জে. এম. কয়েৎজে | |
---|---|
জন্ম | জন মেক্সৱেল কয়েৎজে ৯ ফেব্ৰুৱাৰী, ১৯৪০ (৮৫ বছৰ) কেইপটাউন, দক্ষিণ আফ্ৰিকা |
পেচা | ঔপন্যাসিক, নিবন্ধকাৰ, সাহিত্য সমালোচক |
ভাষা | ইংৰাজী, Afrikaans, ওলন্দাজ |
ৰাষ্ট্ৰীয়তা | দক্ষিণ আফ্ৰিকীয়, অষ্ট্ৰেলীয় |
উল্লেখযোগ্য বঁটা |
|
প্ৰভাবিত হয়
|
জন মেক্সৱেল কয়েৎজে (ইংৰাজী: John Maxwell Coetzee) (/kʊtˈsiːə/ kuut-see-ə,[1] বা /kʊtˈsiː/ kuut-see;[2] একাধাৰে ঔপন্যাসিক, নিবন্ধকাৰ, সাহিত্য সমালোচক কয়েৎজেই দুবাৰকৈ বুকাৰ বঁটা আৰু এবাৰ সাহিত্যৰ ন'বেল বঁটা লাভ কৰে। এনে অসামান্য সাহিত্যিক কৃতিত্ব লাভ কৰা ব্যক্তি বৰ্তমানলৈকে এজনেই।
১৯৪০ চনৰ ৯ ফেব্ৰুৱাৰীত দক্ষিণ আফ্ৰিকাৰ কেইপটাউন চহৰত জন্ম হোৱা[3] এজন শ্বেতাংগ (আফ্ৰিকান)[4] হিচাপে জাতি বিভাজিত সমাজৰ অস্বাভাৱিক পৰিস্থিতি কয়েৎজেই সৰুৰে পৰা দেখি আহিছিল। কয়েৎজেৰ দেউতাক এজন উকীল আৰু মাক বিদ্যালয়ৰ শিক্ষক আছিল[5][6]। শৈশৱ কালৰ অধিক সময় কেইপটাউনতে কটোৱা কয়েৎজেই ছেণ্ট্ জোচেফ কলেজত অধ্যয়ন কৰে আৰু পিছলৈ কেইপটাউন ইউনিভৰ্চিটিৰ পৰা গণিত আৰু ইংৰাজীৰ শিক্ষা গ্ৰহণ কৰে। ১৯৬৩ চনত কয়েৎজেই Master of Arts ডিগ্ৰী গ্ৰহণ কৰে। ইউনিভাৰ্চিটি অব্ টেক্সাচৰ পৰা লিংগুইষ্টিকচত তেওঁ পি.এইচ.ডি. ১৯৬৮ চনত ডিগ্ৰী গ্ৰহণ কৰে।[7]
১৯৬২ চনৰ পৰা ১৯৬৫ চনলৈ কয়েৎজে লণ্ডনত থাকি আই.বি.এম. ত কম্পিউটাৰ প্ৰগ্ৰেমাৰ হিচাপে কাম কৰিছিল। পি.এইচ.ডি. ডিগ্ৰী লৈ টেক্সাচৰ পৰা ওভটাৰ পাছত ১৯৭১লৈকে ষ্টেট ইউনিভাৰ্চিটি অব্ নিউয়ৰ্কত ইংৰাজী আৰু সাহিত্যৰ শিক্ষক ৰূপে কাম কৰে। তেতিয়া তেওঁ যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব বিচাৰিছিল যদিও ভিয়টনাম-বিৰোধী যুদ্ধৰ প্ৰতিবাদত অন্তৰ্ভুক্ত হোৱাৰ বাবে সেইয়া লাভ নকৰিলে। ফলত তেওঁ দক্ষিণ আফ্ৰিকালৈ উভতি গৈ কেইপটাউন ইউনিভৰ্চিটিত ইংৰাজী সাহিত্যৰ অধ্যাপক হিচাপে কৰ্মৰত হয়। কয়েৎজেই চিকাগো বিশ্ববিদ্যালয়তো অধ্যাপনা কৰে। ২০০৬ চনৰ ৬ মাৰ্চত কয়েৎজেই অষ্ট্ৰেলিয়াৰ নাগৰিকত্ব গ্ৰহণ কৰে।[8]
১৯৬৯ চনত কয়েৎজেই লেখকজীৱন আৰম্ভ কৰে। ১৯৭৪ চনত তেওঁৰ প্ৰথম গ্ৰন্থ ‘‘ডাক্সলেণ্ড’’ দক্ষিণ আফ্ৰিকাত প্ৰকাশ হয়। ১৯৭৭ চনত প্ৰকাশ হোৱা ‘‘ইন ডা হাৰ্ট অৱ ডা কাণ্ট্ৰি’’ য়ে দক্ষিণ আফ্ৰিকাৰ মুখ্য সাহিত্যিক বঁটা ‘‘CNA Prize’’ লাভ কৰে আৰু কিতাপখন ব্ৰিটেইন আৰ ইউ.এচ.এ.ত প্ৰকাশ হয়। ইয়াৰ পাছতে ১৯৮০ চনত প্ৰকাশ হোৱা ‘‘ৱেইটিং ফৰ ডা বাৰ্বেৰিয়ান্স’’য়ে আন্তঃৰাষ্ট্ৰীয়ভাবে পৰিচিত কৰি তোলে।[9]
মানুহ আৰু মানুহেই সৃষ্টি কৰা জগতখনৰ এটা নিৰ্মোহ প্ৰতিচ্ছবি তেওঁৰ লেখাত প্ৰকাশ কৰিবলৈ তেওঁ প্ৰতিশ্ৰুতিবদ্ধ।
কয়েৎজেৰ লেখাৰ এটা উল্লেখনীয় লক্ষণ হ’ল মিতব্যয়িতা। অতি কম শব্দ প্ৰয়োগ কৰে, কিন্তু প্ৰতিটো শব্দ এনেকৈ সুচিন্তিতভাৱে প্ৰয়োগ কৰে যে অধিক বলিষ্ঠ আৰু অৰ্থবহ হৈ পৰে।
... মহান ৰচনাসমূহৰ পৰাও আমি এইটো আশা কৰোঁ- আমাৰ সুপ্ত অথচ একেবাৰে বিসৰ্জন দিব নোৱাৰা মনুষ্যত্বৰ উপলব্ধিৰ উমান দিয়া। কয়েৎজে সন্ত-মহাজন নহয়। শুনা মতে, অতি সাধাৰণ, অনাড়ম্বৰ মানুহ, কিন্তু তেওঁ এজন লেখক। তেওঁ প্ৰচাৰধৰ্মী বা কোনো বাণী কঢ়িয়াই অনা বিধৰ লেখক নহয়। মানুহ হিচাপে তেওঁ আঁৰত থাকিয়েই ভাল পায় বুলি শুনা যায়। অন্য বহু লেখকৰ দৰে তেওঁ প্ৰচাৰ মাধ্যমৰ লগত প্ৰায় সংযোগ নাৰাখে, সাক্ষাৎকাৰ নিদিয়ে। দুবাৰ বুকাৰ প্ৰাইজ পায়ো এবাৰো প্ৰাইজটো গ্ৰহণ কৰিবলৈ যোৱা নাছিল। –ড॰ অৰ্পণা মহন্ত[10] [11]
১৯৮৩ চনত ‘‘ডা লাইফ এণ্ড টাইমছ্ অৱ মাইকেল কে’’ ৰ বাবে আৰু ১৯৯৯ চনত ‘‘ডিচগ্ৰেছ’’ ৰ বাবে কয়েৎজে বুকাৰ বঁটা লাভ কৰে। ২০০৩ চনত তেওঁ নবেল বঁটা লাভ কৰাৰ উপৰিও অলেখ বঁটা-পুৰস্কাৰে তেখেতক বিভূষিত কৰা হৈছে।[12] কয়েৎজেৰ বহুকেইখন উপন্যাসেই বুকাৰ নমিনেচন লাভ কৰিছিল।[13]