ছৌ নৃত্য (ইংৰাজী: Chhau dance) এক অৰ্দ্ধ-শাস্ত্ৰীয়, ভাৰতীয় যুদ্ধনৃত্য।[1] উৎপত্তি আৰু বিকাশৰ আধাৰত ছৌ নৃত্যৰ তিনিটা শৈলী দেখা যায়- পুৰুলিয়া ছৌ (পশ্চিম বংগ), ছেৰাইকেল্লা ছৌ (ঝাৰখণ্ড) আৰু ময়ুৰভঞ্জ ছৌ (উৰিষ্যা)। এই তিনিটা শৈলীৰ মাজৰ প্ৰধান পাৰ্থক্যটো হ’ল মুখাৰ ব্যৱহাৰ। ছেৰাইকেল্লা আৰু পুৰুলিয়াত ছৌত মুখাৰ ব্যৱহাৰ হোৱাৰ বিপৰীতে ময়ুৰভঞ্জ ছৌত মুখাৰ ব্যৱহাৰ নহয়।[2]
ছৌ নৃত্যৰ নামাকৰণ সম্বন্ধে বিভিন্নজনৰ বিভিন্ন মত দেখা যায়। ডঃ পশুপতি প্ৰসাদ মাহাতো আৰু ডঃ সুধীৰ কৰণৰ মতে এই নাচৰ নাম ‘ছো’। আকৌ বিভূতিভূষণ দাসগুপ্ত আৰু ডঃ বংকিম মাহাতোৰ মতে ‘ছ’। কলকাতা বিশ্ববিদ্যালয়ৰ ৰবীন্দ্ৰ অধ্যাপক ডঃ আশুতোষ ভট্টাচাৰ্যই সৰ্বপ্ৰথমে এই নৃত্যক ছৌ নামেৰে অভিহিত কৰে আৰু বিদেশত এই নৃত্যৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰাৰ পাছত ছৌ নৃত্য নামেৰে জনপ্ৰিয় হৈ পৰে।
ৰাজেশ্বৰ মিত্ৰৰ মতে তিব্বতী সংস্কৃতিৰ ‘ছাম নাচ’ৰ পৰা ছৌ নৃত্যৰ উদ্ভৱ হৈছে। সুকুমাৰ সেনৰ মতে ‘শৌভিক’ (অৰ্থাৎ মুখা) পৰা ছৌ নামটো আহিছে। বহুতৰ মতে কুড়মালী ভাষাৰ ‘ছুৱা’ বা ‘ছেলে’ৰ পৰা ছৌ শব্দটো আহিছে; এই নাচ মূলতঃ ‘ছেলে’ অৰ্থাৎ ল’ৰাবোৰৰ নাচ। কোনো কোনো গৱেষকে ভাবে যে ই সংস্কৃত শব্দ ‘ছায়া’ৰ পৰা আহিছে। কিন্তু সীতাকান্ত মহাপাত্ৰৰ মতে 'ছাউনি' শব্দৰ পৰা ছৌ শব্দটো আহিছে।[3][4]
ছৌ নাচ ঝাৰখণ্ড, পশ্চিম বংগ আৰু উৰিষ্যাত মূলতঃ উৎসৱৰ সময়ত, বিশেষকৈ বসন্তোৎসৱ চৈত্ৰ পৰ্বৰ সময়ত পৰিবেশন কৰা হয়। পুৰুলিয়া ছৌ সৌৰোৎসৱৰ সময়ত নচা হয়।[5]
মুখা পুৰুলিয়া আৰু ছেৰাইকেল্লা শৈলীৰ ছৌ নাচৰ এক অবিচ্ছেদ্য অংগ।[2] নাচ, সংগীত আৰু মুখা নিৰ্মাণৰ জ্ঞান মৌখিকভাৱে এটা প্ৰজন্মৰ পৰা আন প্ৰজন্মলৈ বিয়পি যায়।[6] উত্তৰ উৰিষ্যাৰ ছৌত নচাৰ সময়ত মুখাৰ ব্যৱহাৰ নহয়; কিন্তু আৰম্ভণিতে মঞ্চত প্ৰবেশ কৰি নৃত্য সম্পৰ্কে দৰ্শকক পৰিচিতি প্ৰদান কৰোঁতে শিল্পীসকলে মুখা পৰিধান কৰে।[7] মুখা ব্যৱহাৰ কৰা ছৌ- সমৰ-কলা আৰু নৃত্যৰ সমন্বিত ৰূপ। ছৌত যুদ্ধৰ আখৰা (যাক খেল বুলি কোৱা হয়), চৰাই-চিৰিকটি আৰু জীৱ-জন্তুৰ চাল-চলন (যাক চালি আৰু টপকা বুলি কোৱা হয়) আৰু গাঁৱলীয়া তিৰোতাৰ গতিবিধি কলাত্মক ৰূপত পৰিবেশিত হয়।[5] মোহন খোকাৰৰ মতে ছৌ নৃত্যৰ এই ৰূপটোৰ কোনো আনুষ্ঠানিক অৰ্থ নাই; ই এক প্ৰকাৰৰ সামূহিক উদযাপন আৰু মনোৰঞ্জন।[8]
এই নৃত্য পুৰুষ নৃত্যশিল্পীয়ে ৰাতি মুকলি ঠাইত পৰিবেশন কৰে। পৰিবেশন কৰা ঠাইখিনি আখাড়া বা আসৰ বোলা হয়। এই নাচ ছন্দময় আৰু পৰম্পৰাগত লোকসংগীতৰ সৈতে সম্পৰ্কীত। নলেৰে তৈয়াৰ কৰা এবিধ পেঁপা মহুৰি আৰু চেহনাই বজোৱা হয়। লগতে সংগত কৰা হয় নলাকাৰ ঢোল, ধূমছা (দবা সদৃশ ঢোল) আৰু খাৰকা বা চাদ-চাদি আদি বিভিন্ন ঢোলবাদ্য। এই নাচৰ বিষয়-বস্তু ভিতৰত থাকে- স্থানীয় কিংবদন্তি, লোককথা, ৰামায়ণ আৰু মহাভাৰতৰ আখ্যান আৰু অন্যান্য বিমূৰ্ত বিষয়বস্তু।[2]
কলিংগৰ গজপতি শাসনৰ সময়ত ছেৰাইকেল্লা, পুৰুলিয়া (পশ্চিম বংগ) আৰু ময়ুৰভঞ্জ (উৰিষ্যা) ছৌৰ বিকাশ ঘটিছিল। ছেৰাইকেল্লা বৰ্তমানৰ ঝাৰখণ্ডৰ ছেৰাইকেল্লা খাৰসাৱন জিলা প্ৰশাসনিক সদৰ।[9] এই তিনিটা শৈলীৰ মাজৰ আটাইতকৈ বিশিষ্ট পাৰ্থক্যটো হ’ল মুখাৰ ব্যৱহাৰ।
২০১০ চনত ছৌ নাচে ইউনেস্ক'ৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্য তালিকাত স্থান পায়।[10] উৰিষ্যা চৰকাৰে ১৯৬০ চনত ছেৰাইকেল্লাত চৰকাৰী নৃত্য কেন্দ্ৰ আৰু ১৯৬২ চনত বৰিপাড়াত ময়ুৰভঞ্জ ছৌ নৃত্য প্ৰতিষ্ঠান স্থাপন কৰে। এই প্ৰতিষ্ঠানসমূহে স্থানীয় গুৰু, শিল্পী, পৃষ্ঠপোষক আৰু ছৌ প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিসকলক জড়িত কৰি প্ৰশিক্ষণ প্ৰদান কৰে আৰু চৰকাৰী পৃষ্ঠপোষকতাত ছৌ নৃত্য পৰিবেশনৰ ব্যৱস্থা কৰে। ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতা ছৌ নৃত্যৰ বাবে তাৎপৰ্যপূৰ্ণ চৈত্ৰ পৰ্ব উৎসৱতো অনুষ্ঠিত হয়। সংগীত নাটক একাডেমীয়ে উৰিষ্যাৰ বৰিপাড়াত ৰাষ্ট্ৰীয় ছৌ নৃত্য কেন্দ্ৰ স্থাপন কৰিছে।[11][12]