জম্মু আৰু কাশ্মীৰ (দেশীয় ৰাজ্য)

জম্মু আৰু কাশ্মীৰ
Jammu and Kashmir-ৰ অৱস্থান
Jammu and Kashmir-ৰ অৱস্থান
ৰাজধানী

জম্মু আৰু কাশ্মীৰ অথবা কাশ্মীৰ আৰু জম্মু (ইংৰাজী: Jammu and Kashmir)[1] ১৮৪৬ চনৰ পৰা ১৮৫৮ চনলৈকে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে সহযোগী মিত্ৰতাত আবদ্ধ এখন দেশীয় ৰাজ্য আছিল। ১৮৫৮ চনৰ পৰা ১৯৪৭ চনৰ ভাৰত বিভাজনলৈকে আৰু এক বিবাদিত অঞ্চলত পৰিণত হোৱা লৈকে ব্ৰিটিছ মুকুটৰ সৰ্বোচ্চতা বা সংৰক্ষণৰ[2][3] অধীনত আছিল। বৰ্তমান চীন, ভাৰত আৰু পাকিস্তান তিনিখন দেশৰ দ্বাৰা পূৰ্বৰ এই দেশীয় ৰাজ্যৰ ভূমিখণ্ড প্ৰশাসিত হয়।[4][5][6] প্ৰথম ইংগ-শিখ যুদ্ধৰ পিছত এই ৰাজ্যখনৰ সৃষ্টি হৈছিল। যুদ্ধৰ ক্ষতিপূৰণ হিচাপে কাশ্মীৰ উপত্যকা[7] শিখসকলৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কাঢ়ি লৈছিল আৰু তাৰ পিছত জম্মুৰ ৰজা গুলাব সিঙক ৭৫ লাখ টকাৰ বিনিময়ত বিক্ৰী কৰি দিছিল।

ভাৰত বিভাজন আৰু ভাৰতৰ ৰাজনৈতিক একীকৰণৰ সময়ত ৰাজ্যৰ শাসক হৰিসিংহই নিজৰ ৰাজ্যখনৰ ভৱিষ্যত সন্দৰ্ভত সিদ্ধান্ত লোৱাত পলম কৰিছিল। কিন্তু ৰাজ্যখনৰ পশ্চিমৰ জিলাসমূহত হোৱা বিদ্ৰোহৰ পিছত পাকিস্তানৰ সমৰ্থনত চুবুৰীয়া উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশৰ পৰা অহা আক্ৰমণকাৰীৰ আক্ৰমণৰ ফলত ১৯৪৭ চনৰ ২৬ অক্টোবৰত হৰি সিঙে ভাৰতত যোগদান কৰে;[8][9] যাৰ বিনিময়ত ভাৰতীয় সামৰিক বাহিনীক পাকিস্তান সমৰ্থিত শক্তিক প্ৰতিহত কৰিবলৈ কাশ্মীৰলৈ লৈ যোৱা হয়।[9] তথাপিও বৰ্তমান আজাদ কাশ্মীৰ আৰু গিলগিট-বাল্টিস্তান নামেৰে জনাজাত পশ্চিম আৰু উত্তৰ জিলাসমূহ পাকিস্তানৰ নিয়ন্ত্ৰণলৈ যায়[10] আৰু দেশীয় ৰাজ্যখনৰ বাকী থকা ভূখণ্ড ভাৰতৰ নিয়ন্ত্ৰণত থাকে। এই অংশটোৱে পিছলৈ ভাৰত প্ৰশাসিত জম্মু আৰু কাশ্মীৰ ৰাজ্যত পৰিণত হয়।[11] ভাৰত আৰু পাকিস্তানে ৰাষ্ট্ৰসংঘৰ মধ্যস্থতাত নিয়ন্ত্ৰণ ৰেখাৰে অঞ্চলটোৰ প্ৰশাসনৰ বিভাজন কৰি যুদ্ধবিৰতি ঘোষণা কৰে। এই নিয়ন্ত্ৰণ ৰেখা অস্থায়ী আছিল যদিও, সেয়া এতিয়াও বাহাল আছে।[12][13]

জম্মু আৰু কাশ্মীৰৰ প্ৰধানমন্ত্ৰীসকল

[সম্পাদনা কৰক]
# নাম যোগদান অৱসৰ
ৰাজা ছাৰ দলজিৎ সিং ১৯১৭ ১৯২১
ৰাজা হৰি সিং ১৯২৫ ১৯২৭
ছাৰ এলবিয়ন বেনাৰ্জী জানুৱাৰী ১৯২৭ মাৰ্চ ২০২৯
জি.ই.চি. ৱেকফিল্ড ১৯২৯ ১৯৩১
হৰিকৃষ্ণণ কৌল[14] ১৯৩১ ১৯৩২
এলিয়ট জেমছ্ ড’ৱেল কলভিন[14] ১৯৩২ ১৯৩৬
ছাৰ বাৰজৰ জে দালাল ১৯৩৬ ১৯৩৬
ছাৰ গোপালস্বামী আয়েংগাৰ ১৯৩৭ জুলাই ১৯৪৩
কৈলাশনাথ হকচাৰ জুলাই ১৯৪৩ ফেব্ৰুৱাৰী ১৯৪৪
১০ ছাৰ বি এন ৰও ফেব্ৰুৱাৰী ১৯৪৪ ২৮ জুন ১৯৪৫
১১ ৰামচন্দ্ৰ কাক ২৮ জুন ১৯৪৫ ১১ আগষ্ট ১৯৪৭
১২ জনক সিং ১১ আগষ্ট ১৯৪৭ ১৫ আক্টোবৰ ১৯৪৭
১৩ মেহেৰ চান্দ মহাজন ১৫ অক্টোবৰ ১৯৪৭ ৫ মাৰ্চ ১৯৪৮
১৪ শ্বেখ আব্দুলা ৫ মাৰ্চ ১৯৪৮ ৩ আগষ্ট ১৯৫৩

তথ্যউৎস

[সম্পাদনা কৰক]
  1. "Kashmir and Jammu", Imperial Gazetteer of India (Secretary of State for India in Council: Oxford at the Clarendon Press) খণ্ড 15: 71–, 1908, https://dsal.uchicago.edu/reference/gazetteer/pager.html?volume=15&objectid=DS405.1.I34_V15_077.gif, আহৰণ কৰা হৈছে: 27 August 2019 
  2. Sneddon, Christopher (2021), Independent Kashmir: An incomplete aspiration, Manchester University Press, pp. 12–13, "Paramountcy was the ‘vague and undefined’ feudatory system whereby the British, as the suzerain power, dominated and controlled India’s princely rulers. ... These ‘loyal collaborators of the Raj’ were ‘afforded [British] protection in exchange for helpful behavior in a relationship of tutelage, called paramountcy’." 
  3. Ganguly, Sumit; Hagerty, Devin T. (2005), Fearful Symmetry: India-Pakistan Crises in the Shadow of Nuclear Weapons, প্ৰকাশক Seattle and New Delhi: University of Washington Press, and Oxford University Press, p. 22, ISBN 0-295-98525-9, "... the problem of the 'princely states'. These states had accepted the tutelage of the British Crown under the terms of the doctrine of 'paramountcy' under which they acknowledged the Crown as the 'paramount' authority in the subcontinent." 
  4. "Kashmir: region, Indian subcontinent". Encyclopædia Britannica. Archived from the original on 13 August 2019. Retrieved 16 July 2016.  Unknown parameter |url-status= ignored (help) Quote: "Kashmir, region of the northwestern Indian subcontinent. It is bounded by the Uygur Autonomous Region of Xinjiang to the northeast and the Tibet Autonomous Region to the east (both parts of China), by the Indian states of Himachal Pradesh and Punjab to the south, by Pakistan to the west, and by Afghanistan to the northwest. The northern and western portions are administered by Pakistan and comprise three areas: Azad Kashmir, Gilgit, and Baltistan, ... The southern and southeastern portions constitute the Indian state of Jammu and Kashmir. The Indian- and Pakistani-administered portions are divided by a "line of control" agreed to in 1972, although neither country recognizes it as an international boundary. In addition, China became active in the eastern area of Kashmir in the 1950s and since 1962 has controlled the northeastern part of Ladakh (the easternmost portion of the region)."
  5. "Kashmir", Encyclopedia Americana, Scholastic Library Publishing, 2006, p. 328, ISBN 978-0-7172-0139-6, https://books.google.com/books?id=l_cWAQAAMAAJ&pg=PA328, আহৰণ কৰা হৈছে: 18 December 2021  C. E Bosworth, University of Manchester Quote: "KASHMIR, kash'mer, the northernmost region of the Indian subcontinent, administered mostly by India, partly by Pakistan, and partly by China. The region has been the subject of a bitter dispute between India and Pakistan since they became independent in 1947";
  6. Osmańczyk, Edmund Jan (2003), Encyclopedia of the United Nations and International Agreements: G to M, Taylor & Francis, pp. 1191–, ISBN 978-0-415-93922-5, https://books.google.com/books?id=fSIMXHMdfkkC&pg=PA1191, আহৰণ কৰা হৈছে: 18 December 2021  Quote: "Jammu and Kashmir: Territory in northwestern India, subject to a dispute between India and Pakistan. It has borders with Pakistan and China."
  7. Panikkar, Gulab Singh 1930, পৃষ্ঠা. 111–125.
  8. 1st Edition Cold War in the High Himalayas The USA, China and South Asia in the 1950s By S. Mahmud Ali Copyright 1999( When tribal Pathan militias from Pakistan's North-West Frontiers joined Sudhan Pathan rebels fighting for freedom, Hari Singh fled to Jammu and reportedly signed a letter of accession to India.) Page 19 [1]
  9. "Q&A: Kashmir dispute - BBC News". BBC News. 7 July 2010. https://www.bbc.com/news/10537286. 
  10. Schofield, Victoria (May 6, 2003). Kashmir in Conflict. প্ৰকাশক London: I. B.Tauris & Co Ltd.. পৃষ্ঠা. xii. ISBN 1 86064 898 3. https://archive.org/details/kashmir-in-conflict-india-pakistan-and-the-unending-war-by-victoria-schofield. 
  11. Bose, Sumantra (2003). Kashmir: Roots of Conflict, Paths to Peace. Harvard University Press. পৃষ্ঠা. 32–37. ISBN 0-674-01173-2. 
  12. "History, People, Conflict, Map, & Facts". Encyclopedia Britannica. 1998-07-20. https://www.britannica.com/place/Kashmir-region-Indian-subcontinent#ref673547। আহৰণ কৰা হৈছে: 2024-03-29. 
  13. "Ceasefire violations in Jammu and Kashmir - A line on fire". https://www.usip.org/sites/default/files/PW131-Ceasefire-Violations-in-Jammu-and-Kashmir-A-Line-on-Fire.pdf। আহৰণ কৰা হৈছে: 2024-03-29. 
  14. 14.0 14.1 Copland, Ian (1981), "Islam and Political Mobilization in Kashmir, 1931–34", Pacific Affairs খণ্ড 54 (2): 228–259, doi:10.2307/2757363 

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]