জীৱ-জন্তুৰ কথা-বতৰা (ইংৰাজী: Animal tale) হৈছে এনে কিছুমান সাধু, চুটিগল্প নাইবা কবিতা য'ত জীৱ-জন্তুৱে কথা পাতিব পাৰে। এই সাধু বা গল্পবোৰত জীৱ-জন্তুবোৰে অন্য নৃগোষ্ঠীয় গুণ, যেনে মানুহৰ দৰে সমাজত বাস কৰা আদিও প্ৰদৰ্শন কৰিব পাৰে। ই ৰূপকথাৰ এক পৰম্পৰাগত ৰূপ।[1]
জীৱ-জন্তুৰ কথা-বতৰা সাৰ্বজনীন, অৰ্থাৎ সকলোৱে বুজিব পাৰে। কোনো নিৰ্দিষ্ট সমাজৰ কেৱল মানৱ গোটৰ সৈতেই নহয় প্ৰাণী প্ৰজাতিৰ প্ৰতিটো গোটৰ সৈতে যিয়েই সম্পৰ্ক (উদাহৰণস্বৰূপে, চিকাৰ আৰু চিকাৰী) নাথাকক লাগে সকলোৱে কথা-বতৰাবোৰ বুজিব পাৰে। সেইবাবে যদিও প্ৰাণীবোৰ লেখকৰ দৰে একে সাংস্কৃতিক পটভূমিৰ পৰা অহা নহয়, তথাপি পাঠকে চৰিত্ৰবোৰৰ উদ্দেশ্য বুজিবলৈ সক্ষম হয়। জীৱ-জন্তুৰ কথা-বতৰাৰ কাহিনীবোৰ উৎপত্তি স্থানৰ পৰা বহু দূৰৈৰ সময় আৰু স্থানত প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়।
পঞ্চতন্ত্ৰ আৰু কলিলা আৰু ডিম্না (সংস্কৃত আৰু আৰবী মূল), ঈছপ (গ্ৰীক মূল), ৱান থাউজেণ্ড এণ্ড ৱান নাইটছ (এহেজাৰ এনিশা) আৰু পৃথক ট্ৰিকষ্টাৰ পৰম্পৰা (পশ্চিম আফ্ৰিকান আৰু নেটিভ আমেৰিকান) ইত্যাদিৰ দ্বাৰা কিছুমান কাল্পনিক জীৱৰ উপকথাৰ গুৰুত্বপূৰ্ণ পৰম্পৰা প্ৰতিনিধিত্ব কৰা হৈছে। মধ্যযুগীয় ফৰাচী চক্ৰাকাৰ ৰূপক ৰোমান ডি ৰেইনাৰ্টক (অৰ্থ: ৰেইনাৰ্ড নামৰ শিয়ালটো) কাল্পনিক জীৱ উপকথাৰ মহাকাব্য বুলি কোৱা হয়, য'ত পুনৰাবৃত্তিমূলকভাবে ৰেইনাৰ্ড নামৰ শিয়াল এটাৰ কাহিনী বৰ্ণনা কৰা হৈছে।[2]
জন্তুৰ উপকথা সাধাৰণতে বিভিন্ন ভাষাৰ পৰা বিভিন্ন ভাষালৈ অনুবাদ কৰা হয় আৰু প্ৰায়ে শিক্ষাৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে, ইছপৰ সাধুসমূহ লিখাৰ যুগ যুগ পাৰ হোৱাৰ পিছতো ইয়াৰ লেটিন সংস্কৰণসমূহ ইউৰোপীয় মধ্যযুগত মানক শিক্ষামূলক সামগ্ৰী আছিল। মানুহ সামাজিক প্ৰেক্ষাপটৰ বৰ্ণনা নথকাৰ বাবে পশুৰ কাহিনীবোৰ সহজেই সংস্কৃতিৰ পৰা সংস্কৃতিলৈ বিয়পিব পাৰে। আংকল ৰেমুছৰ (Uncle Remus) কাহিনীবোৰৰে আফ্ৰিকান শৈলীৰ নায়ক চৰিত্ৰ ব্ৰেয়াৰ ৰেবিটক (Br'er Rabbit) আমেৰিকাৰ সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিছিল। ব্ৰেয়াৰ ৰেবিট চৰিত্ৰটো তেওঁ সন্মুখীন হোৱা বেছিভাগ চৰিত্ৰতকৈ সৰু আৰু দুৰ্বল, তথাপি তেওঁ আফ্ৰিকান লোককথাৰ নায়ক আনান্সিৰ (Anansi) দৰেই সকলোকে চতুৰতাৰে পৰাস্ত কৰে।
১৯০২ চনত প্ৰথম প্ৰকাশিত পিটাৰ ৰেবিটৰ কিতাপসমূহত বিভিন্ন প্ৰাণীৰ চৰিত্ৰ উপস্থাপন কৰা হৈছে আৰু প্ৰত্যেকৰে উদ্দেশ্য হৈছে শিশুসকলক এক বিশেষ নৈতিকতা শিকোৱা।[3] “দ্য উইণ্ড ইন দ্য উইলোছ” (The Wind in the Willows, ১৯০৮) হৈছে সেই যুগৰ আন এখন ব্ৰিটিছ শিশু উপন্যাস।
১৯১২ চনত প্ৰকাশিত অসমীয়া সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি ল'ৰা (১৯১৩) আদি হৈছে অসমীয়া জীৱ-জন্তুৰ উপকথাৰ উদাহৰণ।[4]
১৯৪৫ চনত প্ৰকাশিত “এনিমেল ফাৰ্ম” (Animal Farm) নামৰ ইংৰাজী উপন্যাসখনত বিভিন্ন ৰাজনৈতিক মতাদৰ্শক প্ৰাণী হিচাপে চিত্ৰায়িত কৰা হৈছে, যেনে ষ্টেলিনবাদী নেপোলিয়ন গাহৰী, আৰু তেওঁৰ নিৰ্দেশনাক কোনো প্ৰশ্নবিহীনভাৱে অনুসৰণ কৰা অসংখ্য "ভেড়া"। এই কিতাপখন শিশুৰ বাবে কাহিনী হোৱাতকৈ দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ ৰঙা ভয়ৰ সময়ত নতুন ৰাজনৈতিক পৰিৱেশ বুজিবলৈ চেষ্টা কৰা প্ৰাপ্তবয়স্কসকলৰ বাবেহে লিখা আছিল।
যুদ্ধোত্তৰ কালত প্ৰকাশিত এনে কিছুমান গ্ৰন্থৰ উদাহৰণসমূহ হ'ল জে পি মাৰ্টিনৰ ধাৰাবাহিক "আংকল" (Uncle,১৯৬৪–১৯৭৩), আৰু ৰিচাৰ্ড এডামছৰ উপন্যাসসমূহ, বিশেষকৈ ৱাটাৰশ্বিপ ডাউন (Watership Down, ১৯৭২)।
বহুতো আধুনিক কিতাপ, চলচ্চিত্ৰ, ভিডিঅ’ গেমক পশুৰ উপকথা বুলি ধৰিব পাৰি। আমেৰিকাৰ চলচ্চিত্ৰত একাডেমী বঁটা বিজয়ী ছবি জুট'পিয়া (Zootopia) হৈছে তেনে এখন উল্লেখযোগ্য ছবি। এই ছবিখনত পক্ষপাতিত্ব আৰু কু-সংস্কাৰৰ বিষয় উপস্থাপন এখন উপকথা হিচাপে গণ্য কৰা হয় য'ত কথা কোৱা প্ৰাণী চৰিত্ৰবোৰে নিজৰ প্ৰজাতিৰ মাজত সৃষ্টি হোৱা সামাজিক সমস্যাৰ অভিজ্ঞতা লাভ কৰে যিয়ে বৰ্ণগত গোটৰ বাবে এক উপমা হিচাপে কাম কৰে।[5] ২০১৭ চনৰ ভিডিঅ' গেম “নাইট ইন দ্য উডছ” (Night in the Woods) হৈছে আন এটা এনে উল্লেখযোগ্য উদাহৰণ।[6] ইয়াৰ উপৰি কাৰ্টুন আৰু অন্যান্য মাধ্যমতো এনে উদাহৰণ উপলভ্য।[7]