জি. মাধৱন নায়াৰ | |
---|---|
২০০২ চনত এ পি জে আব্দুল কালামৰ সৈতে জি. মাধৱন নায়াৰ (সোঁফালে) | |
জন্ম | ৩১ অক্টোবৰ, ১৯৪৩ (৮১ বছৰ) কুলশেখৰম, দক্ষিণাংশ, ত্ৰৱানকোৰ (বৰ্তমানৰ কন্যাকুমাৰী জিলা, তামিলনাডু, ভাৰত) |
জাতীয়তা | ভাৰতীয় |
ক্ষেত্ৰ | ৰকেট প্ৰযুক্তি আৰু বৈদ্যুতিক আৰু ইলেক্ট্ৰ'নিক্স অভিযান্ত্ৰিকী |
কৰ্মস্থান | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ভাভা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ |
শিক্ষানুষ্ঠান | অভিযান্ত্ৰিক মহাবিদ্যালয়, ত্ৰিবান্দ্ৰম |
জনা যায় | ভাৰতীয় মহাকাশ কাৰ্যসূচী |
উল্লেখনীয় বঁটা | পদ্মভূষণ (১৯৯৮) পদ্মবিভূষণ (২০০৯) |
জি. মাধৱন নায়াৰ (ইংৰাজী: G. Madhavan Nair; জন্ম: ৩১ অক্টোবৰ, ১৯৪৩) ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰাক্তন অধ্যক্ষ তথা ভাৰত চৰকাৰৰ মহাকাশ বিভাগৰ সচিব আছিল। ইয়াৰোপৰি তেওঁ মহাকাশ আয়োগৰ অধ্যক্ষ আৰু বাংগালোৰত অৱস্থিত এণ্ট্ৰিস্ক কৰ্প'ৰেশ্যনৰ অধ্যক্ষ আছিল। ২০০৯ চনত গণতন্ত্ৰ দিৱসৰ দিনা তেওঁক ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰা হয়।[1]
১৯৪৩ চনৰ ৩১ অক্টোবৰ তাৰিখে ভাৰতৰ ত্ৰৱানকোৰ ৰাজ্যৰ কুলশেখৰম (বৰ্তমানৰ কন্যাকুমাৰী জিলা, তামিলনাডু, ভাৰত) নামে ঠাইত মাধৱন নায়াৰৰ জন্ম হৈছিল। ১৯৬৬ চনত ত্ৰিবান্দ্ৰমৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ইলেকট্ৰ'নিক্স আৰু যোগাযোগ অভিযান্ত্ৰিকীত স্নাতক ডিগ্ৰী লাভ কৰে। স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পাছত মাধৱন নায়াৰে ভাভা পাৰমাণৱিক গৱেষণা কেন্দ্ৰত এটা প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল।
ৰকেট পদ্ধতিসমূহৰ ক্ষেত্ৰত নায়াৰ এগৰাকী নেতৃস্থানীয় প্ৰযুক্তিবিদ। বহুস্তৰীয় উপগ্ৰহ উৎক্ষেপণ যানসমূহৰ বিকাশ সাধনত তেওঁ ভালেমান গুৰত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ধ্ৰুৱীয় উপগ্ৰহ উৎক্ষেপণ যান (PSLV) প্ৰকল্পটোৰ সঞ্চালক হিচাপে মাধৱন নায়াৰে পি এছ এল ভিৰ বিকাশ সাধনত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল।[2] বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰৰ সঞ্চালক হিচাপে তেওঁ ভাৰতৰ ভূ-সকালীকৃত উপগ্ৰহ উৎক্ষেপণ যানৰ (GSLV) সফল উৎক্ষেপণৰো সাক্ষী হয়। তদুপৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ তৰল প্ৰণোদন পদ্ধতি কেন্দ্ৰৰ সঞ্চালক হিচাপে তেওঁ জি এছ এল ভিৰ বাবে ক্ৰায়'জেনিক্স ইঞ্জিনৰ ৰূপৰেখা আৰু বিকাশৰ ক্ষেত্ৰত কেন্দ্ৰীয় ভূমিকা গ্ৰহণ কৰিছিল।
মাধৱন নায়াৰে আগতে গ্ৰহণ কৰা স্থিতি নিম্নোক্ত তালিকাখনত উল্লেখ কৰা হ'ল:
২০১০–? | অধ্যক্ষ, চেণ্টাৰ ফৰ মেনেজমেণ্ট ডেভেল'পমেণ্ট, ত্ৰিবান্দ্ৰম |
২০০৩–০৯ | অধ্যক্ষ, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, বাংগালোৰ |
১৯৯৯–২০০৩ | সঞ্চালক, বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ, ত্ৰিবান্দ্ৰম |
১৯৯৫–৯৯ | সঞ্চালক, তৰল প্ৰণোদন পদ্ধতি কেন্দ্ৰ, ত্ৰিবান্দ্ৰম |
১৯৯৪–৯৬ | কাৰ্যসূচী সঞ্চালক, ILVP, বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ, ত্ৰিবান্দ্ৰম |
১৯৮৮–৯৫ | প্ৰকল্প সঞ্চালক, ধ্ৰুৱীয় উপগ্ৰহ উৎক্ষেপণ যান, ত্ৰিবান্দ্ৰম |
১৯৮৪–৮৮ | সহযোগী প্ৰকল্প সঞ্চালক, ধ্ৰুৱীয় উপগ্ৰহ উৎক্ষেপণ যান, ত্ৰিবান্দ্ৰম |
১৯৮০–৮৪ | প্ৰধান, ইলেক্ট্ৰ'নিক্স চিষ্টেম, বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ, ত্ৰিবান্দ্ৰম |
১৯৭৪–৮০ | প্ৰকল্প অভিযন্তা, এছ এল ভি-৩ প্ৰকল্প, ত্ৰিবান্দ্ৰম |
১৯৭২–৭৪ | প্ৰকল্প প্ৰবন্ধক, টে'লিকমাণ্ড চিষ্টেম, বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ, ত্ৰিবান্দ্ৰম |
১৯৬৭–৭২ | প্ৰধান, পেলোড একত্ৰীকৰণ শাখা, থুম্বা বিষুৱীয় ৰকেট উৎক্ষেপণ কেন্দ্ৰ, ত্ৰিবান্দ্ৰম |
২০১৭ চনৰ আগষ্ট মাহত “অগ্নিপৰীক্ষাকল” নামেৰে তেওঁৰ আত্মজীৱনী প্ৰকাশ কৰা হয়।[3]
![]() |
ৱিকিমিডিয়া কমন্সত জি. মাধৱন নায়াৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |