জুল | |
---|---|
একক পদ্ধতি | আন্তৰ্জাতিক একক প্ৰণালী |
কিহৰ একক | শক্তি |
সংকেত | J |
নামত কৰা হৈছে | জেমছ প্ৰেছকট জুল |
একক পৰিৱৰ্তন | |
১ J ... পদ্ধতিত | ...ৰ সমান |
আন্তৰ্জাতিক একক প্ৰণালী | কিলোগ্ৰাম⋅মিটাৰ২⋅ছেকেণ্ড−২ |
চি জি এছ একক | 1×107 আৰ্গ |
কিল'ৱাট ঘণ্টা | 2.78×10−7 kW⋅h |
কিলকেলৰি (তাপৰাসায়নিক) | Lua error in Module:Convert at line 657: attempt to index field 'currency' (a nil value). |
ব্ৰিটিছ তাপীয় একক (BTU) | 9.48×10−4 BTU |
ইলেক্ট্ৰন ভল্ট | 6.24×1018 eV |
জুল (ইংৰাজী: Joule) হৈছে আন্তৰ্জাতিক একক প্ৰণালীত[1] শক্তিৰ একক। এক নিউটন বল প্ৰয়োগ কৰি কোনো বস্তু বলৰ দিশত এক মিটাৰ সৰণ ঘটালে হোৱা কাৰ্য্যৰ পৰিমাণ অথবা শক্তি হৈছে এক জুল (এক নিউটন মিটাৰ)। এক ওম বাধাৰ মাজেদি এক ছেকেণ্ডৰ বাবে এক এম্পিয়াৰ প্ৰৱাহ পাৰ হৈ গ'লে তাপ হিচাপে ওলোৱা শক্তিকো এক জুল হিচাপে সংজ্ঞাবদ্ধ কৰিব পাৰি। ইংৰাজ পদাৰ্থবিজ্ঞানী জেমছ প্ৰেছকট জুলৰ সন্মানাৰ্থে জুল নাম ৰখা হৈছে[2][3][4]।
য'ত kg হৈছে কিলোগ্ৰাম, m হৈছে মিটাৰ, s হৈছে ছেকেণ্ড, N হৈছে নিউটন, Pa হৈছে পাস্কেল,W হৈছে ৱাট, C হৈছে কুলম্ব আৰু V হৈছে ভল্ট।
এক জুলক তলত দিয়াধৰণেও সংজ্ঞাবদ্ধ কৰিব পাৰি-
জেমছ প্ৰেছকট জুলৰ নামেৰে আন্তৰ্জাতিক একক প্ৰণালীত এই এককৰ নাম ৰখা হৈছে। ইয়াৰ চিহ্ন হৈছে J।
এক জুল হৈছে
এক যেপ্টজুল (zJ) হৈছে এক জুলৰ 10−21 ভাগৰ সমান। ১৬০ যেপ্টজুল ১ ইলেক্ট্ৰন ভল্টৰ সমান।
এক নেন'জুল(nJ) হৈছে এক জুলৰ 10−9 ৰ সমান। উৰি থকা মহ এটাৰ গতিশক্তিৰ ১/১৬০ ভাগ হৈছে এক নেন'জুল।
এক মাইক্ৰ'জুল(μJ) হৈছে এক জুলৰ 10−6ৰ সমান।
এক মিলিজুল(mJ) হৈছে এক জুলৰ 10−3 ৰ সমান।
এক কিল'জুল(kJ) হৈছে এক হাজাৰ জুলৰ সমান। পৃথিৱীৰ ১ বৰ্গমিটাৰে প্ৰতি ছেকেণ্ডত সূৰ্যৰ ১.৪ কিল'জুল শক্তি লাভ কৰে ( দিনৰ ভাগত)।
এক মেগাজুল(MJ) ১ মিলিয়ন জুলৰ সমান।
এক গিগাজুল(GJ) হৈছে ১ বিলিয়ন জুলৰ সমান।
এক টেৰাজুল(TJ) ১ ট্ৰিলিয়ন জুলৰ সমান। হিৰ'শ্বিমাত পেলোৱা পৰমাণু বোমা পৰা ৬৩ টেৰাজুল শক্তি নিৰ্গমণ হৈছিল।
এক পেটাজুল(PJ) হৈছে ১ কোৱাড্ৰিলিয়ন(1015) জুলৰ সমান। মানুহে সজা বৃহত্তম নিউক্লিয়েৰ বিস্ফোৰণ চাৰ বম্বাৰ(Tsar Bomba) দ্বাৰা এই শক্তি নিৰ্গমণ হৈছিল।
এক এক্সাজুল(EJ) হৈছে এক কুইণ্টিলিয়ন(1018) জুলৰ সমান।
এক যেট্টাজুল হৈছে (ZJ) এক ছেক্সটিলিয়ন (1021)জুলৰ সমান।
এক য়'ট্টাজুল(YJ) হৈছে এক ছেপ্টিলিয়ন(1024) জুলৰ সমান। পৃথিৱীৰ সমগ্ৰ পানী ১ ডিগ্ৰী চেলচিয়াছ ঊষ্ণতালৈ নিবলৈ লগা শক্তি প্ৰায় এক য'ট্টাজুলৰ সমান হ'ব। সূৰ্যৰ প্ৰতি ছেকেণ্ডৰ তাপীয় নিৰ্গমণ প্ৰায় ৪০০YJ।
১ জুলৰ সমান হৈছে:
|