জাহানাৰা ইমাম | |
---|---|
![]() ১৯৯৩ চনত ইমাম | |
স্থানীয় নাম | জাহানাৰা ইমাম |
জন্ম | ৩ মে', ১৯২৯ মুৰ্ছিদাবাদ, বেংগল প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত |
মৃত্যু | ২৬ জুন, ১৯৯৪ (৬৫ বছৰ) ডেট্ৰইট, মিছিগান, ইউ এছ |
সমাধিস্থল | ঢাকা, বাংলাদেশ |
ৰাষ্ট্ৰীয়তা | ব্ৰিটিছ ইণ্ডিয়ান (১৯২৯-৪৭) বাংলাদেশী (১৯৭১-১৯৯৪) |
শিক্ষা | স্নাতকোত্তৰ |
শিক্ষানুষ্ঠান | ঢাকা বিশ্ববিদ্যালয় ছান ডিয়েগ’ বিশ্ববিদ্যালয় |
দাম্পত্যসঙ্গী | শৰিফ ইমাম (বি. ১৯৪৮–৭১) |
সন্তান | শফি ইমাম ৰুমি (পুত্ৰ) ছাইফ ইমাম জামি (পুত্ৰ) |
জাহানাৰা ইমাম (ইংৰাজী: Jahanara Imam; ৩ মে, ১৯২৯ – ২৬ জুন, ১৯৯৪) এগৰাকী বাংলাদেশী লেখক আৰু ৰাজনৈতিক কৰ্মী।[1] বাংলাদেশৰ মুক্তি যুদ্ধত যুদ্ধ অপৰাধ সংঘটিত কৰাৰ অভিযুক্তসকলক বিচাৰৰ বাবে অনাৰ প্ৰচেষ্টাৰ বাবে তেওঁ জনাজাত। তেওঁক ‘শ্বহীদ জননী’ বুলি কোৱা হৈছিল।[2]
১৯২৯ চনৰ ৩ মে’ তাৰিখে ব্ৰিটিছ ভাৰতৰ পশ্চিমবংগৰ মুৰ্ছিদাবাদত ইমামৰ জন্ম হৈছিল।[3][4] সাতোজন ভাতৃ-ভগ্নীৰে গঠিত পৰিয়ালটোৰ ইমাম জ্যেষ্ঠ কন্যা আছিল। তেওঁৰ দেউতাক চৈয়দ আব্দুল আলী বেংগল অসামৰিক সেৱাৰ এজন অসামৰিক কৰ্মচাৰী আছিল। দেউতাকৰ চাকৰিসূত্ৰে পৰিয়ালটো বিভিন্ন স্থানত বাস কৰিছিল। তেওঁৰ মাক আছিল হামিদা আলী।
১৯৪৫ চনত ৰংপুৰৰ কাৰমাইকেল কলেজত পঢ়া শেষ কৰাৰ পিছত ইমামে কলিকতা বিশ্ববিদ্যালয়ৰ লেডী ব্ৰেবোৰ্ণ মহাবিদ্যালয়ৰপৰা ১৯৪৭ চনত স্নাতক ডিগ্ৰী লাভ কৰে।[5] তেওঁ লেডী ব্ৰেবোৰ্ণ কলেজত পঢ়ি থাকোঁতে এগৰাকী সমাজ কৰ্মী ৰূপে তেওঁ পৰিচিত আছিল। [5] ভাৰত বিভাজনৰ পিছত, তেওঁ ময়মনসিংহত থকা তেওঁৰ পৰিয়ালৰ সৈতে একেলগে থাকিবলৈ লয় আৰু বিদ্যাময়ী চৰকাৰী ছোৱালী উচ্চ বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰে।[6] ময়মনসিংহ অঞ্চলটো বৰ্তমান পূৱ পাকিস্তানৰ অন্তৰ্গত।
১৯৪৮ চনত তেওঁ শ্বৰীফুল আলম ইমাম আহমেদ নামৰ এজন অসামৰিক অভিযন্তাক বিয়া কৰায়, যাক তেওঁ কাৰমাইকেল কলেজত পঢ়ি থাকোঁতে ৰংপুৰত লগ পাইছিল।[6] বিয়াৰ পিছত তেওঁলোকে ঢাকাত থাকিবলৈ লয় আৰু জাহানাৰাই সিদ্ধেশ্বৰী ছোৱালী বিদ্যালয়ত প্ৰধান শিক্ষয়িত্ৰী ৰূপে যোগদান কৰে। স্কুলখনক ঢাকাৰ এখন শীৰ্ষ ছোৱালী বিদ্যালয়লৈ পৰিৱৰ্তন কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।[5]
তেওঁ খাৱাতিন নামৰ মাহেকীয়া মহিলা আলোচনীখনৰ প্ৰথম সম্পাদক আছিল।[5] ১৯৫২ চনত আলোচনীখন প্ৰথম প্ৰকাশ হৈছিল আৰু তেওঁ ইয়াক কেইবা বছৰ ধৰি সফলতাৰে চলাইছিল। ১৯৬০ চনত, ইমামে ক্ৰমান্বয়ে ১৯৫২ আৰু ১৯৫৪ চনত জন্ম গ্ৰহণ কৰা তেওঁৰ দুই পুত্ৰ ৰুমি আৰু জামিক ডাঙৰ-দীঘল কৰাত মনোনিৱেশ কৰিবলৈ তেওঁৰ শিক্ষয়ত্ৰীৰ চাকৰি এৰি দিয়ে। সেইখিনি সময়তে, অৰ্থাৎ ১৯৬২ চনত তেওঁ বঙালী ভাষা সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী আৰু ১৯৬৩ চনত ঢাকা বিশ্ববিদ্যালয়ৰ পৰা এডুকেচনত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ পূৰ্ণ-সময়ৰ বাবে শিক্ষকতাৰ বৃত্তি গ্ৰহণ কৰে। ১৯৬৬ চনৰ পৰা ১৯৬৮ চনৰ ভিতৰত তেওঁ ঢাকাৰ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে কাম কৰিছিল। ১৯৭০ চনৰ পৰা তেওঁ ঢাকা বিশ্ববিদ্যালয়ৰ আধুনিক ভাষা প্ৰতিষ্ঠানত পাৰ্ট টাইম হিচাপে কেইবা বছৰ ধৰি অধ্যাপনা কৰিছিল।
ইমামে জীৱনৰ এক গুৰুত্বপূৰ্ণ সময় শিক্ষাত অতিবাহিত কৰিছিল। তেওঁ ১৯৬৪-৬৫ চনত ছান ডিয়েগ’ বিশ্ববিদ্যালয়লৈ ফুলব্ৰাইট স্কলাৰ হিচাপে আৰু পুনৰ ১৯৭৭ চনত আমেৰিকা চৰকাৰৰ আমন্ত্ৰণ ক্ৰমে আন্তৰ্জাতিক দৰ্শনাৰ্থী কাৰ্যসূচীৰ অধীনত আমেৰিকা ভ্ৰমণ কৰিছিল।[5]
বাংলাদেশে স্বাধীনতা অৰ্জন কৰাৰ পিছত, ইমামে তেওঁৰ সাহিত্যিক কেৰিয়াৰ আৰম্ভ কৰে। এই সময়ছোৱাত তেওঁ ইউৰোপ, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডালৈ কেইবাবাৰো ভ্ৰমণ কৰিছিল। ১৯৮৬ চনত তেওঁ তেওঁৰ যুদ্ধকালীন ডায়েৰী ‘একাত্তৰেৰ দিনগুলী’ (দ্য ডেইজ অৱ চেভেনটি ওৱান) প্ৰকাশ কৰে।[6] ইমামৰ ডায়েৰীখন কিছু ক্ষেত্ৰত এন ফ্ৰেংকৰ ডায়েৰীৰ দৰে আছিল, য’ত তেওঁৰ ব্যক্তিগত জীৱনৰ বিৱৰণ আছিল। তাইৰ সৰল লিখনশৈলীয়ে পঢ়ুৱৈৰ, বিশেষকৈ যুদ্ধৰ সময়ত ঘৰৰ মানুহক হেৰুওৱা পৰিয়ালৰসমূহৰ হৃদয় স্পৰ্শ কৰিছিল।[6] কৰ্মজীৱনৰ আৰম্ভণিতে জাহানাৰা ইমামে ইংৰাজীৰ পৰা বঙালীলৈ কেইবাখনো কিতাপ অনুবাদ কৰিছিল, যাৰ ভিতৰত লৰা ইংগলছ ৱাইল্ডাৰৰ কেইখনমান জনপ্ৰিয় লিটল হাউচ কিতাপ আছিল।