জয়ন্তীয়া ৰাজ্য | |
---|---|
১৫০০–১৮৩৫
| |
![]() বেংগল গেজেটাৰত খাছী আৰু জয়ন্তীয়া পাহাৰ, ১৯০৭
| |
ৰাজধানী | জয়ন্তীয়া ৰাজবাৰী, জয়ন্তীপুৰ |
ধৰ্ম | হিন্দু ধৰ্ম |
Government | ৰাজতন্ত্ৰ |
• (১৫০০-১৫১৬) |
প্ৰভাত ৰায় |
• (১৮৩২-১৮৩৫) |
ৰাজেন্দ্ৰ সিং |
ইতিহাস | |
• Established |
১৫০০ |
• Disestablished |
১৮৩৫ |
জয়ন্তীয়া ৰাজ্য বৰ্তমানৰ উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য আছিল। আনুমানিক পঞ্চদশ শতিকাত প্ৰভাত ৰায় নামৰ ৰজা এজনে এই ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। যষ্ঠদশ শতিকাত চিলাৰায়ে আক্ৰমণ কৰি জয়ন্তীয়া ৰজাক বধ কৰে আৰু ৰাজ্যখন কোচৰ অন্তৰ্গত কৰে। ১৮৩৫ চনত এই ৰাজ্য ইংৰাজ শাসিত অঞ্চলত অন্তৰ্ভুক্ত কৰা হয়।
কোনো কোনোৰ মতে "জয়ন্তীয়া" শব্দটো হিন্দু দেৱী দূৰ্গাৰ ৰূপ জয়ন্তী দেৱী বা জয়ন্তেশ্বৰীৰ পৰা আহিছে। কিছুমানৰ মতে শব্দটো নাৰ (শাসকসকলৰ জাতি) শব্দ পূৰ্বৰ স্থান চুটনুগাৰ পৰা আহিছে। জয়ন্তীয়া দেৱীৰ কিংবদন্তি সম্ভৱতাঃ জয়ন্তীয়া ৰাজ্যত হিন্দু প্ৰভাৱৰ পাছত সৃষ্টি হৈছে।[1]
নাৰ (জয়ন্তীয়া) আৰু ৱাৰ লোকসকলে খাছী ভাষা।খাছীৰ লগত সম্পৰ্ক থকা মন-মাৰ ভাষা কয়।
জয়ন্তীয়া ৰাজ্য বৰ্তমানৰ মেঘালয়ৰ শ্বিলং মালভূমিৰ পূবৰ পৰা দক্ষিণৰ সমতললৈকে, আৰু উত্তৰে অসমৰ বৰাক নদীৰ উপত্যকালৈ বিস্তৃত আছিল।
বৰ্তমান ধ্বংসপ্ৰাপ্ত ৰাজধানী জয়ন্তীপুৰ জয়ন্তীয়া পাহাৰৰ তলৰ সমলতল্ত আছিল। সম্ভৱতঃ জয়ন্তীয়া পাহাৰত এখন জহকালিৰ ৰাজধানীও আছিল, কিন্তু তাত এতিয়া এটা দূৰ্গা মন্দিৰ আৰু কিছুমান প্ৰাচীন স্মৃতিচিহ্নৰ বাহিৰে একো নাই।
বাংলাদেশৰ চিলেটৰো বহুখিনি অঞ্চল জয়ন্তীয়া ৰজাৰ অধীনত আছিল।
জয়ন্তীয়া ৰাজ্যৰ আৰম্ভণিৰ ইতিহাস স্পষ্ট নহয়। অনুমান কৰা মতে প্ৰায় পঞ্চদশ শতিকাত প্তভাত ৰায় নামৰ ৰজা এজনে এই ৰাজ্য স্থাপন কৰিছিল। সপ্তদশ শতিকাৰ আৰম্ভণিত ধন মাণিক নামৰ জয়ন্তীয়া ৰজাই কছাৰীৰ লগত ৰণত পৰাস্ত হৈ আহোম ৰজা প্ৰতাপ সিহৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰে আৰু আহোমৰ লগ লাগি কছাৰী ৰাজ্য আক্ৰমণ কৰে। ধন মাণিকৰ পাছত ক্ৰমে যশ মাণিক, সুন্দৰ ৰায়, ছোট পৰ্বত ৰায়, যশোমন্ত ৰায় ৰজা হয়। যশোমন্ত ৰায় আহোম স্বৰ্গদেউ চুত্যিণ্ফা বা প্ৰতাপ সিংহৰ (১৬৪৪-১৬৪৮) সমসাময়িক আছিল। আহোম ৰজা চক্ৰধ্বজ সিংহ দিনত যশোমন্ত ৰায়ে ডিমৰুৱা, গোভা, নেলী আৰু খলা ৰাজ্য জয়ন্তীয়াক ঘূৰাই দিব লাগে বুলি দাবী জনায়। ইয়াৰ পাছত দুই ৰাজ্যৰ মিত্ৰতাৰ অন্ত পৰে।[2]
১৭৬৫ চনত বংগৰ দিৱানিৰ জৰিয়তে ব্ৰিটিছসকল প্ৰথমবাৰৰ বাবে জয়ন্তীয়াসকলৰ সংস্পৰ্শলৈ আহে। জয়ন্তীয়াসকলে বংগ অঞ্চললৈ চূণ ৰপ্তানি কৰিছিল। কিন্তু ব্ৰিটিছসকলৰ লগত তেওঁলোকৰ সম্পৰ্ক মধুৰ নাছিল আৰু ১৭৭৪ চনত তেওঁলোক আক্ৰমণৰ সন্মুখীন হয়। ইয়াৰ পাছত কোঠ আৰু ১৭৯৯ চনৰ আইনৰ যোগে জয়ন্তীয়াসকল ভৈয়ামৰ পৰা ক্ৰমাৎ পৃথক হৈ পৰে।
প্ৰথম ইংগো বৰ্মী যুদ্ধৰ শেষত ব্ৰিটিছে জয়ন্তীয়া ৰজা ৰাম সিঙক সুৰমা নদীৰ উত্তৰে শাসন কৰিবলৈ অনুমতি দিয়ে। ১৮৩৫ চনৰ ১৫ মাৰ্চত জয়ন্তীয়া ৰাজ্য আনুষ্ঠানিকভাৱে ব্ৰিটিছৰ অধীনলৈ অনা হয়। ৰজাক চিলেটৰ সম্পত্তিৰ লগতে মাহে ৫০০ টকাকৈ দিয়া হয়। ব্ৰিটিছে ভৈয়ামৰ অঞ্চল প্ৰত্যক্ষভাৱে শাসন কৰিছিল। পাৰ্বত্য অঞ্চলৰ বাবে পোন্ধৰজন দলৈ আৰু চাৰিজন চৰ্দাৰ নিযুক্ত কৰা হৈছিল।[3]
জয়ন্তীয়া ৰাজ্য শাসন কৰা ৰজাসকলৰ তালিকা তলত দিয়া হ'ল।[4]