জিলমিল | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Tracheophytes |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
বৰ্গ: | Caryophyllales |
পৰিয়াল: | Amaranthaceae |
গণ: | Chenopodium |
প্ৰজাতি: | C. album |
বৈজ্ঞানিক নাম | |
Chenopodium album লিনিয়াছ | |
Distribution, from GBIF[1] | |
সমাৰ্থক[2] | |
|
জিলমিল (বৈজ্ঞানিক নাম: Chenopodium album) অমৰান্থেচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ। এই একবৰ্ষজীৱী উদ্ভিদবিধ দ্ৰুত গতিত বৃদ্ধি পায়। বিশ্বৰ বহু অঞ্চলত এই উদ্ভিদৰ খেতি কৰা হয় যদিও কিছুমান ঠাইত এই উদ্ভিদক অপতৃণ বুলি গণ্য কৰা হয়। ইংৰাজীত এই উদ্ভিদক লেম্বছ কুৱাৰ্টাৰছ (lamb's quarters), মেল্ডে (melde), গোছফুট (goosefoot), ৱাইল্ড স্পাইনেছ (wild spinach) আৰু ফেট-হেন (fat-hen) আদি নামেৰে জনা যায় যদিও পিছৰ দুটা চেনোপডিয়াম গণৰ অন্তৰ্গত অন্যান্য প্ৰজাতিৰ কিছুমান উদ্ভিদৰ ক্ষেত্ৰতো প্ৰয়োগ কৰা হয়, সেয়ে ইয়াক প্ৰায়ে হোৱাইট গোছফুট (white goosefoot) বুলি পৃথক কৰা হয়।[3]
উত্তৰ ভাৰত,[4][5] আৰু নেপালত খাদ্য শস্য হিচাপে ব্যাপকভাৱে জিলমিলৰ খেতি কৰা হয় আৰু খোৱা হয়। এই অঞ্চলসমূহত ইয়াক বথুআ (बथुआ) নামে জনা যায়।
ব্যাপকভাৱে কৃষি কৰা বাবে জিলমিলৰ স্থানীয় বিস্তৃতি স্পষ্ট নহয়, তথাপি ১৭৫৩ চনত লিনিয়াছে ইউৰোপৰ পৰা জিলমিল সম্পৰ্কে বিৱৰণ লিখিছিল বাবে ইউৰোপৰ বেছিভাগ অঞ্চলকে স্থানীয় বিস্তৃতি হিচাপে সামৰি লোৱা হৈছে। পূব এছিয়াৰ স্থানীয় উদ্ভিদবোৰক জিলমিলৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছে, কিন্তু ইউৰোপীয় নমুনাৰ সৈতে এয়া কিছু পৃথক। “প্লেণ্টছ অৱ দ্য ৱৰ্ল্ড অনলাইন”ৰ মতে পশ্চিম ইউৰোপৰ পৰা চীন আৰু সুদূৰ পূব ৰাছিয়া, ভাৰত উপমহাদেশ, উত্তৰ আফ্ৰিকা, ইথিওপিয়া আৰু পূব আৰু মধ্য আমেৰিকালৈকে নাতিশীতোষ্ণ ইউৰেছিয়াক এই প্ৰজাতিটোৰ প্ৰাকৃতিক বিতৰণৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে।
আফ্ৰিকা, অষ্ট্ৰেলিয়া, উত্তৰ আমেৰিকা, আৰু ওচেনিয়াত জিলমিলক ব্যাপকভাৱে প্ৰাকৃতিককৰণ কৰা হৈছে আৰু বৰ্তমান এণ্টাৰ্কটিকাৰ বাহিৰে প্ৰায় সকলো ঠাইতে বিশেষকৈ নাইট্ৰজেন সমৃদ্ধ সেমেকা মাটিত এই উদ্ভিদ দেখা পোৱা যায়।
সেউজীয়া জিলমিল শাকত ৮৪% পানী, ৭% কাৰ্বহাইড্ৰেট, ৪% প্ৰ’টিন, আৰু ১% চৰ্বি থাকে। ১০০ গ্ৰাম পৰিমাণৰ জিলমিল শাকত ৪৩ কেলৰি শক্তি পোৱা যায়। জিলমিলত যথেষ্ট পৰিমাণে ভিটামিন গ, ভিটামিন ক, ৰাইব’ফ্লেভিন, ভিটামিন খ (৬), মেংগানিজ, আৰু কেলচিয়াম আৰু কম পৰিমাণে অন্য কেইবাবিধো পোষক দ্ৰব্য থাকে।
জিলমিল উদ্ভিদৰ পাতসমূহ কেঁচা পাত-শাক হিচাপে খোৱাৰ লগতে ৰান্ধিও খোৱা হয়।[6] জিলমিলৰ ফুলৰ কলি আৰু ফুলবোৰো সিদ্ধ কৰি খোৱা হয়।[6] প্ৰত্যেকজোপা জিলমিলত সহস্ৰাধিক সৰু সৰু ক’লা বীজ উৎপন্ন হয়।
পোহনীয়া কুকুৰা তথা অন্য পোহনীয়া চৰাইৰ খাদ্য হিচাপেও জিলমিলৰ ব্যৱহাৰ কৰা হয়।
নিৰ্মাণশাস্ত্ৰ সম্পৰ্কীয় সংস্কৃত গ্ৰন্থ[7] সমৰাংগন সূত্ৰধাৰত উল্লেখ কৰা মতে, অতীজতে এই উদ্ভিদৰ ৰস দেৱালত দিয়া প্ৰলেপৰ মিশ্ৰণৰ এক শক্তিশালী উপাদান হিচাপে ব্যৱহৃত হৈছিল।
আয়ুৰ্বেদৰ পৰম্পৰাগত চিকিৎসাত জিলমিলক বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে উপযোগী বুলি ভবা হয়,[8] যদিও এনে ব্যৱহাৰ নিৰাপদ বা ফলপ্ৰসূ হোৱাৰ কোনো পৰীক্ষাগাৰৰ প্ৰমাণ পোৱা নাযায়।