কৰে,[95] যাৰ ফলত ১৭ মাৰ্চত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়। এপ্ৰিলৰ আৰম্ভণিতে আৰক্ষী থানাত হোৱা আক্ৰমণে সুপৰিকল্পিত বিদ্ৰোহৰ প্ৰমাণ দিছিল, যিটো চম্ভালিবলৈ চিলনৰ ক্ষুদ্ৰ সেনা অস্ত্ৰ-শস্ত্ৰত দুৰ্বল আছিল। বন্দৰনাইকেৰ নিৰপেক্ষ বৈদেশিক নীতিৰ বাবে মিত্ৰ দেশসমূহক সহায়ৰ আহ্বান জনাই চৰকাৰখন বহুলাংশে ৰক্ষা পৰিল। ছোভিয়েট ইউনিয়নে চিল’ন চৰকাৰক সহায় কৰিবলৈ বিমান পঠিয়াইছিল; ব্ৰিটেইন, সংযুক্ত আৰব গণৰাজ্য, আমেৰিকা আৰু যুগোস্লাভিয়াৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু সা-সঁজুলি আহিছিল; পূব আৰু পশ্চিম জাৰ্মানী, নৰৱে আৰু পোলেণ্ডে চিকিৎসা সামগ্ৰী যোগান ধৰিছিল; ভাৰতৰ পৰা টহলদাৰী নাও পঠিওৱা হৈছিল;[96] আৰু ভাৰত আৰু পাকিস্তান দুয়োখন দেশেই সৈন্য প্ৰেৰণ কৰিছিল।[97] ১ মে’ত বন্দৰনাইকেই চৰকাৰী আক্ৰমণ স্থগিত ৰাখি ক্ষমাদানৰ প্ৰস্তাৱ দিয়ে, যাৰ ফলত হাজাৰ হাজাৰ লোকে আত্মসমৰ্পণ কৰে। পিছৰ মাহত দ্বিতীয়বাৰৰ বাবে ক্ষমাৰ প্ৰস্তাৱ দিয়া হ’ল। বন্দৰনাইকেই নাগৰিক কৰ্তৃত্ব পুনৰ প্ৰতিষ্ঠা কৰিবলৈ আৰু বন্দী বা আত্মসমৰ্পণ কৰা বিদ্ৰোহীসকলৰ সৈতে মোকাবিলা কৰাৰ বাবে কৌশলগত পৰিকল্পনা প্ৰদান কৰিবলৈ পুনৰ্গঠন সমিতিৰ এখন ৰাষ্ট্ৰীয় সমিতি গঠন কৰে।[96] One of the সংঘাতৰ পিছত বন্দৰনাইকেৰ প্ৰথম কাৰ্য আছিল উত্তৰ কোৰিয়াৰ কূটনীতিবিদসকলক বহিষ্কাৰ কৰা, কিয়নো তেওঁ সন্দেহ কৰিছিল যে তেওঁলোকে দেশত অসন্তুষ্টিৰ সৃষ্টি কৰিছে।[98] ১৯৬০ চনত তেওঁৰ ৰাজনৈতিক বিৰোধীসকলৰ বাবে "তেওঁ কেবিনেটৰ একমাত্ৰ মানুহ আছিল" – বুলি কোৱা কথাষাৰে[99] বিদ্ৰোহৰ পুনৰ উত্থান ঘটিছিল,[97] যেতিয়া বন্দৰনাইকে প্ৰমাণ কৰিছিল যে, তেওঁ এগৰাকী "ভয়ংকৰ ৰাজনৈতিক শক্তি" হৈ পৰিছে।[43]
১৯৭২ চনৰ মে' মাহত নতুন সংবিধান অনুমোদনৰ পিছত “চিলন’’ৰ ঠাইত শ্ৰীলংকা গণৰাজ্য গঠন কৰা হয়।[50][100] যদিও দেশখন “কমনৱেল্থ অফ নেছন’’ৰ ভিতৰত থাকিল যদিও ৰাণী এলিজাবেথ দ্বিতীয়ক ইয়াৰ সাৰ্বভৌম হিচাপে আৰু স্বীকৃতি দিয়া নহ'ল।[101] ইয়াৰ কাৰ্যকালৰ অধীনত ১৯৭১ চনৰ পৰা স্থগিত ৰখা চিনেট [95] আনুষ্ঠানিকভাৱে বিলুপ্ত কৰা হয়[96] আৰু কাৰ্যবাহী, ন্যায়িক আৰু বিধানসভা শাখাৰ ক্ষমতাক এটা কৰ্তৃপক্ষত একত্ৰিত কৰি নতুন এক সদস্যমূলক ৰাষ্ট্ৰীয় ৰাজ্য বিধানসভা গঠন কৰা হয়।[102]
সংবিধানে বৌদ্ধ ধৰ্মৰ আধিপত্যক স্বীকৃতি দিছিল যদিও ই বৌদ্ধ, খ্ৰীষ্টান, হিন্দু আৰু ইছলামৰ সমান সুৰক্ষাৰ নিশ্চয়তা দিছিল।[103] ই অবিচ্ছেদ্য অধিকাৰৰ চনদ প্ৰদান কৰাত ব্যৰ্থ হৈছিল,[103][104] সিংহলাক একমাত্ৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিছিল,[105] আৰু ইয়াত কোনো "ফেডাৰেলিজমৰ উপাদান" নাছিল।[104]
নতুন সংবিধানে বন্দৰনাইকেৰ কাৰ্যকাল দুবছৰ বৃদ্ধি কৰি প্ৰধানমন্ত্ৰীৰ নিৰ্ধাৰিত পাঁচ বছৰীয়া কাৰ্যকাল পুনৰ গণৰাজ্য গঠনৰ সৈতে সংগতি ৰাখি পুনৰ নিৰ্ধাৰণ কৰে।[106] এই সীমাৱদ্ধতাই জনসাধাৰণৰ বিভিন্ন স্তৰৰ, বিশেষকৈ যিসকলে স্বৈৰাচাৰী শাসনৰ প্ৰতি শংকিত হৈ আছিল আৰু তামিল ভাষী জনসংখ্যাৰ বাবে বাবে চিন্তাৰ উদ্ৰেক কৰিছিল।[104] মাহটো শেষ হোৱাৰ আগতেই অসন্তুষ্টি তীব্ৰতৰ হৈ পৰে আৰু তাৰ পিছত “জাষ্টিছ কমিছন বিল’’ গৃহীত হয়, য'ত পূৰ্বৰ বছৰৰ পৰা কাৰাগাৰত থকা বিদ্ৰোহীসকলৰ সৈতে মোকাবিলা কৰিবলৈ পৃথক ট্ৰিবিউনেল স্থাপন কৰা হয়। ন্যায়াধিকৰণৰ বিৰোধীসকলে যুক্তি দিছিল যে, এইবোৰৰ দ্বাৰা মানৱ অধিকাৰৰ নীতি উলংঘা কৰা হৈছে।[107] জুলাই মাহলৈকে বিচ্ছিন্ন হিংসাৰ কাণ্ড পুনৰ উত্থান ঘটিছিল,[108] আৰু বছৰৰ শেষলৈকে বিদ্ৰোহৰ দ্বিতীয়টো ঢৌ আশা কৰা হৈছিল। কৃষি সমবায় স্থাপন আৰু ব্যক্তিগত খণ্ডৰ মাটিৰ আকাৰ সীমিত কৰিবলৈ ভূমি পুনৰ বিতৰণ কাৰ্যসূচী প্ৰণয়ন কৰা সত্ত্বেও ব্যাপক নিবনুৱা সমস্যাই চৰকাৰৰ প্ৰতি জনসাধাৰণৰ ক্ৰমবৰ্ধমান মোহভংগত ইন্ধন যোগাইছিল।[109]
১৯৭২ চনত বন্দাৰনাইকেই শ্ৰীলংকাত ১৯৭২ চনৰ ০১ নং ভূমি সংস্কাৰ আইন প্ৰণয়ন কৰি এক বৃহৎ ভূমি সংস্কাৰ প্ৰৱৰ্তন কৰে, য'ত ব্যক্তিগত মালিকানাধীন মাটি বিছ হেক্টৰত এক চিলিং আৰোপ কৰা হয়, ইয়াৰ পিছত ১৯৭৫ চনত ভূমি সংস্কাৰ (সংশোধনী) আইন প্ৰণয়ন কৰা হয়, যিয়ে ৰাজহুৱা কোম্পানীসমূহৰ মালিকানাধীন বাগিচাসমূহক ৰাষ্ট্ৰীয়কৰণ কৰে। এই ভূমি সংস্কাৰৰ উদ্দেশ্য আছিল ভূমিহীন কৃষকক মাটি প্ৰদান কৰা। সমালোচকসকলে দাবী কৰিছিল যে, সংস্কাৰৰ দ্বিতীয় ঢৌটো পৰম্পৰাগতভাৱে ইউনাইটেড নেচনেল পাৰ্টিক সমৰ্থন কৰা ধনী মাটিৰ মালিকসকলক লক্ষ্য কৰি লোৱা হৈছিল। এই সংস্কাৰৰ ফলত ৰাজ্যখনে সৰ্ববৃহৎ বাগিচাৰ মালিক হৈ পৰে আৰু এইবোৰ পৰিচালনা কৰিবলৈ দুটা সত্তা শ্ৰীলংকা ৰাজ্যিক বাগিচা নিগমে, জনথ এষ্টেট ডেভেলপমেণ্ট ব’ৰ্ড (পিপলছ এষ্টেট ডেভেলপমেণ্ট ব’ৰ্ড) আৰু USAWASAMA (আপকান্ট্ৰী ক’অপাৰেটিভ এষ্টেট ডেভেলপমেণ্ট ব’ৰ্ড) গঠন কৰে। এই ভূমি সংস্কাৰৰ পিছৰ বছৰবোৰত বিদেশী মুদ্ৰাৰ অনুসৰণৰ বাবে শ্ৰীলংকাই নিৰ্ভৰ কৰা মূল ৰপ্তানি শস্যৰ উৎপাদন হ্ৰাস পায়।[110]
১৯৭৩ চনৰ তৈল সংকটে শ্ৰীলংকাৰ অৰ্থনীতিত ঘাতক প্ৰভাৱ পেলাইছিল।[97] তেতিয়াও দেশখনে অষ্ট্ৰেলিয়া, কানাডা, চীন, ডেনমাৰ্ক, হাংগেৰী আৰু বিশ্ব বেংকৰ সাহায্য সামগ্ৰী আৰু আৰ্থিক সাহায্যৰ ওপৰত নিৰ্ভৰশীল আছিল, গ্ৰাহকৰ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ আমদানি সীমিত কৰা কঠোৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল। আমেৰিকাই সাহায্য অনুদান বন্ধ কৰি দিলে, যাৰ বাবে কোনো ধৰণৰ পৰিশোধৰ প্ৰয়োজন নাছিল আৰু বিদেশী ঋণ প্ৰদানৰ নীতিলৈ সলনি কৰিলে।[111] শ্ৰীলংকাৰ মুদ্ৰা মূল্য হ্ৰাস, মুদ্ৰাস্ফীতি আৰু উচ্চ কৰৰ সৈতে সংযুক্ত হৈ অৰ্থনৈতিক বৃদ্ধিৰ গতি মন্থৰ কৰি তুলিছিল, ফলস্বৰূপে আৰু অধিক কৰ আৰু কঠোৰ ব্যৱস্থাৰে অৰ্থনৈতিক ঘাটি দূৰ কৰিবলৈ ওপৰাউপৰি হেঁচা প্ৰয়োগ কৰিছিল।[112] ১৯৭৩ চনৰ পৰা ১৯৭৪ চনৰ ভিতৰত অনিয়ন্ত্ৰিত মুদ্ৰাস্ফীতিৰ ফলত অৰ্থনৈতিক অনিশ্চয়তা আৰু জনসাধাৰণৰ অসন্তুষ্টিৰ সৃষ্টি হয়।[113]
১৯৭৪ চনত বন্দৰনাইকেই, তেওঁলোকৰ সমালোচনাই অশান্তিৰ ইন্ধন যোগাইছে বুলি বিশ্বাস কৰি শেষৰটো স্বতন্ত্ৰ বাতৰি কাকত গোট “দ্য ছান’’ক প্ৰকাশ বন্ধ কৰিবলৈ বাধ্য কৰে।[97][114] মূলতঃ ১৯৭৪ আৰু ১৯৭৫ চনজুৰি ট্ৰেড ইউনিয়নসমূহৰ ওপৰত লংকা সামা সমাজ পাৰ্টিৰ প্ৰভাৱ অব্যাহত ৰখা আৰু ধৰ্মঘটৰ কাৰ্যসূচীৰ ভাবুকিৰ ফলত ইউনাইটেড ফ্ৰণ্ট মিত্ৰজোঁটত বিভাজনৰ সৃষ্টি হৈছিল। যেতিয়া নতুনকৈ জব্দ কৰা বাগিচাসমূহ লংকা সামা সমাজ পাৰ্টিৰ নিয়ন্ত্ৰিত কৃষি আৰু ভূমি মন্ত্ৰালয়ৰ অধীনলৈ অনা হয়, তেতিয়া বাগিচাৰ শ্ৰমিকসকলক ইউনিয়নত যোগ দি শক্তিশালী কৰাৰ আশংকাত বন্দৰনাইকেই তেওঁলোকক চৰকাৰী মিত্ৰজোঁটৰ পৰা বহিষ্কাৰ কৰে।[115]
১৯৭৫ চনত আন্তঃৰাষ্ট্ৰীয় নাৰী বৰ্ষৰ স্বীকৃতি স্বৰূপে বন্দৰনাইকেই নাৰী বিষয়ত মনোনিৱেশ কৰিবলৈ এটা সংস্থা গঠন কৰে, যিটো পিছলৈ মহিলা আৰু শিশু পৰিক্ৰমা মন্ত্ৰালয়লৈ পৰিণত হয়। তেওঁ শ্ৰীলংকাৰ মন্ত্ৰীসভাত কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী মহিলা শিৱা ওবেয়েচেকেৰক প্ৰথমে স্বাস্থ্য বিভাগৰ প্ৰথম ৰাজ্যিক সচিব আৰু পিছলৈ স্বাস্থ্য মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে।[75] মেক্সিকো চহৰত আয়োজিত ৰাষ্ট্ৰসংঘৰ মহিলা বিশ্ব সন্মিলনত তেওঁক উদযাপন কৰা হয়, তেওঁ নিজৰ অধিকাৰত নিৰ্বাচিত হোৱা একমাত্ৰ মহিলা প্ৰধানমন্ত্ৰী হিচাপে অংশগ্ৰহণ কৰে।[43] ১৯৭৬ চনত কলম্বোত অনুষ্ঠিত হোৱা নন এলাইন্দ ৰাষ্ট্ৰৰ ৫ম সন্মিলনত বন্দৰনাইকেই এবছৰৰ বাবে অধ্যক্ষৰ পদত অধিষ্ঠিত হয়।[97][116]
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ উচ্চ সন্মান থকাৰ পিছতো তেওঁ দুৰ্নীতি আৰু স্বজন-তোষণৰ অভিযোগত ভিতৰি ভিতৰি সংগ্ৰাম কৰি থাকিল, আনহাতে অৰ্থনীতিৰ অৱনতিও অব্যাহত থাকিল।[106][116] স্বীকৃতিৰ সংগ্ৰামত অসন্তুষ্ট তামিলসকলে বিচ্ছিন্নতাবাদৰ ফালে মুখ কৰিলে। ১৯৭৬ চনৰ মে' মাহত তামিল ইউনাইটেড লিবাৰেচন ফ্ৰণ্টৰ বদ্দুকোডাই প্ৰস্তাৱ গ্ৰহণ কৰে, য'ত স্বতন্ত্ৰ ৰাষ্ট্ৰ গঠন আৰু সাৰ্বভৌম স্বায়ত্তশাসনৰ আহ্বান জনোৱা হয়।[106][117] ১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচনত ইউনাইটেড ফ্ৰণ্টে মাত্ৰ ছখন আসনহে লাভ কৰে।[118][119]
১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচনত বন্দৰনাইকেই আট্টানাগল্লাত সংসদীয় আসন নিজ দখলত ৰাখিছিল। ১৯৭৭ চনৰ নৱেম্বৰ মাহত সংসদৰ সদস্য হিচাপে তেওঁৰ পদক প্ৰত্যাহ্বান জনোৱা এখন আবেদন কলম্বো উচ্চ ন্যায়ালয়ে খাৰিজ কৰে।[120] ১৯৭৮ চনত ব্ৰিটিছ শৈলীৰ সংসদীয় ব্যৱস্থাৰ ঠাইত ফৰাচী শৈলীৰ ৰাষ্ট্ৰপতি ব্যৱস্থাৰে এখন নতুন সংবিধান অনুমোদন কৰা হয়। সংবিধানৰ অধীনত কাৰ্যবাহী বা ৰাষ্ট্ৰপতি, জনসাধাৰণৰ ভোটত ছবছৰীয়া কাৰ্যকালৰ বাবে নিৰ্বাচিত কৰা হৈছিল। তাৰ পিছত ৰাষ্ট্ৰপতিয়ে কেবিনেটৰ সভাপতিত্বৰ বাবে এজন প্ৰধানমন্ত্ৰী বাছি লয়, যাক বিধায়িনী দলে নিৰ্বাচিত কৰে।[121] মৌলিক অধিকাৰৰ ঘোষণা প্ৰদান কৰি, প্ৰথমবাৰৰ বাবে নাগৰিকৰ সমতাৰ নিশ্চয়তা প্ৰদান কৰি,[122] ই তামিল ভাষাকো জাতীয় ভাষা হিচাপে স্বীকৃতি দিছিল যদিও প্ৰশাসনিক ভাষা সিংহল হৈয়েই আছিল। যদিও তামিল বিচ্ছিন্নতাবাদীসকলক সন্তুষ্ট কৰাৰ লক্ষ্যৰে এই বিধানসমূহে তামিল আৰু সিংহলীসকলৰ মাজত হোৱা হিংসা বন্ধ কৰা নাছিল, যাৰ ফলত ১৯৭৯ চনৰ সন্ত্ৰাসবাদ প্ৰতিৰোধ আইন গৃহীত কৰা হৈছিল।[123]
১৯৮০ চনত ৰাষ্ট্ৰপতি জে আৰ জয়ৱৰ্ধনে প্ৰধানমন্ত্ৰী হিচাপে বন্দৰনাইকেই ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগৰ তদন্তৰ বাবে ৰাষ্ট্ৰপতিয়ে “বিশেষ ৰাষ্ট্ৰপতীয় আয়োগ’’ নিযুক্তি দিয়ে।[118] জয়ৱৰ্ধনেক প্ৰতিবেদন দাখিল কৰাৰ পিছতে সংযুক্ত নেচনেল পাৰ্টি চৰকাৰে ১৯৮০ চনৰ ১৬ অক্টোবৰত সংসদত বন্দৰনাইকে আৰু তেওঁৰ ভতিজা ফেলিক্স ডায়েছ বন্দৰনাইকেক – যি দুজনক দুৰ্নীতিত দোষী সাব্যস্ত কৰা হৈছিল – তেওঁলোকৰ নাগৰিক স্বাধীনতা সাত বছৰৰ বাবে কাঢ়ি লোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে।[124][125][126] তেওঁক সংসদৰ পৰা বহিষ্কাৰ কৰা হয় যদিও দলৰ নেত্ৰী হিচাপে নিজৰ ভূমিকা বজাই ৰাখিছিল।[126][124] এই প্ৰস্তাৱটো ১৩৯টা সপক্ষে আৰু ১৮টা বিপক্ষে গৃহীত হয়,[127][128] প্ৰয়োজনীয় দুই তৃতীয়াংশৰ সীমা সহজেই পূৰণ কৰে।[124]
দলৰ মুৰব্বী হোৱাৰ পিছতো বন্দৰনাইকে ফ্ৰিডম পাৰ্টিৰ হৈ প্ৰচাৰ চলাবলৈ সক্ষম নহ’ল। ফলত তেওঁৰ পুত্ৰ অনুৰাই সংসদীয় দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰে।[121][127][129] অনুৰাৰ অধীনত ফ্ৰিডম পাৰ্টি সোঁপন্থাৰ ফালে গতি কৰে আৰু বন্দৰনাইকেৰ কন্যা চন্দ্ৰিকাই আঁতৰি যায় আৰু স্বামী বিজয়া কুমাৰটুংগাৰ সৈতে শ্ৰীলংকা পিপলছ পাৰ্টি গঠন কৰে। নতুন দলটোৰ লক্ষ্যসমূহ তামিলসকলৰ স্বাৰ্থৰ সৈতে জড়িত আছিল।[1]
১৯৮০ চনৰ পৰা তামিল টাইগাৰছ, পিপলছ লিবাৰেচন অৰ্গেনাইজেচন অৱ তামিল ইলাম, তামিল ইলাম লিবাৰেচন আৰ্মী আৰু তামিল ইলাম লিবাৰেচন অৰ্গেনাইজেচনকে ধৰি বিভিন্ন প্ৰতিযোগী গোটৰ চৰকাৰ আৰু বিচ্ছিন্নতাবাদীসকলৰ মাজত সংঘাত অধিক সঘনাই আৰু ক্ৰমান্বয়ে হিংসাত্মক হৈ পৰে।[123][130] ১৯৮১ চনত স্থানীয় নিৰ্বাচনী প্ৰচাৰৰ সময়ত তামিল উগ্ৰপন্থীয়ে ইউনাইটেড নেচনেল পাৰ্টিৰ এজন বিশিষ্ট ৰাজনীতিবিদ অৰুমুগাম থিয়াগৰাজাক হত্যা কৰে। তামিল ইউনাইটেড লিবাৰেচন ফ্ৰণ্ট পাৰ্টিয়ে ১৯৮২ চনৰ ৰাষ্ট্ৰপতীয় নিৰ্বাচন বৰ্জনৰ আহ্বান জনায়।[131] বিদ্ৰোহীসকলে নিষেধাজ্ঞাক সমৰ্থন কৰিছিল, চৰকাৰে নিজৰ নীতিসমূহক বৈধতা প্ৰদান কৰিছিল আৰু স্বাধীন তামিল ৰাষ্ট্ৰ লাভৰ আকাংখাৰ সৈতে সংঘাতত লিপ্ত হৈছিল।[132]
১৯৮৩ চনত বিদ্ৰোহী তামিলসকলে সেনা-বাহিনীৰ টহলদাৰী দল এটাক এম্বুছ কৰি তেৰজন সৈনিকক হত্যা কৰে। সিংহলী গোটৰ প্ৰতিশোধমূলক হিংসাই সমগ্ৰ দেশতে অ-বিদ্ৰোহী তামিল আৰু তেওঁলোকৰ সম্পত্তিৰ বিৰুদ্ধে দাঙ্গাৰ কবলত পৰে, যাক পিছলৈ ব্লেক জুলাই বুলি কোৱা হয়।[131][133]
জয়ৱৰ্ধনে মুক্ত বাণিজ্যৰ দিশে আগবাঢ়ি যোৱা আৰু অৰ্থনৈতিক বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়াৰ ফলত বাণিজ্যিক সুৰক্ষা আঁতৰাই উত্তৰৰ তামিল কৃষকসকলক আঘাত হানিছিল। একেদৰে নীতিসমূহে কেৱল ভাৰতীয় বজাৰৰ পৰা প্ৰতিযোগিতাৰ সম্মুখীন হোৱা দক্ষিণ সিংহলী ব্যৱসায়ীসকলৰ ওপৰতেই নেতিবাচক প্ৰভাৱ পেলাইছিল এনে নহয়, বৰঞ্চ চহৰীয়া দৰিদ্ৰ লোকসকলৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলাইছিল, যাৰ ফলত, খাদ্য ৰাজসাহায্য বহু পৰিমাণে হ্ৰাস পাইছিল।[134] অৰ্থনৈতিক উন্নয়নৰ বাবে চৰকাৰৰ ব্যাপক ব্যয়ে বাজেটৰ ঘাটি আৰু মুদ্ৰাস্ফীতিৰ সৃষ্টি কৰিছিল, যিয়ে বিশ্ব বেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি প্ৰশাসকসকলক আতংকিত কৰি তুলিছিল। পাছলৈ দাতা সংস্থাসমূহে চৰকাৰক খৰচ নিয়ন্ত্ৰণ কৰিবলৈ বুজাবলৈ সাহায্য হ্ৰাস কৰিছিল।[135] মহাৱেলী উন্নয়ন কাৰ্যসূচী ত্বৰান্বিত কৰি নিয়োগ বৃদ্ধি কৰিলে আৰু খাদ্য যোগান সুস্থিৰ কৰিলে,[136] চাৰিটা জলবিদ্যুৎ-উদ্যোগৰ উৎপাদনৰ সুবিধা সম্পূৰ্ণ হোৱাৰ লগে লগে বিদেশী শক্তি যোগানৰ ওপৰত নিৰ্ভৰশীলতাও হ্ৰাস পালে।[137]
অৰ্থনীতি আৰু আন্তঃগাঁথনি গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে সামাজিক সমস্যাসমূহ সমাধান কৰাত ব্যৰ্থ হয়।[138] উদাহৰণস্বৰূপে, গ্ৰাম্য গৃহ নিৰ্মাণৰ পদক্ষেপে – যিয়ে ১৯৮৪ চনৰ ভিতৰত প্ৰায় এক লাখ নতুন ঘৰ নিৰ্মাণ কৰিছিল – হিতাধিকাৰীসকলক মেৰুকৰণ কৰা হৈছিল- কাৰণ গৃহ নিৰ্মাণ প্ৰয়োজনীয়তা থকা লোকৰ পৰিৱৰ্তে ৰাজনৈতিক স্বজনপ্ৰীতিৰ দ্বাৰা বিতৰণ কৰা হৈছিল।[139] ১৯৮২ চনৰ পিছত উদ্যোগৰ ব্যক্তিগতকৰণে ধনী আৰু দুখীয়াৰ মাজত যথেষ্ট ব্যৱধান সৃষ্টি কৰে আৰু মুদ্ৰাস্ফীতিৰ অৱস্থা ঘূৰি আহে, যাৰ ফলত সামগ্ৰী ক্ৰয় কৰাটো কঠিন হৈ পৰে আৰু জীৱন ধাৰণৰ মানদণ্ড হ্ৰাস পায়।[140]
১৯৮৬ চনৰ জানুৱাৰী মাহত জয়ৱৰ্ধনে জাৰি কৰা ৰাষ্ট্ৰপতিৰ আদেশৰ দ্বাৰা বন্দৰনাইকেৰ নাগৰিক অধিকাৰ পুনৰুদ্ধাৰ কৰা হয়।[129] ১৯৮৩ চনৰ পৰা তীব্ৰতৰ হৈ পৰা চৰকাৰ আৰু বিচ্ছিন্নতাবাদীৰ মাজত সংঘাত, ১৯৮৭ চনৰ ভিতৰত গৃহযুদ্ধলৈ ৰূপান্তৰিত হয়৷[উদ্ধৃতিৰ প্ৰয়োজন]
তামিলসকলৰ উদ্বেগজনক বিষয়সমূহৰ প্ৰতি জয়বৰ্ধনেই কম সহানুভূতি দেখুৱাইছিল আৰু ইয়াৰ পৰিৱৰ্তে চৰকাৰক ওফৰাই পেলোৱাৰ ষড়যন্ত্ৰ কৰা বুলি বাওঁপন্থী দলসমূহক এই অশান্তিৰ বাবে দোষাৰোপ কৰিছিল।[141] বিদ্ৰোহীসকলৰ সৈতে হোৱা আলোচনাৰ সংযোগ বিচ্ছিন্ন হোৱাত, অৱশেষত জয়ৱৰ্ধনে দেশত ভাৰত চৰকাৰৰ হস্তক্ষেপত অনুমোদন দিয়ে। ১৯৮৭ চনত স্বাক্ষৰিত ভাৰত-শ্ৰীলংকা চুক্তিত শ্ৰীলংকা চৰকাৰ আৰু বিদ্ৰোহীসকলৰ মাজত যুদ্ধবিৰতিৰ চৰ্তসমূহ উল্লেখ কৰা হৈছিল, যাৰ ফলত নিৰস্ত্ৰীকৰণক প্ৰসাৰিত কৰিবলৈ ভাৰতীয় শান্তি ৰক্ষা বাহিনীয়ে দেশখন দখল কৰাৰ প্ৰয়াস কৰিছিল৷[উদ্ধৃতিৰ প্ৰয়োজন]
বন্দৰনাইকে আৰু ফ্ৰিডম পাৰ্টিয়ে শ্ৰীলংকাত ভাৰতীয় সৈন্য প্ৰৱৰ্তনৰ বিৰোধিতা কৰিছিল, চৰকাৰে তামিলৰ হৈ ভাৰতক হস্তক্ষেপ কৰিবলৈ অনুমতি দি নিজৰ জনসাধাৰণক বিশ্বাসঘাতকতা কৰা বুলি কৈছিল৷।[142] ৰাষ্ট্ৰ অনুমোদিত হিংসা আৰু তেওঁলোকৰ জাতীয়তাবাদী আকাংক্ষাৰ প্ৰতিক্ৰিয়া স্বৰূপে উজনিত পুনৰ উগ্ৰপন্থী জনথ বিমুখী পেৰামুনা উগ্ৰপন্থীৰ উত্থান ঘটিল।[143] এই পটভূমিত বন্দৰনাইকেই 1988 শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লয়। জয়ৱৰ্ধনেৰ পিছত ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা ৰানসিংহ প্ৰেমদাসাৰ দ্বাৰা তাই শোচনীয়ভাবে পৰাস্ত হয়।[13][125]
১৯৮৯ চনৰ ৬ ফেব্ৰুৱাৰীত ১৯৮৯ চনৰ সাধাৰণ নিৰ্বাচনত ফ্ৰিডম পাৰ্টিৰ হৈ প্ৰচাৰ চলাওঁতে বন্দৰনাইকেই বোমা বিস্ফোৰণৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে। যদিও তেওঁৰ কোনো ক্ষতি হোৱা নাছিল, তেওঁৰ এজন সহায়কে ভৰিত আঘাত পাইছিল।[144] ১৯ তাৰিখে চূড়ান্ত ফলাফলত ৰানাসিংহে প্ৰেমদাসৰ অধীনৰ ইউনাইটেড নেচনেল পাৰ্টিৰ হাতত ফ্ৰিডম পাৰ্টি পৰাস্ত হয় যদিও ৬৭খন আসন লাভ কৰে, যিটো বন্দৰনাইকেই দ্বিতীয়বাৰৰ বাবে বিৰোধী দলৰ নেতাৰ পদ গ্ৰহণ কৰিবলৈ যথেষ্ট আছিল।[145] তেওঁ সফলতাৰে গাম্পাহা নিৰ্বাচনী জিলাৰ সংসদলৈ পুনৰ নিৰ্বাচিত হয়।[146] সেই বছৰতে চৰকাৰে জনথ বিমুখী পেৰমুনা বিদ্ৰোহীসকলক কঠোৰতাৰ দমন কৰিছিল আৰু ১৯৭১ চনত বন্দৰনাইকেই কৰা ধৰণে বিচাৰ বা কাৰাগাৰত বন্দী হোৱাৰ পৰিৱৰ্তে প্ৰায় ৩০,০০০ৰ পৰা ৭০,০০০ লোকক হত্যা কৰিছিল।[1]
১৯৯০ চনত যেতিয়া তামিল টাইগাৰে ১৩ মাহৰ যুদ্ধবিৰতি ভংগ কৰিছিল, তেতিয়া আন উগ্ৰপন্থীসকলে অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰাৰ পিছত চৰকাৰে টাইগাৰৰ সৈতে হোৱা আলোচনা বিচ্ছিন্ন কৰি সামৰিক সমাধান ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লয়। অনুৰাই এই পদক্ষেপক সমৰ্থন কৰিছিল,[147] কিন্তু তেওঁৰ মাতৃ বন্দৰনাইকেই এই পৰিকল্পনাৰ বিৰুদ্ধে কথা কয়। যেতিয়া ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন ক্ষমতা দখল কৰিছিল, তেতিয়া চৰকাৰক মানৱ অধিকাৰ উলংঘাৰ অভিযোগ তুলি জৰুৰীকালীন অৱস্থা প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছিল।[148]
বিৰোধী দলৰ নেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত তেওঁ ১৯৯১ চনত প্ৰেমদাসাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা সমৰ্থন কৰিছিল, যাৰ নেতৃত্বত আছিল ললিথ আথুলথমুদালি আৰু গামিনি দিছনায়কেৰ দৰে জ্যেষ্ঠ ইউনাইটেড নেচনেল পাৰ্টিৰ সদস্য। অভিযোগনামা ব্যৰ্থ হয়, কাৰণ প্ৰেমদাসাই সংসদত উত্থাপন কৰা অভিযোগনামাৰ প্ৰস্তাৱ অধ্যক্ষ এম. এইচ মহম্মদে খাৰিজ কৰি কয় যে, ইয়াৰ সমৰ্থনত পৰ্যাপ্ত স্বাক্ষৰ নাই। [149] স্বামীক হত্যা কৰাৰ পিছত ১৯৮৮ চনৰ পৰা লণ্ডনত স্ব-নিৰ্বাসিত হৈ থকা বন্দৰনাইকেৰ কন্যা চন্দ্ৰিকা কুমাৰাতুংগাই ১৯৯১ চনত পুনৰ শ্ৰীলংকালৈ উভতি আহি ফ্ৰিডম পাৰ্টিত যোগদান কৰে।[150] সেই বছৰতে বাতবিষৰ ফলত ক্ৰমান্বয়ে অক্ষম হৈ পৰা বন্দৰনাইকেই ষ্ট্ৰোকত আক্ৰান্ত হয়।[151]
১৯৯২ চনত ব্যুৰো অৱ স্পেচিয়েল অপাৰেচনৰ মুৰব্বী প্ৰেমদাসা উডুগাম্পোলাই মানৱ অধিকাৰ উলংঘা বিষয়ক লৈ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ক্ষোভৰ সৃষ্টি হোৱাৰ পিছত অৱসৰ ল’বলৈ বাধ্য হয়। উডুগাম্পোলাই লিখিতভাৱে বিবৃতি দিছিল যে, বিদ্ৰোহীৰ বিৰুদ্ধে ব্যৱহাৰ কৰা মৃত্যু বাহিনীক চৰকাৰে সমৰ্থন জনাইছে। বন্দৰনাইকেই নিজৰ প্ৰমাণৰ সমৰ্থনত ওলাই আহিছিল যদিও তেওঁৰ বিৰুদ্ধে চৰকাৰৰ প্ৰতি ৰাজহুৱা শত্ৰুতাৰ বীজ ৰোপন কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল।[152] ১৯৯৩ চনৰ ১ মে'ত যেতিয়া ৰাষ্ট্ৰপতি প্ৰেমদাসাক আত্মঘাতী বোমাৰুৰ দ্বাৰা হত্যা কৰা হয়, তেতিয়া তেওঁৰ প্ৰধানমন্ত্ৰী ডিংগিৰি বাণ্ডা উইজেটুংগাই ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে আৰু ১৯৯৫ চনৰ ২ জানুৱাৰীলৈকে কাৰ্যকাল সম্পূৰ্ণ কৰিবলৈ মনোনীত কৰা হয়।[153][154] সংসদৰ সদস্যসকলে এমাহৰ ভিতৰত উত্তৰাধিকাৰী সূত্ৰে ভোটদান কৰিব লাগিছিল। স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে বাণ্ডাৰনাইকে ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা নকৰি বিৰোধী নেতা হিচাপে আগবাঢ়ি যাবলৈ বাছি লৈছিল আৰু উইজেটুংগাই বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচনত আগুৱাই গৈছিল।[154][155]
উইজেটুংগাই বন্দৰনাইকেৰ পুত্ৰ অনুৰাক ইউনাইটেড নেচনেল পাৰ্টিত যোগ দিবলৈ পতিয়ন নিয়াইছিল আৰু তেওঁক উচ্চ শিক্ষা মন্ত্ৰী হিচাপে নিযুক্তি দি পুৰস্কৃত কৰিছিল।[156][157] তেওঁৰ দলত্যাগৰ ফলত বান্দৰনাইকে আৰু কুমাৰতুংগা ফ্ৰিডম পাৰ্টিৰ দায়িত্বত থাকে।[158] মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে কুমাৰাতুংগাই এক নতুন মৰ্চা গঠন কৰে আৰু ১৯৯৩ চনৰ প্ৰাদেশিক নিৰ্বাচনত পশ্চিম প্ৰদেশ, শ্ৰীলংকা, মিত্ৰজোঁটে বৃহৎ জয়লাভ কৰে আৰু ১৯৯৩ চনত কুমাৰতুংগাক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়। ইয়াৰ পাছত কুমাৰতুংগাৰ নেতৃত্বত মিত্ৰজোঁটে দক্ষিণ প্ৰাদেশিক পৰিষদৰ নিৰ্বাচনতো জয়লাভ কৰে।[150] তেওঁৰ মাতৃ অস্ত্ৰোপচাৰৰ পৰা সুস্থ হৈ উঠা বাবে কুমাৰতুংগাই ১৯৯৪ শ্ৰীলংকাৰ সংসদীয় নিৰ্বাচনৰ বাবে পিপলছ এলায়েন্সৰ অভিযানৰ নেতৃত্ব দিব পাৰিছিল৷[159] মিত্ৰজোটে নিৰ্ণায়ক জয় লাভ কৰে, আৰু বন্দৰনাইকে কুমাৰতুংগা প্ৰধানমন্ত্ৰী হ'ব বুলি ঘোষণা কৰে।[160] এই সময়লৈকে কুমাৰতুংগায়ো বন্দৰনাইকেই ফ্ৰিডম পাৰ্টিৰ নেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব বুলি ঘোষণা কৰিছিল। মানসিকভাৱে সজাগ কিন্তু ভৰিৰ ৰোগ আৰু মধুমেহৰ জটিলতাত ভুগি বন্দৰনাইকেই হুইল চেয়াৰত আবদ্ধ হৈ আছিল৷ [6] সংসদলৈ পুনৰ নিৰ্বাচিত হোৱাৰ পিছত ১৯৯৪ চনৰ ১৯ আগষ্টত অনুষ্ঠিত হোৱা শপত গ্ৰহণ অনুষ্ঠানত তেওঁ পৰ্টফলিঅ' অবিহনে মন্ত্ৰী হিচাপে নিজ কন্যাক মন্ত্ৰীসভাত নিযুক্তি দিয়ে।[161]
ইয়াৰ পিছৰ নৱেম্বৰ মাহত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত নিৰ্বাচনৰ দুসপ্তাহ পূৰ্বে কুমাৰাতুংগাৰ মূল ৰাজনৈতিক প্ৰতিদ্বন্দ্বী গামিনি দিছানায়াকেক হত্যা কৰা হৈছিল। তেওঁৰ বিধৱা স্ত্ৰী শ্ৰীমা দিছানায়কে ইউনাইটেড নেচনেল পাৰ্টিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হয়। হত্যাকাণ্ডৰ পূৰ্বে কুমাৰাতুংগাৰ অগ্ৰগতি প্ৰায় এক মিলিয়ন ভোট হ’ব বুলি ভৱিষ্যদ্বাণী কৰা হৈছিল; আৰু তেওঁ নিৰ্বাচনত বহু ব্যৱধানত জয়ী হয়।[162] শ্ৰীলংকাৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হৈ কুমাৰাতুংগাই তেওঁৰ মাতৃক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে,[163] ১৯৭৮ চনৰ সংবিধানৰ চৰ্ত অনুসৰি বন্দৰনাইকেই প্ৰতিৰক্ষা আৰু বৈদেশিক পৰিক্ৰমাৰ বাবে দায়বদ্ধ আছিল।[164] প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় মূলতঃ এটা আনুষ্ঠানিক পদত পৰিণত হৈছিল, কাৰণ ফ্ৰিডম পাৰ্টিত বন্দৰনাইকেৰ প্ৰভাৱ শক্তিশালী হৈয়েই আছিল।[165] নীতিৰ ক্ষেত্ৰত একমত হ’লেও কুমাৰাতুংগা আৰু বন্দৰনাইকেৰ নেতৃত্ব শৈলীৰ ক্ষেত্ৰত মতানৈক্যৰ সৃষ্টি হৈছিল। ২০০০ চনৰ ভিতৰত কুমাৰাতুংগাই এজন কনিষ্ঠ প্ৰধানমন্ত্ৰী বিচাৰিছিল,[41] আৰু স্বাস্থ্যজনিত কাৰণত বন্দৰনাইকেই ২০০০ চনৰ আগষ্ট মাহত পদত্যাগ কৰে।[166]
২০০০ চনৰ ১০ অক্টোবৰত তেওঁ কলম্বোৰ ঘৰলৈ গৈ থকা অৱস্থাত কাদাৱাথাত হৃদযন্ত্ৰ বিকল হৈ বন্দৰনাইকেৰ মৃত্যু হয়।[167] সেইদিনা অনুষ্ঠিত হোৱা সংসদীয় নিৰ্বাচনত তেওঁ ভোটদান কৰি আহিছিল।[41] শ্ৰীলংকাই দুদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰে আৰু ৰাজ্যিক ৰেডিঅ' ষ্টেচনসমূহে নিজৰ নিয়মীয়া অনুষ্ঠান পৰিত্যাগ কৰি অন্ত্যেষ্টিক্ৰিয়াৰ শোক-সংগীত বজাইছিল।[168] বন্দৰনাইকেৰ মৃতদেহ সংসদত ৰাজ্যিক মৰ্যাদাৰে ৰখা আছিল আৰু পৰৱৰ্তী সময়ত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া তেওঁৰ স্বামীৰ বাবে নিৰ্মাণ কৰা সমাধিস্থল হ'ৰাগোলাত সমাধিস্থ কৰা হয়।[169]
ইতিহাসৰ যি সময়ত এগৰাকী মহিলাই দেশৰ নেতৃত্ব দিয়াৰ ধাৰণাটো জনসাধাৰণৰ বাবে প্ৰায় অকল্পনীয় আছিল,[125] বন্দৰনাইকেই মহিলাৰ সামৰ্থ্যৰ ধাৰণা বিশ্বব্যাপী বৃদ্ধি কৰাত সহায় কৰিছিল।[118] শ্ৰীলংকালৈ তেওঁৰ নিজৰ অৱদানৰ উপৰিও তেওঁৰ সন্তানকেইটাও দেশৰ উন্নয়নৰ লগত জড়িত হৈ পৰে। তিনিওটা শিশুৱে ৰাষ্ট্ৰীয় পৰ্যায়ত বিশিষ্ট পদবীত আছিল; অনুৰা আৰু চন্দ্ৰিকাৰ চৰকাৰী ভূমিকাৰ[15][170][171] উপৰিও বন্দৰনাইকেৰ কন্যা সুনেত্ৰাই ১৯৭০ চনত ৰাজনৈতিক সচিব হিচাপে কাম কৰিছিল আৰু পিছলৈ এগৰাকী দানবীৰ হৈছিল।[118][125] বন্দৰনাইকেৰ বিবাহে বছৰ বছৰ ধৰি শ্ৰীলংকাত প্ৰচলিত জাতি ব্যৱস্থা ভাঙি পেলোৱাত সহায় কৰিছিল৷[1][15]
তিনিটা কাৰ্যকালত বন্দৰনাইকেই দেশখনক অতীতৰ ঔপনিৱেশিকতাৰ পৰা আঁতৰাই গণৰাজ্য হিচাপে ৰাজনৈতিক স্বাধীনতালৈ লৈ যায়। শীতল যুদ্ধৰ সময়ত সমাজবাদী নীতি ৰূপায়ণ কৰি তেওঁ অৰ্থনীতিৰ মূল খণ্ডসমূহক ৰাষ্ট্ৰীয়কৰণ কৰাৰ চেষ্টা কৰিছিল আৰু থলুৱা জনসাধাৰণৰ উপকাৰৰ বাবে ভূমি সংস্কাৰ গ্ৰহণ কৰিছিল,[125] পশ্চিমীয়া শিক্ষিত অভিজাত শ্ৰেণীসমূহে উপভোগ কৰা ৰাজনৈতিক পক্ষপাতিত্বৰ অন্ত পেলোৱাৰ ইচ্ছা কৰিছিল।[118] তেওঁৰ নীতিৰ এটা ডাঙৰ লক্ষ্য আছিল দেশখনৰ জাতিগত আৰু আৰ্থ-সামাজিক বৈষম্য হ্ৰাস কৰা,[91] যদিও তামিল জনসাধাৰণৰ প্ৰয়োজনীয়তাসমূহ পৰ্যাপ্তভাৱে মোকাবিলা কৰাত তেওঁৰ ব্যৰ্থতাই দশক দশক ধৰি দেশত হিংসা আৰু বিবাদৰ সৃষ্টি কৰিছিল৷[118] নন-এলাইন মুভমেণ্টৰ অন্যতম প্ৰতিষ্ঠাপক হিচাপে[125] বন্দৰনাইকেই মহাশক্তিৰ প্ৰভাৱৰ প্ৰতি নিৰপেক্ষ হৈ থাকিব বিচৰা জাতিসমূহৰ মাজত শ্ৰীলংকাৰ প্ৰাধান্য আনি দিছিল।[172] তেওঁ গ্ল'বেল চাউথৰ[44] দেশসমূহৰ মাজত মিত্ৰতা গঢ়ি তুলিবলৈ কাম কৰিছিল আৰু পাৰমাণৱিক সম্প্ৰসাৰণৰ বিৰোধিতা কৰি কূটনৈতিক বিষয়সমূহ সমাধান কৰিবলৈ বিচাৰিছিল।[66][173]
বন্দৰনাইকে বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে উল্লেখনীয় হোৱাৰ পিছতো ৰাজনৈতিক পণ্ডিতসকলে মন্তব্য কৰিছে যে, বন্ ৰনাইকে প্ৰতীকীভাৱেহে শক্তিশালী আছিল, কাৰণ সামগ্ৰিকভাৱে শ্ৰীলংকাত মহিলাৰ ৰাজনৈতিক প্ৰতিনিধিত্বৰ ওপৰত ইয়াৰ প্ৰভাৱ কম আছিল।[174] যদিও বন্দৰনাইকে এগৰাকী মহিলা নেত্ৰী হিচাপে নিজৰ মৰ্যাদাক লৈ গৌৰৱ প্ৰকাশ কৰিছিল, নিজকে "ৰাইজৰ মাতৃ" বুলি গণ্য কৰিছিল; তথাপি তেওঁ মহিলাৰ বিষয়ত ব্যক্তিগত বা ৰাজনৈতিকভাৱে বিশেষ গুৰুত্ব নিদিলে আৰু প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছতো শ্ৰীলংকাৰ ৰাজনীতিত মহিলাৰ সংখ্যা বিশেষভাৱে বৃদ্ধি নহ'ল।[175] ১৯৭৬ চনত শ্ৰীলংকাৰ কেবিনেটত তেওঁৰ প্ৰথম মহিলা মন্ত্ৰী শিৱা ওবেয়েচেকেৰক নিযুক্তি দিয়াটো বৈপ্লৱিক কাম নাছিল, কাৰণ ওবেয়েচেকেৰ বন্দৰনাইকেৰ আত্মীয় আছিল। সেই নিযুক্তিয়ে বন্দৰনাইকেৰ নিজ পৰিয়ালৰ সদস্যক উচ্চ চৰকাৰী পদত নিযুক্তি দিয়াৰ মানসিকতাহে প্ৰকাশ পাইছিল।[176]
১৯৯৪ চনৰ ভিতৰত বন্দৰনাইকে আৰু তেওঁৰ কন্যা কুমাৰাতুংগাই প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ শীৰ্ষ ৰাজনৈতিক পদবীত অধিষ্ঠিত হৈ থাকিলেও শ্ৰীলংকাত এছিয়াৰ যিকোনো দেশৰ বাহিৰত মহিলাৰ ৰাজনৈতিক অংশগ্ৰহণৰ হাৰ আটাইতকৈ কম আছিল।[177] ২০১০ চনত বন্দৰনাইকে বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ ৫০ বছৰীয়া জয়ন্তীত শ্ৰীলংকাৰ সংসদ সদস্য ৰ’জী সেনানাইকেই সংবাদ মাধ্যমৰ আগত কয় যে, শ্ৰীলংকাই ৰাজনীতিত লিংগ সমতাৰ দিশত বিশেষ অগ্ৰগতি লাভ কৰা নাই: মাত্ৰ ৪.৫ শতাংশ সংসদ সদস্যহে মহিলা। সেনানায়াকে পূৰ্বে লিংগ প্ৰতিনিধিত্বৰ উন্নতি সাধন কৰিবলৈ "বিশেষ কোটা"ৰ আহ্বান জনাইছিল:[178] এনে কোটা, য'ত সকলো বিধানসভাৰ আসনৰ ২৫% মহিলাৰ বাবে সংৰক্ষণ কৰা হয়, ই ২০১৬ চনত গৃহীত কৰা হয়।[179]
২০২৩ চনত তেওঁৰ জীৱন কাহিনীৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা এখন তথ্যচিত্ৰ মুক্তি পায়, যাৰ নাম আছিল Our Mother, Grandmother, Prime Minister: Sirimavo।[180] তেওঁৰ দুগৰাকী কন্যা সুনেত্ৰা আৰু চন্দ্ৰিকাৰ লগতে তেওঁৰ দুগৰাকী নাতি-নাতিনীৰ সৈতে হোৱা কথা-বতৰাৰ জৰিয়তে তথ্য চিত্ৰখন চিত্ৰিত কৰা হৈছে। ছবিখনত চিলন প্ৰশাসনিক সেৱাৰ দীৰ্ঘদিনীয়া সদস্যসকলৰ ব্যক্তিগত বিৱৰণো সন্নিবিষ্ট কৰা হৈছে, যিসকল তেওঁৰ মন্ত্ৰীসভাৰ অংশ আছিল। ২১ সংখ্যক ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ই শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান লাভ কৰে।[181]