জাভেদ আখতাৰ جاوید اختر | |
---|---|
জন্ম | ১৭ জানুৱাৰী, ১৯৪৫ (৭৯ বছৰ) খেইৰাবাদ, সীতাপুৰ, উত্তৰ প্ৰদেশ |
পেচা | কবি, গীতিকাৰ, চিত্ৰনাট্যকাৰ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
বিষয় | প্ৰেম, দৰ্শন |
দাম্পত্যসংগী |
|
সন্তান | জয়া আখতাৰ ফাৰহান আখতাৰ |
জাভেদ আখতাৰ (উৰ্দু: جاوید ختر; জন্ম: ১৭ জানুৱাৰী ১৯৪৫) একেধাৰে কবি, গীতিকাৰ আৰু চিত্ৰনাট্যকাৰ। ১৯৭১ চনৰ পৰা ১৯৮২ চনৰ ভিতৰত তেওঁ চেলিম খানৰ সৈতে লগ লাগি একেলগে চিত্ৰনাট্য ৰচনা কৰিছিল আৰু দুয়োজন সেইসময়ত চেলিম–জাভেদ হিচাপে বিখ্যাত হৈ পৰিছিল। জাভেদ আখতাৰ ১৯৯৯ চনত পদ্মশ্ৰী সন্মান, ২০০৭ চনত পদ্মভূষণ[1] আৰু সাহিত্য অকাডেমি বঁটাকে ধৰি ১৩ টাকৈ ফিল্মফেয়াৰ বঁটাৰে সন্মানিত।
জাভেদ আখতাৰৰ পিতৃ জান নিচান আখতাৰ আৰু মাতৃ চাফিয়া আখতাৰ। জান নিচান আখতাৰ এজন উৰ্দু কবি আৰু বলিউড চিনেমাৰ গীতিকাৰ।[2][3] মাতৃ চাফিয়া আখতাৰ নিজে গায়িকা হোৱাৰ উপৰিও শিক্ষক আৰু লেখক হিচাপেও পৰিচিত আছিল। জাভেদ আখতাৰৰ ককা মুজতাৰ খেইৰাবাদীও এজন কবি হোৱাৰ লগতে ককাকৰ ভাতৃ বিছমিল খেইৰাবাদীও কবি হিচাপে জনাজাত। আখতাৰৰ আজোককাক, ফাজেল-ই-হক খেইৰাবাদী, ইছলামী শিক্ষাৰে দীক্ষিত আৰু তেওঁ ১৮৫৭ চনৰ ভাৰতৰ প্ৰথম স্বাধীনতা আন্দোলনতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।[4] জাভেদ আখতাৰৰ প্ৰকৃত নাম দিয়া হৈছিল যাদু। এই নামটো তেওঁৰ দেউতাকে লিখা এটা কবিতাৰ শাৰীৰ পৰা তুলি অনা হৈছিল লমহা, লমহা কিচি যাদু কা ফছানা হ’গা। পাছতহে তেওঁক জাভেদ নামটি প্ৰদান কৰা হৈছিল।[5]
শ্বাৰহাদী লুটেৰা নামৰ চলচ্চিত্ৰখন বনাই থকা অৱস্থাত চেলিমে জাভেদ আখতাৰক লগ পায়। চেলিম আছিল এজন অভিনেতা আৰু শ্বাৰহাদী লুটেৰা হৈছে তেওঁৰ অন্তিমখন অভিনিত ছবি যিহেতু তাৰ পাছত তেওঁ চিত্ৰনাট্য লেখক হিচাপে আত্মপ্ৰকাশ কৰে। ছবিখনৰ পৰিচালক এছ এম সাগৰে সংলাপ লিখিবলৈ মানুহ বিচাৰি নোপোৱাত জাভেদ আখতাৰে পাছলৈ সেই কামটোৰ বাবে সেই ছবিখনত নিযুক্তি পাইছিল। সেই ছবিখনত কাম কৰাৰ সূত্ৰে চেলিম আৰু জাভেদৰ বন্ধুত্ব হয়। চেলিম খানে প্ৰথমতে লেখক/পৰিচালক আবৰাৰ আলভিৰ সহায়ক হিচাপে কাম কৰাৰ বিপৰীতে জাভেদ আখতাৰে কেইফি আজমিক সহায় কৰিছিল। আবৰাৰ আৰু কেইফি প্ৰতিৱেশী হোৱাৰ সূত্ৰে জাভেদ আৰু চেলিমৰ বন্ধুত্ব গাঢ় হয়। তেওঁলোকে দুয়োজনে একেলগ হয় আৰু চেলিম জাভেদ নামেৰে পৰিগণিত হৈ পৰে। চেলিমে চলচ্চিত্ৰৰ বাবে কাহিনী তৈয়াৰ কৰাৰ বিপৰীতে জাভেদে সেই কাহিনীত সংলাপ দি জীৱন্ত ৰূপ দিয়ে। আখতাৰে প্ৰথমতে তেওঁলোকৰ কাহিনীসমূহ উৰ্দু ভাষাত লিখিছিল যিবোৰ পাছত তেওঁলোকৰ সহায়কে হিন্দীলৈ অনুবাদ কৰে। ১৯৮২ চনলৈকে তেওঁলোক দুয়োজনে একেলগে কাম কৰে।
তেওঁলোকৰ প্ৰথম সফলতা আছিল আন্দাজ, অধিকাৰ (১৯৭১), হাথী মেৰে ছাথী আৰু সীতা অউৰ গীতা (১৯৭২)। তেওঁলোকে অন্য কিছু সফল চিত্ৰনাট্য তথা চলচ্চিত্ৰৰ ভিতৰত উল্লেখযোগ্য হৈছে, য়াদো কি বাৰাট (১৯৭৩), জঞ্জীৰ (১৯৭৩), হাথ কি চফাই (১৯৭৪), দিৱাৰ (১৯৭৫), শ্ব’লে (১৯৭৫), ডন (১৯৭৮), ত্ৰিশূল (১৯৭৮), মিষ্টাৰ ইণ্ডিয়া (১৯৮৭) ইত্যাদি। তেওঁলোকে একেলগে সৰ্বমুঠ ২৪ খন চলচ্চিত্ৰৰ বাবে চিত্ৰনাট্য ৰচনা কৰে য’ত দুখন তেলেগু ভাষাৰ ছবিও আছে। ১৯৮২ চনৰ পাছত সৰু কথাত লাগি তেওঁলোকে দুয়োজনৰ বন্ধুত্ব নাইকিয়া হয় যদিও তাৰপাছতো তেওঁলোকে আগতে লিখি থোৱা চিত্ৰনাট্য ব্যৱহাৰ কৰি মিষ্টাৰ ইণ্ডিয়া-ৰ দৰে চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়। চেলিম-জাভেদক সৰ্বকালৰ শ্ৰেষ্ঠ চিত্ৰনাট্য লেখক হিচাপে স্বীকৃতি প্ৰদান কৰা হয়।[6]
২০০৯ চনৰ ১৬ নৱেম্বৰত তেওঁক ৰাজ্যসভালৈ মনোনিত কৰা হৈছিল।[7]
জাভেদ আখতাৰ পোন প্ৰথমে এজন মুছলিম আছিল[8] যদিও পাছত তেওঁ নিজকে নাস্তিক ৰূপে চিনাকি দিয়ে। আনকি তেওঁ নিজৰ ল’ৰা ফাৰহান আখতাৰ আৰু ছোৱালী জয়া আখতাৰকো নাস্তিকতাৰ শিক্ষাৰে ডাঙৰ দীঘল কৰিছে।[9] জাভেদ আখতাৰে প্ৰথমে হানী ইৰাণীক বিয়া কৰায় আৰু ফাৰহান আৰু জয়া আখতাৰৰ জন্ম হয়। পাছত তেওঁৰ লগত বিবাহ বিচ্ছেদ হোৱাৰ পাছত উৰ্দু কবি কেইফি আজমিৰ ছোৱালী শ্বাবানা আজমীৰ লগত বিয়াত বহে।[10]
১৯৯৯ চনত জাভদ আখতাৰকক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান প্ৰদান কৰাৰ পাছত ২০০৭ চনত পদ্মভূষণ বঁটাৰে সন্মানিত কৰে। ২০১৩ চনত তেওঁৰ উৰ্দু কবিতাৰ সংকলন লাভা-ৰ বাবে তেওঁ ভাৰতবৰ্ষৰ দ্বিতীয় সৰ্বোচ্চ সাহিত্য সন্মান সাহিত্য অকাডেমি বঁটা লাভ কৰে।[11]
২০২০ চনত জাভেদ আখতাৰে ৰিচাৰ্ড ড'কিনছ্ বঁটা লাভ কৰে। এই বঁটা লাভ কৰা তেওঁ হৈছে প্ৰথমগৰাকী ভাৰতীয়। সূক্ষ্ম চিন্তাধাৰা,সমালোচনামুলক মনোভাৱেৰে ধৰ্মীয় গোড়ামিৰ বিৰুদ্ধে মাত মতা, মানুহৰ অগ্ৰগতি আৰু মানৱীয় মূল্যবোধক আগস্থান দিয়াৰ বাবে তেওঁ এই বঁটা লাভ কৰে।[12] ২০০৩ চনৰ পৰা "এথিয়েষ্ট এলায়েন্স ইণ্টাৰনেছ'নেল"-এ (Atheist Alliance International) তেওঁলোকৰ বাৰ্ষিক সন্মিলনীত এজন অসামান্য নাস্তিকক সন্মান জনোৱাৰ উদ্দেশ্যেৰে বঁটা প্ৰদান কৰি আহিছে।