জয়ন্ত হাজৰিকা | |
---|---|
![]() জয়ন্ত হাজৰিকা (ৰাণা) | |
জন্ম | ২০ ছেপ্টেম্বৰ, ১৯৪৩ মঙলদৈ, অসম |
মৃত্যু | ১৫ অক্টোবৰ, ১৯৭৭ কলিকতা, পশ্চিমবংগ, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | গায়ক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক |
জয়ন্ত হাজৰিকা (ইংৰাজী: Jayanta Hazarika; জ. ২০ ছেপ্টেম্বৰ ১৯৪৩ - মৃ. ১৫ অক্টোবৰ ১৯৭৭) অসমৰ এগৰাকী গায়ক, সুৰকাৰ, সংগীত পৰিচালক আৰু গীতিকাৰ। ৩৪ বছৰীয়া নিজৰ চুটি জীৱনকালত তেখেতে বহুতো গান সৃষ্টি কৰি গৈছে যিবোৰ এতিয়াও জনপ্ৰিয় হৈ আছে। তেখেতেই অসমত প্ৰথমে যুৱ-চামৰ বাবে নিৰ্দিষ্ট গান সৃষ্টি কৰিছিল। ১৯৬০-ৰ দশকত অসমীয়া সংগীতৰ জগতত আত্মপ্ৰকাশ কৰা জয়ন্ত হাজৰিকা মৃত্যুৰ সময়লৈকে সক্ৰিয় হৈ থাকে। সেই সময়ত অপৰম্পৰাগত বুলি বিবেচিত বহুতো বৈশিষ্ট্য সন্নিৱিষ্ট কৰি তেখেতে বহুতো অসমীয়া গীতত সুৰাৰোপ কৰে। তেখেতৰ সঙ্গীতত অসমীয়া লোক সঙ্গীতৰ লগতে হিন্দুস্তানী ধ্ৰুপদী সঙ্গীত, পশ্চিমীয়া ৰক্ এণ্ড ৰ'ল, জেজ, পশ্চিমীয়া ধ্ৰুপদী সঙ্গীত আদিৰ সংমিশ্ৰণ দেখা যায়। স্বকীয় বৈশিষ্ট্যপূৰ্ণ তেখেতৰ সঙ্গীত কালৰ পৰিধি চেৰাই আজিও জনপ্ৰিয়।
অসমৰ এটা প্ৰখ্যাত পৰিয়ালত জয়ন্ত হাজৰিকাৰ (ঘৰুৱা নাম ৰাণা) জন্ম হৈছিল। পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকা। ড॰ ভূপেন হাজৰিকা আছিল জয়ন্ত হাজৰিকাৰ জ্যেষ্ঠ ভায়েক। ১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত মঙ্গলদৈত থকা কালত নীলকান্ত হাজৰিকাৰ পৰিয়ালৰ কনিষ্ঠ সন্তান জয়ন্তৰ জন্ম হয়। সৰুৰেপৰাই সংগীতত ৰাপ থকা জয়ন্তই গুৱাহাটীৰ সোণাৰাম হাইস্কুলত পঢ়া-শুনা কৰিছিল। ১৯৬২ চনৰ প্ৰৱেশিকা পৰীক্ষাত অকৃতকাৰ্য হৈ জয়ন্ত কলিকতালৈ যায় আৰু তাতে এইচ.এম.ভি. কোম্পানীত দুটা গীত বাণীবদ্ধ কৰে।[1]
জয়ন্ত হাজৰিকাই ৯ বছৰ বয়সত প্ৰথম গানত সুৰ দিছিল। গীতটো লিখিছিল জয়ন্তৰ আন এজন ককায়েক নৃপেন হাজৰিকাই। জয়ন্ত হাজৰিকাৰ পেছাদাৰী সংগীত জীৱন ককায়েক ভূপেন হাজৰিকাৰ লগত বাদ্য সংগত কৰি আৰম্ভ হৈছিল। ১৯৬২ চনত প্ৰৱেশিকা পৰীক্ষাত অনুত্তীৰ্ণ হৈ জয়ন্ত হাজৰিকাই অগ্ৰজসম প্ৰণৱ বৰাৰপৰা পঁচিছ টকা লৈ ঘৰৰপৰা নিৰুদ্দেশ হৈছিল। পুলিচক খবৰ দিয়াৰ লগতে বাতৰি কাকততো বিজ্ঞাপন দিয়া হৈছিল। এসপ্তাহমান পাছত গম পোৱা গৈছিল যে জয়ন্ত গৌৰীপুৰলৈ গৈছিল আৰু তাতে প্ৰমথেশ বৰুৱাৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰি এদিন ঘৰলৈ উভতি আহিছিল।[2]
১৯৬২ চনত কলিকতালৈ গৈ এইচ. এম. ভি. কোম্পানীত 'আগলি বতাহে কপালে কলৰে পাত' (গীতিকাৰঃ নিৰ্মলপ্ৰভা বৰদলৈ) আৰু 'কৃষ্ণচূড়া কৃষ্ণচূড়া' (গীতিকাৰঃ মায়াশ্ৰী বৰকটকী) নামৰ গীত দুটা বাণীবদ্ধ কৰে। এই গান দুটাই জয়ন্ত হাজৰিকাক সুৰকাৰ আৰু গায়ক হিচাপে প্ৰতিষ্ঠা কৰে। ইয়াৰ পাছৰ বছৰতে জয়ন্তই ককায়েক ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা মণিৰাম দেৱান বোলছবিৰ গানত কণ্ঠদান কৰে। এইখন ছবিতে জয়ন্ত হাজৰিকা আৰু হিমাংশু বিশ্বাসে সহকাৰী সংগীত পৰিচালক হিচাপেও কাম কৰিছিল।[3] ইয়াৰ পাছতে জয়ন্তই ভালেমান গীতত সুৰ আৰু কণ্ঠদান কৰে, লগতে বোলছবি, মঞ্চনাট আৰু তথ্যচিত্ৰৰ বাবে সংগীত পৰিচালনা কৰিবলৈ আৰম্ভ কৰে।[1] জয়ন্ত হাজৰিকাই 'লটিঘটি' আৰু 'চিকমিক বিজুলী' অসমীয়া কথাছবি দুখনত অভিনয়ো কৰিছিল।[4]
১৯৬৯ চনৰ ৪ আগষ্টত তেখেতে কলিকতাৰ এটা বঙালী পৰিয়ালৰ জীয়ৰী মনীষা হাজৰিকাক (বিয়াৰ আগতে মণীষা সেনগুপ্ত[2]) বিয়া কৰায়। তেওঁলোকৰ একমাত্ৰ সন্তান ময়ুখ হাজৰিকাৰ জন্ম হৈছিল ১৯৭১ চনৰ ১৩ জানুৱাৰীত।
১৯৭৭ চনত নতুন আশা বোলছবিৰ গীত বাণীবদ্ধ কৰিবলৈ যাওঁতে ১৫ অক্টোবৰত কলিকতাত জয়ন্ত হাজৰিকাৰ আচম্বিত মৃত্যু হয়।[1] তেখেতৰ পত্নী মনীষা হাজৰিকাই তেখেতৰ আধৰুৱা কামবিলাক সম্পূৰ্ণ কৰে।
১৯৬২ চনত কলিকতাত ৰেকৰ্ড কৰা 'আগলি বতাহে কপালে কলৰে পাত' আৰু 'কৃষ্ণচূড়া কৃষ্ণচূড়া' গানৰ ৰেকৰ্ডখন যথেষ্ট জনপ্ৰিয় হয়, আৰু জয়ন্ত হাজৰিকাই পেছাদাৰী সংগীত জগতত ভৰি দিয়ে। অৱশ্যে জয়ন্ত হাজৰিকাই প্ৰথমে সুৰ দিয়া গীত আছিল আলিমুন্নিছা পিয়াৰৰ 'জেতুকা পাতেৰে দুহাত বোলালি, তামোলৰ পিকেৰে ওঁঠ ৰঙালী, ৰাঙলী কৰিলি হিয়া '। ইয়াৰ আগতেই ন বছৰ বয়সতে ককায়েক নৃপেন হাজৰিকাৰ এটা গীতত সুৰ দিছিল বুলি শুনা যায়। একে সময়তে হীৰেণ ভট্টাচাৰ্যৰ আন এটি গীত 'ফুলৰে চাকি উৰণীয়া, মনৰে পখী জুৰণীয়া, এই ৰাতি মোহনীয়া ' শীৰ্ষক এটি গীততো ৰাণাই সুৰ দিছিল ।[2] প্ৰথম ৰেকৰ্ডখনৰ জনপ্ৰিয়তাৰ পাছতেই জয়ন্ত হাজৰিকাই ভূপেন হাজৰিকাৰ লগত বিভিন্ন সাংস্কৃতিক মঞ্চত গীত গাবলৈ আৰম্ভ কৰে।
ভূপেন হাজৰিকাৰ পৰিচালনাত মণিৰাম দেৱান বোলছবিৰ 'সোণাৰ বৰণ পাখীৰে তোৰ ' গানত পশ্চিমবংগৰ শিল্পী শ্যামল মিত্ৰৰ লগত কণ্ঠদান কৰাৰ পাছতে জয়ন্ত হাজৰিকাৰই ভালেমান গীতত সুৰ আৰু কণ্ঠদান কৰে, লগতে বোলছবি, মঞ্চনাট আৰু তথ্যচিত্ৰৰ বাবে সংগীত পৰিচালনা কৰিবলৈ আৰম্ভ কৰে।[1] ১৯৬৬ চনত ভূপেন হাজৰিকাৰ পৰিচালনা আৰু সংগীত পৰিচালনাৰে মুক্তিপ্ৰাপ্ত বোলছবি লটিঘটি আৰু চিকমিক বিজুলীত জয়ন্ত হাজৰিকাই কণ্ঠ দিয়ে। লটিঘটিত ইলা বোসৰ সৈতে দ্বৈত কণ্ঠত 'জীৱনটো যদি অভিনয় হয়' গানত কণ্ঠদান কৰাৰ লগতে 'চিকমিক বিজুলী'ত 'মৃত্যু সাৱটি সমাধি তলিত ' শীৰ্ষক গানটোৰে জয়ন্ত হাজৰিকাই বোলছবি সংগীত পৰিচালনাৰ আৰম্ভণি কৰে। 'চিকমিক বিজুলী'ৰ আৱহ সংগীত পৰিচালনাৰ কামো জয়ন্ত হাজৰিকাৰেই আছিল।[5] এই কেউখন ছবিতে জয়ন্ত হাজৰিকাই সহকাৰী সংগীত পৰিচালক হিচাপেও কাম কৰিছিল।
১৯৭১ চনত 'বনৰীয়া ফুল' ছবিত প্ৰথম বাৰৰ বাবে জয়ন্ত হাজৰিকাই স্বকীয়ভাৱে সংগীত পৰিচালনা কৰে। ইয়াৰ পাছতে নিয়তি, বৃষ্টি, ধৰ্মকাই, নতুন আশা (অসমাপ্ত সংগীতৰ কাম মনীষা হাজৰিকাই সম্পূৰ্ণ কৰে) বোলছবিত সংগীত পৰিচালনা কৰে।[5] কাহিনী-চিত্ৰৰ লগত কেবাখনো তথ্য-চিত্ৰৰো সংগীত পৰিচালনা কৰে।
মঞ্চনাটৰ সংগীত পৰিচালনাৰ লগতো জয়ন্ত হাজৰিকা জড়িত হৈ আছিল। ফণী শৰ্মাৰ 'ছিৰাজ', প্ৰফুল্ল বৰাৰ বান আদিৰ দৰে নাটকত সংগীত দিয়াৰ লগতে গুৱাহাটীৰ প্ৰগতি শিল্পী সংঘৰ দ্বাৰা নিবেদিত কেবাখনো নাটকত জয়ন্ত হাজৰিকাই সংগীত পৰিচালনা কৰিছিল। গোৱালপাৰাৰ 'লখিমী থিয়েটাৰ' নামৰ এটি ভ্ৰাম্যমান নাট্যগোষ্ঠীৰ বাবেও তেওঁ সংগীত পৰিচালনা কৰিছিল।[1] ১৯৭৭ চনত গোৱালপাৰা জিলাত প্ৰমথেশ বৰুৱাৰ সোঁৱৰণত আৰম্ভ হোৱা লখিমী থিয়েটাৰৰ বাবে জয়ন্ত হাজৰিকাই নিৰ্মলপ্ৰভা বৰদলৈৰ লগত লগ লাগি পাঁচখন নাটকৰ বাবে মুঠ সোতৰটি গীতৰ সৃষ্টি কৰে। গোটেই গীতখিনি লিখা আৰু সুৰ দিয়াৰ কাম সম্পন্ন হৈছিল ১৩ ছেপ্তেম্বৰৰ পৰা ১৬ ছেপ্তেম্বৰৰ ভিতৰত।[6] আকাশবাণী গুৱাহাটী-ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কৈছিল যে "মঞ্চ-নাটৰ সংগীত পৰিচালনা কৰি মই বেছি ভাল পাওঁ.."[5]
চলচ্চিত্ৰ, মঞ্চনাট আদিত সংগীত পৰিচালনা আৰু গায়কীৰ কামত ব্যস্ত থকাৰ উপৰিও বিভিন্ন মঞ্চত জয়ন্ত হাজৰিকাই গান গাই ফুৰিছিল। ১৯৭২ চনৰ ১৪ ফেব্ৰুৱাৰীত অক্টোবৰ ক্লাবৰ আহ্বানত বাৰ্লিনত অনুষ্ঠিত 'ৰাজনৈতিক সংগীতৰ আন্তৰ্জাতিক সন্মিলনী'ত (International Conference of Political Songs) ভাতৃ ভূপেন হাজৰিকাৰ সৈতে জয়ন্ত হাজৰিকাইও যোগ দিছিল। ভূপেন হাজৰিকাৰ সৈতে সংগীত পৰিৱেশনৰ বাবে তেওঁ বাংলাদেশ ভ্ৰমণ কৰিছিল।[5]
জয়ন্ত হাজৰিকাই গান গোৱা, সুৰ দিয়াৰ উপৰিও কেইবাবিধো বাদ্য যন্ত্ৰ বজোৱাত সিদ্ধহস্ত আছিল। তেখেতে গীটাৰ, ডুম্ৰা, মেণ্ডোলিন, এক'ৰ্ডিয়ান, তবলা, মাউথ অৰ্গেনকে আদি কৰি কেইবাবিধো বাদ্যযন্ত্ৰ বজাব জানিছিল। জয়ন্ত হাজৰিকাৰ বহুতো গীতৰ গীতিকাৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে জয়ন্ত হাজৰিকাই বহু কম বয়সতে সুমধুৰভাৱে মাউথ অৰ্গেন বজোৱাৰ স্মৃতি সুঁৱৰিছিল। তেখেতৰ গীতত তেখেতে নিজে বজোৱা গীটাৰৰ সূক্ষ্ম কৰ্ডৰ সাল-সলনি তেখেতৰ বাদ্য বাদনৰ নিপুনতাৰ চিন। তদুপৰি তেখেতে দেশ-বিদেশৰ নানা বাদ্যযন্ত্ৰ সংগ্ৰহ কৰিছিল বুলিও জনা যায়। একেসময়তে দুটা অক্টেভত হাৰ্মোনিয়াম বজাবলৈ সক্ষম হোৱা মুষ্টিমেয় কেইগৰাকীমান সংগীতজ্ঞৰ ভিতৰৰে এজন আছিল জয়ন্ত হাজৰিকা।[7]
জয়ন্ত হাজৰিকাৰ সংগীত অসমীয়া লোক-সংগীত, শাস্ত্ৰীয় সংগীতৰ লগত পশ্চিমীয়া যন্ত্ৰসম্ভাৰৰ সংযোগেৰে এক নতুন ধ্বনি আছিল। পশ্চিমীয়া সংগীতৰ সংযোজন আছিল জয়ন্ত হাজৰিকাৰ সংগীতৰ এক বিশেষ বৈশিষ্ট্য । মুখ্ৰা আৰু অন্তৰাৰ অপৰম্পৰাগত সংগীতৰ প্ৰয়োগ তেখেতৰ আন এক বৈশিষ্ট্য ।[5] জয়ন্ত হাজৰিকাৰ সংগীতৰ লগত গীতিকাৰ নিৰ্মলপ্ৰভা বৰদলৈৰ কথাৰ এক সুৱৰ্ণ সংযোগ ঘটিছিল। এই যুটীয়ে সৃষ্টি কৰা কেবাটাও গান বৰ্তমানেও অতি জনপ্ৰিয়।
১৯৭৭ চনত গোলাঘটীয়া ৰাইজৰ সহযোগত জয়ন্ত হাজৰিকাই 'সুৰ-বাহিনী' নামে এটা অনুষ্ঠান গঠন কৰি অসমৰ বানপীড়িত লোকৰ সাহায্যাৰ্থে বাটে-পথে গান পৰিৱেশন কৰি ধন আহৰণ কৰিছিল।[1][5] তেখেতৰ এই বাহিনীত কেবাজনো সংগীতজ্ঞই যোগ দিছিল। `সুৰ বাহিনী'ৰ বাবে ৮টা গীত সৃষ্টি কৰা হৈছিল- "লুইতৰ বলীয়া বান", "দুৰ্যোগ লগ্নৰ দেখোঁ হাহাকাৰ", "আজি প্ৰাণৰ মেলা পাতিছোঁ", "ভয় নাই ভয় নাই", "একো নাই শূন্য হাঁয়", "এতিয়াও ৰাতি নাই", "অভিযাত্ৰী দূৰৈৰ যাত্ৰী" আৰু "এইটো প্ৰহৰ শূন্য প্ৰহৰ। " ১৯৭৭ চনৰ ১৩ আগষ্টত মঘাই ওজাৰ চিকিৎসাৰ খৰচ গোটাবলৈ "সুৰ বাহিনী"য়ে ডিব্ৰুগড়বাসী ৰাইজৰ কাষ চাপিছিল।[4] "সুৰ বাহিনী" সৃষ্টি কৰাৰ পাছত জয়ন্ত হাজৰিকাই কৈছিল :
মই এতিয়া কথা ক'ম। কথা ক'ম মোৰ সুৰেৰে, মোৰ গীতেৰে। মই গীত গাবলৈ ওলাই আহিম আলিবাটলৈ, মঞ্চলৈ নহয়। মোৰ এই সুৰ বাহিনীৰ উদ্দেশ্য হ'ল ৰাইজৰ বিপদৰ সময়ত, দুৰ্যোগৰ সময়ত সুৰ বাহিনীয়ে ৰাইজৰ কাষত সদায়ে থিয় দিবগৈ। সংস্কৃতিৰ নামৰ দুষ্কৃতিৰ পোহাৰ মেলাসকলক সুৰ বাহিনীয়ে বাধা দিব সুৰেৰে গীতেৰে।[4]
মণিৰাম দেৱান ছবিত প্ৰথমে জয়ন্ত হাজৰিকাই সহকাৰী সংগীত পৰিচালকৰূপে ভূপেন হাজৰিকাৰ লগত কাম কৰিছিল। পাছলৈ লটিঘটি ছবিতো ভূপেন হাজৰিকাৰ সহকাৰীৰূপে কাম কৰে। তেখেতে নিজাববীয়াকৈ সংগীত পৰিচালনা কৰা ছবিকেইখন হ'ল:
জয়ন্ত হাজৰিকাৰই আধৰুৱা কৰি যোৱা ছবিকেইখন: