জাভাৰ গঁড় সাময়িক পৰিসৰ: Late Pliocene–Recent | |
---|---|
![]() | |
১৮৭৪ চনৰ মাৰ্চৰ পৰা ১৮৮৫ চনৰ জানুৱাৰীলৈকে লণ্ডন চিৰিয়াখানাত আৰ. চণ্ডাইকাছ | |
সংৰক্ষণ স্থিতি | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন ![]() | |
Unrecognized taxon (ঠিক কৰক): | Rhinoceros |
প্ৰজাতি: | R. sondaicus[1] |
দ্বৈৰাশিক নামকৰণ | |
Rhinoceros sondaicus[1] Desmarest, 1822 | |
Subspecies | |
| |
![]() | |
জাভাৰ গঁড়ৰ পৰিসৰ |
জাভাৰ গঁড় (ইংৰাজী: Javan Rhinoceros) সুন্দা গঁড় বা কম এশিঙিয়া গঁড় হৈছে ৰাইনোচেৰোটিডা গঁড় পৰিয়ালৰ অন্তৰ্গত। সমগ্ৰ দক্ষিণ এছিয়া আৰু আফ্ৰিকাত বাকী থকা পাঁচটা উষ্ণ গঁড়ৰ প্ৰজাতিৰ এটাৰ গুৰুতৰভাৱে বিপদাপন্ন প্ৰজাতি হৈছে জাভাৰ গঁড়। জাভাৰ গঁড় হৈছে সুমাত্ৰাৰ বা "নোমযুক্ত", গঁড়ৰ সৈতে আটাইতকৈ সৰু গঁড়ৰ প্ৰজাতিবোৰৰ ভিতৰত এটা প্ৰজাতি। এইবোৰ ভাৰতীয় গঁড়ৰ সৈতে একে, কিয়নো ইহঁতৰ প্লেটসদৃশ আৰু সুগঠিত সুৰক্ষামূলক ছালৰ ভাঁজ থাকে। যদিও মাত্ৰ আকাৰত সৰু ৩.১-৩.২ মিটাৰ (১০-১০ ফুট) দীঘল আৰু ১.৪-১.৭মিটাৰ (৪.৬-৫.৬ ফুট) ওখ, গড় হিচাপত। এই প্ৰজাতিৰ আটাইতকৈ গধুৰ গঁড়বোৰৰ ওজন প্ৰায় ২,৩০০ কিগ্ৰা/২.৩ টন (২.৫৪ চুটি টন)।[3]অৱশ্যে, আফ্ৰিকাৰ ক'লা বা বগা গঁড়ৰ দীঘল আৰু সম্ভাব্য মাৰাত্মক খড়্গৰ বিপৰীতে, জাভাৰ গঁড় প্ৰজাতিৰ একক, কিছু পৰিমাণে ভোঁতা খড়্গ(কেৱল পুৰুষৰ ওপৰত থাকে) সাধাৰণতে ২৫ চেমিতকৈ কম (৯.৮ ইঞ্চি)।
উনবিংশ শতিকাৰ মাজভাগৰ পৰা প্ৰায় বিংশ শতিকাৰ আৰম্ভণিলৈকে জাভাৰ গঁড়বোৰ জাভা আৰু সুমাত্ৰা দ্বীপৰ বাহিৰত আৰু দক্ষিণ-পূব এছিয়া আৰু ইন্দোচীনৰ মূল ভূখণ্ডত, উত্তৰ-পশ্চিমে পূব ভাৰত, ভূটান আৰু চীনৰ দক্ষিণলৈ কেন্দ্ৰীভূত আছিল। ২০২৩ চনত, ইণ্ডোনেছিয়াৰ কৰ্তৃপক্ষই চোৰাং চিকাৰীৰ দুটা দল ধৰিছিল আৰু এই চোৰাং চিকাৰী দলৰ পৰা পোৱা তথ্য অনুসৰি ২০১৯-২০২৩ বৰ্ষৰ পৰা ২৬টা গঁড় হত্যা কৰাৰ কথা স্বীকাৰ কৰিছিল।[4] ২০১৯ চনৰ পৰা জাভাৰ গঁড়ৰ কোনো লোকপিয়ল প্ৰকাশ কৰা হোৱা নাই। ভিয়েটনামৰ কেট টিয়েন ৰাষ্ট্ৰীয় উদ্যানত জাভাৰ গঁড়ৰ জনসংখ্যা ২০১১ চনত স্থানীয়ভাৱে বিলুপ্ত বুলি ঘোষণা কৰা হৈছিল।[5] জাভাৰ গঁড়ৰ সংখ্যা কমি অহাৰ মুখ্যতঃ কাৰণ চোৰাং চিকাৰীৰ কবলত পৰাৰ বাবে। গঁড়ৰ খড়্গ মাথোঁন কেৰাটিনৰ দ্বাৰা গঠিত হোৱা স্বত্বেও - পৰম্পৰাগত চীনা ঔষধত যথেষ্ট মূল্যৱান। সেয়ে ক'লা বজাৰত প্ৰতি কিলোগ্ৰামত ৩০,০০০ আমেৰিকান ডলাৰ লাভ কৰে। ডাচ্চ উপনিবেশৰ লগতে অন্যান্য ইউৰোপীয়সকলৰ ইণ্ডোনেছিয়ালৈ আগমন বৃদ্ধি হোৱাৰ লগে লগে ১৭০০-১৮০০ ৰ দশকৰ সময়ছোৱাত ট্ৰফী চিকাৰৰ ফলত এক গুৰুতৰ ভাবুকি হৈ পৰিছিল। বাসস্থানৰ ঠাই আৰু মানুহৰ জনসংখ্যাৰ বৃহৎ বৃদ্ধি (বিশেষকৈ ভিয়েটনামৰ যুদ্ধৰ সময়ত) গঁড়ৰ বাসস্থান হ্ৰাসত অৰিহণা যোগাইছে আৰু প্ৰজাতিটোৰ পুনৰুদ্ধাৰত বাধা প্ৰদান কৰিছে। [6] জাভাৰ গঁড় বনাঞ্চলত ৩০-৪৫ বছৰ জীয়াই থাকিব পাৰে।
জাভাৰ গঁড়বোৰ ভাৰতীয় গঁড়তকৈ সৰু, আৰু প্ৰায় ক'লা গঁড়ৰ আকাৰৰ সমান। এই প্ৰাণীবিধ হৈছে জাভাৰ আটাইতকৈ ডাঙৰ জন্তু আৰু এছিয়াৰ হাতীৰ পিছত ইণ্ডোনেছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ প্ৰাণী। জাভাৰ গঁড়ৰ মুৰসহ দৈৰ্ঘ্য ২ ৰ পৰা ৪ মিটাৰ (৬.৬ ৰ পৰা ১৩.১ ফুট), আৰু ই ১.৪-১.৭ মিটাৰ (৪.৬-৫.৬ ফুট) উচ্চতালৈ বৃদ্ধি হ'ব পাৰে। প্ৰাপ্তবয়স্কসকলৰ ওজন বিভিন্নধৰণে ৯০০ ৰ পৰা ২,৩০০ কিগ্ৰা (২,০০০ আৰু ৫,১০০ পাউণ্ড)ৰ ভিতৰত বুলি জনা যায়, অৱশ্যে জীৱ-জন্তুৰ সঠিক জোখ সংগ্ৰহ কৰাৰ বাবে কৰা এক অধ্যয়ন কেতিয়াও কৰা হোৱা নাই আৰু তেওঁলোকৰ অত্যধিক সংৰক্ষণ স্থিতিৰ বাবে প্ৰাথমিকতা নহয়।[7]গঁড়বোৰে তেওঁলোকৰ অঞ্চলবোৰ গোবৰৰ স্তূপেৰে আৰু প্ৰস্ৰাৱ ছটিয়াই চিহ্নিত কৰে। মাটিত ভৰিৰে তৈয়াৰ কৰা আঁচোৰ আৰু পাক খোৱা গছপুলিবোৰো যোগাযোগৰ বাবে ব্যৱহাৰ কৰা দেখা যায়। অন্যান্য গঁড়ৰ প্ৰজাতিৰ সদস্যসকলৰ বিশাল গঁড়ৰ গোবৰৰ স্তূপত শৌচ কৰা আৰু তাৰ পিছত গোবৰত গঁড়বোৰে পিছফালৰ ভৰি ঘঁহা এক অদ্ভুত অভ্যাস আছে।
আশাবাদী অনুমান অনুসৰি ১০০ টাতকৈও কম জাভাৰ গঁড় বনাঞ্চলত আছে। এই গঁড়কেইটাক পৃথিৱীৰ আটাইতকৈ বিপদাপন্ন প্ৰজাতিসমূহৰ এটা বুলি গণ্য কৰা হয়। জাভাৰ গঁড়ৰ অৱস্থিতি এটা ঠাইত থকা বুলি জনা যায়। সেয়া হৈছে জাভাৰ পশ্চিম মূৰত থকা উজুং কুলন ৰাষ্ট্ৰীয় উদ্যান।
জাভাৰ গঁড় মুখ্যতঃ ঘন, নিম্নভূমিৰ বৰ্ষাৰণ্য, ঘাঁহনি আৰু নদীৰ প্ৰাচুৰ্য থকা অঞ্চল, বৃহৎ প্লাৱনভূমি বা বহুতো বোকাৰ জলাশয় থকা সিক্ত ভূমিত বাস কৰি ভাল পায়। যদিও এই প্ৰাণীবিধে ঐতিহাসিকভাৱে নিম্ন অঞ্চলত থাকি ভাল পাইছিল। কিন্তু পাছলৈ সম্ভবত: মানুহৰ বেদখল আৰু চোৰাং চিকাৰৰ বাবে ভিয়েটনামৰ উপ-প্ৰজাতিবোৰ বহু ততোধিক ওখ ভূমিলৈ (২,০০০ মিটাৰ বা ৬,৫৬১ ফুটলৈকে) সম্প্ৰসাৰিত হৈছিল।[8] জাভাৰ গঁড়ৰ পৰিসৰ কমেও ৩,০০০ বছৰ ধৰি সংকুচিত হৈ আহিছে। খ্ৰীষ্টপূৰ্ব প্ৰায় ১০০০ চনৰ পৰা জাভাৰ গঁড়ৰ পৰিসৰ উত্তৰ চীনলৈ বিস্তাৰিত হৈছিল, কিন্তু অঞ্চলটোত মানৱ বসতি বৃদ্ধি হোৱাৰ লগে লগে প্ৰতি বছৰে প্ৰায় ০.৫ কিমি (০.৩১ মাইল) বেগত দক্ষিণ দিশে আগবাঢ়িবলৈ আৰম্ভ কৰিছিল।[9]বিংশ শতিকাৰ প্ৰথম দশকত ই ভাৰতত স্থানীয়ভাৱে বিলুপ্ত হোৱাৰ সম্ভাৱনা আছে।[10]
জাভাৰ গঁড় প্ৰজননৰ সময়ত আৰু পোৱালিৰ সৈতে থকাৰ বাহিৰে অকলশৰীয়াকৈ থকা দেখা যায়। সকলো গঁড়ৰ বাবে বোকাত নিজৰ শৰীৰ থৈ দিয়াটো এক সাধাৰণ আচৰণ। শৰীৰত বোকা ঘঁহা কাৰ্যকলাপে তেওঁলোকক শৰীৰৰ শীতল তাপমাত্ৰা বজাই ৰাখিবলৈ অনুমতি দিয়ে আৰু ৰোগ আৰু পৰজীৱীৰ সংক্ৰমণ প্ৰতিহত কৰাত সহায় কৰে। জাভাৰ গঁড়বোৰে সাধাৰণতে নিজে বোকাৰ খনন নকৰে, আন জন্তুৰ তৈয়াৰ কৰি থৈ যোৱা গাঁত বা প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা গাঁত ব্যৱহাৰ কৰিবলৈ পছন্দ কৰে আৰু ডাঙৰ কৰিবলৈ ইহঁতে নিজৰ খড়্গ ব্যৱহাৰ কৰে।
জাভাৰ গঁড় তৃণভোজী প্ৰাণী। বিভিন্ন উদ্ভিদৰ প্ৰজাতি, বিশেষকৈ গছৰ গুটি, ডাল, কুমলীয়া পাত আৰু গছৰ ফল আদি খায়। প্ৰজাতিটোৰ দ্বাৰা অনুকূলিত বেছিভাগ উদ্ভিদ বন পৰিষ্কাৰ কৰণ, গুল্মভূমি আৰু অন্যান্য গছ-গছনিৰ প্ৰকাৰত ৰ'দযুক্ত এলেকাত বিকশিত হয় য'ত কোনো ডাঙৰ গছ নাই। সেয়ে গঁড় এনে ঠাইত থাকিবলৈ ভাল পায়। গঁড়ে দৈনিক আনুমানিক ৫০ কিগ্ৰা (১১০ পাউণ্ড) খাদ্য খায়।
জাভাৰ গঁড়ৰ সংখ্যা হ্ৰাস অব্যাহত হৈ থকাৰ মুখ্য কাৰক হৈছে গঁড়ৰ খৰ্গৰ বাবে চোৰাং চিকাৰীৰ দ্বাৰা গড়ৰ মৃত্যু। গঁড়ৰ খড়্গৰ চিকাৰ সকলো গঁড়ৰ প্ৰজাতি হ্ৰাসৰ মুখ্য কাৰণ। চীনত ২,০০০ বছৰৰো অধিক সময় ধৰি গঁড়ৰ খড়্গৰ এক ব্যৱসায়িক সামগ্ৰী হৈ আহিছে। কিয়নো চীনাসকলে গঁড়ৰ খড়্গৰ পৰম্পৰাগত আৰোগ্যকাৰী গুণাগুণ আছে বুলি বিশ্বাস কৰে। পুৰণি কালত গঁড়ৰ খড়্গৰ সামগ্ৰী চীনা সৈন্যসকলৰ বাবে কবচ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল, আৰু ভিয়েটনামৰ কিছুমান স্থানীয় জনজাতিয়ে বিশ্বাস কৰিছিল যে গঁড়ৰ খড়্গ সাপৰ বিষৰ প্ৰতিষেধক হিচাপে কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি আৰু ঔষধ তৈয়াৰ কৰিছিল।[11] যিহেতু গঁড়ৰ সংখ্যা কমি অহাৰ বহুতো কাৰণ অন্তৰ্ভুক্ত হৈ আছে। স্থানীয় লোকসকলক এক আপাতদৃষ্টিত (অন্যথা) অপ্ৰয়োজনীয় জন্তু এটা হত্যা নকৰিবলৈ সৈমান কৰাটো কঠিন হৈ পৰিছে। আৰু বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত গঁড়ৰ খৰ্গ বিক্ৰী হৈয়ে আছে।[12] ১৯৭৫ চনত বন্য প্ৰাণী আৰু উদ্ভিদৰ বিপদাপন্ন প্ৰজাতিৰ আন্তৰ্জাতিক বাণিজ্যৰ সন্মিলন প্ৰথমবাৰৰ বাবে কাৰ্যকৰী হৈছিল। জাভাৰ গঁড়বোৰ পৰিশিষ্ট ১ ৰ অধীনত তালিকাভুক্ত কৰা হৈছিল অৰ্থাৎ জাভাৰ গঁড়ৰ বাণিজ্যিক ব্যৱসায় আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু ইয়াৰ পৰা আহৰণ কৰা সামগ্ৰী নিষিদ্ধ ঘোষণা কৰা হয়।[13]গঁড়ৰ খড়্গৰ ক'লা বজাৰৰ জৰীপে নিৰ্ধাৰণ কৰিছে যে এছিয়াৰ গঁড়ৰ খড়্গৰ প্ৰতি কিলোগ্ৰামত ৩০,০০০ ডলাৰৰ অধিক মূল্য লাভ কৰে, যি আফ্ৰিকা গঁড়ৰ খড়্গৰ মূল্যতকৈ তিনিগুণ।[14]