ছৌদি আৰৱত ধৰ্ষণ কাণ্ড শ্বৰীয়ত আইনৰ ব্যাখ্যাৰ দ্বাৰা নিয়ন্ত্ৰিত হয়, যাৰ অধীনত অপৰাধমূলক ধৰ্ষণৰ অপৰাধত দোষী সাব্যস্ত হোৱা কোনো ব্যক্তিক কোবাই মৰাৰ পৰা ফাঁচীলৈকে বিভিন্ন ধৰণৰ শাস্তি প্ৰদান কৰিব পাৰি।[1] ২০১৯ চনত ছৌদি আৰৱত ধৰ্ষণৰ অপৰাধত আঠটা মৃত্যুদণ্ড সংঘটিত হৈছে।[2]
২০০২ চনলৈকে ছৌদি আৰৱত বছৰি প্ৰতি এক লাখ লোকৰ বিপৰীতে ০.৩ ধৰ্ষণৰ বাতৰি পোৱা গৈছে।[3][4] দেশত বৈবাহিক ধৰ্ষণৰ ওপৰত কোনো নিষেধাজ্ঞা নাই।[5]
ছৌদি আৰৱৰ ন্যায়াধীশসকলে ধৰ্ষণক হুদুদ অপৰাধ হিচাপে গণ্য কৰে, যিবোৰক ইছলাম নীতি অনুসৰি ঈশ্বৰৰ নিয়ম হিচাপে গণ্য কৰা হয় আৰু ইছলামিক উৎসৰ পৰা আহৰিত নিৰ্দিষ্ট শাস্তিৰ বিধান থাকে। ১৯৮১ চনৰ চৌদি আৰৱৰ এটা ফতোৱাত উল্লেখ কৰা হৈছিল যে, যৌন আতিশয্যৰ অপৰাধ হিৰাবাহ (ব্ৰিগাণ্ডেজ বা ঘাইপথ ডকাইতি) নিয়মৰ দ্বাৰা সামৰি লোৱা উচিত, যি এটা হাড অপৰাধ আৰু যাৰ অস্বাভাৱিক ব্যাখ্যা ধ্ৰুপদী ইছলামিক ন্যায়বিজ্ঞানৰ পৰা আঁতৰি যায়। ইয়াক প্ৰমাণ কৰিবলৈ দুজন পুৰুষ সাক্ষী বা অপৰাধীৰ পৰা স্বীকাৰোক্তি লোৱাৰ প্ৰয়োজন হয় কিন্তু এজন ন্যায়াধীশে ধৰ্ষণক তাজিৰ অপৰাধ হিচাপে গণ্য কৰিব পাৰে, অৰ্থাৎ যিটো অপৰাধৰ বাবে কোৰআন বা ছুন্নাত শাস্তি নিৰ্ধাৰণ কৰা হোৱা নাই (ইছলামিক নবী মহম্মদৰ কথা, কাৰ্য্য, আৰু অভ্যাস) অৰ্থাৎ শাস্তি বিচাৰকৰ বিবেচনাৰ ওপৰত এৰি দিয়া হয়। ইয়াৰ দ্বাৰা পৰিস্থিতিগত প্ৰমাণ পোৱা যেন লাগে যদিও ধৰ্ষণ ছৌদি আৰৱৰ ৰক্ষণশীল ন্যায়পালিকাৰ ওচৰত প্ৰমাণ কৰাটো কঠিন হৈয়েই আছে, যিয়ে বিপৰীত লিংগৰ লোকৰ মাজত হোৱা অপৰাধক শাস্তি দিবলৈ অধিক আগ্ৰহী।[6]
ছৌদি আৰৱত, নাৰীৰ গৰ্ভাৱস্থাক যৌন সম্পৰ্ক হোৱাৰ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰিব পাৰি আৰু মহিলা ধৰ্ষণ বা যৌন হিংসাৰ ৰিপৰ্ট দিয়াসকলে অবৈধ যৌন সম্পৰ্ক (জিনা) স্বীকাৰ কৰা বুলি ধৰি গোচৰ চলাব পাৰি আৰু শাৰীৰিক শাস্তিৰ বিধান দিব পাৰি য'ত সামূহিক কোব আৰু আনকি শিলগুটি দলিওৱাৰ দৰে শাস্তিও থাকিব পাৰে।[7]
মানৱাধিকাৰ আয়োগে এই পৰিস্থিতিৰ তদন্ত কৰে, আৰু তেওঁলোকৰ প্ৰতিবেদনত এই কথা প্ৰকাশ কৰিছে যে, ধৰ্ষণৰ বলি হোৱা এগৰাকীয়ে অপৰাধৰ বিৰুদ্ধে মাত মাতিলে শাস্তি পাব পাৰে। এনে গোচৰত মাত মাতিলে ভুক্তভোগীৰ শাস্তি দুগুণ কৰা হৈছিল আৰু আদালতে ভুক্তভোগীৰ অধিবক্তাকো হাৰাশাস্তি কৰিছিল; ইমান দূৰলৈকে গৈছিল যে, তেওঁৰ পেছাদাৰী অনুজ্ঞাপত্ৰও জব্দ কৰিছিল।[8]
কিন্তু এইটোও স্বীকাৰ কৰা হৈছে যে, ধৰ্ষণকাৰীক শাস্তি দিয়া শ্বৰীয়ত আইন[9] দেশৰ আইনী ব্যৱস্থাৰ ভিত্তি হিচাপে কাম কৰে।
২০০৯ চনত ছৌদি গেজেটত প্ৰকাশ পাইছিল যে, এগৰাকী ২৩ বছৰীয়া অবিবাহিত মহিলাক ব্যভিচাৰৰ অপৰাধত এবছৰৰ কাৰাদণ্ড আৰু ১০০ টা কোবৰ শাস্তি দিয়া হৈছিল, কাৰণ ন্যায়াধীশে তেওঁক ধৰ্ষণ কৰা হৈছে বুলি বিশ্বাস কৰা নাছিল। এই মহিলাগৰাকীক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল, ফলত গৰ্ভৱতী হৈছিল আৰু ভ্ৰুণটোক গৰ্ভপাত কৰিবলৈ চেষ্টা কৰিছিল(বিফল)। শাস্তি প্ৰদান প্ৰসৱৰ পিছলৈকে পিছুৱাই দিয়া হৈছিল।[10]
ধৰ্ষণৰ গোচৰৰ শাস্তি প্ৰদান ছৌদি আৰৱত অত্যন্ত ভাৰসাম্যহীন। উদাহৰণস্বৰূপে, ২০১৩ চনৰ ফেব্ৰুৱাৰী মাহত এজন ছৌদি ধৰ্ম প্ৰচাৰকে তেওঁৰ পাঁচ বছৰীয়া কন্যাক ধৰ্ষণ, অত্যাচাৰ আৰু হত্যা কৰিছিল। তেওঁক আঠ বছৰৰ কাৰাদণ্ড, ৮০০ কোব আৰু ছোৱালীজনীৰ মাতৃ, তেওঁৰ প্ৰাক্তন পত্নীক দিবলৈ এক মিলিয়ন ৰিয়াল (২ লাখ ৭০,০০০ মাৰ্কিন ডলাৰ)ৰ জৰিমনা দিয়াৰ শাস্তি দিয়া হয়।[11] ইয়াৰ বিপৰীতে ধৰ্ষণৰ অপৰাধত দোষী সাব্যস্ত হোৱাৰ পিছত দুজন পাকিস্তানী নাগৰিকৰ ৰাষ্ট্ৰই শিৰচ্ছেদ কৰিছিল।[12]
কাতিফ ধৰ্ষণ গোচৰটো বহু প্ৰচাৰিত দলবদ্ধ ধৰ্ষণৰ গোচৰ। ২০০৬ চনৰ মাজভাগত কাতিফ(চৌদি আৰৱৰ পূব প্ৰদেশ)ৰ এগৰাকী ছিয়া কিশোৰী আৰু তেওঁৰ সংগী পুৰুষক ৭ জন ছৌদি লোকে অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ কৰিছিল। ছৌদি শ্বৰীয়ত আদালতে দোষীক ৮০ৰ পৰা ১০০০ কোব আৰু ইয়াৰে চাৰিজনৰ বাবে দহ বছৰ পৰ্যন্ত কাৰাদণ্ডৰ সৈতে জড়িত বিভিন্ন শাস্তি প্ৰদান কৰে। আদালতে ৰখাই থোৱা গাড়ী এখনত "অনাত্মীয় মানুহ এজনৰ সৈতে অকলে থকাৰ" অভিযোগত ভুক্তভোগী দুজনক ছয়মাহৰ কাৰাদণ্ড আৰু ৯০ টাকৈ কোব খোৱাৰ শাস্তি প্ৰদান কৰে। ছৌদি আৰব ৰাজ্যত মহিলাসকলৰ লগত কৰা ব্যৱহাৰ আৰু ছৌদি ন্যায়িক পদ্ধতিৰ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই অনুষ্ঠানৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ শাস্তি হিচাপে ২০০৭ চনৰ শেষৰ ফালে আপীল আদালতে ভুক্তভোগীসকলৰ শাস্তি দুগুণ বৃদ্ধি কৰে। ২০০৭ চনৰ ডিচেম্বৰ মাহত ছৌদি আৰৱৰ ৰজা আব্দুল্লাই জনসাধাৰণৰ মংগলকামী হিচাপে "বিবেচনামূলক" শাস্তিসমূহ সংশোধন কৰাৰ চূড়ান্ত কৰ্তৃত্বৰ উল্লেখ কৰি দুয়োজন ভুক্তভোগীৰ বাবে আনুষ্ঠানিক ক্ষমা জাৰি কৰে, যদিও এই ক্ষমাই ছৌদি আৰৱৰ ন্যায় ব্যৱস্থা বা ৰায়দানৰ ন্যায্যতাৰ ওপৰত কোনো ধৰণৰ আস্থাৰ অভাৱ প্ৰতিফলিত কৰা নাছিল।[13]
ছৌদি ন্যায় মন্ত্ৰালয়ে কয় যে, ধৰ্ষণ প্ৰমাণ কৰিব পৰা নগ’ল কাৰণ কোনো সাক্ষী নাছিল আৰু ধৰ্ষণকাৰীয়ে প্ৰথমে জেৰাৰ সময়ত কৰা স্বীকাৰোক্তি প্ৰত্যাহাৰ কৰিছিল। এই গোচৰৰ সৈতে জড়িত নথকা অধিবক্তা আব্দুল-আজিজ আল-গাছেমে কয় যে, শ্বৰীয়ত (ইছলামিক আইন)ত প্ৰতিবাদকাৰীয়ে স্বাক্ষৰিত স্বীকাৰোক্তি অস্বীকাৰ কৰিব পাৰে। দোষী সাব্যস্ত হ’লে এনে ক্ষেত্ৰত শাস্তি এতিয়াও সম্ভৱ, কিন্তু ৰায়দান লঘু হয়৷[14]