জাহানাৰা শ্বাহনৱাজ | |
---|---|
পাকিস্তানৰ বিধান সভাৰ সদস্য | |
কাৰ্যকাল ১০ আগষ্ট ১৯৪৭ – ২৪ অক্টোবৰ ১৯৫৪ | |
সমষ্টি | লাহোৰ |
ব্যক্তিগত তথ্য | |
জন্ম | ০৭ এপ্ৰিল, ১৮৯৬ লাহোৰ, পঞ্জাৱ প্ৰদেশ, বৃটিছ ভাৰত |
মৃত্যু | ২৭ নৱেম্বৰ, ১৯৭৯ (৮৩ বছৰ) পাকিস্তান |
ৰাষ্ট্ৰীয়তা | পাকিস্তানী |
দাম্পত্যসঙ্গী | মিয়ান শ্বাহনৱাজ |
সন্তান | মুমতাজ শ্বাহনৱাজ নাচিম জাহান |
পিতৃ | মহম্মদ শ্বাফী |
পেচা | ৰাজনৈতিক কৰ্মী |
প্ৰখ্যাত | পাকিস্তানী আন্দপলন |
বেগম জাহানাৰা শ্বাহনৱাজ (বা জেহান আৰা শ্বাহ নৱাজ, জন্ম: ৭ এপ্ৰিল ১৮৯৬ – মৃত্যু: ২৭ নৱেম্বৰ ১৯৭৯) ব্ৰিটিছ ভাৰতৰ, বৰ্তমানৰ পাকিস্তানৰ এগৰাকী সক্ৰিয় কৰ্মী আৰু ৰাজনীতিবিদ আছিল। তেওঁ মিয়ান মহম্মদ শ্বাহনৱাজৰ পত্নী ছাৰ মহম্মদ শ্বাফীৰ[1] কন্যা। তেওঁ লাহোৰৰ কুইন মেৰী কলেজত অধ্যয়ন কৰিছিল[1] আৰু তেওঁ আছিল মুছলিম লীগ[2] আৰু মহিলা অধিকাৰৰ এগৰাকী কৰ্মী।
জাহানাৰা শ্বাহনৱাজ লাহোৰৰ বাঘবনপুৰাৰ বিশিষ্ট আৰাইন মিয়ান পৰিয়ালৰ আছিল। তেওঁৰ পিতৃ ছাৰ মহম্মদ শ্বাফী আছিল এজন বিশিষ্ট অধিবক্তা আৰু ৰাজনীতিবিদ।[3]
১৯১৮ চনত জাহানাৰা শ্বাহনৱাজে সৰ্বভাৰতীয় মুছলমান মহিলা সন্মিলনত বহুবিবাহৰ বিৰুদ্ধে প্ৰস্তাৱ গৃহীত কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়।[1] ১৯৩৫ চনত তেওঁ পঞ্জাৱ প্ৰভিন্সিয়েল উইমেনছ মুছলিম লীগ প্ৰতিষ্ঠা কৰে।[1] ১৯৩০ চনৰ গোলটেবুল বৈঠকত তেওঁ আৰু ৰাধাবাই সুব্বাৰায়ন, এই দুগৰাকী মহিলা সংগঠনৰ সক্ৰিয় সদস্য সন্মিলনলৈ মনোনীত হৈছিল; তেওঁলোকে বিফল হ’লেও বিধায়িনী দলত মহিলাৰ বাবে ৫ শতাংশ সংৰক্ষণৰ বাবে যুক্তি আগবঢ়াইছিল।[4]
১৯৩৭ চনত তেওঁ পঞ্জাৱ বিধানসভালৈ নিৰ্বাচিত হয় আৰু শিক্ষা, চিকিৎসা সাহায্য আৰু জনস্বাস্থ্যৰ সংসদীয় সচিব হিচাপে নিযুক্তি লাভ কৰে।[1] ১৯৩৮ চনত তেওঁ অল ইণ্ডিয়া মুছলিম লীগৰ মহিলা কেন্দ্ৰীয় উপসমিতিৰ সদস্য হয়।[1]১৯৪২ চনত ভাৰত চৰকাৰে তেওঁক ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পৰিষদৰ সদস্য হিচাপে নিযুক্তি দিয়ে যদিও মুছলিম লীগে লীগৰ সদস্যসকলক প্ৰতিৰক্ষা পৰিষদৰ পৰা পদত্যাগ কৰিবলৈ কয়।[1] তেওঁ সেই প্ৰস্তাৱ নাকচ কৰে আৰু এইদৰে মুছলিম লীগৰ পৰা তেওঁক আঁতৰাই দিয়া হয়।[1] কিন্তু ১৯৪৬ চনত তেওঁ পুনৰ লীগত যোগদান কৰে আৰু সেই বছৰতে কেন্দ্ৰীয় সংবিধানসভালৈ নিৰ্বাচিত হয়।[1] সেই বছৰতে তেওঁ এম.এ. ১৯৪৭ চনত পঞ্জাৱত হোৱা নাগৰিক অসহযোগ আন্দোলনৰ সময়ত মুছলিম লীগৰ আন নেতাসকলৰ সৈতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।[1]
১৯৪৮ চনত তেওঁ লাহোৰৰ ৰাজপথত হাজাৰ হাজাৰ মহিলাৰ প্ৰতিবাদৰ নেতৃত্ব দিয়ে আৰু মহিলাসকলৰ বাবে উন্নত অৰ্থনৈতিক সুযোগক উৎসাহিত কৰা বিধেয়ক এখন কাৰ্যসূচীৰ পৰা আঁতৰাই পেলোৱাৰ প্ৰতিবাদ কৰে।[5] প্ৰধানমন্ত্ৰী লিয়াকট আলী খানে হস্তক্ষেপ কৰে আৰু ১৯৪৮ চনৰ মুছলমান ব্যক্তিগত আইন শ্বৰীয়ত গৃহীত হয়; ইয়ে ব্ৰিটিছ ৰাজৰ সময়ত স্বীকৃতি নোপোৱা কৃষিভূমিকে ধৰি সম্পত্তিৰ উত্তৰাধিকাৰীত্বৰ অধিকাৰক আইনগতভাৱে স্বীকৃতি দিছিল।[5]
তেওঁ সাত বছৰ ধৰি সৰ্বভাৰতীয় মুছলমান মহিলা সন্মিলনৰ প্ৰাদেশিক শাখাৰ সভানেত্ৰী আছিল, আৰু সৰ্বভাৰতীয় মুছলমান মহিলা সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভানেত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।[1]
তেওঁ এছিয়াৰ প্ৰথমগৰাকী মহিলা, যিয়ে বিধানসভাৰ অধিৱেশনৰ সভাপতিত্ব কৰিছিল।[6] লাহোৰৰ অঞ্জুমান-ই-হিমায়ত-ই-ইছলামৰ শিক্ষা আৰু অনাথ আশ্ৰম সমিতিৰ সৈতেও তেওঁ জড়িত আছিল আৰু কেইবাখনো চিকিৎসালয়ৰ লগতে প্ৰসূতি আৰু শিশু কল্যাণ সমিতিৰ সৈতেও জড়িত আছিল।[1] ৰেড ক্ৰছ ছ'চাইটিৰ সৰ্বভাৰতীয় সাধাৰণ সমিতিৰ সদস্য আছিল।[1]
জাহানাৰা শ্বাহনৱাজে হুছন আৰা বেগম নামৰ এখন উপন্যাস আৰু পিতৃ আৰু কন্যা: ৰাজনৈতিক আত্মজীৱনী শীৰ্ষক স্মৃতিগ্ৰন্থ লিখিছিল।[7][8][9] তেওঁ মহিলা আৰু সাহিত্য আলোচনীসমূহৰ বাবেও লিখিছিল।[7]
১৯৭৯ চনৰ ২৭ নৱেম্বৰত ৮৩ বছৰ বয়সত জাহানাৰা শ্বাহনৱাজৰ মৃত্যু হয়।[1] তেওঁৰ তিনিটা সন্তান আছিল: আহমদ শ্বাহনৱাজ জ্যেষ্ঠ্য, ৰাসায়নিক অভিযন্তা আৰু মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন'লজি (এম আই টি)ত অধ্যয়ন কৰা প্ৰথম ভাৰতীয়, নাছিম শ্বাহনৱাজ (নাছিম জাহান), যি জেনেৰেল আকবৰ খানক বিয়া কৰাইছিল আৰু পিছলৈ পাকিস্তান পিপলছ পাৰ্টিৰ সৈতে যুক্ত হৈছিল; আৰু তেওঁ আন এক সন্তান মুমতাজ শ্বাহনৱাজৰ ১৯৪৮ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদলৈ পাকিস্তানক প্ৰতিনিধিত্ব কৰিবলৈ যোৱাৰ সময়ত বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল।[6][10]
জাহানাৰা শ্বাহনৱাজে পাকিস্তানৰ অৰ্থনৈতিক স্বাধীনতাৰ বাবে কাম কৰিছিল। তেওঁৰ মত আছিল, পাকিস্তানৰ বৈদেশিক নীতি সাহায্যৰ ওপৰত নহয়, জাতিসমূহৰ মাজত বাণিজ্যৰ ওপৰত ভিত্তি কৰি হ'ব লাগে।[11]