ৰিলায়েন্স জিঅ' ইনফোকম লিমিটেড চমুকৈ জিঅ' হৈছে ভাৰতৰ এখন দূৰসংযোগ সেৱা প্ৰদানকাৰী কোম্পানী।[1]ইয়াৰ মুখ্য কাৰ্যালয় মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত। ই প্ৰি-পেড, পোষ্ট-পেড, ফিক্সড লাইনৰ দ্বাৰা ৪জি আৰু ৫জি সেৱা আগবঢ়ায়।
জিঅ'ই ২০১৫ চনৰ ২৭ ডিচেম্বৰত অংশীদাৰ আৰু কৰ্মচাৰীৰ বাবে আৰম্ভ কৰিছিল,[2][3] আৰু ২০১৬ চনৰ ৫ ছেপ্টেম্বৰত ইয়াৰ ৰাজহুৱাভাৱে উপলব্ধ হৈছিল। ই ভাৰতৰ সৰ্ববৃহৎ মোবাইল নেটৱৰ্ক অপাৰেটৰ আৰু বিশ্বৰ তৃতীয় বৃহত্তম মোবাইল নেটৱৰ্ক অপাৰেটৰ আৰু ৪২.৬২ কোটি (৪২৬.২ মিলিয়ন)তকৈ অধিক গ্ৰাহক আছে।[4]