জাপানৰ সংবিধান (শ্বিঞ্জিটাই: 日本国憲法, ক্যুজিটাই: 日本國憲󠄁法, হেপবাৰ্ণ: Nihon-koku kenpō) জাপান দেশৰ সংবিধান আৰু সৰ্বোচ্চ আইন। এই সংবিধানৰ প্ৰায় অংশই আমেৰিকী অসামৰিক বিষয়াই লিখা, দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ জাপানৰ মিত্ৰশক্তি শাসন কালত। এই সংবিধানে ১৮৯০ চনত গৃহীত পূৰ্বৰ মেইজি সংবিধানৰ[1] স্থান দখল কৰিছিল ১৯৪৭ চনৰ ৩ মে' তাৰিখে। জাপানৰ সংবিধান বিশ্বৰ আতাইতকৈ পুৰণি অসংশোধিত সংবিধান। সংবিধানখনৰ দৈৰ্ঘ্যও কম: বিশ্বৰ সংবিধানসমূহত গড়ে ২১,০০০ শব্দ থাকে, কিন্তু জাপানৰ সংবিধানত কেৱল ৫,০০০ শব্দ আছে।[2][3]
এই সংবিধানক চেঙ' কেনপ' (戦後憲法) বা "যুদ্ধোত্তৰ সংবিধান" আখ্যা দিয়া হয়। হেইৱা কেনপ' (平和憲法) বা "শান্তি সংবিধান" নামেৰেও এই সংবিধান জনাজাত। সংবিধানখনৰ খচৰা তৈয়াৰীৰ তদাৰকীৰ ভাৰ আছিল দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ জাপানৰ মিত্ৰশক্তিৰ দ্বাৰা শাসনৰ কালৰ মিত্ৰশক্তিৰ চুপ্ৰিম কামাণ্ডাৰ ডৌগলাছ মেকাৰ্থাৰৰ ওপৰত।[4] সংবিধানখন প্ৰৱৰ্ত্তন কৰাৰ আগত পিচে জাপানী পণ্ডিতৰ এটি দলে দস্তাৱেজখন অধ্যয়ন কৰি কিছু সাল-সলনি কৰিছিল।
পূৰ্বৰ মেইজি সংবিধানত জাপানত এক অৰ্ধ-সৰ্বগ্ৰাসী আৰু ৰাজ্যবাদী ব্যৱস্থা আছিল, য'ত সম্ৰাটৰ হাতত সম্পূৰ্ণ ক্ষমতা আছিল। এই নতুন সংবিধানত তাৰ বিপৰীতে সাংবিধানিক ৰাজতন্ত্ৰ আৰু সংসদীয় গণতন্ত্ৰৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ল। জাপানৰ সংবিধানৰ আতাইতকৈ জনাজাত অংশ হ'ল দফা ৯, য'ত জাপানে যুদ্ধ ঘোষণা কৰাৰ অধিকাৰ ত্যাগ কৰিছে।[5]
এই সংবিধানৰ মতে, জাপান দেশত এক সংসদীয় ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ল,[6] আৰু জাপানৰ নাগৰিকসকলক কিছু মৌলিক অধিকাৰ প্ৰদান কৰা হ'ল। পূৰ্বৰ মেইজি সংবিধানত জাপানৰ সম্ৰাটক সকলো সাৰ্বভৌম ক্ষমতা প্ৰদান কৰা হৈছিল।[7] তাৰ বিপৰীতে বৰ্তমানৰ সংবিধানত সম্ৰাটক "ৰাজ্য আৰু জনতাৰ মাজৰ ঐক্যৰ চিহ্ন" আখ্যা দিয়া হৈছে, আৰু সম্ৰাটৰ দায়িত্বভাৰ কেৱল ঔপচাৰিকহে, সকলো শাসকীয় ক্ষমতাবিহীন।[8] জাপানৰ নতুন সংবিধানত সম্ৰাটৰ পদবীৰ উৎস জাপানৰ "জনগণৰ ইচ্ছা, যি সাৰ্বভৌম"।
জাপানৰ সম্ৰাটৰ উপৰিও সম্ৰাটৰ পৰিয়ালৰ অন্যান্য সদস্যসমূহকো বিভিন্ন ঔপচাৰিক দায়িত্ব প্ৰদান কৰা হয়।
জাপানৰ সংবিধানত তলত উল্লিখিত মৌলিক অধিকাৰ, সকলো জাপানী নাগৰিকক, প্ৰদান কৰা হৈছে:[9]
এই অধিকাৰৰ উপৰিও আন আন কিছু অধিকাৰ প্ৰদান কৰা হৈছে:
দ্বিতীয় বিশ্বযুদ্ধৰ ঠিক পাছতেই লিখা জাপানৰ বৰ্তমানৰ সংবিধানখনক শান্তিৰ সংবিধানো বোলা হয়। সংবিধানখনৰ ৯ নং দফা বিশ্বৰ ভিতৰতেই এক বিৰল ঘোষণা।
জাপানী সংবিধানৰ ৯ নং দফাত লিখা হৈছে:[10]
এক ন্যায় আৰু শৃংখলাৰ আধাৰিত আন্তৰ্জাতিক শান্তিৰ আন্তৰিক উচ্চাকাংক্ষাৰে, জাপানী জনগণে চিৰকাললৈ এখন দেশৰ সাৰ্বভৌম অধিকাৰ হিচাপে যুদ্ধক আৰু দাবী বা জোৰেৰে আন্তৰ্জাতিক বিবাদৰ নিষ্পত্তিক ত্যাগ কৰে।
(২) উপৰ্যুক্ত দফাৰ কাৰ্যকৰীকৰণৰ বাবে স্থল, জল আৰু বায়ু, তথা আন সম্ভৱ বাহিনী কেতিয়াও ৰখা নহয়। ৰাজ্যৰ যুদ্ধৰ অধিকাৰ কেতিয়াও ব্যৱহাৰ কৰা নহ'ব।
শেহতীয়াকৈ, জাপানৰ দক্ষিণপন্থী ৰাজনীতিত এই দফাক লৈ অসন্তুষ্টি প্ৰকাশিত হৈছে। জনপ্ৰিয় উদাৰতাবাদী গণতান্ত্ৰিক দলৰ ৰক্ষণশীল সদস্য কিছুমানে এই দফাৰ এক নতুন পঠনৰ পোষকতা কৰিছিল।[11]