জাঁইফল | |
---|---|
![]() | |
Myristica fragrans | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Magnoliids |
বৰ্গ: | Magnoliales |
পৰিয়াল: | Myristicaceae |
গণ: | Myristica Gronov. |
Species | |
See text |
জাঁইফল (ইংৰাজী: nutmeg; বৈজ্ঞানিক নাম: Myristica Fragrans; শ্ৰেণী: Myristicaceae) হৈছে এবিধ সুগন্ধি মছলা। জাঁইফল মছলাবিধ উদ্ভিদজোপাৰ গুটিৰ শাহ আৰু জাঁইপত্ৰী হ'ল গুটিটোক আৱৰি থকা ৰেটিকুলেট এৰিল অংশ। এই গুটি আৰু এৰিলক আৱৰি এটা প্ৰায় ১.২৫ ছেণ্টিমিটাৰ ডাঠ পেৰিকাপ অংশ থাকে।[1]
জাঁইফলৰ খেতি প্ৰধানত মালয়েছিয়া, ইণ্ডোনেছিয়া, ৱেষ্ট ইণ্ডিজ, ভাৰতবৰ্ষ, শ্ৰীলংকা আদিত কৰা হয়। পৃথিৱীৰ মুঠ জাঁইফল উৎপাদনৰ শতকৰা ৮৫ ভাগ ইণ্ডোনেছিয়া আৰু গ্ৰিনেদাই উৎপন্ন কৰে। ভাৰতবৰ্ষত ইয়াৰ খেতি তামিলনাডু, কেৰালা, কৰ্ণাটক, গোৱা আৰু মহাৰাষ্ট্ৰত কৰা হয়। সাধাৰণতে উত্তৰ আৰু সেমেকা জলবায়ু অঞ্চলত জাঁইফলৰ খেতি ভাল হয়।[1]
চিৰসেউজী, সুগন্ধিবিশিষ্ট এই মছলা উদ্ভিদজোপা সাধাৰণতে ৯ ৰ পৰা ১২ মিটাৰ পৰ্যন্ত ওখ হোৱা দেখা যায় যদিও প্ৰায় ২০ মিটাৰ পৰ্যন্তও ওখ গছ আছে। ইয়াৰ ফলবিলাক পকিলে হালধীয়া বৰণৰ হয় আৰু নিজে নিজে সোঁমাজেৰে দীঘলীয়াকৈ ফাটি যায়। তেতিয়া ৰঙচুৱা বৰণৰ এৰিলে আৱৰা জাঁইফলটো আকৰ্ষণীয়ভাৱে দৃশ্যভূত হয়। জাঁইফল উদ্ভিদজোপাৰ পাতবোৰ ৫-১৫ ছেণ্টিমিটাৰ দীঘল আৰু ২-৭ ছেণ্টিমিটাৰ বহল হয়।[1]
প্ৰতি ১০০ গ্ৰাম জাঁইফলত থকা খাদ্য সংযুতি:[1]
খাদ্যপ্ৰাণ | পৰিমাণ |
---|---|
পানী | ১৪.৩ গ্ৰাম |
প্ৰটিন | ৭.৫ গ্ৰাম |
ফেট | ৩৬.৪ গ্ৰাম |
কাৰ্বহাইড্ৰেট | ২৮.৫ গ্ৰাম |
ফাইবাৰ | ১১.৬ গ্ৰাম |
খনিজ পদাৰ্থ | ১.৭ গ্ৰাম |
কেলছিয়াম | ১২০ মিলিগ্ৰাম |
ফছফৰাছ | ১৪০ মিলিগ্ৰাম |
আইৰন | ৪.৬ মিলিগ্ৰাম |
ভিটামিন B1 | ০.৩৩ মিলিগ্ৰাম |
ভিটামিন B2 | ০.০১ মিলিগ্ৰাম |
নায়োছিন | ১.৪ মিলিগ্ৰাম |