ছোনিয়া গান্ধী | |
---|---|
![]() | |
লোকসভাৰ সাংসদ ৰাইবেৰেলি, উত্তৰ প্ৰদেশ | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২০০৬ | |
পূৰ্বসূৰী | সীতাৰাম কেশৰী |
উত্তৰসূৰী | ৰাহুল গান্ধী |
ব্যক্তিগত তথ্য | |
জন্ম | ৯ ডিচেম্বৰ, ১৯৪৬ (৭৮ বছৰ) লুচিয়ানা, ইটালী |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
দাম্পত্যসঙ্গী | ৰাজীৱ গান্ধী (প্ৰয়াত) |
সন্তান | ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী |
বাসস্থান | ১০ জনপথ, নতুন দিল্লী, ভাৰত |
ছোনিয়া গান্ধী (ইংৰাজী: Sonia Gandhi, উচ্চাৰণ (সহায়·তথ্য), জন্ম: এণ্ট'নিয়া এলবিনা মাইন' )[1] এগৰাকী ইটালীয় মূলৰ ভাৰতীয় ৰাজনীতিক। তেখেত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী তথা ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ পত্নী।
১৯৪৬ চনৰ ৯ ডিচেম্বৰত ইটালীৰ লুচিয়ানাৰ ভেনেটোত ছোনিয়া গান্ধীৰ জন্ম হৈছিল। ছোনিয়াই তেওঁৰ কৈশোৰ কাল অতিবাহিত কৰে টুৰিনৰ ওচৰৰ অৰবাছান' নামৰ এখন চহৰত। ৰ'মান কেথলিক খ্ৰীষ্টান পৰিয়ালত ডাঙৰ দীঘল হোৱা ছোনিয়াই প্ৰাৰম্ভিক শিক্ষা এখন স্থানীয় কেথলিক বিদ্যালয়ৰ পৰাই কৰিছিল। ১৩ বছৰ বয়সত তেওঁ স্কুলীয়া শিক্ষা সমাপ্ত কৰে আৰু ইয়াৰ পাছত কেম্ব্ৰিজ চহৰৰ 'বেল্চ এডুকেশ্যনেল ট্ৰাষ্টৰ ভাষা বিদ্যালয়ত ইংৰাজী অধ্যয়ন কৰিবলৈ যায়। তাৰেই এখন ৰেস্তোৰাঁত তেওঁ কেম্ব্ৰিজ ইউনিভাৰ্চিটিৰ ট্ৰিনিটি কলেজত ইঞ্জিনিয়াৰিং পঢ়িবলৈ যোৱা ৰাজীৱ গান্ধীক লগ পায়, য'ত ছোনিয়াই আজৰি সময়ত ৱে'ট্ৰেচ হিচাপে কাম কৰিছিল[2]। ইয়াৰ পাছত ১৯৬৮ চনত হিন্দু বৈবাহিক পদ্ধতিৰে দুয়ো বিবাহ পাশত আৱদ্ধ হৈ তেওঁৰ শাহুৱেক তথা তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ঘৰত থাকিবলৈ লয়। পাছলৈ ছোনিয়াই ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰে।
১৯৬৮চনত তেওঁ ৰাজীৱ গান্ধীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ ভাৰতলৈ আহি পাছলৈ তেওঁ ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰে। তেওঁ যদিওবা তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ বোৱাৰী আছিল, তথাপি তেওঁ সেইসময়ত ৰাজনীতি আৰু জনগণৰ পৰা দূৰত আছিল। তেওঁৰ স্বামী ৰাজীৱ গান্ধীৰ হত্যাৰ পাছত, কংগ্ৰেছ নেত্ৰীবৰ্গই তেওঁক ৰাজনীতিত যোগদান কৰি পাৰ্টীটোক নেতৃত্ব প্ৰদান কৰিবলৈ আমন্ত্ৰণ জনাইছিল, কিন্তু তেওঁ সদায়ে অসন্মত আছিল। অৱশেষত ১৯৯৭ চনত তেওঁ এই আমন্ত্ৰণ স্বীকাৰ কৰি ৰাজনীতিত যোগদান কৰিছিল। তাৰ পাছৰ বছৰতে তেওঁক কংগ্ৰেছৰ সভানেত্ৰী পদৰ বাবে মনোনীত কৰা হৈছিল আৰু নিৰ্বাচিত হৈছিল। তেখেতৰ নেতৃত্বত কংগ্ৰেছে ২০০৪ চনৰ লোকসভা নিৰ্বাচনত ভাল ফলাফল দেখুৱাই মিত্ৰজোঁটত চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছত ২০০৯ চনতো পুনৰ নিৰ্বাচিত হৈ ইউ পি এই দিল্লীত চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়।
২০০৪ৰ পৰা ২০১৪ লৈ তেওঁক ভাৰতৰ আটাইতকৈ শক্তিশালী ৰাজনীতিক হিচাপে গণ্য কৰা হৈছিল। বিভিন্ন মেগাজিনত তেওঁক আটাইতকৈ ক্ষমতাশালী ব্যক্তি /নাৰীৰ তালিকাত দেখা গৈছিল।[3] ২০১৩ চনত ফ'ৰ্ব্ছ মেগাজিনে প্ৰকাশ কৰা তালিকাত ছোনিয়াক পৃথিৱীৰ আটাইতকৈ ক্ষমতাশালী ব্যক্তিৰ ভিতৰত ২১ নম্বৰ স্থানত আৰু আটাইতকৈ ক্ষমতাশালী নাৰীৰ ভিতৰত ৯ নম্বৰ স্থানত ৰখা হৈছিল। ২০০৭ চনত তেওঁক আটাইতকৈ ক্ষমতাশালী নাৰীৰ ৩য় স্থানত আৰু আটাইতকৈ শক্তিশালী ব্যক্তিৰ ৬ষ্ঠ স্থানত ৰখা হৈছিল।