জাপানী চাহ অনুষ্ঠান (茶道, "'চাডো"') বা চা-নো-য়ু (茶の湯) হৈছে জাপানী সংস্কৃতিৰ এক ৰীতি বা কলা য'ত মাচা (抹茶) অৰ্থাৎ চূৰ্ণ কৰা সেউজীয়া চাহ পাৰম্পৰিকভাৱে প্ৰস্তুত তথা পৰিৱেশন কৰা হয়।[1]
জেন বৌদ্ধ ধৰ্মই জাপানী চাহ অনুষ্ঠানৰ বিকাশত এক প্ৰাথমিক প্ৰভাৱ হিচাপে ভূমিকা গ্ৰহণ কৰিছিল। কোনো কোনো সময়ত জাপানী চাহৰ অনুশীলনত ছেনচা অৰ্থাৎ পাতৰ চাহো ব্যৱহাৰ কৰা হয়। চা-নো-য়ুৰ বিপৰীতে এই পৰম্পৰাক ছেনচাডো বুলি কোৱা হয়।
অনানুষ্ঠানিকভাৱে আয়োজন কৰা এনে চাহৰ সমাৱেশক চাকাই (茶会) আৰু আনুষ্ঠানিকভাৱে আয়োজন কৰা চাহৰ সমাৱেশক চাজি (茶事) বোলা হয়। চাকাই তুলনামূলকভাৱে সৰল আৰু এই অনুষ্ঠানত মিঠাই, পাতলীয়া চাহ আৰু লঘু আহাৰ পৰিৱেশন কৰা হয়। চাজি এক আনুষ্ঠানিক সমাৱেশ আৰু এই অনুষ্ঠানত সাধাৰণতে এক সম্পূৰ্ণ কাইছেকি (জাপানী আহাৰ), মিষ্টান্ন আৰু কাঢ়াকৈ কৰা চাহৰ লগতে পাতলীয়া চাহো পৰিৱেশন কৰা হয়। একোটা চাজি চাৰি ঘণ্টাজুৰি চলিব পাৰে।
চাডোক তিনিটা ধ্ৰুপদী কলাৰ অন্যতম হিচাপে গণ্য কৰা হয়। আন দুটা হৈছে কডো (সুগন্ধি) আৰু কাডো (পুষ্পসজ্জা)।
জাপানত চাহৰ ব্যৱহাৰৰ প্ৰথম নথিভুক্ত প্ৰমাণ নৱম শতিকাত পোৱা যায়। জাপানী বুৰঞ্জী পুথি নিহোন কোকিৰ পাতত এই কথাৰ উল্লেখ পোৱা যায় যে বৌদ্ধ সন্ন্যাসী ইচুৱে চীনদেশৰ পৰা উভতি আহোঁতে জাপানলৈ চাহ লৈ আনিছিল। ইয়াত কোৱা হৈছে যে ৮১৫ চনত কাৰাচাকীত ইচুৱে ভ্ৰমণৰত সম্ৰাট চাগাক ব্যক্তিগতভাৱে চেনচা (গৰম পানীত চাহ পাত ডুবাই প্ৰস্তুত কৰা চাহ) পৰিৱেশন কৰিছিল। ৮১৬ চনত সম্ৰাটৰ আদেশ অনুসৰি জাপানৰ কিঙ্কি অঞ্চলত চাহ খেতি কৰা আৰম্ভ হয়।[2] অৱশ্যে ইয়াৰ পিছত জাপানত চাহৰ প্ৰতি থকা আগ্ৰহ ম্লান হৈ পৰে।[3]
চীনা লোকসকলে এহাজাৰ বছৰৰো অধিক সময়ৰ পৰা চাহৰ বিষয়ে জানিছিল। ইচুৰ সময়ত চীনত ডানচা আছিল জনপ্ৰিয় চাহ।[4] ইয়াক ডোখৰ ডোখৰকৈ সংকুচিত কৰি ৰখা হৈছিল। পিছত ইয়াক খুন্দনাত খুন্দি বিভিন্ন বনৌষধি আৰু সোৱাদৰ সৈতে মিহলি কৰা হৈছিল।[5] প্ৰথমাৱস্থাত ঔষধি হিচাপে আৰু পিছলৈ মূলতঃ আমেজদায়ক পানীয় হিচাপে চাহ খোৱাৰ প্ৰথা ইতিমধ্যে সমগ্ৰ চীনতে প্ৰচলিত হৈ পৰে। নৱম শতিকাৰ আৰম্ভণিতে চীনা লেখক লু য়ুৱে চাহৰ খেতি আৰু প্ৰস্তুতিৰ ওপৰত গুৰুত্ব দি দ্য ক্লাছিক অফ টি নামৰ গ্ৰন্থখন লিখে। লু য়ুৰ জীৱন বৌদ্ধ ধৰ্মৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হৈছিল। তেওঁৰ ধাৰণাবোৰে জাপানী চাহৰ বিকাশত বহুল প্ৰভাৱ পেলায়।[6]
জাপানী চাহৰ ব্যৱহাৰ এক পৰিৱৰ্তনশীল অনুশীলন" হিচাপে বিকশিত হয় আৰু ইয়াৰ ক্ৰমান্বয়ে ই নিজাকৈ এক নান্দনিকতাৰ বিকাশ ঘটাবলৈ আৰম্ভ কৰে।[7][8]
মুৰাতা জুকোক চা-নো-য়ুৰ ইতিহাসত আধ্যাত্মিক অনুশীলন হিচাপে চাহৰ প্ৰাৰম্ভিক বিকাশৰ কৃতিত্ব দিয়া হয়। তেওঁ পঞ্চদশ শতিকাত জেন বৌদ্ধ ধৰ্মক পুনৰুজ্জীৱিত কৰা সন্ন্যাসী ইক্যুৰ অধীনত জেনৰ বিষয়ে অধ্যয়ন কৰিছিল আৰু ই তেওঁৰ চা-নো-য়ুৰ ধাৰণাক প্ৰভাৱিত কৰিছিল বুলি গণ্য কৰা হয়।[9] ষোড়শ শতিকালৈ জাপানৰ সমাজৰ সকলো স্তৰলৈ চাহ পানৰ অনুশীলন বিয়পি পৰে। ছেন নো ৰিক্যু আৰু তেওঁৰ গ্ৰন্থ ছাউদাৰ্ণ ৰেকৰ্ড আৰু তেওঁৰ গুৰু টেকনো জু ইচি-গো ইচি-ইয়ে চাহ অনুষ্ঠানৰ সম্পৰ্কত পোষণ কৰা ধাৰণা সম্ভৱতঃ সৰ্বাধিক জনাজাত আৰু মান্য।[10]