জগন্নাথ | |
---|---|
![]() ২০১১ চনত জগন্নাথ মূৰ্তি |
এই সাঁচটো নিম্নোক্ত প্ৰবন্ধৰ এক অংশ |
বৈষ্ণৱ ধৰ্ম |
---|
![]() |
প্ৰধান দেৱতা (ত্ৰিমুৰ্তি) |
অনান্য দেৱ দেৱী |
|
হিন্দু ধৰ্মগ্ৰন্থ |
সম্প্ৰদায় |
দাৰ্শনিক-আচাৰ্য |
সম্পৰ্কীয় পৰম্পৰা |
হিন্দু ধৰ্ম |
জগন্নাথ (ওড়িয়া: ଜଗନ୍ନାଥ) প্ৰধানকৈ ভাৰত আৰু বাংলাদেশত পূজিত এগৰাকী দেৱতা। তেওঁক ভাতৃ বালভদ্ৰ আৰু ভগ্নী সুভদ্ৰাৰ সৈতে সাধাৰণতে আৰাধনা কৰা হয়। ওড়িয়া হিন্দু ধৰ্মত তেওঁ সৰ্বোচ্চ দেৱতা: পুৰুষোত্তম[1][2][3] বা পৰ ব্ৰহ্ম।[4][5] বৈষ্ণৱ ধৰ্মত, আৰু বিশেষকৈ কৃষ্ণবাদত, অনেক ক্ষেত্ৰৰ জগন্নাথক কৃষ্ণ বা বিষ্ণুৰ এক বিমূৰ্ত ৰূপ মনা হয়।[6][7] তেওঁক কেতিয়াবা কৃষ্ণ বা বিষ্ণুৰ অৱতাৰো জ্ঞান কৰা হয়।[8][9] কোনো কোনো শৈৱ আৰু শাক্ত হিন্দুৰ মতে, তেওঁ শিৱৰ ভৈৰৱ ৰূপৰ তান্ত্ৰিক ৰূপ, যাৰ সম্বন্ধ ধ্বংসৰ সৈতে।[10][11]
জগন্নাথবাদ বা ওড়িয়া বৈষ্ণৱবাদত এগৰাকী প্ৰধান আৰাধ্যৰ ৰূপত জগন্নাথৰ উত্থান দেখা যায় মধ্যকালৰ আগ ভাগত।[12][13] পাছলৈ ই এক স্বাধীন ৰাজ্যিক স্থানীয় মন্দিৰ-কেন্দ্ৰিক পৰম্পৰা হৈ পৰিল, কৃষ্ণবাদৰ অন্তৰ্গত।[14]
জগন্নাথৰ আৰাধনাৰ আৰম্ভণি কেতিয়া হৈছিল সেই কথা স্পষ্টকৈ জনা নাযায়।[15] কোনো কোনোৱে ঋগবেদ (১০.১৫৫.৩)ক উয়াৰ উৎস বুলি কয়, কিন্তু আনে এই মত মানি নলয়। তেওঁলোকৰ মতে তেওঁ জনজাতীয় মূলৰ এগৰাকী দেৱতা হ'ব পাৰে।[16][17][17]
জগন্নাথৰ মূৰ্তি কাঠেৰে নিৰ্মিত আৰু সজ্জিত, গোল চকু থকা আৰু হাত-ভৰি বিহীন। জগন্নাথক আৰাধনা কৰাৰ নীতি-নিয়ম হিন্দু ধৰ্মৰ আন আন ভাগত পোৱা নিয়মতকৈ পৃথক।[17][17] অস্বাভাৱাকিকভাৱে, মূৰ্তি কাঠেৰে নিৰ্মিত আৰু নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে সলোৱা হয়।
প্ৰতি বছৰে জুন বা জুলাই মাহত পূব ভাৰতৰ কেইবাখনো ৰাজ্যত ৰথ যাত্ৰা উদ্যাপন কৰা হয়। জগন্নাথ আৰু আন দুই সম্বন্ধীয় দেৱতাৰ ছবি পুৰীৰ জগন্নাথ মন্দিৰৰ গৰ্ভগৃহৰ পৰা বাহিৰলৈ অনা হয়। ৰথত ৰাখি অনেক ভক্তই ৩ কিলোমিটাৰ দূৰৰ গুণ্ডিচা মন্দিৰলৈ এই ৰথ লৈ যায়। কেইদিনমান সেই মন্দিৰত দেৱতাকেইগৰাকীক ৰখাৰ পাছত তেওঁলোকক পুনঃ নিজৰ মন্দিৰলৈ লৈ যোৱা হয়। পুৰীৰ মন্দিৰৰ লগতে সমগ্ৰ বিশ্বতে আন আন জগন্নাথ মন্দিৰতো একেই ধৰণে যাত্ৰাৰ আয়োজন কৰা হয়। লক্ষ লক্ষ ভক্ত পুৰীলৈ প্ৰতি বছৰে যায় জগন্নাথৰ ৰথত চাবলৈ।[18]