জয়াশ্ৰী নৈষধ ৰায়জী (ইংৰাজী: Jayashri Raiji, ১৮৯৫–১৯৮৫) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, সমাজকৰ্মী, সংস্কাৰবাদী আৰু ৰাজনীতিবিদ। তেওঁ বম্বে ছাবাৰবান আসনৰ পৰা ১নং লোকসভাৰ সদস্য নিৰ্বাচিত হৈছিল।
১৮৯৫ চনৰ ২৬ অক্টোবৰত চুৰাটত ছাৰ মনুভাই মেহতাৰ ঘৰত জন্মগ্ৰহণ কৰা জয়াশ্ৰীয়ে উচ্চ শিক্ষাৰ বাবে বৰোদা মহাবিদ্যালয়ত পঢ়িছিল।[1]
সামাজিক কামৰ বাবে পৰিচিত ৰায়জীয়ে ১৯১৯ চনত বম্বে প্ৰেচিডেন্সি মহিলা পৰিষদৰ অধ্যক্ষ হয়। অসহযোগ আন্দোলনৰ সময়ত (১৯৩০) বিদেশী সামগ্ৰী বিক্ৰী কৰা দোকানৰ পিকেটিঙত অংশগ্ৰহণ কৰিছিল আৰু ভাৰত ত্যাগ আন্দোলনৰ (১৯৪২) সময়ত ব্ৰিটিছ কৰ্তৃপক্ষই ছমাহ কাৰাগাৰত বন্দী কৰিছিল। স্বদেশী সামগ্ৰী গ্ৰহণৰ বাবে উৎসাহিত কৰিবলৈ তেওঁ প্ৰদৰ্শনীৰ আয়োজন আৰু মহিলা সমবায় দোকান স্থাপন কৰাত সহায় কৰে।[1]
ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত বম্বে উপনগৰ সমষ্টিৰ পৰা প্ৰথম সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে আৰু প্ৰথম লোকসভাৰ সদস্য হয়।[2] তেওঁ ভাৰতীয় শিশু কল্যাণ পৰিষদৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল।[3] ১৯৮০ চনত তেওঁক মহিলা আৰু শিশুৰ উন্নয়ন আৰু কল্যাণৰ বাবে জামনালাল বাজাজ বঁটাৰে সন্মানিত কৰা হয়।[4]
১৯১৮ চনত এন এম ৰাইজীৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু তেওঁলোকৰ চাৰিটা সন্তান জন্ম হয়।[1] ১৯৮৫ চনত তেওঁৰ মৃত্যু হয়।[5]