ছোৱাইন ফ্লু'ক বৰ্তমান ‘ইনফ্লুৱেঞ্জা-এ(H1N1)’ অথবা ‘H1N1 ফ্লু’ বুলিও জনা যায়। আৰম্ভণিতে গাহৰিৰপৰা মানুহলৈ এই ৰোগৰ সংক্ৰমণ হৈছিল আৰু এই ৰোগবিধ সৃষ্টি কৰা ভাইৰাছ গাহৰিৰ ইনফ্লুৱেঞ্জা কৰা ভাইৰাছৰ সৈতে একে বুলি ভবা হোৱা বাবে ইয়াক ‘ছোৱাইন ফ্লু’ বুলি কোৱা হৈছিল। বহুতে এই ৰোগক পিগ ইনফ্লুৱেঞ্জা, হেগ ফ্লু, পিগ ফ্লু, মেক্সিকান ফ্লু, নিউ ফ্লু বুলিও কয়। বৰ্তমান সময়ত এই ৰোগবিধ গাহৰিৰপৰা নহয়, মানুহৰ পৰা মানুহলৈ সংক্ৰমণ হয় বুলি কোৱা হৈছে। প্ৰকৃত ছোৱাইন ফ্লু আচলতে ভাইৰাছৰ দ্বাৰা গাহৰিৰ শ্বাসতন্ত্ৰত হোৱা এবিধ ৰোগ। সাধাৰণতে মানুহৰ মাজত এই ৰোগ নহয়। কাচিৎ হ’লেও তাক জুনেটিক ছোৱাইন ফ্লু বুলি কোৱা হয়। ২০০৯ চনৰ মাৰ্চৰ শেষ আৰু এপ্ৰিলৰ প্ৰথম ভাগত মানুহৰ মাজত ছোৱাইন ফ্লুৰ ভাইৰাছ (H1N1) সংক্ৰমণৰ প্ৰথম খবৰ পোৱা গৈছিল। এই ঘটনা ঘটিছিল মেক্সিকোত। পৰৱৰ্তী সময়ত ই পৃথিৱীৰ কেইবাখনো দেশলৈ সংক্ৰমিত হৈছিল। পিচত গম পোৱা গ’ল যে মানুহৰ শৰীৰত সৃষ্টি হোৱা এইবিধ ৰোগৰ মূল কাৰক আচলতে গাহৰি, চৰাই আৰু মানুহৰ ইনফ্লুৱেঞ্জা কৰা ভাইৰাছৰ জেনেটিক পদাৰ্থ থকা ইনফ্লুৱেঞ্জা-এ (H1N1) ভাইৰাছ বিধহে।[2]
অন্য ফ্লু ভাইৰাছৰ দৰে এই ফ্লু সৃষ্টি কৰা ইনফ্লুৱেঞ্জা-এ (H1N1) ভাইৰাছ এজনৰপৰা আনজনলৈ বিয়পে। ই অতি সোঁচৰা। এই ভাইৰাছবিধ সাধাৰণতে আক্ৰান্ত ব্যক্তিৰ কাহ আৰু হাঁচিৰ যোগেৰে বিয়পি পৰে। এইবিধ ফ্লুৰ ভাইৰাছ থকা লোকৰ লেলাউটি, নাক, ডিঙি আদিৰপৰা ওলোৱা বিজলুৱা পদাৰ্থৰ জৰিয়তেও ই বিয়পে। কেতিয়াবা এইবিধ ফ্লুৰ ভাইৰাছ থকা লোকৰ শৰীৰ বা আন কিছু বস্তু স্পৰ্শ কৰি হাতেৰে নাক বা মুখ স্পৰ্শ কৰিলে এই ৰোগ সংক্ৰমিত হব পাৰে। উপসৰ্গ দেখা দিয়াৰ এদিন আগৰে পৰা অসুস্থ হোৱাৰ ৭ দিন বা তাতোকৈ বেছিদিন পিছলৈ আক্ৰান্ত ব্যক্তিৰ দ্বাৰা আন ব্যক্তিৰ গালৈ সংক্ৰমণ ঘটিব পাৰে। অৰ্থাৎ আক্ৰান্ত ব্যক্তিয়ে ৰোগ হৈছে বুলি নিজে জনাৰ আগতেই আনৰ গালৈও এই ৰোগ বিয়পাব পাৰে। এটা হাঁচিয়ে বতাহত সহস্ৰ ভাইৰাছ মেলি দিয়ে। বতাহত বিয়পা এই ভাইৰাছে পৰিষ্কাৰ-পৰিচ্ছন্নভাৱে নথকা লোকক সহজতে আক্ৰমণ কৰে। ভিৰ এলেকাত ইয়াৰ সংক্ৰমণ অধিক হয়। খাদ্যৰ পৰা (আনকি গাহৰিৰ মাংস) এইবিধ ভাইৰাছ নিবিয়পে।[2]
ছোৱাইন ফ্লুৰ লক্ষণবোৰ সাধাৰণ ফ্লুৰ দৰেই মানুহৰ গাত দেখা দিয়ে। সাধাৰণতে এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ দুইৰ পৰা সাত দিনৰ ভিতৰত দেখা দিয়া লক্ষণবোৰ হ’ল- জ্বৰ, কাহ, মাত বহি যোৱা, ডিঙি চেকচেকাই থকা, ডিঙিৰ বিষ, গাৰ বিষ, মূৰৰ বিষ, অত্যধিক ঠাণ্ডা অনুভৱ কৰা, নাক বন্ধ হোৱা, খোৱা-বোৱাত ৰুচি নোহোৱা আৰু ভাগৰুৱা বোধ কৰা ইত্যাদি। ছোৱাইন ফ্লু হোৱা কিছুমান লোকৰ ডায়েৰিয়া আৰু বমিও হব পাৰে। আন সাধাৰণ ফ্লুৰ দৰে ছোৱাইন ফ্লু দীৰ্ঘম্যাদী হ’লে, ৰোগীৰ জটিল অৱস্থা নিউম'নিয়া আৰু এনকেফেলাইটিছ (মূৰ্ছা যোৱা, অজ্ঞান হোৱা, পেৰালাইছিচ আদি) আদি হ’ব পাৰে। নিউম'নিয়া, উশাহ-নিশাহত কষ্ট পোৱা, ডিহাইড্ৰেচন, বৃক্ক অচল হোৱা, যকৃত অচল হোৱা, মাল্টিঅৰ্গেণ ফেইলাৰ, ৰেব্ডোমায়োলাইছিছ, মায়োকাৰ্ডাটিছ আদি হৈয়ো এনে ৰোগীৰ মৃত্যু হ’ব পাৰে। সাধাৰণতে শিশু (বিশেষকৈ এছপিৰিন খোৱা), গৰ্ভৱতী মহিলা আৰু শ্বাস-প্ৰশ্বাস জনিত ৰোগ, ডায়েবেটিছ, ক্ৰনিক হাৰ্ট ডিজিজ, বৃক্ক, যকৃত আদিৰ পুৰণা ৰোগ থকা ব্যক্তিৰ জটিলতা হোৱাৰ আশংকা অধিক দেখা যায়।[2]
যিহেতু ছোৱাইন ফ্লুৰ লক্ষণবোৰ সাধাৰণ ফ্লুৰ দৰে একে, সেয়েহে এই ৰোগবিধ কেৱল পৰীক্ষাগাৰত পৰীক্ষা কৰিহে থিৰাং কৰিব পাৰি। একেৰাহে সাতদিন ছোৱাইন ফ্লু হোৱা ৰোগীৰ সংস্পৰ্শত থকা, সাতদিনৰ ভিতৰত ছোৱাইন ফ্লু ৰোগী থকা ঠাই ভ্ৰমণ কৰা অথবা ছোৱাইন ফ্লু হোৱা ঠাইৰ কোনো ব্যক্তিৰ যদি ফ্লুৰ লক্ষণ দেখা দিয়ে তেন্তে তেওঁক ছোৱাইন ফ্লু ৰোগী হিচাপে সন্দেহ কৰা হ’ব পাৰে। কিন্তু ৰোগ নিৰ্ণয়ৰ বাবে লেব’ৰেটৰী পৰীক্ষাৰ বিকল্প নাই। আক্ৰান্ত ব্যক্তিৰ নাকৰ শেঙুন অথবা ক’ফৰ ৰিয়েল টাইম পি চি আৰ (rRt-PCR Flu Panel diagnostic test)) পদ্ধতিৰে ইনফ্লুৱেঞ্জা-এ (H1N1) ভাইৰাছ চিনাক্ত কৰিব পাৰি।[2]
ছোৱাইন ফ্লুৰ লক্ষণসমূহ সাধাৰণ জ্বৰৰ দৰেই একে। ফলত বহু সময়ত খুব পলমকৈহে ই ধৰা পৰে। জটিলতা অনুভৱ কৰিলেই চিকিৎসা সেৱা গ্ৰহণ কৰা উচিত। ছোৱাইন ফ্লুত আক্ৰান্ত ৰোগীক এণ্টিভাইৰেল ঔষধ, যেনে- Oseltamivir (Tamiflu) অথবা Zanamivir (Relenza) আদি দি সকাহ দিয়াৰ উপৰিও ৰোগীক জটিল অৱস্থালৈ যোৱাৰ পৰা ৰক্ষা কৰিব পৰা যায়। এণ্টিভাইৰেল ঔষধ সেৱন কৰাৰ উপৰিও ঘৰতে হওক বা হস্পিতালতে হওক ৰোগীক আছুতীয়া কক্ষত ৰাখি জ্বৰ কমোৱা দৰৱ, উপৰুৱা বেক্টেৰিয়েল সংক্ৰমণ কমাবৰ বাবে এণ্টিবায়োটিক দিয়াৰ উপৰিও শৰীৰৰ পানী আৰু ইলেক্ট্ৰ’লাইট সঠিককৈ ৰাখিবলৈ চেলাইন দিব লাগে আৰু পনীয়া পুষ্টিকৰ আহাৰ আদি খাবলৈ দিব লাগে। ছোৱাইন ফ্লুত আক্ৰান্ত শিশুৰ শ্বাস-প্ৰশ্বাস দ্ৰুত হ’লে আৰু উশাহ লওঁতে কষ্ট পালে, ছালৰ বৰণ নীলা হ’লে, প্ৰয়োজনীয় পানী গ্ৰহণ নকৰিলে, টোপনিৰ পৰা নুঠা বা হাঁহি মাতি নথকা, শিশুটিক ধৰিলে বা কোঁচত ল’লে বিৰক্ত হোৱা, ফ্লুৰ লক্ষণবোৰ কমি গলেও জ্বৰ আৰু ভীষণভাৱে কাঁহ থাকিলে, জ্বৰৰ লগতে গাত গুটি ওলোৱা আদি লক্ষণবোৰে দেখা দিলে অনতি পলমে চিকিৎসা কৰিব লাগে। আক্ৰান্ত বয়স্কসকলে উশাহ চুটি হোৱা আৰু উশাহ লওঁতে কষ্ট পালে, বুকুত বা পেটত বিষ বা হেঁচা মাৰি ধৰা, হঠাৎ মূৰ ঘুৰোৱা, মনত খেলি-মেলি ভাৱ আহি থকা, খুব বেছিকৈ বা ঘনাই বমি হৈ থকা আদি লক্ষণ দেখা দিলে জৰুৰীভাৱে চিকিৎসা কৰোৱাৰ প্ৰয়োজন। হস্পিতালত ৰোগীক আছুতীয়া কক্ষত ৰাখি চিকিৎসা প্ৰদান কৰিব লাগে। জটিল অৱস্থাৰ সৃষ্টি হলে ৰোগীক ICU ত ভৰ্তি কৰাব লগাও হ’ব পাৰে।[2]
দৈনন্দিন কিছুমান অভ্যাস পালন কৰি এইবিধ ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিব পৰা যায়।
দীৰ্ঘসময়ৰ বাবে এই ৰোগ প্ৰতিৰোধ কৰাৰ বাবে বজাৰত Inactivated H1N1 ভেকচিন (VaxiFlu S), Live attenuated H1N1 ভেকচিন ( Nasovac) আদি উপলব্ধ। ২ৰ পৰা ৮ ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতাত ৰাখিব লগা Inactivated H1N1 ভেকচিন (VaxiFlu S) ০.৫ মিলিলিটাৰ ডোজত বেজী হিচাপে মাংসপেশীত মাত্ৰ এবাৰে দিয়া হয়। আন বেজীৰ দৰে বিষ হোৱা, জ্বৰ, মূৰৰ বিষ আদি পাৰ্শ্বক্ৰিয়া হ’ব পাৰে। Live attenuated H1N1 ভেকচিন (Nasovac) নেজেল স্প্ৰে হিচাবে ব্যৱহাৰ কৰা হয়। ভেকচিনে এশ শতাংশই ইনফ্লুৱেঞ্জা-এ (H1N1) ৰোগ প্ৰতিৰোধ নকৰে, মাত্ৰ ৰোগৰ আশংকাহে কমায়। এই ভেকচিন লোৱাৰ ১৫ দিনৰ পিছতহে সুৰক্ষা দিব আৰম্ভ কৰে। ভেকচিন লোৱাৰ আগতে বা দুই-তিনিদিনৰ ভিতৰত এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ব্যক্তিৰ কিন্তু এই ৰোগ হ’ব পাৰে। যিহেতু সকলোকে ভেকচিন দিয়া সম্ভৱ নহয়, সেয়েহে বিশ্ব স্বাস্থ্য সংস্থাই প্ৰথমে এই ৰোগ পৰিচৰ্য্যা কৰা স্বাস্থ্য কৰ্মীক ভেকচিন দিয়াৰ কথা কৈছে। ইয়াৰ পিছত সম্ভৱ হ’লে ক্ৰমে গৰ্ভৱতী মহিলা, শিশু, ১৫-৪৯ বয়সৰ ব্যক্তি আৰু ৪৯-৬৫ বয়সৰ ব্যক্তিক ভেকচিন দিব কৈছে।[2]
![]() |
ৱিকিমিডিয়া কমন্সত ছোৱাইন ফ্লু সম্পৰ্কীয় মিডিয়া ফাইল আছে। |