জুবিলী | |
---|---|
![]() বাণিজ্যিক পোষ্টাৰ | |
শৈলী | পিৰিয়ড ড্ৰামা |
নিৰ্মাতা | বিক্ৰমাদিত্য মতৱানে সৌমিক সেন |
লিখক | Additional Story & Screenplay: হৰ্টেজ সৌনি নিশান্ত আগৰৱালা |
পৰিচালক | বিক্ৰমাদিত্য মতৱানে |
অভিনয়ত |
|
দেশ | ভাৰত |
ভাষা | হিন্দী |
চিজনৰ সংখ্যা | ১ |
খণ্ডৰ সংখ্যা | ১০ |
প্ৰযোজনা | |
প্ৰযোজক | দিপা ডি মতৱানে |
চিত্ৰগ্ৰহণকাৰী | প্ৰতীক শ্বাহ |
কেমেৰাৰ ছেটআপ | Multi-camera |
ষ্টুডিঅ’ | আন্দোলন ফিল্মছ ৰিলায়েন্স এণ্টাৰটেইনমেণ্ট ফেণ্টম ষ্টুডিঅ’ |
সম্প্ৰচাৰ | |
মূল ছেনেল | আমাজন ভিডিঅ’ |
দৃশ্যৰ ফৰমেট |
|
শব্দৰ ফৰমেট | ডলবি ডিজিটেল |
জুবিলী (ইংৰাজী: Jubilee) আমাজন প্ৰাইম ভিডিঅ’ত সম্প্ৰচাৰিত এখন হিন্দী ভাষাৰ ভাৰতীয় পিৰিয়ড ড্ৰামা। [1] বিক্ৰমাদিত্য মতৱানেই নিৰ্মাণ আৰু পৰিচালনা কৰা ধাৰাবাহিকখন আন্দোলন ফিল্মছ, ৰিলায়েন্স এণ্টাৰটেইনমেণ্ট আৰু ফেণ্টম ষ্টুডিঅ’ই প্ৰযোজনা কৰিছে। ইয়াত প্ৰসেনজিৎ চেটাৰ্জী, অপাৰশক্তি খুৰানা, অদিতি ৰাও হায়দৰী, সিদ্ধান্ত গুপ্তা, ৱামিকা গব্বী আৰু ৰাম কাপুৰ আদি দ্বিগজ অভিনেতাই অভিনয় কৰিছে।[2][3] ২০২৩ চনৰ ৭ এপ্ৰিল তাৰিখে ধাৰাবাহিকখন মুক্তি দিয়া হৈছিল।[4]
ভাৰত বিভাজন আৰু স্বাধীনতা লাভলৈ ঠিক এমাহ আছে; বোম্বাইস্থিত ৰয় ষ্টুডিঅ'ৰ মালিক শ্ৰীকান্ত ৰয়ে তেওঁৰ নতুন ছবি ‘সংঘৰ্ষ’ৰ বাবে এজন নতুন নায়কৰ সন্ধান কৰিছে। জামছেদ খান নামৰ এগৰাকী মঞ্চ অভিনেতা এই চৰিত্ৰটিৰ বাবে নিৰ্বাচিত হৈছিল যদিও ৰয়ৰ পত্নী তথা তাৰকা অভিনেত্ৰী সুমিত্ৰা কুমাৰীৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ বাবে তেওঁক নাকচ কৰা হয়। খানক আনিবলৈ বুলি ৰয়ে নিজে সুমিত্ৰা কুমাৰীক লক্ষ্ণৌলৈ পঠাইছিল যদিও সুমিত্ৰাক ঘূৰাই আনিবলৈ নিজৰ সোঁহাত স্বৰূপ বিনোদ দাসক লক্ষ্ণৌলৈ পঠিয়ায়।
লক্ষ্ণৌলৈ ৰেলযাত্ৰাত, বিনোদে জামছেদৰ আটাইতকৈ ভাল বন্ধু নাট্যকাৰ জয় খান্নাক লগ পায়। খান্না পৰিয়ালৰ কৰাছীত এটা থিয়েটাৰ কোম্পানী আছে। বিনোদে সুমিত্ৰা কুমাৰীক তেওঁৰ সৈতে বোম্বাইলৈ ঘূৰি যাবলৈ সৈমান কৰিবলৈ চেষ্টা কৰে, কিন্তু সুমিত্ৰা কুমাৰী নিজৰ সিদ্ধান্তত অটল হৈ থাকে আৰু জামছেদৰ সৈতে কৰাছীলৈ পলাই যোৱাৰ পৰিকল্পনা কৰে। বিনোদে জামছেদক লগ পায়, যি এক বেলেগ ছদ্মনাম ব্যৱহাৰ কৰি এখন থিয়েটাৰত অভিনয় কৰিবলৈ ওলাইছিল। ৰেলযোগে কৰাছীলৈ ৰাওনা হবলৈ বুলি জামছেদে গোপনে থিয়েটাৰৰ পৰা বাহিৰলৈ ওলায় আৰু ঘটনাক্ৰমে বিনোদ দাসক লগ পায়। ইতিমধ্যে ৰাজপথত দাঙ্গা আৰম্ভ হোৱাত তেওঁলোকে ৰেল ধৰিব নোৱাৰে আৰু বিনোদে জামছেদক আহত কৰি দাংগাত মৰিবলৈ এৰি দি নিজে পলাই যায়।
বোম্বাইলৈ উভতি আহি বিনোদে সকলোকে জামছেদ খান কৰাছীলৈ উভতি গল বুলি কয় আৰু ৰয়ৰ সন্মুখত ‘সংঘৰ্ষ’ চলচ্চিত্ৰৰ বাবে মদন কুমাৰৰ চৰিত্ৰটিৰ অডিচন দিয়ে। তেওঁৰ অভিনয়ৰ দ্বাৰা প্ৰভাৱিত হৈ ৰয়ে জামেছদ খানৰ ঠাইত বিনোদ দাসক মদন কুমাৰ ৰূপে চুক্তিবদ্ধ কৰে । সংঘৰ্ষ হিট হয় আৰু বিনোদ দাস ওৰফে মদন কুমাৰ ষ্টাৰ ৰূপে পৰিগণিত হয় ।
ইফালে, জয়, যাৰ পৰিয়ালে কৰাছীত তেওঁলোকৰ থিয়েটাৰ কোম্পানী আৰু ঘৰ হেৰুৱাইছিল, শৰণাৰ্থী হিচাপে বোম্বাইলৈ আহে। জয়ে নিজৰ কাহিনীৰে ‘টেক্সি ড্ৰাইভাৰ’নামেৰে এখন ছবি পৰিচালনা কৰিবলৈ মন কৰে আৰু বিনোদ দাসৰ সৈতে থকা চিনাকীৰ জৰিয়তে ৰয়ক লগ কৰে। কিন্তু ৰয়ে তেওঁৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰে আৰু বিনোদকো (মদন) জয়ৰ ছবিৰ নায়ক হোৱাত বাধা আৰোপ কৰে। চমচেৰ সিং ৱালিয়া জয়ৰ ছবি প্ৰযোজনা কৰিবলৈ আগবাঢ়ি আহে আৰু ৱালিয়াৰ উপ-পত্নী নিলোফাৰক ছবিৰ নায়িকা আৰু নিজে নায়ক ৰূপে জয়ে ছবিৰ কাম আৰম্ভ কৰে। এই চিনেমাখন জনপ্ৰিয় হয় । বিনোদ দাস ওৰফে মদন কুমাৰৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ বাবে নিলোফাৰক বাদ দি, সুমিত্ৰা কুমাৰীক নায়িকা ৰূপে লৈ জয়ে নতুন ছবিৰ কাম আৰম্ভ কৰে। নিলোফাৰ আৰু মদন কুমাৰৰ চিনেমা ‘ৰাজ মহল’ ফ্লপ হয়, আনহাতে সুমিত্ৰা কুমাৰী আৰু জয়ৰ চিনেমা ‘বাইজু আৱৰা’ হিট হয়। জয় ষ্টাৰ ৰূপে পৰিগণিত হয় আৰু ৰয়ে জয়ৰ সৈতে ছবি নিৰ্মাণ কৰিবলৈ বুলি তেওঁক মাতি পঠিয়ায়। ইতিমধ্যে ৰাজনৈতিক সন্ধিৰ বাবে ছোভিয়েট আৰু আমেৰিকাই ভাৰতৰ সৈতে মিলি ছবি নিৰ্মাণৰ সিদ্ধান্ত লৈছিল আৰু বহুতো প্ৰযোজক, পৰিচালক আৰু অভিনেতা-অভিনেত্ৰীক ৰাজনৈতিক ছবি নিৰ্মাণৰ বাবে চুক্তিবদ্ধ কৰিছিল। ৰয় আছিল মৌলিক ছবি নিৰ্মাণকাৰী। তেওঁ কোনো দলৰে সৈতে আপোচ নকৰাত ফন্দি কৰি বিপক্ষই তেওঁক আয়কৰৰ জালত পেলায় আৰু সৰ্বশ্ৰান্ত হৈ ৰয়ে আত্মহনন কৰে। পৰোক্ষভাৱে বিনোদ কুমাৰে জামছেদক হত্যা কৰাৰ তথ্যও পোহৰলৈ আহে আৰু জামছেদৰ মৃত্যু, ৰয়ৰ মৃত্যু আৰু ধাৰত পোত যোৱা ৰয় ষ্টুডিঅ'ক উদ্ধাৰ কৰিব নোৱাৰি সুমিত্ৰা কুমাৰীয়েও আত্মহনন কৰে। শ্ৰীকান্ত ৰয় আৰু সুমিত্ৰা কুমাৰী, দুয়ো পতি-পত্নীৰ অংশীদাৰীত্বত ৰয় ষ্টুডিঅ' নিৰ্মাণ হৈছিল। দুয়োৰে মৃত্যুৰ পাছত স্বাভাৱিকতে ৰয় টকীজ বন্ধ হৈ যায়।
২০২৩ চনৰ ১৭ মাৰ্চ তাৰিখে, আমাজন প্ৰাইম ভিডিঅ’ই ধাৰাবাহিকখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰে, আৰু ইয়াক ২০২৩ চনৰ ৭ এপ্ৰিল তাৰিখে মুক্তি দিয়া হয়।[5][6]
দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ শুভা গুপ্তাই লিখিছে "জুবিলীয়ে কৌশলেৰে আমাক সেই ক’লা-বগা যুগলৈ ঘূৰাই লৈ যায় যেতিয়া ষ্টুডিঅ’বোৰ প্ৰকৃত পাৱাৰ-চেণ্টাৰ আছিল, য’ত তেওঁলোক তেওঁলোকৰ নায়ক-নায়িকাসকলৰ লক, ষ্টক আৰু বেৰেলৰ গৰাকী আছিল।[7]
এন ডি টি ভিৰ শৈৱাল চেটাৰ্জীয়ে ৫টা ষ্টাৰৰ ভিতৰত জুবিলীক চাৰে চাৰিটা ষ্টাৰ দি এই ধাৰাবাহিকখনৰ উচ্চ প্ৰশংসা কৰি কৈছে যে, ১৯৪৭ চনৰপৰা ১৯৫৩ চনৰ মাজৰ সময়খিনিৰ অস্থিৰতা জুবিলীত সুন্দৰকৈ দেখুওৱা হৈছে আৰু কেইবা দশকৰ ঔপনিৱেশিক আধিপত্য সহ্য কৰাৰ পিছত এই খণ্ডটোৱে মুক্ত ভাৰতৰ ৰাষ্ট্ৰীয় পৰিচয় সৃষ্টিত সহায় কৰা নতুন ভূমিকা গ্ৰহণ কৰিছে।[8]
বৰ্ষ | বঁটা বিতৰণী অনুষ্ঠান | শ্ৰেণী | মনোনয়ন প্ৰাপ্ত শিল্পীসকল | ফলাফল | তথ্যসূত্ৰ |
---|---|---|---|---|---|
ফিল্মফেয়াৰ অটিটি এৱাৰ্ড, ২০২৩ | ফিল্মফেয়াৰ অটিটি এৱাৰ্ড | শ্ৰেষ্ঠ ড্ৰামা চিৰিজ | জুবিলী | মনোনয়ন | [9] |
ড্ৰামা চিৰিজৰ শ্ৰেষ্ঠ পৰিচালক | বিক্ৰমাদিত্য মতৱানে | বিজয়ী | |||
ড্ৰামা চিৰিজৰ শ্ৰেষ্ঠ নায়ক | অপাৰশক্তি খুৰানা | মনোনয়ন | |||
সিদ্ধান্ত গুপ্তা | মনোনয়ন | ||||
ড্ৰামা চিৰিজৰ শ্ৰেষ্ঠ নায়িকা | ৱামিকা গব্বী | মনোনয়ন | |||
ড্ৰামা চিৰিজৰ শ্ৰেষ্ঠ সহনায়ক | প্ৰসেনজিৎ চেটাৰ্জ্জী | মনোনয়ন | |||
শ্ৰেষ্ঠ মৌলিক কাহিনী (চিৰিজ) | অতুল সভৰৱাল আৰু সৌমিক সেন | মনোনয়ন | |||
শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্য (চিৰিজ) | অতুল সভৰৱাল | মনোনয়ন | |||
শ্ৰেষ্ঠ মৌলিক ডাইলগ (চিৰিজ) | মনোনয়ন | ||||
শ্ৰেষ্ঠ নেপথ্য সংগীত (চিৰিজ) | অলকানন্দা দাসগুপ্তা | বিজয়ী | |||
শ্ৰেষ্ঠ মৌলিক চাউণ্ডট্ৰেক (চিৰিজ) | অমিত ত্ৰিবেদী | বিজয়ী | |||
শ্ৰেষ্ঠ প্ৰডাকচন ডিজাইন (চিৰিজ) | অপৰ্ণা সুদ আৰু মুকুন্দ গুপ্তা | বিজয়ী | |||
শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী (চিৰিজ) | প্ৰতীক ছাহ | বিজয়ী | |||
শ্ৰেষ্ঠ সাজসজ্জা (চিৰিজ) | শ্ৰুতি কাপুৰ | বিজয়ী | |||
শ্ৰেষ্ঠ ভি এফ এক্স (চিৰিজ) | অৰ্পণ গাগ্লানি (Philmcgi) | বিজয়ী | |||
শ্ৰেষ্ঠ সম্পাদনা (চিৰিজ) | আৰতি বাজাজ | বিজয়ী | |||
বেষ্ট চাউণ্ড ডিজাইন (চিৰিজ) | কুনাল শৰ্মা, ধ্ৰুৱ পাৰেখ | বিজয়ী |