জাপানৰ সম্ৰাট হ'ল জাপানৰ শাসক আৰু জাপানৰ ৰাজপৰিয়ালৰ মুৰব্বী। জাপানৰ সংবিধানৰ মতে, তেওঁ "ৰাজ্য আৰু জনতাৰ মাজৰ ঐক্যৰ চিহ্ন" আৰু তেওঁৰ পদৱীৰ উৎস "জনতাৰ ইচ্ছা, যি সাৰ্বভৌম"।[1] জাপানৰ ঔপনিৱেশিক গৃহস্থিৰ আইনৰ মতে সম্ৰাটৰ ক্ষমতা হস্তান্তৰৰ নিয়ম নিৰ্ধাৰিত হয়। জাপানৰ উচ্চতম ন্যায়ালয়ৰ সম্ৰাটৰ ওপৰত কোনো ক্ষমতা নাই।[2] জাপানৰ সম্ৰাট শ্বিন্ট' ধৰ্মৰো মুৰব্বী। জাপানী ভাষাত সম্ৰাটক টেন্ন বোলা হয়, যাৰ অৰ্থ "স্বৰ্গীয় সাৰ্বভৌম"।[3] জাপানী শ্বিন্ট' ধৰ্মৰ মতে, তেওঁ সূৰ্যৰ জাপানী দেৱী আমাটাৰেচুৰ বংশধৰ। সম্ৰাট সকলো জাপানী বঁটা, খিতাপ আদিৰো মুৰব্বী। সম্ৰাটৰ জন্মদিন জাপানত এক জাতীয় উৎসৱ।
বৰ্তমানে, জাপানৰ সম্ৰাটেই বিশ্বত একমাত্ৰ এনে শাসক যাৰ পদৱীক "সম্ৰাট" আখ্যা দিয়া হয়।[4] জাপানৰ ৰাজপৰিয়াল বিশ্বৰ ভিতৰতেই পুৰণি।[5] ঐতিহাসিকভাৱে এই ৰাজতন্ত্ৰৰ আৰম্ভণি তৃতীয়ৰ পৰা ষষ্ঠ শতিকাত হৈছিল। কিন্তু পৰম্পৰাগত ক'জিকিৰ মতে (যি ৭১২ চনত লিখা সম্পূৰ্ণ হৈছিল) আৰু নিহন শ্বকিৰ মতে ( যি ৭২০ চনত সম্পূৰ্ণ হৈছিল), জাপানী ৰাজপৰিয়ালৰ আৰম্ভ হৈছিল সম্ৰাট জিম্মুৰ পৰা।[6] তেওঁক দেৱী আমাটাৰেচুৰ প্ৰত্যক্ষ বংশধৰ বুলি বিশ্বাস কৰা হয়। এই গ্ৰন্থদ্বয়ৰ মতে, সম্ৰাট জিম্মুৱে খ্ৰীষ্টপূৰ্ব ৬৬০ত জাপানৰ স্থাপনা কৰিছিল।[7] বৰ্তমানে জাপানৰ সম্ৰাট নাৰুহিট'। তেওঁ পূৰ্বৰ সম্ৰাট আকিহিট' আৰু পূৰ্বৰ সম্ৰাজ্ঞী মিচিক'ৰ জ্যেষ্ঠ পুত্ৰ। আকিহিট'ই ২০১৯ চনত জীৱিতাৱস্থাতে ক্ৰিচেণ্টিমাম সিংহাসন ত্যাগ কৰাত, নাৰুহিট'ই জাপানৰ সম্ৰাটৰ দায়িত্বভাৰ গ্ৰহণ কৰিলে, ২০১৯ চনৰ ১ মে' তাৰিখে।
ঐতিহাসিকভাৱে, জাপানৰ সম্ৰাটৰ দায়িত্ব কোনো কোনো কালত ঔপচাৰিক আৰু কোনো কোনো কালত বাস্তৱিকভাৱে ঔপনিৱেশিক ক্ষমতাধাৰী। ১১৯৯ চনত প্ৰথম শ্বগুন ব্যৱস্থাৰ উদয় হৈছিল।[8] এই ব্যৱস্থাৰ উদয়ৰ পাছৰ পৰা জাপানৰ সম্ৰাটসকলে কদাচিৎহে যুদ্ধত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে। ই ইউৰোপীয় ৰজাসকলৰ বিপৰীত। জাপানী সম্ৰাটসকল প্ৰায় আন শক্তিৰে চালিত। উদাহৰণস্বৰূপে, ১১৯২ চনৰ পৰা ১৮৬৭ চনলৈ যদিও সম্ৰাট আনুষ্ঠানিকভাৱে জাপানৰ শাসক আছিল, বাস্তৱিক ৰাজনৈতিক আৰু শাসন ক্ষমতা আছিল শ্বগুন আৰু তেওঁলোকৰ শ্বিক্কেনৰ হাততহে। সম্ৰাটে ঔপচাৰিকভাৱে শ্বগুনসকলক দায়িত্বভাৰ প্ৰদান কৰাৰ কামহে কৰিছিল। ১৮৬৭ চনত মেইজি ব্যৱস্থাৰ পাছত,[9] আৰু ১৮৮৯ চনৰ মেইজি সংবিধানৰ মতে, পিচে, সম্ৰাটকেই সকলো সাৰ্বভৌম শক্তিৰ কেন্দ্ৰ ঘোষিত কৰা হ'ল। কিন্তু ১৯৪৭ৰ নতুন সংবিধানৰ পাছৰে পৰা সম্ৰাট কেৱল ঔপচাৰিক মুৰব্বীহে, নামমাত্ৰ ক্ষমতাও নথকা।
ঊনবিংশ শতিকাৰ মাজ-ভাগৰ পৰাই ঔপনিৱেশিক ৰাজপ্ৰাসাদক ক্যুজ' (宮城) বোলা হয়। ই পূৰ্বৰ ইড' দুৰ্গৰ স্থানত নিৰ্মিত, আৰু বৰ্তমানৰ জাপানৰ ৰাজধানী ট'কিঅ'ত স্থিত।[10] তাৰ আগত, প্ৰায় ১১০০ বছৰৰ বাবে, সম্ৰাটৰ বাসস্থান কিয়'ট'ত আছিল।