ছুন ৱুকং | |||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
![]() | |||||||||||||||||||||||||
জাপানী য়ছিটছিৰ "চন্দ্ৰৰ এশ দৃষ্টিভংগী" (১৮৮৯)ত ছুন ৱুকঙৰ ছবি | |||||||||||||||||||||||||
চীনা নাম | |||||||||||||||||||||||||
পৰম্পৰাগত চীনা লিপি | 孫悟空 | ||||||||||||||||||||||||
সৰলীকৃত চীনা লিপি | 孙悟空 | ||||||||||||||||||||||||
| |||||||||||||||||||||||||
Vietnamese name | |||||||||||||||||||||||||
Vietnamese | Tôn Ngộ Không | ||||||||||||||||||||||||
Thai name | |||||||||||||||||||||||||
Thai | เห้งเจีย | ||||||||||||||||||||||||
RTGS | Heng Chia (from Hokkien pronunciation of "行者" (Hêng-chiá)) | ||||||||||||||||||||||||
Korean name | |||||||||||||||||||||||||
Hangul | 손오공 | ||||||||||||||||||||||||
| |||||||||||||||||||||||||
Japanese name | |||||||||||||||||||||||||
Hiragana | そん ごくう | ||||||||||||||||||||||||
| |||||||||||||||||||||||||
Malay name | |||||||||||||||||||||||||
Malay | Sun Gokong | ||||||||||||||||||||||||
Indonesian name | |||||||||||||||||||||||||
Indonesian | Sun Go Kong |
ছুন ৱুকং (孙悟空), ছুন-ৱু-কং, ছুন-ৱু-কাং, ছুন-হৌ-জি, ছুন-হৌ-জে, পি-মা-ৱেন বা বান্দৰ ৰজা এজন চীনা দেৱতা। তেওঁ ছিয়ৌ জি (পাশ্চাত্যলৈ যাত্ৰা)) উপন্যাসৰ এক মুখ্য চৰিত্ৰ, যি উপন্যাস চীনৰ চাৰি মহান উপন্যাসৰ অন্যতম। তেওঁ নিজৰ অদমনীয় উৎপাতৰ বাবে কুখ্যাত।[1]
চীনা বিশ্বাসৰ মতে, সময়ৰ আৰম্ভণিত ফল আৰু ফুলৰ পৰ্বতত এটি শিলে প্ৰকৃতিৰ সততা আৰু 'ছি ঊৰ্জা' শুহি আছিল। এদিন এই গৰ্ভৱতী শিলে এটি বান্দৰক জন্ম দিলে। সেই বান্দৰ হ'ল বান্দৰৰ ৰজা। ৰং-আমোদত জীৱন কটোৱা ৰজাজনৰ মনত পিছলৈ ভয় আহিল মৃত্যুৰ। অমৰ হ'বলৈ তেওঁ দাও সন্ত সুবোধি (ছুব'ধি)ৰ শৰনাপন্ন হ'ল।
বান্দৰ ৰজাৰ দুষ্টালি দেখি সুবোধিয়ে তেওঁক 'শূন্যতাৰ সচেতন ছাত্ৰ' নাম দিলে। প্ৰথমে অৰ্থ বুজি নাপায় বান্দৰ ৰজা সুখী হ'ল। পিছলৈ তেওঁ বুজিলে যে নামটোৱে তেওঁৰ মূৰৰ শূন্যতাক বুজাইছিল। তেওঁ গুৰুৰ পৰা ৭২ সলনি আদিৰ বিষয়ে শিকি নিজৰ ৰাজ্যলৈ উভতিল। দেখিলে যে তেওঁৰ প্ৰজা এজন ৰাক্ষসৰ ভয়ত গ্ৰস্ত। জাদুৰে একো কৰিব নোৱাৰি তেওঁ ড্ৰেগন ৰজা আও কুঁৱাঙৰ জাদুৰ ইচ্ছা পূৰণকাৰী লাঠি ল'লে আৰু ৰাক্ষসজনক মাৰিলে।
ছুন কুঁৱাং আছিল অতিকৈ উৎপতীয়া। অদৰকাৰী কৰ্ম আতৰাবলৈ স্বৰ্গৰ ৰজা জে'ড ৰজাই ছুনক স্বৰ্গত অবৈতনিক কাম এটি দিলে। এদিনলৈকে জে'ড ৰজাৰ বুদ্ধি সফল হ'লেও পিছলৈ বান্দৰ ৰজাই বুজিলে যে তেওঁ পোৱা স্বৰ্গৰ অস্তবলৰ চোৱা-চিতা কৰা লোকৰ কাম অস্তবলৰ ঘোঁৰাৰ গোবৰতকৈও নীম্ন-মানৰ, তেওঁ জে'ড ৰজাৰ দৰবাৰলৈ গৈ ভাবুকি দিলে। উপায় নাপায় ব্ৰহ্মাণ্ডৰ ৰজাই তেওঁক "মহান সন্ত, স্বৰ্গৰ সমক্ষ" উপাধি দিলে। বান্দৰ ৰজাই উত্তৰ দিলে "সেয়া ভাল"।[2]