জুৱা হৈছে লাভ আৰু লোকচানৰ মাজত ওলমি থকা এবিধ খেল। জুৱাত মূলতঃ নিৰ্দিষ্ট পৰিমাণৰ ধন বা বস্তু (যিবোৰক পুৰস্কাৰ হিচাপে গণ্য কৰা হয়) জড়িত হৈ থাকে। তাৰ পিছত দুয়োটা পক্ষই এটা নিৰ্দিষ্ট বিষয়ত সহমতত উপনীত হয় আৰু জয় বা পৰাজয় নিৰ্ণয় কৰে। যি পক্ষই পৰাজিত হয় সেই পক্ষই জয়ী পক্ষক নিৰ্দিষ্ট ধন বা বস্তু দিব লগীয়া হয়। এইদৰে জুৱাত তিনিটা উপাদান উপস্থিত থাকিব লাগে: বিবেচনা (বাজিৰ পৰিমাণ), বিপদ (সুবিধা) আৰু এটা পুৰস্কাৰ। [1] এই খেলখনত জয়ী বা পৰাস্ত হ’বলৈ দুয়োপক্ষই ৰিস্ক ল’ব লগীয়া হয়। জুৱা খেলত বিজয়ী পক্ষই কেতিয়াবা লগে লগে পুৰস্কাৰৰ ধন লাভ কৰে আৰু কেতিয়াবা পলম হয়।
যদিও প্ৰায় সকলো দেশতে জুৱাক আইনৰ দ্বাৰা স্বীকৃতি দিয়া হোৱা নাই। তথাপিও ই অহৰহ চলি আছে। জুৱাও এক প্ৰধান আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক কাৰ্য্যকলাপ, ২০০৯ চনত আনুমানিক ৩৩৫ বিলিয়ন ডলাৰৰ আইনী জুৱাৰ বজাৰ আছিল। ২০১৬ চনৰ হিচাপ অনুসৰি জুৱাৰ বাবে ৪৫০ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় কৰা হৈছিল। যিটো ২০১৯ চনত ৪৯৫ বিলিয়ন মাৰ্কিন ডলাৰ হ’ব বুলি ধাৰণা কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জুৱাই এক বৃহৎ বজাৰ দখল কৰিছে।
প্ৰাচীন প্ৰস্তৰ যুগৰ আগতেও জুৱা খেলৰ প্ৰচলন আছিল বুলি ধাৰণা কৰা হয় ৷ যীশু খ্ৰীষ্টৰ জন্মৰ ৩০০০ বছৰ আগতে ইৰাক, ছিৰিয়া, তুৰস্কৰ বিভিন্ন ঠাইত ছয়ফালৰ সৰু সৰু বল আকৃতিৰ বস্তুৰে বাজি খেলা হৈছিল যিবোৰক বৰ্তমান পাশা বুলি জনা যায়। যীশু খ্ৰীষ্টৰ জন্মৰ ১০০০ বছৰ আগত চীনত পশুৰ যুঁজৰ ওপৰত বাজি ধৰাৰ ব্যাপক প্ৰচলন আছিল।
১৬৩৮ চনত ইটালীৰ ভেনিচত প্ৰথম জুৱাৰ উৎসৱ অনুষ্ঠিত হয়।
ইংলেণ্ড আৰু আমেৰিকাতো জুৱা খেল বহুত পুৰণি। জুৱাৰ বাবে ঘোঁৰা দৌৰ জনপ্ৰিয় আছিল।
ইছলামত জুৱা খেল সম্পূৰ্ণ নিষিদ্ধ। আল্লাহ তাআলাই পবিত্ৰ কোৰআনত কৈছে--
"নিশ্চয় চয়তানে মদ আৰু জুৱাৰে তোমালোকৰ মাজত ঘৃণা আৰু শত্ৰুতা সৃষ্টি কৰিব বিচাৰে আৰু তোমালোকক আল্লাহৰ স্মৃতি আৰু নামাজৰ পৰা বাধা দিব বিচাৰে, গতিকে তোমালোকে সেইবোৰৰ পৰা বিৰত থাকিবানে?" (চুৰাত আল-মাইদা, ৯১ আয়াত)
হিন্দু মহাভাৰত ৰ পৰা জনা যায় যে প্ৰাচীন ভাৰতত জুৱা খেল অতি জনপ্ৰিয় আছিল।
প্ৰাচীন ইহুদী সম্প্ৰদায়তো জুৱাৰ প্ৰতি ভ্ৰু কোঁচাই লোৱা হৈছিল। আনকি এজন জুৱাৰীৰ সাক্ষ্যও আদালতত মানি লোৱা নহয়।
কিছুমান খ্ৰীষ্টান ধৰ্মগুৰুৱে জুৱাক বৈধ আৰু কিছুমানে অবৈধ বুলি ঘোষণা কৰিছে।
জুৱাৰ ধাৰা বেলেগ বেলেগ। বৰ্তমান কেচিনো আৰু বাহিৰৰ কেচিনোত জুৱা খেলা হয়। কেচিনোত ভিডিঅ’ পকাৰ, লটাৰী আদি খেলিব পাৰি। ইয়াৰ উপৰিও কেচিনোৰ বাহিৰত কাৰ্ড, ক’ইন টছ, ডাইচ আদি খেল খেলিব পাৰি।
আজিকালি জুৱাৰ আটাইতকৈ ডাঙৰ স্থান হৈছে ক্ৰীড়াক্ষেত্ৰ। ফুটবল, ক্ৰিকেট, বাস্কেটবল আদিৰ ওপৰতো জুৱাৰীসকলে বাজি লয়।
ইয়াৰ উপৰিও এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ লগত কিবা এটা কথাত সঁচা বা মিছা বুলিও বাজি খেলে।
সমীক্ষাত প্ৰকাশ পাইছে যে প্ৰথমতে কেৱল ধেমালিৰ বাবে জুৱা খেলিবলৈ আৰম্ভ কৰা বহুতেই ইয়াৰ প্ৰতি আসক্ত হৈ পৰিছে। এই নিচাই তেওঁলোকক বিভিন্ন কু-অভ্যাসৰ প্ৰতি ঠেলি দিয়ে। জুৱাৰ টকা উপাৰ্জন কৰিবলৈ বেয়া কাম কৰিবলৈ আৰম্ভ কৰে। জুৱা খেলত হেৰুৱা ধন আদায় কৰিবলৈ বাৰে বাৰে জুৱা খেলে। জুৱা খেলে মগজুত নিজৰ ক্ষতি কৰাৰ পিছত জুৱাৰীসকলে উদ্বিগ্নতা আৰু অসহায়তাত অসুস্থ হৈ পৰে।