জুবেইদা আঘা

জুবেইদা আঘা
জন্ম ১৯২২[1]
ল্যালপুৰ (বৰ্তমান ফৈছলাবাদ, পাকিস্তান
মৃত্যু ৩১ অক্টোবৰ ১৯৯৭7[2]
ইছলামাবাদ, পাকিস্তান
ৰাষ্ট্ৰীয়তা পাকিস্তান
শিক্ষা কিনাইৰ্ড কলেজ ফৰ উইমেন ইউনিভাৰ্চিটি, লাহোৰ, পাকিস্তান[1]

চেণ্ট মাৰ্টিনছ স্কুল অৱ আৰ্ট, লণ্ডন, ইউ কে

École des Beaux-Arts, Paris, France
পেচা চিত্ৰ শিল্পী
সক্ৰিয় হৈ থকা সময় ১৯৪৬-১৯৯৬
জনা যায় আধুনিক চিত্ৰশিল্প
ৰাৱালপিণ্ডিৰ সমসাময়িক কলা গেলেৰীৰ সঞ্চালক (১৯৬১–১৯৭৭)
বঁটা, সন্মান, পুৰস্কাৰ আদি ১৯৬৫ চনত পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰাইড অৱ পাৰফৰমেন্স বঁটা[3]

জুবেইদা আঘা (ইংৰাজী: Zubeida Agha; উৰ্দু: زبیدہ آغا; ১৯২২–১৯৯৭) প্ৰথম পাকিস্তানী আধুনিক শিল্পীসকলৰ ভিতৰত অন্যতম আছিল। ১৯৪৭ চনত পাকিস্তান সৃষ্টিৰ পিছত তেওঁৰ ছবিৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা প্ৰথমগৰাকী শিল্পী আছিল। তেওঁ আধুনিক প্ৰবচনটো পাকিস্তানলৈ অনাত সহায় কৰিছিল।[4][5][1]

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

জুবেইদা আঘাৰ জন্ম হৈছিল ১৯২২ চনত পাকিস্তানৰ পঞ্জাৱৰ ফৈছালাবাদত। লাহোৰৰ কিনায়াৰ্ড কলেজ ফৰ উইমেন ইউনিভাৰ্চিটিৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ১৯৪৪ চনৰ পৰা ১৯৪৬ চনলৈকে চিত্ৰশিল্পী বি চি ছানয়ালৰ সৈতে কাম কৰিছিল। এই সময়তে তাই পিকাচোৰ ৰচনাৰ সৈতেও ভালদৰে পৰিচিত হৈছিল। সেই সময়ত ভাৰতত থকা ইটালীৰ যুদ্ধবন্দী মাৰিঅ’ পাৰ্লিংগেৰিৰ ৰচনাৰ দ্বাৰাও তেওঁ প্ৰভাৱিত হৈছিল। ১৯৪৬ চনত ছ’চাইটি অৱ ফাইন আৰ্টছে তেওঁক আধুনিক চিত্ৰকলাৰ বাবে প্ৰথম পুৰস্কাৰ প্ৰদান কৰে। ১৯৫০ চনত লণ্ডনৰ ছেইণ্ট মাৰ্টিনছ স্কুল অৱ আৰ্টত যোগদান কৰে আৰু পিছলৈ ১৯৫১ চনত পেৰিছৰ ইক'ল ডেছ বিউছ আৰ্টছলৈ যায়। ১৯৬১ চনত পাকিস্তানৰ ৰাৱালপিণ্ডিৰ কণ্টেম্পৰেৰী আৰ্ট গেলেৰীৰ কাৰ্যবাহী সঞ্চালিকা হিচাপে নিযুক্তি লাভ কৰে আৰু ১৯৬৫ চনত প্ৰাইড অৱ পাৰফৰমেন্সৰ বাবে ৰাষ্ট্ৰপতিৰ বঁটা লাভ কৰে।[3][6]

কৃতিত্ব

[সম্পাদনা কৰক]

জুবেইদা আঘাক পাকিস্তানৰ প্ৰিমিয়াৰ পেইণ্টাৰ হিচাপে গণ্য কৰা হয় আৰু দেশৰ আধুনিক শিল্পৰ পথ প্ৰদৰ্শক হিচাপে গণ্য কৰা হয়। ১৯৪০ চনত তেওঁ আধুনিক শৈলীৰ চিত্ৰকলা আৰম্ভ কৰাৰ সাহস আৰু দৃঢ়তা লাভ কৰিছিল। তেওঁৰ শিল্পশৈলীয়ে প্ৰথমে শিল্প সমালোচক আৰু দৰ্শকক বিমোৰত পেলাইছিল আৰু পিছলৈ আপ্লুত কৰিছিল।[5] তেওঁৰ ৰঙীন চিত্ৰকলাৰ বৈশিষ্ট্য হৈছে তীব্ৰ ৰঙৰ ব্যৱহাৰ। জুবেইদা আঘা পাকিস্তানী চিত্ৰকলাৰ ইতিহাসৰ অন্যতম মহান ৰং বিশাৰদ চিত্ৰশিল্পী আছিল।[5] তেওঁ ৰং কেৱল নিজৰ বাবেই নহয়, তেওঁৰ ছবিসমূহক সত্যতা আৰু অৰ্থৰ গভীৰতা প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰে, তেওঁৰ আচৰিত কল্পনাশক্তি ব্যৱহাৰ কৰি দৰ্শকক চিন্তাত উত্তেজিত কৰে।[4] ২০০২ চনৰ নৱেম্বৰ মাহত লাহোৰৰ ছাকিৰ আলী সংগ্ৰহালয়ত জুবেইদা আঘাৰ চিত্ৰৰ এক বৃহৎ প্ৰদৰ্শনী অনুষ্ঠিত হয়।[7]

ডাক টিকট

[সম্পাদনা কৰক]

২০০৬ চনৰ ১৪ আগষ্টত পাকিস্তান পোষ্টে ৪০ ডাকটিকটৰ শ্বীটলেট মৰণোত্তৰভাৱে ১০ জন পাকিস্তানী চিত্ৰশিল্পীক সন্মান জনাবলৈ জাৰি কৰে। জুবেইদা আঘাৰ উপৰিও আন নজন চিত্ৰশিল্পী আছিল: লাইলা শ্বাহজাদা, আস্কৰী মিয়ান ইৰানী, ছাডেকুইন, আলী ইমাম, ছাকিৰ আলী, আন্না মোলকা আহমেদ, জাহুৰ উল আখলাক, আহমেদ পাৰভেজ আৰু বছিৰ মিৰ্জা।[3]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 Zubeida Agha - pioneer of non-traditional pictorial imagery Pakistan Today (newspaper), Published 4 May 2011, Retrieved 8 October 2020
  2. Jafari, Aqeel (2010) (ur ভাষাত). Pakistan Chronicle. Varsa/Fazli sons. পৃষ্ঠা. 807. ISBN 978-969-9454-00-4. 
  3. 3.0 3.1 3.2 "Profile of Zubeida Agha with her award info". lailashahzada.com website. 21 January 2008. Archived from the original on 21 January 2008. https://web.archive.org/web/20080121080952/http://www.lailashahzada.com/Recognition/Stamps/ZubeidaAgha/Default.aspx। আহৰণ কৰা হৈছে: 8 October 2020. 
  4. 4.0 4.1 "Zubeida Agha: A Pioneer of Modern Art in Pakistan". Foundation for Museum of Modern Art website. Archived from the original on 21 July 2011. https://web.archive.org/web/20110721202409/http://www.fomma.info/stories_cs.php?id=32&r=1। আহৰণ কৰা হৈছে: 8 October 2020. 
  5. 5.0 5.1 5.2 (Associated Press of Pakistan) Zubeida Agha's work serves as inspiration for women painters Daily Times (newspaper), Published 6 September 2015, Retrieved 8 October 2020
  6. (Salwat Ali) The grande dame of Pakistani art Dawn (newspaper), Published 25 January 2015, Retrieved 8 October 2020
  7. "Zubeida Agha show today". Daily Times (newspaper). 5 November 2002. Archived from the original. Error: If you specify |archiveurl=, you must also specify |archivedate=. https://web.archive.org/web/20070930193532/http://www.dailytimes.com.pk/default.asp?page=story_5-11-2002_pg7_15.