জল প্ৰদূষণ (ইংৰাজী: water pollution) বিশুদ্ধ পানী জীৱজগতৰ এক অপৰিহাৰ্য উপাদান। পানী অবিহনে জীৱই জীৱন নিৰ্বাহ কৰিব নোৱাৰে। এই পানীৰ উৎসসমূহ হ’ল সাগৰ, নদী, হ্ৰদ, পুখুৰী, খাল, বিল, ভূগৰ্ভৰ পানী আৰু জলীয় বাষ্প। খোৱাৰ বাবে উপযোগী পানীত পৰ্যাপ্ত পৰিমাণৰ পৌষ্টিক উপাদান যেনে খনিজ লৱণসমূহ থকাটো প্ৰয়োজন। উল্লেখযোগ্য যে বিশ্বৰ মুঠ প্ৰাকৃতিক খোৱা পানীৰ উৎসৰ শতকৰা ৬০ ভাগ আমেৰিকা যুক্তৰাষ্ট্ৰ(United States America) আৰু কানাডা(Canada)ৰ জলধাৰাসমূহত মজুত আছে। যেতিয়া কোনো প্ৰাকৃতিক কাৰণত নাইবা মানুহৰ কাৰ্যকলাপৰ ফলত জৈৱ, অজৈৱ, নাইবা জৈৱিক (Organic, Inorganic or Biological) কাৰকবোৰৰ প্ৰভাৱত পানীৰ সাধাৰণ গুণাগুণ বিনষ্ট হৈ মানুহৰ গ্ৰহণৰ অনুপযোগী হয় তেতিয়া তেনে পানীক দূষিত পানী আৰু যি পদ্ধতিত পানী দূষিত হয় তাক জল প্ৰদূষণ (Water pollution) বোলা হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ ১৯৯৩ চনৰ এক সমীক্ষা মতে, ভাৰতৰ সকলো ৰোগৰ শতকৰা ১১ভাগ আৰু সোঁচৰা ৰোগৰ ২১ ভাগ উদ্ভৱ হয় প্ৰদূষিত পানীৰ কাৰণেই বৰ্তমান ভাৰতৰ ৭০% নদী আৰু জান-জুৰিয়ে প্ৰদূষিত পানী বহন কৰি আছে।
যিহেতু পানীয়ে বহুতো জৈৱ আৰু অজৈৱ যৌগ দ্ৰবীভূত কৰিব পাৰে সেইবাবে জল প্ৰদূষণৰ বাবে অতি স্পৰ্শকাতৰ।
কল-কাৰখানাৰপৰা নিৰ্গত হোৱা ধাতৱ পদাৰ্থবিলাক বৰষুণৰ পানীয়ে মাটিৰ উপৰিভাগৰ পৰা উটুৱাই নি নৈ, বিল, পুখুৰী নাইবা ডাঙৰ জলাশয় আদিত পেলাই দি পানী প্ৰদূষিত কৰে। কাৰণ এই ধাতৱ পদাৰ্থবিলাকত ক্লৰি’ন, কষ্টিক ছ’ডা, ফেনল, ছায়েনাইড, এম’নিয়া, পাৰা, সীহ, তাম, আৰ্ছেনিক, কেডমিয়াম প্ৰভৃতি বিষাক্ত পদাৰ্থ থাকে। ঔষধ কাৰখানাৰ পৰা নি:সৃত নানাবিধ ৰাসায়নিক পদাৰ্থয়েও পুখুৰী তথা নদীৰ পানী প্ৰদূষিত কৰে।[1]
জনসংখ্যা বৃদ্ধিৰ লগে লগে নগৰীকৰণ বৃদ্ধি হৈ গৈ আছে। চহৰ বা নগৰৰ মানুহৰ ঘৰত দৈনিক সৃষ্টি হোৱা আৱৰ্জনাবোৰ প্ৰায়েই নদ-নদী, পুখুৰী আদি জলাশয়ত নিক্ষেপ কৰা হয়। এই আৱৰ্জনাসমূহৰ ভিতৰত প্লাষ্টিক, পলিথিন বেগ, ৰবৰ, ধূলি-বালি, ঘৰচীয়া প্ৰাণীৰ মলমূত্ৰ, কাগজ, ৰন্ধন প্ৰণালীত ব্যৱহাৰ নোহোৱা অলাগতিয়াল পদাৰ্থসমূহ, ঔষধ আদিয়েই প্ৰধান। এইবোৰে পানীত নানা ৰাসায়নিক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি পানী দূষিত কৰে ফলত তাত থকা প্ৰাণীৰ মৃত্যু হয়।
জনসংখ্যা বৃদ্ধিৰ লগে লগে মাটিৰ অভাৱত অলপ মাটিতে অধিক শস্য লাভৰ আশাত নানা ধৰণৰ মাৰাত্মক কীটনাশক, আগাছানাশক (Herbicide) নাইবা সাৰ ব্যৱহাৰ কৰা হয়। শস্যই গ্ৰহণ কৰাৰ পিছত বহুতো ৰাসায়নিক দ্ৰব্য মাটিত ৰৈ যায়। বৰষুণৰ পানীয়ে সেইবোৰ উটুৱাই নি পুখুৰী, নদী, বিল বা আন জলাশয়ত পেলাই পানী দূষিত কৰে।
নদী, হ্ৰদ, সাগৰ আদিত চলা যান-বাহন বোৰৰ পৰা ওলোৱা তৈলজাতীয় বিষাক্ত পদাৰ্থই জল প্ৰদূষণ কৰে। যুদ্ধ বিগ্ৰহৰ কাৰণেই হওক বা দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কাৰণতেই হওক বহু হাজাৰ টন তেল কঢ়িয়াই অনা তেলবাহী জাহাজ সাগৰত নিমজ্জিত হোৱাৰ কাৰণে সাগৰৰ পানী প্ৰদূষিত হয়।
আনবিক চুলা আৰু পাৰমাণবিক বিষ্ফোৰণৰ ফলত বায়ুমণ্ডলত নানাবিধ তেজষ্ক্ৰিয় পদাৰ্থৰ সৃষ্টি হয়। বৰষুণৰ লগত এই তেজষ্ক্ৰিয় পদাৰ্থবোৰ নদী, হ্ৰদ, সাগৰ নতুবা আন জলাশয়ত পৰি তাৰ পানী প্ৰদূষিত কৰে। সাগৰত কৰা নানাধৰণৰ পাৰমাণবিক পৰীক্ষাৰ ফলতো সাগৰৰ পানী প্ৰদূষিত হয়। তদুপৰি পৰীক্ষাগাৰ, চিকিৎসালয়, আণবিক শক্তিৰ উদ্যোগ আদিৰ পৰা ওলোৱা আৱৰ্জনাটো তেজষ্ক্ৰিয় পদাৰ্থ থাকে। সেয়েহে এই আৱৰ্জনাবোৰ কোনো জলাশয়ত পেলালে তাৰ পানী দূষিত হয়।
নদীৰ ওপৰত গঢ়ি উঠা কিছুমান উদ্যোগত নদীৰ পানী গৰম বস্তু ঠাণ্ডা কৰাত ব্যৱহাৰ কৰা হয়। পিছত গৰম হৈ পৰা এই পানীখিনি পুনৰ নদীত পেলাই দিয়া হয়। এই গৰম পানীয়ে জলজ পৰিবেশ বিনষ্ট কৰি পানী দূষিত কৰে।[1]
জল প্ৰদূষণৰ ফলত জীৱজগত বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হব পাৰে।
জল প্ৰদূষণ ৰোধ কৰিবলৈ কোনো এটা নিৰ্দিষ্ট ফৰ্মুলা বা আহিলা নাই। কিন্তু নানা ধৰণৰ প্ৰযুক্তিবিদ্যা, নিয়ম আৰু আইনৰ ঐক্যবদ্ধ সহযোগত জল প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পৰা যায়।