লেফ্টেনেণ্ট জেনেৰেল জিয়াউৰ ৰহমান | |
---|---|
১৯৭৯ চনত জিয়াউৰ ৰহমান | |
৬ষ্ঠ বাংলাদেশৰ ৰাষ্ট্ৰপতি | |
কাৰ্যকাল ২১ এপ্ৰিল ১৯৭৭ – ৩০ মে' ১৯৮১ | |
প্ৰধানমন্ত্ৰী |
|
উপ ৰাষ্ট্ৰপতি | আব্দুছ ছাত্তাৰ |
পূৰ্বসূৰী | আবু ছাদাত মহম্মদ ছৈয়ম |
উত্তৰসূৰী | আব্দুছ ছাত্তাৰ |
১ম বাংলাদেশ জাতীয়তাবাদী দলৰ অধ্যক্ষ | |
কাৰ্যকাল ১ ছেপ্তেম্বৰ ১৯৭৮ – ৩০ মে' ১৯৮১ | |
সাধাৰণ সম্পাদক | এ. কিউ. এম. বদৰুদ্দজা চৌধুৰী |
পূৰ্বসূৰী | প্ৰতিস্থাপক |
উত্তৰসূৰী | আব্দুছ ছাত্তাৰ |
২য় আৰু ৪ৰ্থ সেনা সৰ্বাধিনায়ক | |
কাৰ্যকাল ২৪ আগষ্ট ১৯৭৫ – ৩ নৱেম্বৰ ১৯৭৫ | |
পূৰ্বসূৰী | কে. এম. ছাফিউল্লা |
উত্তৰসূৰী | খালেদ মুছাৰফ |
কাৰ্যকাল ৭ নৱেম্বৰ ১৯৭৫ – ২৮ এপ্ৰিল ১৯৭৮বগৰা জিলাৰ অন্তৰ্গত গাবতলীৰ বাগবাৰী গাঁৱৰ | |
পূৰ্বসূৰী | খালেদ মুছাৰফ |
উত্তৰসূৰী | হুছেইন মুহাম্মদ এৰছাদ |
ব্যক্তিগত তথ্য | |
জন্ম | ১৯ জানুৱাৰী, ১৯৩৬ বাগবাৰী, বংগ, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ ৰাজশ্বাহী, বাংলাদেশ) |
মৃত্যু | ৩০ মে', ১৯৮১ (৪৫ বছৰ) চট্টগ্ৰাম, বাংলাদেশ |
মৃত্যুৰ কাৰণ | হত্যাকাণ্ড |
সমাধিস্থল | জিয়াউৰ ৰহমানৰ সমাধিস্থল, ঢাকা, বাংলাদেশ |
ৰাষ্ট্ৰীয়তা |
|
ৰাজনৈতিক দল | বাংলাদেশ জাতীয়তাবাদী দল |
দাম্পত্যসঙ্গী | খালেদা জিয়া (বি. ১৯৬০) |
সন্তান |
|
শিক্ষানুষ্ঠান |
|
পুৰস্কাৰ | বীৰ উত্তম স্বাধীনতা বঁটা হিলাল-ই-জুৰাট মেৰুণ পেৰাছুট ৱিং অৰ্ডাৰ অফ দ্যা নাইল অৰ্ডাৰ অফ দ্যা য়ুগস্লেভ ষ্টাৰ |
সামৰিক সেৱা | |
আনুগত্য | পাকিস্তান (১৯৭১ ৰ আগত) বাংলাদেশ |
সেৱা/শাখা | পাকিস্তান সেনা বাংলাদেশ সেনা |
চাকৰিৰ কাৰ্যকাল | ১৯৫৫-১৯৭৮ |
ৰেঙ্ক | |
ইউনিট | ইষ্ট বেংগল ৰেজিমেণ্ট |
কামাণ্ড | *ছেক্টৰ ১ৰ কামাণ্ডাৰ
|
যুদ্ধ | ভাৰত-পাকিস্তান যুদ্ধ, ১৯৬৫ বাংলাদেশৰ মুক্তিযুদ্ধ |
জিয়াউৰ ৰহমান (১৯ জানুৱাৰী ১৯৩৬ – ৩০ মে' ১৯৮১) এজন বাংলাদেশী সামৰিক বিষয়া আৰু ৰাজনীতিবিদ আছিল। ১৯৭৭ চনৰ পৰা মৃত্যুৰ সময়লৈকে তেওঁ বাংলাদেশৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ বাংলাদেশ জাতীয়তাবাদী দলৰ (BNP) প্ৰতিষ্ঠাপক আছিল আৰু আজীৱন ইয়াৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ ১৯৭৫ চনৰ পৰা ১৯৭৮ চনলৈ বাংলাদেশৰ দ্বিতীয় সেনা মুৰব্বীৰ পদত আছিল।
জিয়াউৰ ৰহমানৰ জন্ম হৈছিল বাংলাদেশৰ গাবতলীত। তেওঁ জিয়া নামেৰেও জনাজাত আছিল। এবতাবাদস্থিত পাকিস্তান মিলিটাৰী একাডেমীত তেওঁ সেনাবাহিনীৰ প্ৰশিক্ষণ লৈছিল আৰু দ্বিতীয় কাশ্মীৰ যুদ্ধত ভাৰতীয় সেনাৰ বিৰুদ্ধে পাকিস্তানী সেনাৰ কমাণ্ডাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ বাবে তেওঁক পাকিস্তান চৰকাৰৰ পৰা হিলাল-ই-জুৰাট বঁটা প্ৰদান কৰা হৈছিল। ১৯৭১ চনত পাকিস্তানৰ পৰা বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ সময়ত বাংলাদেশী সেনা বাহিনীৰ এজন বিশিষ্ট কমাণ্ডাৰ আছিল জিয়াউৰ ৰহমান। ২৭ মাৰ্চৰ দিনা তেৱেঁই প্ৰথম বাংলাদেশৰ স্বাধীনতা লাভৰ ঘোষণা চট্টগ্ৰামৰ কালুৰঘাট অনাতাঁৰ কেন্দ্ৰৰ পৰা সম্প্ৰচাৰ কৰিছিল। স্বাধীনতা যুদ্ধৰ পিছত জিয়াউৰ বাংলাদেশ সেনাবাহিনীৰ ব্ৰিগেড কমাণ্ডাৰ হয়, আৰু পিছলৈ বাংলাদেশ সেনাৰ ডেপুটি ছিফ অফ ষ্টাফ আৰু চীফ অফ ষ্টাফ হয়।[3]
১৯৩৬ চনৰ ১৯ জানুৱাৰীত বৰ্তমানৰ বাংলাদেশৰ বগৰা জিলাৰ অন্তৰ্গত গাবতলীৰ বাগবাৰী গাঁৱৰ এটা বঙালী মুছলমান মণ্ডল পৰিয়ালত জিয়াউৰ ৰহমানৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল মনছুৰ ৰহমান আৰু তেওঁ এজন ৰসায়নবিদ আছিল। তেওঁ কাগজ আৰু চিয়াঁহীৰ ৰসায়ন বিশেষজ্ঞ হিচাপে কলকাতাৰ ৰাইটাৰ্ছ বিল্ডিঙৰ চৰকাৰী বিভাগত কাম কৰিছিল।
জিয়াউৰ ৰহমান তেওঁৰ জন্মস্থান বাগবাৰীতে ডাঙৰ-দীঘল হৈছিল আৰু বগৰা জিলা বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰিছিল।[4] আহমেদ কমল (মৃত্যু ২০১৭)[5] আৰু খলিলুৰ ৰহমান (মৃত্যু ২০১৪)[6] নামৰ তেওঁৰ দুজন ভায়েক আছিল।
১৯৪৬ চনত পিতৃ মনছুৰ ৰহমানে জিয়াউৰ ৰহমানক কলিকতাৰ হেয়াৰ স্কুলত নামভৰ্তি কৰি দিছিল আৰু ১৯৪৭ চনত ভাৰতত ব্ৰিটিছ সাম্ৰাজ্য অন্ত পৰা আৰু ভাৰত আৰু পাকিস্তান বিভাজন হোৱালৈকে তাতেই তেওঁ অধ্যয়ন কৰিছিল। ইয়াৰ পিছত তেওঁ কৰাচী একাডেমী স্কুলত নামভৰ্তি কৰে। সেই বিদ্যালয়ৰ পৰাই তেওঁ ১৯৫২ চনত সন্মানসহকাৰে মাধ্যমিক শিক্ষা সমাপ্ত কৰে আৰু তাৰ পিছত ১৯৫৩ চনত কৰাচীৰ ডি.জে. কলেজত নামভৰ্তি কৰে। ১৯৫৩ চনত তেওঁ পাকিস্তানী সেনাৰ অফিচাৰ কেডেট হিচাপে কাকুল মিলিটেৰী একাডেমীত যোগদান কৰে।
১৯৮১ চনৰ ৩০ মে’ তাৰিখে চট্টগ্ৰামত এদল বাংলাদেশী সেনা বিষয়াই জিয়াউৰ ৰহমানক গুলিয়াই হত্যা কৰে।[7] সেইদিনা তেওঁ ৰাজনৈতিক দল বিএনপিৰ স্থানীয় নেতাসকলৰ মাজত সংঘৰ্ষৰ মধ্যস্থতা কৰিবলৈ চট্টগ্ৰামলৈ গৈছিল।[8] ৩০ মে’ৰ নিশা সেনা বিষয়াৰ এটা দলে চট্টগ্ৰামৰ চাৰ্কিট হাউচ দখল কৰি গুলিবৰ্ষণ আৰম্ভ কৰে।[9] ফলত জিয়াউৰ ৰহমান নিহত হয়।[10]