জীয়াই থকাৰ অধিকাৰ(ইংৰাজী: Right to Life) হৈছে এক বিশ্বাস, যি এজন ব্যক্তিৰ জীৱন সম্পৰ্কীয় অধিকাৰৰ কথা কয় লগতে চৰকাৰ তথা অন্য কোনো অস্তিত্বৰ দ্বাৰা এটা জীৱনৰ বিনাশ কাৰ্য অযুক্তিকৰ বুলি দাবী উত্থাপন কৰে। মৃত্যুদণ্ড, যুদ্ধ, গৰ্ভপাত, ইচ্ছামৃত্যু, পুলিচৰ অত্যাচাৰ, ন্যায়সংগত হত্যা, আৰু পশু অধিকাৰ আদি বিষয়ৰ পৰিপ্ৰেক্ষিতত জীয়াই থকাৰ অধিকাৰ সম্পৰ্কীয় এই বিতৰ্কিত ধাৰণাটোৰ উৎপত্তি হৈছে। বিভিন্ন ব্যক্তিৰ এই সম্পৰ্কে এইবুলি আপত্তি থাকিব পাৰে যে, এই নীতি সমূহ কোন কোন ক্ষেত্ৰত প্ৰয়োগ হয় য'ত নেকি পূৰ্বৰে পৰা এনে সূচীভুক্ত সমস্যা অন্তৰ্ভুক্ত হৈ আছে।
জীয়াই থকাৰ অধিকাৰ অভিধাটো বিশেষভাৱে গৰ্ভপাত সম্পৰ্কীয় বিতৰ্কৰ যুক্তি হিচাপে সেইসকল লোকে উত্থাপন কৰে যি এই গৰ্ভপাতৰ অনুশীলন বন্ধ হোৱাটো বিচাৰে নতুবা অন্ততঃ ইয়াৰ অনুপাত হ্ৰাস হোৱাটো বিচাৰে।[1] জীয়াই থকাৰ অধিকাৰ বাক্যাংশ ১৯৫১ চনৰ এক Papal encyclical-ত পোপ দ্বাদশ পায়াচে এই বুলি আগবঢ়াইছিল:
প্ৰতিজন মানুহেই, আনকি গৰ্ভত পালিত সন্তান এটিৰো জীয়াই থকাৰ অধিকাৰ আছে আৰু এই অধিকাৰ প্ৰত্যক্ষ ভাৱে ঈশ্বৰে প্ৰদান কৰিছে। ইয়াত অভিভাৱক, বা অন্য কোনো ব্যক্তি তথা সমাজৰ হস্তক্ষেপৰ অধিকাৰ নাই। গতিকে কোনো ব্যক্তি, সমাজ, মানৱ কৰ্তৃপক্ষ, বিজ্ঞানৰ এই অধিকাৰ নাই যিয়ে কোনো চিকিৎসা সম্বন্ধীয় কাৰণতেই হওক বা কোনো সামাজিক, অৰ্থনৈতিক তথা নৈতিক কাৰণত এটি নিষ্পাপ শিশুক জন্মৰ পূৰ্বেই ধ্বংস কৰিব পাৰি বুলি আইনী যুক্তি আগবঢ়াব। ---পোপ দ্বাদশ পায়াচ, অক্টোবৰ ২৯, ১৯৫১[2]