জিগমে খেচাৰ নামগৱেল ৱাংচুক Jigme Khesar Namgyel Wangchuck འཇིགས་མེད་གེ་སར་རྣམ་རྒྱལ་དབང་ཕྱུག | |
---|---|
ভূটানৰ পঞ্চম ৰজা
| |
![]() | |
ৰাজত্ব | ৯ ডিচেম্বৰ ২০০৬- বৰ্তমানলৈ |
অভিষেক | ৬ নৱেম্বৰ ২০০৮ |
পূৰ্বসূৰী | জিগমে শিংয়ে ৱাংচুক |
জন্মসূত্ৰে | জিগমে নামগৱেল ৱাংচুক[1] |
প্ৰধানমন্ত্ৰী | তালিকা চাওক
|
দাম্পত্য সঙ্গী | জেৎচুন পেমা (বি. ২০১১) |
সন্তান | |
জিগমে নামগৱেল ৱাংচুক[2] | |
বাসগৃহ | ৱাংচুক |
মাতৃ | টছেৰিং য়াংডন |
পিতৃ | জিগমে শিংয়ে ৱাংচুক |
স্বাক্ষৰ | ![]() |
ধৰ্ম | বজ্ৰয়ান বৌদ্ধ ধৰ্ম |
জিগমে খেচাৰ নামগৱেল ৱাংচুক (Jigme Khesar Namgyel Wangchuck, (འཇིགས་མེད་གེ་སར་རྣམ་རྒྱལ་དབང་ཕྱུག་,[3] জন্ম: ২১ ফেব্ৰুৱাৰী, ১৯৮০) ভূটানৰ পঞ্চম আৰু বৰ্তমান "ড্ৰোক গ্যাল্প" বা "ড্ৰেগন ৰজা"।[4] তেওঁৰ পিতৃ ৰজা জিগমে শিংয়ে ৱাংচুকৰ পিছত ৯ ডিচেম্বৰ ২০০৬ তাৰিখে তেওঁ ভূটানৰ ৰজা হিচাপে ৰাজপাটত বহে। তেওঁৰ ৰাজাভিষেকৰ ৰাজহুৱা সমাৰোহ আনুষ্ঠানিক ভাৱে ২০০৮ চনৰ ১ নৱেম্বৰত পালন কৰা হয়। এই দিনা ভূটান ৰাজতন্ত্ৰৰ ১০০ বছৰ সম্পূৰ্ণ হৈছিল।[5]
খেচাৰ ভূটানৰ চতুৰ্থ "ড্ৰেগন ৰজা" জিগমে শিংয়ে ৱাংচুক তেওঁৰ তৃতীয় পত্নী ৰাণী টছেৰিং য়াংডনৰ জেষ্ঠ পুত্ৰ।[6] তেওঁক এগৰাকী সৰু ভগ্নী, ৰাজকুমাৰী ডেচেন য়াংডন, এজন ভাতৃ ৰাজকুমাৰ জিগমে দৰ্জি আৰু চাৰি গৰাকী অৰ্ধভগ্নী আৰু তিনিজন অৰ্ধভাতৃ আছে।[7]
য়াংচেনফুগ হাই স্কুলৰ পৰা শিক্ষা শেষ কৰাৰ পিছত তেওঁ উচ্চশিক্ষাৰ বাবে বিদেশলৈ যায়। তেওঁ আমেৰিকাৰ ফিলিপছ একাডেমী, কোচিং একাডেমী আৰু হুৱেটন একাডেমীত শিক্ষা গ্ৰহণ কৰাৰ পিছত অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ মাগদালেন কলেজৰ পৰা বৈদেশিক সেৱা আৰু আন্তৰ্জাতিক সম্বন্ধৰ শিক্ষা লাভ কৰে।[8] তেওঁ ভাৰতৰ মুছৌৰীত অৱস্থিত লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসনিক একাডেমীতো শিক্ষা লাভ কৰিছিল।
২০০৫ চনত ৰজা জিগমে শিংয়ে ৱাংচুকে তেওঁৰ কাৰ্যকাল সোনকালে সমাপ্ত কৰি নিজ পুতেকক ৰজা পতাৰ ইচ্ছা প্ৰকট কৰে। ২০০৮ চনত তেওঁ নিজৰ দায়িত্বভাৰ পুতেক গোটাই দিয়ে।[9] ২০০৬ চনৰ ৯ ডিচেম্বৰ তাৰিখে পূৰ্বৰ ৰজায়ে এক ৰাজকীয় ঘোষণা কৰি ৰাজপাট ত্যাগ কৰে আৰু জিগমে খেচাৰ নামগৱেল ৱাংচুকক ৰজা ঘোষণা কৰে।[10] ৬ নৱেম্বৰ ২০০৮ চনত চৰকাৰীভাবে তেওঁৰ ৰাজাভিষেক পোনাখাত কৰা হয়।[11][12]এই উদ্দেশ্যে থিম্ফুৰ তাছিছ'সদজং আৰু চাংলিমিঠেংত ধাৰ্মিক আৰু ৰাজহুৱা অনুষ্ঠান আয়োজন কৰা হৈছিল। ৰাজমুকুট গ্ৰহণ অনুষ্ঠান প্ৰাচীন ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে অন্যান্য বিদেশী বিষয়াৰ উপস্থিতিত সংঘটিত হৈছিল। ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলেও এই অনুষ্ঠানত ভাগ লৈছিল।[13][14]
ৰজা খেচাৰৰ সন্মানাৰ্থে স্বাগতম জনোৱাৰ উদ্দেশ্যৰে ভূটানী সকলে ৰাজপথত ৰং কৰিছিল, উৎসৱৰ বেনাৰ লগাইছিল তথা ট্ৰেফিক চক্ৰত সতেজ ফুলেৰে সঁজাইছিল।[15][16][17]
"জনতাৰ ৰজা",তেওঁৰ পিতাকৰ দৰেই, ভাৰতৰ সৈতে মধুৰ সম্পৰেক ৰক্ষা কৰি আহিছে। তেওঁক ভাৰতৰ বিভিন্ন কাৰ্যক্ৰমলৈ আমন্ত্ৰন জনোৱা হয়, আৰু ২০১৩ চনৰ ভাৰতৰ ৬৪ তম গণতন্ত্ৰ দিৱসত তেওঁক মুখ্য অতিথি হিচাপে নিমন্ত্ৰন কৰা হৈছিল।[18]
২০০৬ চনত যুৱৰাজ হিচাপে থাইলেণ্ড ভ্ৰমণৰ পিছতেই, থাইলেণ্ডত তেওঁৰ জনপ্ৰয়তা লাভ কৰে। তাৰ পিছতেই থাইলেণ্ডৰ পৰা ভূটানলৈ পৰ্যটকৰ আগমন বহু পৰিমানে বৃদ্ধি পায়।[19]
২০১১ চনৰ নৱেম্বৰত ৰাণী জেৎচুন পেমাৰ সৈতে ৰজাই জাপান ভ্ৰমণ কৰিছিল; ২০১১ চনৰ ভূমিকম্পৰ পিছত তেওঁলোকেই আছিল জাপানলৈ যোৱা প্ৰথম ৰাষ্ট্ৰীয় অতিথি।[20][21][22]
২০১৫ চনৰ মাৰ্চত ৰজা আৰু ৰাণীয়ে চিংগাপুৰৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী লি খুন ৱেওৰ অন্তিম সংস্কাৰতো উপস্থিত আছিল।[23]
![]() |
ৱিকিমিডিয়া কমন্সত Jigme Khesar Namgyel Wangchuck সম্পৰ্কীয় মিডিয়া ফাইল আছে। |