ছেখমেট | |
---|---|
সিংহমুখীয়া ছেখমেট | |
মুখ্য উপাসনাস্থল | মেম্ফিছ, লিঅ'ট'পলিছ |
প্ৰতীক | সূৰ্য চক্ৰ, ৰঙা লিনেন, সিংহিনী |
সঙ্গী | টাহ |
পিতৃ-মাতৃ | ৰা (সূৰ্যদেৱতা) |
সন্তান | নেফাৰটেম |
মিচৰৰ পৌৰাণিক আখ্যানসমূহত ছেখমেট (ইংৰাজী: Sekhmet) হৈছে এগৰাকী যোদ্ধা আৰু নিৰাময়ৰ দেৱী। তেওঁক সিংহিনীৰ ৰূপত চিত্ৰিত কৰা হয়। তেওঁ আছিল ফাৰাওসকলৰ ৰক্ষক আৰু যুদ্ধত ছেখমেটে তেওঁলোকক নেতৃত্ব দিছিল। ছেখমেট এগৰাকী সৌৰ দেৱী। তেওঁক সূৰ্যদেৱতা ৰাৰ কন্যা বুলিও কোৱা হয়। তেওঁ প্ৰায়ভাগ সময়তে হাথৰ আৰু বাষ্টেট দেৱীৰ সৈতে সম্পৰ্কিত। ছেখমেট ৰাৰ শক্তিৰ প্ৰতিশোধপৰায়ণ প্ৰকাশ ৰাৰ নেত্ৰ (ইংৰাজী: Eye of Ra) হিচাপে কাম কৰা দেৱীসকলৰ ভিতৰত তেওঁ আছিল অধিক গুৰুত্বপূৰ্ণ। ছেখমেটে উশাহত জুই নিৰ্গমন কৰা বুলি কোৱা হৈছিল আৰু মৰুভূমিৰ উষ্ণ বতাহক তেওঁৰ উশাহৰ লগত তুলনা কৰা হৈছিল। ৰোগ প্ৰতিৰোধ কৰিবলৈ ছেখমেটক আহ্বান জনোৱা হৈছিল যদিও তেওঁক মহামাৰী সৃষ্টিৰ কৃতিত্বও দিয়া হৈছিল। এই মহামাৰীসমূহক ছেখমেটৰ দাস বা দূত বুলি কোৱা হৈছিল।[1]
পৃথিৱীত সূৰ্যদেৱতা ৰাৰ শাসনৰ অন্ত পৰাৰ বিষয়ে এক আখ্যান অনুসৰি, ৰাই দেৱী হাথৰক ছেখমেটৰ ৰূপত তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা মৰ্ত্যলোকক ধ্বংস কৰিবলৈ প্ৰেৰণ কৰে। যুদ্ধৰ শেষতো ছেখমেটৰ ৰক্ততৃষ্ণা নিৰ্বাপিত নহ’ল যাৰ ফলত তেওঁ প্ৰায় সমগ্ৰ মানৱতাক ধ্বংস কৰি পেলালে। তেওঁক স্তব্ধ কৰিবলৈ ৰাই ৰঙা ৰং মিহলোৱা নিচাযুক্ত পানীয় বৰ্ষন কৰিলে। ইয়াকে তেজ বুলি ভুল কৰি ছেখমেট ইমানেই মতলীয়া হৈ পৰিল যে তেওঁ ধ্বংসকাৰ্য ত্যাগ কৰি শান্তিৰে ৰাৰ ওচৰলৈ উভতি গ'ল।[2] পেপিৰাছ কায়ৰো ৮৬৬৩৭ৰ কেলেণ্ডাৰ অৱ লাকী এণ্ড আনলাকী ডেজৰ পূৰ্বাভাস গ্ৰন্থতো একেটা আখ্যানৰ বৰ্ণনা কৰা হৈছে।[3]
এই কাহিনীৰ আন কিছুমান সংস্কৰণত ছেখমেটে এই প্ৰতাৰণাত ক্ষুব্ধ হৈ মিচৰ এৰি সূৰ্য্যৰ শক্তি হ্ৰাস কৰি মিচৰ এৰি থৈ গুচি যায়। ইয়াৰ ফলত জগতৰ শক্তি আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি আহে। তেতিয়া দেৱতা থ'ঠে তেওঁক উভতি আহি ৰাক সম্পূৰ্ণ গৰিমালৈ ঘূৰাই আনিবলৈ বুজনি দিছিল।[4]
ছেখমেটক দেৱতা টাহৰ পত্নী আৰু নেফাৰটেম বা নেফাৰটুমৰ মাতৃ বুলি গণ্য কৰা হৈছিল। তদুপৰি তেওঁ মাহেচ নামৰ সিংহ দেৱতাৰ মাতৃ আৰু বিড়াল দেৱী বাষ্টেটৰ ভগ্নী বুলিও পৰিচিত।[5]