জন হেনৰী | |
---|---|
![]() Roy E. LaGrone অংকিত জন হেনৰীৰ ছবি (১৯৪২) | |
জন্ম | ১৮৪০ অথবা ১৮৫০ৰ দশক |
পেচা | ৰেলপথ নিৰ্মাণ কৰ্মী |
জনা যায় | আমেৰিকীয় লোক নায়ক |
‘’’জন হেনৰী’’’ (ইংৰাজী: John Henry ) এজন আমেৰিকান লোকগাথাৰ নায়ক, এজন আফ্ৰিকীয় মাৰ্কিন মুক্ত ব্যক্তি। তেওঁ এজন "ষ্টীল ড্ৰাইভিং মেন" হিচাপে কাম কৰা বুলি কোৱা হয়, এনেকুৱা এজন ব্যক্তি, যাৰ ওপৰত ৰেলপথৰ সুৰংগ নিৰ্মাণৰ বাবে শিলত ফুটা কৰি বিস্ফোৰক ভৰোৱাৰ দায়িত্ব ন্যস্ত কৰা হৈছিল। শিলত ফুটা কৰিবলৈ হাতুৰীৰে কোবাই কোবাই তাত তীখাৰ ড্ৰিল ভৰোৱা হয় আৰু এই হাতুৰী কোবোৱা কাম কৰিছিল জন হেনৰীয়ে। জন হেনৰীৰ কাহিনী এটা ক্লাছিক ব্লুজ লোকগীতত ড্ৰিলিং মেচিনৰ সৈতে তেওঁৰ দ্বন্দ্বৰ বিষয়ে কোৱা হৈছে আৰু ই অসংখ্য কাহিনী, নাটক, কিতাপ আৰু উপন্যাসৰ বিষয়বস্তু হৈ আহিছে।[1]
কিংবদন্তি অনুসৰি ষ্টীল ড্ৰাইভাৰ হিচাপে জন হেনৰীৰ দক্ষতাক ভাপ চালিত ৰক ড্ৰিলৰ দক্ষতাৰ সৈতে জোখা হৈছিল। যন্ত্ৰ সৈতে হোৱা এই প্ৰতিযোগিতাত মাত্ৰ এটা হাতুৰীৰ সহায়ত তেওঁ জয়ী হৈছিল যদিও অত্যধিক চাপৰ বাবে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্য মুখত পৰিছিল।পশ্চিম ভাৰ্জিনিয়াৰ বিগ বেণ্ড সুৰংগ,[2] ভাৰ্জিনিয়াৰ লুইছ সুৰংগ, আৰু আলাবামাৰ কুছা মাউণ্টেন সুৰংগকে ধৰি বিভিন্ন স্থানক এই প্ৰতিযোগিতাৰ বাবে হিচাপে প্ৰস্তাৱ কৰা হৈছে।
জন হেনৰীৰ কিংবদন্তিৰ বহু দিশৰ ঐতিহাসিক সত্যতা এক বিতৰ্কৰ বিষয়।[3] গৱেষক স্কট ৰেইনল্ডছ নেলছনৰ মতে প্ৰকৃত জন হেনৰীৰ জন্ম হৈছিল ১৮৪৮ চনত নিউ জাৰ্চীত আৰু তেওঁৰ কৰ্মক্ষেত্ৰৰ জটিলতাৰ বাবে চিলিকোচিছত আক্ৰান্ত হৈ মৃত্যু হৈছিল আৰু অত্যধিক পৰিশ্ৰমৰ হেচাত নহয়।[4]
১৯৯৫ চনত ৰ’জাৰ এৰন ব্ৰাউনৰ ‘’টল টেল’’ নামৰ ছবিখনত জন হেনৰীৰ চৰিত্ৰটো চিত্ৰিত কৰা হৈছিল। এজন প্ৰাক্তন দাস, জন হেনৰীয়ে ডেনিয়েল নামৰ এজন পলায়ন কৰা কৃষকৰ পুত্ৰক গুণ্ডাৰ পৰা বচাবলৈ দেখা দিয়ে।
২০১৮ চনত ক্লাছিক আমেৰিকান লোককথাৰ চৰিত্ৰসমূহক কেন্দ্ৰ কৰি এখন ছবি নিৰ্মাণৰ কাম ঘোষণা কৰা হয়, যাৰ নাম আছিল ‘’জন হেনৰী এণ্ড দ্য ষ্টেটছমেন’’।[5]
২০২০ চনত টেৰী ক্ৰুই জন হেনৰীৰ চৰিত্ৰটোৰ আধুনিক যুগৰ অভিযোজন হিচাপে তৈয়াৰ কৰা চৰিত্ৰত অভিনয় কৰিছিল। কাহিনীভাগৰ কেন্দ্ৰবিন্দু হৈছে, তেওঁলোকৰ প্ৰাক্তন নেতাৰ পৰা পলাই ফুৰা দুজন কিশোৰ-কিশোৰীক এজন প্ৰাক্তন গেং মেম্বাৰে আশ্ৰয় দিয়ে । ছবিখন মুক্তি দিছিল ছাবান ফিল্মছে।[6]
জন হেনৰীৰ কাহিনী পৰম্পৰাগতভাৱে দুবিধ গীতৰ জৰিয়তে বৰ্ণিত হয়: বেলাড বা মালিতা, যাক সাধাৰণতে "জন হেনৰীৰ বেলাড" বুলি কোৱা হয়, আৰু "হামাৰ বা হাতুৰীৰ গীত" (এবিধ কৰ্মগীত)। প্ৰত্যেকৰে গীতৰ কথা বহল আৰু ভিন্ন। কিছুমান গীত আৰু কিছুমান প্ৰাৰম্ভিক লোক ইতিহাসবিদৰ গৱেষণাই জন হেনৰীৰ বিষয়ে লিখা গীতসমূহক পশ্চিম ভাৰ্জিনিয়াৰ এজন আউটলাউ জন হাৰ্ডিৰ গীতৰ সৈতে ৰিজায়। জন হেনৰীৰ জীৱনৰ বিষয়ে লিখা বেলাডত সাধাৰণতে চাৰিটা প্ৰধান উপাদান থাকে: শিশু অৱস্থাত জন হেনৰীয়ে কৰা এটা পূৰ্বাভাষ যে ষ্টীল-ড্ৰাইভিঙৰ ফলত তেওঁৰ মৃত্যু হ'ব; ষ্টীম হেমাৰৰ সৈতে হোৱা কিংবদন্তি প্ৰতিযোগিতাৰ আগজাননী আৰু ফলাফল; হেনৰীৰ মৃত্যু আৰু সমাধি ; আৰু তেওঁৰ পত্নীৰ প্ৰতিক্ৰিয়া।[7]
টোকা
অধিক পঠন
![]() |
ৱিকিমিডিয়া কমন্সত John Henry সম্পৰ্কীয় মিডিয়া ফাইল আছে। |