জাপানত হিন্দু ধৰ্ম এক সংখ্যালঘু ধৰ্ম। পিচে, বৌদ্ধ ধৰ্মৰ সৈতে সামঞ্জস্য থকা এই ধৰ্মৰ, ই এক সংখ্যালঘু ধৰ্ম হ'লেও, জাপানৰ সংস্কৃতিত বিশেষ প্ৰভাৱ দেখা যায়। হিন্দু ধৰ্মৰ সৃষ্ট অনেক ধাৰণা, দেৱতা আদি, বৌদ্ধ ধৰ্মৰ মাধ্যমেৰে, বা পোণপতীয়াকৈ জাপানী লোকবিশ্বাসত সোমাইছে।
যদিও হন্দু ধৰ্মাৱলম্বী লোকৰ সংখ্যা জাপানত অধিক নহয়, এই ধৰ্মৰ জাপানী সংস্কৃতিৰ অনেক ক্ষেত্ৰত বিশেষ প্ৰভাৱ দেখা যায়। এই প্ৰভাৱ সাধাৰণতে পৰোক্ষ। এই প্ৰভাৱৰ কাৰণ হ'ল জাপান দেশত বৌদ্ধ ধৰ্মৰ জনপ্ৰিয়তা। বৌদ্ধ ধৰ্ম আৰু হিন্দু ধৰ্মৰ উৎস একেই, আৰু দুয়ো ভাৰতীয় ধৰ্ম।[1] বৌদ্ধ ধৰ্ম ভাৰতৰ পৰা চীন আৰু চীনৰ পৰা কোৰিয়া হৈ ষষ্ঠ শতিকাত জাপানত সোমাল। হিন্দু ধৰ্মৰ প্ৰভাৱৰ এক মুখ্য উদাহৰণ হ'ল জাপানত অনেক লোকে বিশ্বাস কৰা "সৌভাগ্যৰ সাত দেৱতা"। এই সাত দেৱতাৰ চাৰিজনেই হিন্দু দেৱতা। বেঞ্জাইটেনছামা হ'ল বিদ্যাৰ হিন্দু দেৱী সৰস্বতীৰ ৰূপ। বিশ্বামন হ'ল ধনৰ হিন্দু দেৱতা বৈশ্ৰাৱন বা কুবেৰৰ ৰূপ। ঠিক তেনেদৰে, ডাইক'কুটেন হিন্দু দেৱতা মহাকাল বা শিৱৰ ৰূপ আৰু কিচিজটেন ধনৰ হিন্দু দেৱী লক্ষ্মীৰ ৰূপ। হিন্দু ত্ৰিদেৱীৰ "নিপ্পনীকৰণ" দেখা যায়, অৰ্থাৎ জাপানী ৰূপত তুলি ধৰা দেখা যায় (জাপান দেশক জাপানী ভাষাত নিপ্পন বা নিহন বোলা হয়)। সৰস্বতী হৈ পৰে বেঞ্জাইটেন্ন্য', লক্ষ্মী হৈ পৰে কিচ্শ্বৌটেন্ন্য' আৰু মহাকালী হৈ পৰে ডাইক'কুটেন্ন্য'। পিচে, ডাইক'কুটেন্ন্য'ক পতি ডাইক'কুটেনৰ (大黒天) নাৰী ৰূপ হিচাপেহে সৌভাগ্যৰ সাত দেৱৰ মাজত ৰখা হয়।[2]
বেঞ্জাইটেনৰ জাপান আগমন ঘটিছিল ষষ্ঠৰ পৰা অষ্ঠম শতিকাৰ ভিতৰত, যেতিয়া চীনা ভাষালৈ "সোণালী পোহৰৰ সূত্ৰ"ৰ (金光明経) অনুবাদ কৰা হৈছিল।[3] এই সূত্ৰত বেঞ্জাইটেনৰ বিষয়ে এক সম্পূৰ্ণ ভাগ আছে। তেওঁৰ উল্লেখ পদ্ম সূত্ৰতো পোৱা যায়।[4] জাপানত লোকপালে চাৰি স্বৰ্গীয় ৰজাৰ বৌদ্ধ ৰূপ গ্ৰহণ কৰে। সোণালী পোহৰৰ সূত্ৰ বিশেষকৈ জাপানত অত্যন্ত জনপ্ৰিয় হ'ল। এই সূত্ৰৰ মতে, যি শাসকে সঠিকভাৱে শাসন কৰে, তেওঁক চাৰিও দিশৰ পৰা চাৰি স্বৰ্গীয় ৰজাই ৰক্ষা কৰে।[5] এই চাৰি স্বৰ্গীয় ৰজা হ'ল, মৃত্যুৰ হিন্দু দেৱতা যম, বিষ্ণুৰ বাহন গৰুড়, অপেশ্বৰী আৰু শিৱৰ পুত্ৰ গণেশ। যমৰ জাপানী ৰূপ হ'ল এন্মা।[6] গৰুড়ৰ জাপানী ৰূপ হ'ল কৰুৰ।[7] কৰুৰ এটি বিশালকায়, মুখৰ পৰা জুই নিগৰোৱা প্ৰাণী। এই প্ৰাণীৰ অৰ্ধাংশ মানৱৰ দৰে, আৰু আন অৰ্ধাংশ চৰাইৰ। অপেশ্বৰীৰ জাপানী ৰূপ টেন্নিন।[8] গণেশৰ জাপানী ৰূপ কাঙিটেন।[9] জাপানৰ ফুটাক' টামাগাৱা স্থিত এটি মন্দিৰত বুদ্ধতকৈও গণেশ বা কাঙিটেনক অধিক প্ৰদৰ্শিত কৰা হৈছে।
হিন্দু ধৰ্মৰ আন আন প্ৰভাৱ হৈছে, ছয় দৰ্শনত বিশ্বাস, আৰু যোগ আৰু পাগোড়াৰ ব্যৱহাৰ। জাপানী সংস্কৃতিক প্ৰভাৱিত কৰা হিন্দু বিশ্বাসে চীন দেশৰ সংস্কৃতিকো ভালেমান প্ৰভাৱিত কৰিছে।
হিন্দু দেৱী-দেৱতাৰ ওপৰত জাপানত অনেক লোকে অধ্যয়ন কৰিছে আৰু গ্ৰন্থ ছপা কৰিছে।[10] বৰ্তমানেও ই জাপানত হিন্দু ধৰ্মৰ অধ্যয়নক অৰিহণা যোগায়।[11]
বৰ্তমানে জাপানত হিন্দু ধৰ্মাৱলম্বী লোকৰ সৰহ সংখ্যকেই ভাৰতীয় বা নেপালী প্ৰবাসী। ২০১৬ চন্ত, জাপানত প্ৰায় ৩০ হাজাৰ ভাৰতীয় আৰু ৮০ হাজাৰ নেপালী লোকে বাস কৰিছিল। এই প্ৰবাসী সমাজৰ সৰহ সংখ্যকেই হিন্দু ধৰ্মাৱলম্বী। স্থানীয় জাপানী লোকৰ মাজত, বৰ্তমানে শ্বিঙন বৌদ্ধ ধৰ্মাৱলম্বীসকলে হিন্দু ধৰ্মক বিশেষভাৱে সন্মান কৰে। জাপানত থকা কিছু ডাঙৰ হিন্দু মন্দিৰ হ'ল:
এচ'চিয়েছন অৱ ৰিলিজন ডেটা আৰ্কাইভ্ছৰ মতে ২০১৫ চনত প্ৰায় ২৬ হাজাৰ হিন্দু লোক আছিল।[12]