জাহ্নু বৰুৱা | |
---|---|
![]() | |
জন্ম | ১৭ অক্টোবৰ ১৯৫২ শিৱসাগৰ, অসম, ভাৰত |
নাগৰিকত্ব | ![]() |
পেচা | চলচ্চিত্ৰ পৰিচালক |
দাম্পত্যসঙ্গী | গায়ত্ৰী বৰুৱা[1] |
পিতৃ-মাতৃ | দেৱেশ্বৰ বৰুৱা (পিতৃ) গুণৱতী বৰুৱা (মাতৃ) |
সন্তান | অজু বৰুৱা (পুত্ৰ) |
বঁটা, সন্মান, পুৰস্কাৰ আদি | ইণ্টাৰনেচনেল ফিপৰেস্কি এৱাৰ্ড (২০০৫) ইণ্টাৰনেচনেল ফিপৰেস্কি এৱাৰ্ড (১৯৯৬) কোডাক ভিজন এৱাৰ্ড পদ্মশ্ৰী (২০০৩) কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা (সংস্কৃতি বিষয়ত, ২০০৪) ভূপেন হাজৰিকা বঁটা (২০১২) পদ্মভূষণ (২০১৫) |
ৱেবছাইট | |
www.jahnubarua.com |
জাহ্নু বৰুৱা (ইংৰাজী: Jahnu Barua) একাধিক দেশী-বিদেশী পুৰস্কাৰ তথা সন্মানেৰে বিভূষিত এগৰাকী অসমীয়া চলচ্চিত্ৰ পৰিচালক।[2][3] তেখেতে অসমীয়া আৰু হিন্দী ভাষাত কেবাখনো বোলছবি পৰিচালনা কৰিছে।
জাহ্নু বৰুৱাৰ জন্ম হয় ১৯৫২ চনৰ ১৭ অক্টোবৰত অসমৰ শিৱসাগৰ জিলাৰ বকতাত। তেওঁৰ পিতৃৰ নাম দেৱেশ্বৰ বৰুৱা আৰু মাতৃৰ নাম গুণৱতী বৰুৱা। জাহ্নু বৰুৱাৰ ৭জন ভাতৃ আৰু ৩ গৰাকী ভগ্নী আছে[4]।
তেখেতে গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত বিজ্ঞান বিষয়ত শিক্ষা গ্ৰহণ কৰি স্নাতক উপাধি লাভ কৰে।[4]
বৰ্ষ | ছবিৰ নাম[4][5] | ভাষা | ইংৰাজী নাম | সন্মান তথা স্বীকৃতি |
---|---|---|---|---|
১৯৮২ | অপৰূপা (হিন্দী: अपेक्षा) |
অসমীয়া, হিন্দী | Expectation |
অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৮৩) |
১৯৮৬ | পাপৰি | অসমীয়া | ||
১৯৮৭ | হালধীয়া চৰায়ে বাওধান খায় | অসমীয়া | The Catastrophe | শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৮৭) লোকাৰ্ণো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- চিলভাৰ লিওপাৰ্ড; বৰ্ল্ড ইকোমেনিকাল এৱাৰ্ড; চিটিজেন্চ প্ৰাইজ; শ্ৰেষ্ঠ অভিনেতা (ইন্দ্ৰ বনিয়া) |
১৯৯০ | বনানি | অসমীয়া | The Forest | শ্ৰেষ্ঠ পাৰিপাৰ্শ্বিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯০) |
১৯৯২ | ফিৰিঙতি | অসমীয়া | The Spark | দ্বিতীয় শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯২) শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯২, মলয়া গোস্বামী) |
১৯৯৫ | সাগৰলৈ বহু দূৰ | অসমীয়া | It's a Long Way to the Sea | শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯৫)[1] অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯৫) |
১৯৯৮ | কুশল | অসমীয়া | The Price of Freedom | অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯৮) |
২০০০ | পখী | অসমীয়া | And the River Flows | অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯৯) |
২০০৩ | কণিকাৰ ৰামধেনু | অসমীয়া | Ride on the Rainbow | অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (২০০২) |
২০০৪ | তৰা | অসমীয়া | Tora's Love | শ্ৰেষ্ঠ শিশু ছবিৰ ৰাষ্ট্ৰীয় বঁটা (২০০৪) |
২০০৫ | মেইনে গান্ধীকো নেঁহি মাৰা | হিন্দী | I did not kill Gandhi | ফুকোকা ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল- কোডাক ভিজন এৱাৰ্ড মুম্বাই ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল- ইণ্টাৰনেচনেল ফিপৰেস্কি এৱাৰ্ড (২০০৫) |
২০১০ | মুম্বাই কাটিং | হিন্দী | ||
২০১২ | বান্ধোন | অসমীয়া | Waves of Silence | অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (২০১২) |
২০১৩ | অজেয় | অসমীয়া | Invincible | অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (২০১৩) |
২০১৮ | ভগা খিৰিকী | অসমীয়া | Broken Window |
|
|
|