জাপানত স্বাস্থ্য সাংস্কৃতিক অনুশীলন, বিচ্ছিন্নতা আৰু সাৰ্বজনীন স্বাস্থ্যসেৱা ব্যৱস্থাকে ধৰি অইন কেইবাটাও কাৰকৰ দ্বাৰা প্ৰভাৱিত৷ মিচিগান বিশ্ববিদ্যালয় আৰু টকিঅ' বিশ্ববিদ্যালয়ৰ অধ্যাপক জন ক্ৰেইটন কেম্পবেলে ২০০৯ চনত নিউয়ৰ্ক টাইমছক জনাইছিল যে জাপানী মানুহ এই গ্ৰহটোৰ সবাতকৈ সুস্থ সমুদায়।[1] জাপানীসকলে বছৰত প্ৰায় ১৪ বাৰ চিকিৎসকৰ ওচৰলৈ যায়, যিটো আমেৰিকানসকলৰ তুলনাত চাৰিগুণতকৈও অধিক। ২০১৩ চনত জাপানী মানুহৰ জীৱন প্ৰত্যাশা আছিল ৮৩.৩ বছৰ - যি আছিল গ্ৰহটোৰ ভিতৰতে সৰ্বোচ্চ।[2]
২০১৪ চনত জাপানত মেদবহুলতা প্ৰায় ৩.৩% আছিল, যি আমেৰিকাৰ প্ৰায় ১০%৷ ইয়াৰ এটা অন্যতম আনুমানিক কাৰণ হৈছে জাপানী খাদ্য। জাপানত OECDত হৃদৰোগৰ হাৰ সৰ্বনিম্ন৷ আনহাতে উন্নত বিশ্বৰ ভিতৰত জাপানত ডিমেনচিয়াৰ মাত্ৰা সৰ্বনিম্ন।
জাপানৰ আত্মহত্যাৰ হাৰ আমেৰিকাৰ তুলনাত অধিক। Everyday Japan : Sex, Sumo, Suicide, and Statutesৰ এক পদ্ধতিগত প্ৰতিবেদন অনুসৰি বিগত বাৰটা দশক ধৰি জাপানত আত্মহত্যাৰ হাৰ বৃদ্ধি পাইছে। ১৯৯৮ চনত আত্মহত্যাৰ হাৰ বৃদ্ধি পোৱাৰ লগে লগে ই অধিক আতংকজনক হৈ পৰে আৰু ২০১১ চনলৈকে ই বিশেষভাৱে হ্ৰাস পোৱা নাছিল।[3]
২০০৮ চনৰ জুন মাহত যোমিউৰি শ্বিম্বুনে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি যোৱা দশকত প্ৰতি বছৰে ৩০ হাজাৰতকৈ অধিক লোকে নিজকে হত্যা কৰিছে আৰু ২০১১ চনতো একেৰাহে ১৪ বছৰ ধৰি আত্মহত্যাৰ সংখ্যা ৩০ হাজাৰৰ ঊৰ্ধলৈ গৈয়েই আছে। ২০০৬ চনত প্ৰকাশিত এক অধ্যয়নত সন্দেহ কৰা হৈছে যে ২০০৬ চনত জাপানৰ প্ৰায় ৫০ শতাংশ আত্মহত্যাৰ ক্ষেত্ৰত স্বাস্থ্যজনিত সমস্যাই এটা কাৰক আছিল। কিন্তু ২০০৭ চনৰ যোমিউৰিৰ পৰিসংখ্যা অনুসৰি নিজৰ প্ৰাণ কাঢ়ি লোৱাসকলৰ ভিতৰত ২৭৪ জন স্কুলীয়া ছাত্ৰ-ছাত্ৰীও আছিল, য’ত bullying প্ৰায়ে এক বিশেষ অনুঘটক হিচাপে বিবেচিত হৈছিল।[4]
আত্মহত্যাৰ ক্ষেত্ৰত জাপানত বহু কাৰক বিবেচনা কৰিবলগীয়া আছে৷ বয়স বাঢ়ি অহাৰ লগে লগে জাপানত সামগ্ৰিকভাৱে আত্মহত্যাৰ হাৰ বৃদ্ধি পোৱা যেন লাগে৷ ২০০৩ চনলৈকে বিশৰ দশকৰ লোকৰ আত্মহত্যাৰ সংখ্যা প্ৰায় দহ শতাংশ, ত্ৰিশৰ দশকৰ লোকৰ আত্মহত্যাৰ সংখ্যা প্ৰায় বাৰ শতাংশ, চল্লিশ বছৰীয়া লোকৰ প্ৰায় ষোল্ল শতাংশ,পঞ্চাশৰ দশকৰ লোকৰ আত্মহত্যাৰ সংখ্যা প্ৰায় পঁচিশ শতাংশ আৰু ষাঠি বা তাতকৈ অধিক বয়সৰ লোকৰ মাজত এই প্ৰৱণতা প্ৰায় তেত্ৰিশ শতাংশ।
আত্মহত্যা এটা প্ৰাথমিক স্বাস্থ্যজনিত বিষয় যদিও জাপানী সংস্কৃতিয়ে এই কাৰ্য্যক নৈতিকভাৱে ভুল আৰু অগ্ৰহণযোগ্যতকৈ বেলেগ কিবা এটা বুলি ভাবে। দৰাচলতে ইয়ঙৰ ২০০২ চনৰ প্ৰবন্ধ অনুসৰি পৰম্পৰাগত জাপানী সংস্কৃতিয়ে আত্মহত্যাক ব্যক্তিজনৰ আনৰ প্ৰতি নৈতিক কৰ্তব্যবোধৰ বৈশিষ্ট্যপূৰ্ণ ইতিবাচক নৈতিক কাৰ্য্য হিচাপে গ্ৰহণ কৰে যিটো পৰিচালিত হয় সামাজিক প্ৰেক্ষাপটৰ দ্বাৰা।[5] জাপান যে সামূহিকতাবাদী সংস্কৃতি, সেই কথা মনত ৰাখি সমাজৰ আন সদস্যসকলৰ প্ৰতি নৈতিক কৰ্তব্যক গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰা হয়। প্ৰতিজন ব্যক্তিক বৃহত্তৰ গোটৰ অংশ হিচাপে ধৰা হয়৷ সকলোকে পৃথক ব্যক্তি হিচাপে নহয়, গোটৰ সদস্য বুলি গণ্য কৰা হয়। যেতিয়া কোনো সদস্যই অনুভৱ কৰে যে নিজৰ আত্মত্যাগ কৰাটো সামগ্ৰিকভাৱে গোটটোৰ বাবে সৰ্বোৎকৃষ্ট হ’ব, তেতিয়া তেওঁলোকে আত্মহত্যাক এক কাৰ্য্যকৰী বিকল্প হিচাপে বিবেচনা কৰিবলৈ বাধ্য হয়৷ তেওঁলোকে হয়তো বিশ্বাস কৰে যে আত্মত্যাগ গোটটোৰ প্ৰতি নৈতিক কৰ্তব্য। আত্মহত্যাৰ হাৰ হ্ৰাস কৰাৰ চেষ্টাত এই বিশেষ ধাৰণাটোৱে এটা সমস্যাৰ সৃষ্টি কৰে। জাপানৰ মনোৰোগ বিশেষজ্ঞ আৰু অন্যান্য মানসিক স্বাস্থ্যৰ পেছাদাৰীসকলে আত্মহত্যাৰ হাৰ হ্ৰাস কৰাত অসুবিধাৰ সমুখীন হয়, যিহেতু আত্মহত্যাৰ কাৰ্য্যটোক সঠিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ যুক্তিসংগত আৰু নৈতিক সিদ্ধান্ত বুলি গ্ৰহণ কৰাৰ ধাৰণা এটা জাপানত বিদ্যমান হৈ আছে।