মাননীয় জগদীপ ধনখড় | |
---|---|
![]() | |
ভাৰতৰ ১৪তম উপৰাষ্ট্ৰপতি | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ১১ আগষ্ট ২০২২ | |
ৰাষ্ট্ৰপতি | দ্ৰৌপদী মূৰ্মু |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
পূৰ্বসূৰী | ভেংকাইয়া নাইডু |
পশ্চিমবংগৰ ২১তম ৰাজ্যপাল | |
কাৰ্যকাল ৩০ জুলাই ২০১৯ – ১৮ জুলাই ২০২২[1] | |
মুখ্যমন্ত্ৰী | মমতা বন্দ্যোপাধ্যায় |
পূৰ্বসূৰী | কেশৰী নাথ ত্ৰিপাঠী |
উত্তৰসূৰী | লা. গণেশন (ভাৰপ্ৰাপ্ত) |
ৰাজ্যিক মন্ত্ৰী, ভাৰত চৰকাৰ | |
কাৰ্যকাল ২১ নৱেম্বৰ ১৯৯০ – ২১ জুন ১৯৯১ | |
প্ৰধানমন্ত্ৰী | চন্দ্ৰ শেখৰ |
মন্ত্ৰী | সত্য প্ৰকাশ মালৱীয় |
মন্ত্ৰালয় | সংসদীয় পৰিক্ৰমা |
ৰাজস্থান বিধানসভাৰ সদস্য | |
কাৰ্যকাল ৪ ডিচেম্বৰ ১৯৯৩ – ২৯ নৱেম্বৰ ১৯৯৮ | |
পূৰ্বসূৰী | জগজিৎ সিং |
উত্তৰসূৰী | নাথু ৰাম |
সমষ্টি | কিচনগড়, ৰাজস্থান[2] |
লোকসভাৰ সদস্য | |
কাৰ্যকাল ২ ডিচেম্বৰ ১৯৮৯ – ২১ জুন ১৯৯১ | |
পূৰ্বসূৰী | মহম্মদ আয়ুব খান |
উত্তৰসূৰী | মহম্মদ আয়ুব খান |
সমষ্টি | ঝুনঝুনু |
ব্যক্তিগত তথ্য | |
জন্ম | ১৮ মে', ১৯৫১ (৭৩ বছৰ)[3] কিথানা, ঝুনঝুনু জিলা, ৰাজস্থান, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
আন ৰাজনৈতিক সম্পৰ্ক |
জনতা দল (১৯৯১ লৈকে) ভাৰতীয় জাতীয় কংগ্ৰেছ (১৯৯১-২০০৩) |
বাসস্থান | উপৰাষ্ট্ৰপতি ভৱন, ৬, মৌলানা আজাদ পথ, নতুন দিল্লী |
শিক্ষানুষ্ঠান | ৰাজস্থান বিশ্ববিদ্যালয় |
পেচা | ৰাজনীতিবিদ |
জীৱিকা |
|
ৱেবছাইট | vicepresidentofindia |
জগদীপ ধনখড় (ইংৰাজী: Jagdeep Dhankhar; জন্ম: ১৮ মে, ১৯৫১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান ভাৰতৰ ১৪তম উপৰাষ্ট্ৰপতি। ইয়াৰ আগতে তেওঁ পশ্চিমবংগ ৰাজ্যৰ ৰাজপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। তেওঁ চন্দ্ৰ শেখৰ মন্ত্ৰীসভাত সংসদীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২২ চনত তেওঁক ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰে আৰু সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ সমৰ্থিত প্ৰাৰ্থী মাৰ্গাৰেট আলভাক পৰাস্ত কৰি তেওঁ ভাৰতৰ ১৪তম উপৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়।[4]
১৯৫১ চনৰ ১৮ মে’ তাৰিখে ৰাজস্থান ৰাজ্যৰ ঝুনঝুনু জিলাৰ এখন সৰু গাঁও কিঠানাত জগদীপ ধনখড়ে জন্মগ্ৰহণ কৰিছিল। তেওঁ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা ক্ৰমে কিঠানা চৰকাৰী বিদ্যালয় আৰু ঘৰধনা চৰকাৰী বিদ্যালয়ৰ পৰা সম্পূৰ্ণ কৰিছিল।[5] তাৰপিছত তেওঁ চিত্তোৰগড় সৈনিক স্কুলৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত জয়পুৰৰ ৰাজস্থান বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান আৰু আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে।[6]