জয়ন্ত বিষ্ণু নাৰ্লিকাৰ | |
---|---|
জয়ন্ত বিষ্ণু নাৰ্লিকাৰ | |
জন্ম | ১৯ জুলাই, ১৯৩৮ (৮৫ বছৰ) কোল্হাপুৰ, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ মহাৰাষ্ট্ৰ, ভাৰত) |
বাসস্থান | পুণে, ভাৰত |
জাতীয়তা | ভাৰতীয় |
ক্ষেত্ৰ | পদাৰ্থ বিজ্ঞান, জ্যোতিৰ্বিজ্ঞান, লেখক |
কৰ্মস্থান | কেম্ব্ৰিজ বিশ্ববিদ্যালয় টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান ইণ্টাৰ-ইউনিভাৰছিটী চেণ্টাৰ ফ'ৰ এষ্ট্ৰ'নমী এণ্ড এষ্ট্ৰ'ফিজিক্স |
শিক্ষানুষ্ঠান | বেনাৰস হিন্দু বিশ্ববিদ্যালয় কেম্ব্ৰিজ বিশ্ববিদ্যালয় |
ডক্তৰেল পৰামৰ্শদাতা | ফ্ৰেড হইল |
ডক্তৰেল বিদ্যাৰ্থী | থানু পদ্মনাভন |
জনা যায় | স্থিৰাৱস্থা তত্ত্ব হইল-নাৰ্লিকাৰ তত্ত্ব |
উল্লেখনীয় বঁটা | পদ্মভূষণ (১৯৬৫) আডামচ্ প্ৰাইজ (১৯৬৭) পদ্মবিভূষণ (২০০৪) প্ৰিস্ক জুলচ্ জানচেন (২০০৪) |
জয়ন্ত বিষ্ণু নাৰ্লিকাৰ (জন্ম: ১৯ জুলাই, ১৯৩৮) হ'ল এজন ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী। ইংৰাজী জ্যোতিৰ্বিজ্ঞানী ছাৰ ফ্ৰেড হইলৰ সৈতে জয়ন্ত নাৰ্লিকাৰে মহাকৰ্ষণৰ এটি নতুন তত্ত্বৰ আৱিষ্কাৰ কৰিছে যাক হইল-নাৰ্লিকাৰ তত্ত্ব বুলি কোৱা হয়। এই তত্ত্বৰ দ্বাৰা এলবাৰ্ট আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্ত্ব আৰু মেকৰ সূত্ৰক সংশ্লেষণ কৰা হৈছে। জয়ন্ত নাৰ্লিকাৰৰ পিতৃ আছিল বাসুদেৱ নাৰ্লিকাৰ আৰু মাতৃসুমতি নাৰ্লিকাৰ। নাৰ্লিকাৰ আৰু তেওঁৰ পত্নী ড॰ মংগলা ৰাজৱাডে তিনিজনী ছোৱালীৰ পিতৃ-মাতৃ। ছোৱালী তিনিজনীৰ নাম হল ক্ৰমেগীতা, গিৰিজা আৰু লীলাৱতী।[1]
১৯৩৮ চনৰ ১৯ জুলাইত কোল্হাপুৰ নামে ঠাইত জন্ম লাভ কৰা জয়ন্ত নাৰ্লিকাৰৰ পিতৃ আছিল বাসুদেৱ নাৰ্লিকাৰ আৰু মাতৃ সুমতি নাৰ্লিকাৰ। তেওঁৰ পিতৃ আছিল বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰধান আৰু মাতৃ আছিল সংস্কৃত সাহিত্যত দখল থকা এগৰাকী সুনিপুণা।[2][3] উল্লেখযোগ্য যে ভাৰতৰ বিশিষ্ট পৰিসংখ্যাবিদ বসন্ত শংকৰ হুজুৰবাজাৰ আছিল জয়ন্ত নাৰ্লিকাৰৰ মোমায়েক।[4] ডেকা বয়সত নাৰ্লিকাৰে ভাল বেডমিণ্টনো খেলিছিল।
১৯৫৭ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা নাৰ্লিকাৰে স্নাতক ডিগ্ৰী লাভ কৰি ১৯ বছৰ বয়সত কেম্ব্ৰিজ বিশ্ববিদ্যালয়লৈ উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ যায় য'ৰ পৰা তেখেতে ১৯৫৯ চনত গণিতত বি.এ. ডিগ্ৰী লাভ কৰে।[1] ১৯৬০ চনত নাৰ্লিকাৰে জ্যোতিৰ্বিজ্ঞানৰ বাবে টাইছন মেডেল লাভ কৰে। ১৯৬২ চনত নাৰ্লিকাৰে কেম্ব্ৰিজত গৱেষণা কৰি থকা সময়ছোৱাত স্মিথ প্ৰাইজো লাভ কৰে। ১৯৬৩ চনত ২৫ বছৰ বয়সত ফ্ৰেড হইলৰ তত্ত্বাৱধানত পি এইচ ডি লাভ কৰাৰ পাছত কেম্ব্ৰিজৰ কিংছ্ কলেজত বেৰী ৰামছে ফেল' হিচাপে কাম কৰে আৰু ১৯৬৪ চনত ক্ৰমে জ্যোতিৰ্বিদ্যা আৰু জ্যোতি পদাৰ্থ বিজ্ঞানত এম.এ. ডিগ্ৰী অৰ্জন কৰে।[1] ১৯৭২ চনলৈ নাৰ্লিকাৰে কিংছ কলেজত বেৰী ৰামছে ফেল' হিচাপে কাম কৰে। ১৯৬৬ চনত ফ্ৰেড হইলে কেম্ব্ৰিজত "ইনষ্টিটিউট অব থিয়ৰিটিকেল এষ্ট্ৰনমী" স্থাপন কৰে আৰু ১৯৬৬ ৰ পৰা ১৯৭২ ৰ সময়ছোৱা নাৰ্লিকাৰে প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাতা কৰ্মী সদস্য হিচাপে কাম কৰে। ১৯৭২ চনত তেওঁ ভাৰতৰ মুম্বাইত অৱস্থিত টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত (চমুকৈ, TIFR) অধ্যাপক হিচাপে যোগদান কৰে। প্ৰতিষ্ঠানটোত নাৰ্লিকাৰে তাত্ত্বিক জ্যোতিৰ্বিজ্ঞান গোটটোৰ দায়িত্বভাৰ লৈছিল। ১৯৮৮ চনত পুণেত ভাৰতীয় বিশ্ববিদ্যালয় অনুদান আয়োগে জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থবিজ্ঞানৰ আন্তঃবিশ্ববিদ্যালয় কেন্দ্ৰ (IUCAA) স্থাপন কৰে আৰু নাৰ্লিকাৰ IUCAAৰ প্ৰতিষ্ঠাপক-সঞ্চালক হয়। ১৯৮১ চনত নাৰ্লিকাৰ বিশ্ব সাংস্কৃতিক পৰিষদৰ প্ৰতিষ্ঠাপক সদস্য হয়।[5] ব্ৰহ্মাণ্ডতত্ত্বৰ ওপৰত কৰা কৰ্মৰ বাবে নাৰ্লিকাৰ বিখ্যাত, বিশেষকৈ জনপ্ৰিয় মহানাদ আৰ্হিৰ বিকল্প আৰ্হি সমৰ্থনৰ বাবে।[6] ১৯৯৪ চনৰ পৰা ১৯৯৭ চনলৈ নাৰ্লিকাৰে আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংঘৰ ব্ৰহ্মাণ্ডতত্ত্ব আয়োগৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে। নাৰ্লিকাৰৰ গৱেষণাৰ বিষয়সমূহ হ'ল 'ক্ৰমেমেকৰ সূত্ৰ', 'কোৱাণ্টাম ব্ৰহ্মাণ্ডতত্ত্ব' আৰু 'দূৰ ক্ৰিয়া' (action at a distance) পদাৰ্থ বিজ্ঞান।[7]
নাৰ্লিকাৰে ভালেমান ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মানিত ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ গৱেষণাৰ বাবে ২০০৪ চনত ভাৰত চৰকাৰে ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণেৰে নাৰ্লিকাৰক সন্মানিত কৰে।[8] ইয়াৰ পূৰ্বে ১৯৬৫ চনত নাৰ্লিকাৰক পদ্মভূষণ প্ৰদান কৰা হৈছিল।[8] ১৯৮১ চনত FIE প্ৰতিষ্ঠানৰ পৰা নাৰ্লিকাৰে 'ৰাষ্ট্ৰ ভূষণ' বঁটা লাভ কৰে।[9] ২০১০ চনৰ 'মহাৰাষ্ট্ৰ ভূষণ' বঁটাও নাৰ্লিকাৰে লাভ কৰিছিল।[10] নাৰ্লিকাৰ ভাটনাগৰ বঁটা, এম.পি. বিৰলা বঁটা আৰু ফ্ৰান্স জ্যোতিৰ্বিজ্ঞান সমিতিৰপ্ৰিস্ক জুলচ্ জানছেনৰো প্ৰাপক। নাৰ্লিকাৰ লণ্ডনৰ ৰাজকীয় জ্যোতিৰ্বিদ্যা সমিতিৰ সহযোগী, আৰু তিনিখনকৈ ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী আৰু Third World Academy of Sciencesৰ সদস্য। তেওঁৰ বৈজ্ঞানিক গৱেষণাৰ উপৰিও নাৰ্লিকাৰৰ নিজৰ কিতাপ, প্ৰবন্ধ আৰু ৰেডিঅ দূৰদৰ্শনৰ মাধ্যমেৰে সংবাদদাতা হিচাপেও তেওঁ ভালদৰে জনাজাত। এই প্ৰচেষ্টাৰ কাৰণেই ১৯৯৬ চনত UNESCOয়ে নাৰ্লিকাৰক কলিংগ বঁটাৰে সন্মানিত কৰে।[11] ১৯৯০ চনত নাৰ্লিকাৰে ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ ইন্দিৰা গান্ধী বঁটা গ্ৰহণ কৰে।[12] নাৰ্লিকাৰে মাৰাঠী ভাষাত লিখা আত্মজীৱনী Chaar Nagarantale Maze Vishwa-ৰ বাবে ২০১৪ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।[13][14]
গৱেষণা পত্ৰ, কিতাপ আৰু জনপ্ৰিয় বিজ্ঞানসাহিত্যৰ উপৰিও নাৰ্লিকাৰে ক্ৰমে ইংৰাজী, হিন্দী আৰু মাৰাঠী ভাষাত কল্পবিজ্ঞান বিষয়ক কিতাপ, উপন্যাস আৰু চুটিগল্প লিখিছে। উল্লেখযোগ্য যে নাৰ্লিকাৰ ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ বিজ্ঞান আৰু গণিতৰ পাঠ্যপুথিসমূহৰ পৰামৰ্শদাতাও।
ৱিকিমিডিয়া কমন্সত জয়ন্ত নাৰ্লিকাৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |