জাপানীজ য়েন | |||||
---|---|---|---|---|---|
| |||||
ISO 4217 ক’ড | JPY
| ||||
কেন্দ্ৰীয় বেঙ্ক | বেংক অফ জাপান | ||||
ৱেবছাইট | [http://www | ||||
ব্যৱহাৰকাৰী | ![]() ![]() | ||||
মুদ্ৰাস্ফীতি | ০.১% | ||||
উৎস | The World Factbook | ||||
উপ একক | |||||
১/১০০ | চেন | ||||
১/১০০০ | ৰিন | ||||
চিহ্ন | ¥ (আন্তঃৰাষ্ট্ৰীয়) 円 (জাপান—বৰ্তমান প্ৰচলিত) 圓 (জাপান—পৰম্পৰাগত) | ||||
ধাতব মুদ্ৰা | ১ য়েন, ৫ য়েন, ১০ য়েন, ৫০ য়েন, ১০০ য়েন, ৫০০ য়েন | ||||
জাপানীজ য়েনৰ বেংকনোট | ১০০০ য়েন, ২০০০ য়েন, ৫০০০ য়েন, ১০,০০০ য়েন | ||||
মুদ্ৰক | নেশ্যনেল প্ৰিণ্টিং ব্যুৰ’ | ||||
ৱেবছাইট | [http://www | ||||
টকাশাল | জাপান মিণ্ট | ||||
ৱেবছাইট | [http://www |
জাপানীজ য়েন (円 বা 圓 চিহ্ন: ¥; কোড: JPY ) হৈছে জাপানৰ আনুষ্ঠানিক মুদ্ৰা। বৈদেশিক মুদ্ৰা বজাৰত হোৱা বিনিময়ৰ ভিত্তিত আমেৰিকান ডলাৰ আৰু ইউৰোৰ স্থান ক্ৰমে প্ৰথম আৰু দ্বিতীয় হোৱাৰ বিপৰীতে জাপানীজ য়েন তালিকাৰ তৃতীয় স্থানত আছে।[2] আমেৰিকান ডলাৰ, ইউৰো আৰু পাউণ্ড ষ্টাৰলিঙৰ লগতে য়েনো এক বহুলভাৱে গ্ৰহণীয় সঞ্চয় বা আৰক্ষিত মুদ্ৰা।
১৯ শতিকাৰ ৰূপৰ স্পেনিচ ডলাৰ দক্ষিণ-পূব এচিয়া, চীনা উপকূল আৰু জাপানত প্ৰচলিত আছিল। এই মুদ্ৰাসমূহ একাপালক’ আৰু মেক্সিকোৰ পৰা জাহাজেৰে আহিছিল আৰু ফিলিপাইনচৰ ৰাজধানী চহৰ মেনিলাৰ জৰিয়তে ইয়াক প্ৰৱৰ্ত্তন কৰা হৈছিল। ১৮৪০ ৰ দশকত লেটিন আমেৰিকাৰ ৰূপৰ ডলাৰে স্পেনিচ ডলাৰসমূহৰ স্থান দখল কৰে। ১৯ শতিকাৰ শেষলৈ মেক্সিকান পেচ’ৰ দৰে কিছুসংখ্যক থলুৱা মুদ্ৰাৰ আৱিৰ্ভাৱ ঘটে। হংকং ডলাৰ আছিল এনে থলুৱা মুদ্ৰাৰ অন্যতম। কিন্তু চীনাসকলে এই নতুন মুদ্ৰা গ্ৰহণ নকৰি চিনাকি মেক্সিকান ডলাৰকে আগস্থান দিয়ে। ফলস্বৰূপে হংকং চৰকাৰে মুদ্ৰণ যন্ত্ৰটো জাপানক বিক্ৰী কৰে।
তেতিয়া জাপানে ‘য়েন’ নামেৰে এক ৰূপৰ মুদ্ৰা প্ৰৱৰ্ত্তন কৰাৰ সিদ্ধান্ত লয় আৰু সেইমৰ্মে মেইজি চৰকাৰৰ শাসনকালত ১৮৭১ চনৰ ১০ মে’ত স্বাক্ষৰিত এক আইনযোগে য়েনক আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হয়।[3] সেই বছৰৰে জুলাই মাহৰ পৰা য়েনৰ প্ৰচলন ক্ৰমাৎ আৰম্ভ হয়। ১৮৭১ চনৰ নতুন মুদ্ৰা আইন অনুসৰি য়েনৰ দশমিকীকৰণ কৰা হয় :(১, 圓), চেন (১⁄১০০, 銭), আৰু ৰিন (১⁄১০০০, 厘)। ১৮৬৭ চনত ইউৰোপীয়ান কংগ্ৰেছ অফ ইক’নমিষ্টে দিয়া পৰামৰ্শ অনুযায়ী ০.৭৮ ট্ৰয় আউন্স (২৪.২৬ গ্ৰাম} বিশুদ্ধ ৰূপ বা ১.৫ গ্ৰাম বিশুদ্ধ সোণৰ মানত য়েনৰ আইনী সংজ্ঞা নিৰ্ধাৰণ কৰা হৈছিল। এটা ৫ য়েনৰ মুদ্ৰা ৫ আৰ্জেণ্টাইন মুদ্ৰা এটাৰ সমান আছিল আৰু ইয়াৰ বাবে য়েন দ্বিধাতু মানবিশিষ্ট মুদ্ৰাত পৰিণত হৈছিল।[4] সেই পৰিমাণৰ ৰূপ ১১৮১ আধুনিক য়েনৰ সমান[5] আৰু সেই পৰিমাণৰ সোণ ৪৭১৫ য়েনৰ সমান।[6])
১৮৭৩ চনৰ ৰূপৰ মূল্যৰ অৱনমন ঘটে আৰু স্বৰ্ণ মান্যতাবিশিষ্ট আমেৰিকান ডলাৰ আৰু কানাডিয়ান ডলাৰৰ তুলনাত য়েনৰ মূল্য হ্ৰাস পায়। ১৮৯৭ চনত য়েনৰ মুল্য ০.৫০ আমেৰিকান ডলাৰৰ সমান হয়গৈ। সেই বছৰতে জাপানে স্বৰ্ণ মান্যতা গ্ৰহণ কৰে আৰু য়েনৰ মূল্য $০.৫০ –ত স্থিৰ হয়।[7] ১৯৩১ চনত জাপানে স্বৰ্ণ মান্যতা ত্যাগ কৰালৈকে এই বিনিময় মূল্য বাহাল থাকে আৰু ১৯৩২ চনৰ জুলাইত এই মুল্য $.৩০ হয়গৈ। ১৯৩৩ চনত এই মূল্য $০.২০ লৈ হ্ৰাস পায়।[8] দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণিৰ সময়ত (১৯৪১ চন) য়েনৰ মূল্য আছিল $০.২৩।[9]
১০৫৩ চনৰ শেষভাগলৈ চেন আৰু ৰিনৰ প্ৰচলন লাহে লাহে বন্ধ কৰা হয়। [10]
১৯৪১ চনৰ ৭ ডিচেম্বৰ আৰু ১৯৪৯ চনৰ ২৫ এপ্ৰিলৰ মাজৰ সময়ছোৱাত য়েনৰ কোনো প্ৰকৃত বিনিময় মূল্য নাছিল। যুদ্ধকালীন মুদ্ৰাস্ফিতীৰ বাবে য়েনৰ মূল্য যুদ্ধৰ আগৰ মূল্যৰ অংশমাত্ৰলৈ হ্ৰাস পাইছিল। জাপানৰ অৰ্থনীতিত বয়-বস্তুৰ মূল্য সুস্থিৰ অৱস্থালৈ আনিবৰ বাবে ব্ৰেটন ৱুডছ ব্যৱস্থাৰ অধীনত ২৫ এপ্ৰিলত য়েনৰ মূল্য প্ৰতি আমেৰিকান ডলাৰৰ বিপৰীতে ¥৩৬০ নিৰ্ধাৰণ কৰা হয়।[11] ১৯৭১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই স্বৰ্ণ মান্যতা ত্যাগ কৰালৈকে এই বিনিময় মূল্যকে বাহাল ৰখা হয় আৰু ১৯৭৩ চনত এই মূল্যমান ভাসমান বিনিময় হাৰ ব্যৱস্থাৰ ভিতৰুৱা হয়।
১৯৭১ চনত য়েনৰ মূল্যৰ অৱনমন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় বজাৰত জাপানৰ ৰপ্তানিসমূহত অতি কম পৰিমাণৰ ব্যয় হোৱাৰ বিপৰীতে আমদানিসমূহত ব্যয়ৰ মান অতিশয় বৃদ্ধি পায়। ইয়াৰ ফলত কাৰেণ্ট একাউণ্ট বেলেঞ্চত ৬০ৰ দশকৰ বাণিজ্যিক ঘাটি ১৯৭১ চনত $৫.৮ বিলিয়ন বাণিজ্যিক ৰাহিলৈ ৰূপান্তৰিত হয়। ফলস্বৰূপে য়েনকে ধৰি কেইবাটাও প্ৰধান মুদ্ৰাৰ মূল্য প্ৰকৃত মূল্যতকৈ কমকৈ নিৰ্ধাৰিত হৈ থকাৰ কথা প্ৰতীয়মান হয় আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ইয়াৰ বাবে ব্যৱস্থা লোৱাৰ কথা বিবেচনা কৰে।
১৯৭১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই ডলাৰৰ মূল্য হ্ৰাস কৰে আৰু ইয়াৰ ফলস্বৰূপে বছৰটোৰ শেষভাগত জাপান চৰকাৰে এক নতুন স্থায়ী বিনিময় মূল্যৰ চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিমতে বিনিময় মূল্য $১=¥৩০৮ ত নিৰ্ধাৰণ কৰা হয় যদিও বৈদেশিক বিনিময় বজাৰত যোগান আৰু চাহিদাৰ প্ৰভাৱৰ বাবে এই মান বাহাল ৰখাত জটিলতাৰ সৃষ্টি হয়। ১৯৭৩ চনত এই বিনিময় হাৰ বাতিল কৰা হয় আৰু বিশ্বৰ প্ৰধান দেশসমূহে নিজ নিজ মুদ্ৰাসমূহক ভাসমান বিনিময় মূল্য ব্যৱস্থাত অন্তৰ্ভুক্তিৰ অনুমোদন জনায়।
৭০-ৰ দশকত জাপানীজ য়েনৰ মূল্য বৃদ্ধিয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰত জাপানত উৎপাদিত সামগ্ৰীসমূহৰ প্ৰতিদ্বন্দ্ব্ব্ব্ব্ব্বীতা হ্ৰ্যাস কৰি জাপানৰ ৰপ্তানি বৃদ্ধিত বিৰূপ প্ৰভাৱ পেলাব বুলি জাপানী চৰকাৰ আৰু ব্যৱসায়ীসকল শংকিত আছিল। সেয়ে ১৯৭৩ চনৰ ভাসমান মূল্য ব্যৱস্থা গ্ৰহণৰ পিছতো জাপান চৰকাৰে ডলাৰৰ কিনা-বেচাৰ যোগেদি মুদ্ৰা বজাৰত নিজৰ হস্তক্ষেপ অব্যাহত ৰাখে।
এনে পদক্ষেপৰ পিছতো যোগান আৰু চাহিদাৰ চাপৰ বাবে য়েনৰ মূল্য ক্ৰমাগতভাৱে বৃদ্ধি পায় আৰু ১৯৭৩ চনত প্ৰতি আমেৰিকান ডলাৰৰ বিপৰীতে য়েনৰ মূল্য গড়ে ২৭১ হয়গৈ। ১৯৭৩ চনতে বিশ্বত খাৰুৱা তেলৰ নাটনিয়ে দেখা দিয়ে আৰু আমদানিকৃত পেট্ৰ’লিয়ামৰ বৰ্দ্ধিত মূল্যৰ বাবে ১৯৭৪ আৰু ১৯৭৬ চনৰ ভিতৰত য়েনৰ মূল্য নিম্নগামী হৈ ¥২৭০ ৰ পৰা ¥৩০০ ৰ ভিতৰত স্থিতি লয়। ১৯৭৮ চনত বাণিজ্যিক ৰাহি পুনৰবাৰ উদ্ভৱ হোৱাৰ ফলত য়েনৰ মূল্য ¥২১১ লৈ বৃদ্ধি পায় যদিও ১৭৭৯ চনৰ শক্তিৰ নাটনিৰ বাবে ই ১৯৮০ চনলৈ ¥২২৭ লৈ নিম্নগামী হয়।
৮০ৰ দশকৰ আৰম্ভণিতে য়েনৰ মূল্যই উৰ্দ্ধগামী ৰূপ ল’ব পৰা নাছিল। কাৰেণ্ট একাউণ্ট ৰাহিৰ বাবে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা বজাৰত য়েনৰ চাহিদা বৃদ্ধি পাইছিল যদিও সূতৰ হাৰৰ ভিন্নতা, মূলধনৰ আন্তঃৰাষ্ট্ৰীয় সোঁতৰ ওপৰত নিয়ন্ত্ৰণ হ্ৰাস ইত্যাদি কাৰণত জাপানৰ পৰা মূলধনৰ বৰ্হিগমণ বৃদ্ধি পাইছিল। ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত য়েনৰ যোগান বাঢ়ি যোৱাত ইয়াৰ মূল্য কমি আহিছিল।
২০০৮ চনৰ অৰ্থনৈতিক মন্দাৱস্থাৰ পিছত মূল্য হ্ৰাসৰ এই ধাৰা সলনি হয় আৰু য়েনৰ বিপৰীতে চুইছ ফ্ৰাঁৰ বাহিৰে আন প্ৰধান মুদ্ৰাসমূহৰ মূল্যৰ অৱনতি ঘটে।
২০১৩ চনৰ ৪ এপ্ৰিলত বেংক অফ জাপানে ইয়াৰ সম্পত্তি ক্ৰয় কাৰ্যক্ৰম দুবছৰৰ ভিতৰত $১.৪ ট্ৰিলিয়নলৈ বৃদ্ধি কৰিব বুলি ঘোষণা কৰে। ইয়াৰ যোগেদি কেন্দ্ৰীয় বেংকটোৱে মূদ্ৰাস্ফিতী ২% লৈ বৃদ্ধি কৰাৰ লক্ষ্য বান্ধি লয়। এই পদক্ষেপ সন্দৰ্ভত জাপানে নিজৰ ৰপ্তানি বৃদ্ধিৰ বাবে ইচ্ছাকৃতভাৱে য়েনৰ মূল্য হ্ৰাস কৰিছে বুলি ব্যাপক ৰূপত চৰ্চা হয়।[12]
২০১৩ চনৰ ৯ মে’ত প্ৰতি আমেৰিকান ডলাৰৰ বিপৰীতে য়েনৰ মূল্য ১০০ হয়গৈ। [13]
১৮৭০ চনত মোহৰসমূহৰ প্ৰচলন কৰা হয়। ৰূপৰ মোহৰসমূহ ৫, ১০, ২০ আৰু ৫০ চেন আৰু ১ য়েনৰ আছিল। ইয়াৰ বিপৰীতে সোণৰ মোহৰসমূহ আছিল ক্ৰমে ২, ৫, ১০ আৰু ২০ য়েনৰ। ১৮৭১ চনত ১ য়েনৰ সোণৰ আৰু ১৮৭৩ চনত ১ ৰিন আৰু ১⁄২, ১, আৰ ২ চেনৰ তামৰ মোহৰৰ প্ৰচলন কৰা হয়।
১৯৩৮ চনত ৰূপৰ মোহৰৰ মুদ্ৰণ বন্ধ হয়। ১৯৪৬৬ আৰ ১৯৪৮ চনত পিতলৰ ৫০ চেন আৰু ১ আৰু ৫ য়েনৰ মুদ্ৰাৰ লগতে ১৯৫১ চনত ব্ৰঞ্জৰ ১০ য়েনৰ মুদ্ৰা প্ৰচলন কৰা হয়।
১৯৫৫ চনত এলুমিনিয়ামৰ ১ য়েন, নিকেলৰ ৫০ য়েন আৰু ১৯৫৭ চনত ৰূপৰ ১০০ য়েনৰ মোহৰো অন্তৰ্ভুক্ত কৰা হয়। ১৯৮২ চনত ৫০০ য়েনৰ মোহৰৰ প্ৰচলন কৰা হয় আৰু ই নিয়মীয়াকৈ প্ৰচলিত বিশ্বৰ আটাইতকৈ অধিক মূল্যৰ মোহৰ।[15]
বিভিন্ন সময়ত সোণ আৰু ৰূপৰ কিছুমান স্মাৰক মোহৰো মুদ্ৰিত কৰা হয় আৰু ইয়াৰ মূল্য ১০০,০০০ য়েনলৈকে হ’ব পাৰে।[16]
জাপানীজ য়েনৰ মোহৰ প্ৰচলিত সময়পঞ্জীৰ সলনি জাপানী ৰাজকীয় সময়পঞ্জীৰে চিহ্নিত কৰা হয়।[17]
১৮৭২ চনৰ পৰা বেংকনোটৰ প্ৰচলন আৰম্ভ হয়। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বেংক অফ জাপানে বেংকনোটৰ পাঁচটা শৃংখলা জাৰী কৰে। বৰ্ত্তমান প্ৰচলিত ‘ই’ শৃংখলাত ১০০০, ২০০০, ৫০০০ আৰু ১০,০০০ য়েনৰ নোট আছে।