ছেৰ্গেই আইজেনষ্টাইন | |
---|---|
ছেইণ্ট পিটাৰ্ছবাৰ্গত আইজেনষ্টাইন, ১৯১০ চন | |
জন্ম | ছেৰ্গেই মিখালোভিচ্ আইজেনষ্টাইন ২৩ জানুৱাৰী, ১৮৯৮ ৰাইগা, ৰুছ সাম্ৰাজ্য |
মৃত্যু | ১৯৪৮ মস্কো, ছ'ভিয়েট দেশ |
সক্ৰিয় হৈ থকা সময় | ১৯২৩-১৯৪৬ |
দাম্পত্যসঙ্গী | পেৰা আটাছেভা (১৯৩৪-১৯৪৮) |
বঁটা, সন্মান, পুৰস্কাৰ আদি | ষ্টালিন পুৰস্কাৰ (১৯৪১, ১৯৪৬) |
ছেৰ্গেই মিখালোভিচ্ আইজেনষ্টাইন (জানুৱাৰী ২৩, ১৮৯৮ - ফেব্ৰুৱাৰী ১১, ১৯৪৮), এজন ৰুছ দেশীয় চলচ্চিত্ৰ পৰিচালক আৰু চলচ্চিত্ৰ তাত্বিক। তেখেতক চলচ্চিত্ৰ সম্পদনাত ব্যৱহৃত মন্তাজ পদ্ধতিৰ জন্মদাতা বুলি কোৱা হয়। এখেতে পৰিচালনা কৰা 'ষ্ট্ৰাইক' (১৯২০), 'বেটেলছিপ পটেমকিন' (১৯২৫), 'অক্টোবৰ: পৃথিৱী কঁপোৱা দহটা দিন' (১৯২৭), 'আলেকজেণ্ডাৰ নেভ্সকি' (১৯৩৮) আৰু 'আইভান, দা টেৰিবল' (১৯৪৪, ১৯৫৮) আটাই কেইখন ছবিকে বিশ্বৰ চলচ্চিত্ৰৰ লেখত ল'বলগীয়া ছবিসমূহৰ ভিতৰত ধৰা হয়। তেখেতৰ চলচ্চিত্ৰ নিৰ্মাণৰ শৈলীয়ে পাছৰ যুগৰ চলচ্চিত্ৰ নিৰ্মাণত প্ৰভাৱ ৰাখি গৈছে।
আইজেনষ্টাইনৰ জন্ম হৈছিল লাটভিয়াৰ ৰাইগা (Riga) চহৰত। পিতৃৰ নাম আছিল মিখাইল আইজেনষ্টাইন আৰু মাতৃ আছিল জুলিয়া ইভানোভ্না কনেটস্কায়া। ১৯০৫ চনৰ বিপ্লবৰ সময়ত মাতৃয়ে ছেৰ্গেইক লৈ ছেইণ্ট পিটাৰ্ছবাৰ্গলৈ আহে। পিতৃ আছিল এজন স্থপতিবিদ। তেখেতে ১৯১০ চনত ছেৰ্গেই আৰু মাকৰ সতে থাকিবলৈ লয়। সোনকালেই ছেৰ্গেই পিতৃ-মাতৃৰ বিবাহ-বিচ্ছেদ ঘটে আৰু মাকে পৰিয়ালৰ পৰা আঁতৰি ফ্ৰান্সত থাকিবলৈ লয়।
প্ৰথাগত শিক্ষাৰ বাবে আইজেনষ্টাইন পেট্ৰোগ্ৰাড-ৰ 'ইনষ্টিটিউট অৱ্ চিভিল ইঞ্জিনীয়াৰিং'-ত ভৰ্তি হয় আৰু এগৰাকী অভিযন্তা হৈ ওলায়। তাৰ পাছত তেওঁ 'লাল ফৌজ'ত যোগ দিয়ে। লাল ফৌজৰপৰাই তেওঁ এটা অপেছাদাৰী নাট্য দল গঢ়ি তোলে। লাল ফৌজৰ কামৰপৰা অব্যাহতি লৈ তেওঁ যোগ দিয়ে 'ফোৰ্গাৰ্ছ থিয়েটাৰ'ত (Forgger's Theatre) ডিজাইনাৰ হিচাপে। তাতেই তেওঁ লগ পায় 'ভ্ছেভোলোড এমিলিয়েভিৎচ্ মেয়াৰহ'ল্ড' (Vsevolod Emilievitch Meyerhold)-ক। মেয়াৰহ'ল্ড আছিল ৰাছিয়ান শিল্প-সংস্কৃতি জগতৰ এজন পথিকৃত ব্যক্তি। এখেতৰ অধীনতে আইজেনষ্টাইন কলা-সংস্কৃতিৰ প্ৰতি বিশেষ ভাৱে আকৃষ্ট হয়।
১৯১৭ চনৰ বিপ্লৱোত্তৰ ৰাছিয়াৰ শিল্পী, বুদ্ধিজীৱী আৰু সাহিত্যিক সকলে সমাজতান্ত্ৰিক ৰাষ্ট্ৰ-ব্যৱস্থাত শিল্প-কলাক কিমান দূৰলৈ মতাদৰ্শগত ভাৱে কামত লগাব পাৰি তাৰে পৰীক্ষা-নিৰীক্ষাত ব্যস্ত হৈ আছিল।
১৯২০ চনত আইজেনষ্টাইন আহি 'প্ৰ'লেৎকুল্ট' (Proletkult) থিয়েটাৰত যোগ দিয়ে আৰু তাৰেপৰাই আইজেনষ্টাইনৰ চলচ্চিত্ৰ নিৰ্মাণৰ আখৰা আৰম্ভ হয়। ১৯২০ চনৰপৰা ১৯২৪ চনলৈ আইজেনষ্টাইন 'প্ৰলেৎকুল্ট থিয়েটাৰ'ত 'দা মেক্ষিকান' (The Mexican), 'কিং হাঙ্গাৰ' (King Hunger), 'মেকবেথ' (Macbeth), 'এ ডল্ছ হাউছ' (A Doll's House), 'প্ৰেচিপিচ' (Precipice), 'এনাফ চিম্প্লিচিটি ইন এভ্ৰি ৱাইজ মেন' (Enough Simplicity in Every Wise Man), 'লিছেন মস্কো' (Listen, Moscow), 'গেছ মাস্কস' (Gas Masks) আদি নাটকত ডিজাইনাৰৰ ভূমিকা পালন কৰে।
১৯২৩ চনত প্ৰযোজিত 'এনাফ চিমপ্লিচিটি' নাটকত ব্যৱহাৰ কৰা হৈছিল কুৰি মিনিট দৈৰ্ঘ্যৰ এখন চলচ্চিত্ৰ। এই চলচ্চিত্ৰ টুকুৰাটো নিৰ্মাণ কৰিছিল আইজেনষ্টাইন। ইয়াৰ পাছতেই আইজেনষ্টাইনে চলচ্চিত্ৰ নিৰ্মাণত আগবাঢ়ে আৰু ১৯২৪ নিৰ্মাণ কৰে নিজৰ প্ৰথমখন পূৰ্ণ্য দৈৰ্ঘ্যৰ চলচ্চিত্ৰ 'ষ্ট্ৰাইক'। ষ্ট্ৰাইকৰ প্ৰযোজক আছিল মস্কোৰ 'গছ্কিনো ষ্টুডিঅ' (Goskino Studio)। ছবিখন ১৯২৫ চনত মুক্তি দিয়া হয়। সেই বছৰে পেৰিছৰ 'এক্সপ'জিছিও দেছাৰ্ট ডেকোৰাতিফ্ছ' (Exposition des Arts De'cpratifs)-এ ছবিখন পুৰস্কৃত কৰে। এক নায়ক বা নায়িকাৰ সলনি এটা ৰাইজৰ সমূহকে নায়ক হিচাপে লৈ কৰা এই চলচ্চিত্ৰখন এক চলচ্চিত্ৰৰ বিপ্লৱ বুলি কোৱা হয়।
|